< Ephesians 3 >

1 For this reason I Paul, the prisoner of Christ Jesus on behalf of you Gentiles,
এই কাৰণে মই পৌল, আপোনালোক অনা-ইহুদী লোকৰ কাৰণে খ্রীষ্ট যীচুৰ এজন বন্দী।
2 since indeed ye heard of the administration of the grace of God, which was given to me for you,
আপোনালোকে শুনিছে যে আপোনালোকৰ কাৰণে ঈশ্বৰৰ অনুগ্ৰহৰ কার্যৰ ভাৰ তেওঁ মোক দিলে।
3 that according to revelation he made known to me the mystery, as I wrote before in brief.
ঈশ্বৰে তেওঁৰ সত্যৰ নিগূঢ়-তত্ব মোক জানিবলৈ দিলে। এই বিষয়ে মই আপোনালোকলৈ আগেয়ে অলপ লিখিছিলো।
4 With which reading ye can recognize my understanding in the mystery of the Christ,
আপোনালোকে সেইবোৰ পঢ়িলে, খ্ৰীষ্ট সম্বন্ধীয় সত্যৰ এই নিগূঢ় তত্বত মোৰ অন্তর্দৃষ্টি বুজিব পাৰিব।
5 which in other generations was not made known to the sons of men, as it has now been revealed by Spirit to his holy apostles and prophets.
সেই নিগূঢ় তত্ব আত্মাৰ দ্বাৰা এতিয়া যিভাৱে তেওঁৰ পবিত্র ভাৱবাদী আৰু পাঁচনি সকলৰ ওচৰত প্রকাশ কৰা হ’ল, আগৰ যুগৰ ব্যক্তি সকলৰ ওচৰত এই ভাবত জনোৱা হোৱা নাছিল।
6 For Gentiles to be fellow-heirs, and of the same body, and fellow partakers of his promise in the Christ through the good news.
সেই নিগূঢ়-তত্ব এই- শুভবার্তাৰ দ্বাৰাই অনা-ইহুদী সকল খ্ৰীষ্ট যীচুত যুক্ত হৈ ইহুদী সকলৰ সৈতে সহ অধিকাৰী, এক শৰীৰৰ সদস্য আৰু প্ৰতিজ্ঞাত সহভাগী হয়।
7 Of which I became a helper according to the gift of that grace of God, which was given to me according to the working of his power.
ঈশ্বৰে নিজৰ পৰাক্ৰম কাৰ্য সাধন কৰি মোক যি অনুগ্রহ দিলে, ঈশ্বৰৰ সেই বিশেষ অনুগ্ৰহ দানৰ ফলত শুভবার্তা প্রচাৰ কৰাৰ কাৰণে মই এজন দাস হ’লো।
8 To me, a man less than the least of all the sanctified, this grace was given to preach good news among the Gentiles, the unsearchable wealth of Christ,
ঈশ্বৰৰ পবিত্ৰ লোক সকলৰ মাজত মই অতি নগণ্যতকৈও নগণ্য; তথাপি ঈশ্বৰে মোক এই বৰ দান কৰিলে, যাতে মই খ্রীষ্টত থকা ধাৰণাতীত সম্পদৰ শুভবার্তা অনা-ইহুদী সকলৰ ওচৰলৈ গৈ ঘোষণা কৰোঁ;
9 and to make all men see what is the administration of the mystery hidden from the ages in God who created all things through Jesus Christ. (aiōn g165)
আৰু সকলো বস্তুৰে সৃষ্টিকর্তা ঈশ্বৰৰ নিগূঢ় পৰিকল্পনাৰ কথা সকলোকে জনাওঁ৷ এই নিগূঢ় সত্য পূৰ্ব কালৰে পৰা ঈশ্বৰৰ দ্বাৰা গুপ্ত আছিল। (aiōn g165)
10 So that now the manifold wisdom of God might be made known to the principal offices and the positions of authority in the heavenly things, through the church,
১০ঈশ্বৰৰ ইচ্ছা এই যেন মণ্ডলীৰ যোগেদি স্বর্গীয় স্থানবোৰত আধিপত্য আৰু ক্ষমতা প্রাপ্ত শাসনকৰ্তা সকলৰ ওচৰত ঈশ্বৰৰ জ্ঞান জনোৱা হয়;
11 according to the purpose of the ages, which he made in Christ Jesus our Lord, (aiōn g165)
১১তাতে তেওঁ আমাৰ খ্রীষ্ট যীচুত নিজৰ অনন্ত কালৰ পৰিকল্পনা অনুসাৰে কার্য কৰিলে। (aiōn g165)
12 in whom we have boldness and access in confidence through his faith.
১২খ্রীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই আমি সাহস আৰু দৃঢ় প্ৰত্যয়েৰে সৈতে ঈশ্বৰৰ সন্মুখলৈ আহিব ক্ষমতা পালোঁ।
13 Therefore I ask that ye not become discouraged at my tribulations on your behalf, which is your glory.
১৩গতিকে মোৰ নিবেদন এই যে, আপোনালোকৰ কাৰণে মই ক্লেশ ভোগ কৰিছোঁ বাবে আপোনালোক যেন নিৰুৎসাহ নহয়; সেই সকলোবোৰ আপোনালোকৰ গৌৰৱৰ বাবেই হৈছে।
14 For this reason I bow my knees to the Father of our Lord Jesus Christ,
১৪এই কাৰণে মই পিতৃৰ ওচৰত আঁঠু লৈছোঁ।
15 from whom every patriarchy in heavens and on earth is named.
১৫সেই পিতৃৰ পৰাই স্বৰ্গত আৰু পৃথিৱীত থকা প্রত্যেক পৰিয়ালে নাম পাইছে; তেওঁৰ পৰাই সকলো প্রাণীক সৃষ্টি কৰা হৈছে।
16 So that he would grant you, according to the wealth of his glory, to be strengthened with power through his Spirit for the inner man,
১৬ঈশ্বৰে নিজৰ প্ৰতাপৰ ধন অনুসাৰে এনে শক্তি আপোনালোকক দান কৰক যাতে, তেওঁৰ আত্মাৰ দ্বাৰাই আপোনালোকৰ আন্তৰিক পুৰুষ শক্তিশালী হয়।
17 for the Christ to dwell in your hearts through faith,
১৭বিশ্বাসৰ দ্বাৰাই আপোনালোকৰ হৃদয়বোৰত খ্ৰীষ্ট নিবাস কৰক, যাতে আপোনালোক তেওঁৰ প্রেমৰ ভিত্তিমূলত শিপা ধৰি সুদৃঢ় হয়।
18 having been rooted and grounded in love, so that ye may be able to grasp with all the sanctified what is the breadth and length and depth and height,
১৮তাতে আপোনালোক আৰু ঈশ্বৰৰ সকলো পবিত্র লোক সকলে যেন খ্রীষ্টৰ প্রেমৰ গভীৰতা, উচ্চতা, দৈর্ঘ্যতা আৰু বিস্তাৰতা বুজি পাব পাৰে।
19 and to become aware of the love of the Christ, which transcends knowledge, so that ye may be filled in all the fullness of God.
১৯খ্রীষ্টৰ অদ্বিতীয় মহান প্রেম যেন আপোনালোকে উপলদ্ধি কৰিব পাৰে, তাতে ঈশ্বৰৰ সকলো পৰিপূর্ণতাৰে আপোনালোক পূর্ণ হব।
20 Now to him who is able to do above extraordinary-above all things that we ask or think-according to the power that works in us,
২০আমাৰ হৃদয়ত ঈশ্বৰৰ যি শক্তিয়ে কার্য কৰে, তেওঁ সেই শক্তি অনুসাৰে আমি যি যাচনা কৰোঁ বা চিন্তা কৰোঁ, তাতকৈও অধিক বেচি কৰিব পাৰে।
21 to him is the glory in the church in Christ Jesus for all generations of the age of the ages. Truly. (aiōn g165)
২১মণ্ডলীত আৰু খ্ৰীষ্ট যীচুত যুগে যুগে সদাসর্ব্বদায় তেওঁৰেই মহিমা হওক। আমেন। (aiōn g165)

< Ephesians 3 >