< Psalms 13 >

1 For the Chief Musician. A Psalm by David. How long, LORD? Will you forget me forever? How long will you hide your face from me?
হে যিহোৱা, আৰু কিমান কাল? তুমি চিৰকালেই মোক পাহৰি থাকিবা নেকি? মোৰ পৰা কিমান দিনলৈ তুমি তোমাৰ মুখ লুকুৱাই ৰাখিবা?
2 How long shall I take counsel in my soul, having sorrow in my heart every day? How long shall my enemy triumph over me?
কিমান দিনলৈনো মই মোৰ মনৰ মাজত দুখৰ বোজা বহন কৰি প্রতিদিনে অন্তৰত বেদনা লৈ থাকিব লাগিব? কিমান দিনলৈ তুমি মোৰ শত্রুক মোৰ ওপৰত উন্নত কৰি ৰাখিবা?
3 Behold, and answer me, LORD, my God. Give light to my eyes, lest I sleep in death;
হে মোৰ ঈশ্বৰ যিহোৱা, মোলৈ দৃষ্টি কৰা, মোক উত্তৰ দিয়া! মোৰ দুচকু আলোকিত কৰা, নহলে মই মৃত্যুনিদ্ৰাত টোপনি যাম।
4 lest my enemy say, “I have prevailed against him;” lest my adversaries rejoice when I fall.
মোৰ শত্রুৱে তেতিয়া ক’ব, “মই জয়ী হলোঁ;” মই অস্থিৰ হোৱাত শত্রুবোৰে আনন্দ কৰিব।
5 But I trust in your loving kindness. My heart rejoices in your salvation.
কিন্তু মই তোমাৰ দৃঢ় প্রেমত ভাৰসা কৰিছোঁ; তুমি মোক পৰিত্রাণ কৰিবা আৰু মোৰ মন আনন্দিত হ’ব।
6 I will sing to the LORD, because he has been good to me.
মই যিহোৱাৰ উদেশ্যে গান গাম, কিয়নো তেওঁ মোলৈ মঙ্গল আচৰণ কৰিছে।

< Psalms 13 >