< 1 Samuel 21 >

1 Then David came to Nob to Ahimelech the priest. Ahimelech came to meet David trembling, and said to him, “Why are you alone, and no man with you?”
তাৰ পাছত দায়ুদ নোবত থকা অহীমেলক পুৰোহিতৰ ওচৰলৈ আহিল। তাতে অহীমেলকে কঁপি কঁপি দায়ূদৰ লগত সাক্ষাৎ কৰিবলৈ আহিল, আৰু তেওঁক ক’লে, “কিয় তোমাৰ লগত কোনো নাই আৰু তুমি কিয় অকলে আহিছা?”
2 David said to Ahimelech the priest, “The king has commanded me to do something, and has said to me, ‘Let no one know anything about the business about which I send you, and what I have commanded you. I have sent the young men to a certain place.’
দায়ূদে অহীমেলক পুৰোহিতক ক’লে, “ৰজাই মোক তেওঁৰ কাৰ্যৰ অৰ্থে পঠাইছে, আৰু মোক ক’লে, ‘মই তোমাক যি কাৰ্যৰ উদ্দেশে পঠাইছোঁ আৰু তোমাক কি আদেশ দিছোঁ সেই যিষয়ে যেন কোনেও গম নাপাই।’ মই যুৱক সকলক বিশেষ ঠাইলৈ যাবলৈ নিৰ্দেশ দিছোঁ।
3 Now therefore what is under your hand? Please give me five loaves of bread in my hand, or whatever is available.”
এতিয়া তোমাৰ হাতত কি আছে? মোক পাঁচটা পিঠা বা ইয়াত যি আছে তাকে দিয়া।”
4 The priest answered David, and said, “I have no common bread, but there is holy bread; if only the young men have kept themselves from women.”
পুৰোহিতে দায়ূদক উত্তৰ দি ক’লে, “মোৰ হাতত সাধাৰণ পিঠা নাই, কিন্তু পবিত্ৰ পিঠাহে আছে; যদি যুৱকসকলে নিজকে মহিলাৰ পৰা পৃথকে ৰাখে।”
5 David answered the priest, and said to him, “Truly, women have been kept from us as usual these three days. When I came out, the vessels of the young men were holy, though it was only a common journey. How much more then today shall their vessels be holy?”
দায়ূদে পুৰোহিতক উত্তৰ দিলে, “নিশ্চয়কৈ এই তিনি দিন আমাৰ পৰা মহিলাসকলক পৃথকে ৰাখিম। যেতিয়া মই ওলাই আহিলোঁ, যুৱকসকলৰ শৰীৰ পবিত্ৰ আছিল, যদিও বা এই যাত্ৰা সাধাৰণ আছিল। আজি তেওঁলোকৰ শৰীৰ আৰু কিমান পবিত্ৰ হ’ব লাগে?”
6 So the priest gave him holy bread; for there was no bread there but the show bread that was taken from before the LORD, to be replaced with hot bread in the day when it was taken away.
তাতে পুৰোহিতে তেওঁক পবিত্ৰ পিঠা দিলে। কাৰণ তাত আন পিঠা নাছিল, কেৱল তাত থকা পিঠা যি যিহোৱাৰ সন্মুখৰ পৰা আঁতৰোৱা হৈছিল যাতে তাৰ ঠাইত গৰম পিঠা ৰাখিব পৰা যায়।
7 Now a certain man of the servants of Saul was there that day, detained before the LORD; and his name was Doeg the Edomite, the best of the herdsmen who belonged to Saul.
সেই দিনা চৌলৰ দাসবোৰৰ মাজৰ ইদোমীয়া দোৱেগ নামেৰে এজন লোক যিহোৱাৰ সন্মুখত, তেওঁ চৌলৰ প্ৰধান পশুপালক আছিল।
8 David said to Ahimelech, “Is not there here under your hand spear or sword? For I have not brought my sword or my weapons with me, because the king’s business required haste.”
দায়ূদে অহীমেলকক ক’লে, “তোমাৰ এই ঠাইত যাঠি বা তৰোৱাল একো নাই নে? কাৰণ, মই ৰজাৰ জৰুৰী কাৰ্য কৰিব লগা হোৱাত, মই নিজৰ তৰোৱাল বা অস্ত্ৰ লগত অনা নহ’ল।”
9 The priest said, “Behold, the sword of Goliath the Philistine, whom you killed in the valley of Elah, is here wrapped in a cloth behind the ephod. If you would like to take that, take it, for there is no other except that here.” David said, “There is none like that. Give it to me.”
পুৰোহিতে ক’লে, “এলা উপত্যকাত তুমি যাক বধ কৰিছিলা সেই পলেষ্টীয়া গলিয়াথৰ তৰোৱাল এফোদৰ পাছফালে কাপোৰেৰে মেৰোৱা আছে। যদি তুমি লব খোজা, লোৱা, কাৰণ তাৰ বাহিৰে আন কোনো অস্ত্ৰ ইয়াত নাই।” তাতে দায়ূদে ক’লে, “তাৰ সমান তৰোৱাল আৰু নাই; তাকে মোক দিয়া।”
10 David arose and fled that day for fear of Saul, and went to Achish the king of Gath.
১০তাৰ পাছত দায়ুদ উঠি চৌলৰ ভয়ত পলাল আৰু সেই দিনাই গাতৰ ৰজা আখীচৰ ওচৰলৈ গ’ল।
11 The servants of Achish said to him, “Is not this David the king of the land? Did not they sing to one another about him in dances, saying, ‘Saul has slain his thousands, and David his ten thousands’?”
১১আখীচৰ দাসবোৰে তেওঁক ক’লে, “এই মানুহ জন জানো দেশৰ ৰজা দায়ুদ নহয় নে? তেওঁলোকে নাচি নাচি তেওঁৰ বিষয়ে পৰস্পৰে গান গাই কোৱা নাই নে - “চৌলে বধিলে হাজাৰ হাজাৰ লোকক, দায়ূদে বধিলে অযুত অযুত লোকক?”
12 David laid up these words in his heart, and was very afraid of Achish the king of Gath.
১২তাতে দায়ূদে সেই কথা হৃদয়ত ৰাখি গাতৰ ৰজা আখীচলৈ অতিশয় ভয় কৰিলে।
13 He changed his behavior before them and pretended to be insane in their hands, and scribbled on the doors of the gate, and let his spittle fall down on his beard.
১৩তেওঁ নিজৰ আচৰণ সলনি কৰিলে আৰু দুৱাৰত আঁকি-বাকি আৰু নিজৰ ডাঢ়িৰ ওপৰত লালটি বোৱাই তেওঁলোকৰ আগত বলীয়াৰ ভাও ধৰিলে।
14 Then Achish said to his servants, “Look, you see the man is insane. Why then have you brought him to me?
১৪তাতে আখীচে তেওঁৰ দাসবোৰক ক’লে, “চোৱা, এই মানুহজন বলীয়া। তেওঁক মোৰ ওচৰলৈ কিয় আনিছা?
15 Do I lack madmen, that you have brought this fellow to play the madman in my presence? Should this fellow come into my house?”
১৫মোৰ জানো বলীয়া মানুহৰ অভাৱ হৈছে, যে, মোৰ ওচৰত বলীয়াৰ দৰে ব্যৱহাৰ কৰিবলৈ তোমালোকে ইয়াক আনিলা, এই মানুহ মোৰ গৃহত সোমাব নে?”

< 1 Samuel 21 >