< Salme 64 >

1 (Til sangmesteren. En salme af David.) Hør, o Gud, min røst, når jeg klager, skærm mit Liv mod den rædsomme Fjende;
হে ঈশ্বৰ, মোৰ অভিযোগবোৰৰ কথা কওঁতে মোৰ মাত শুনা; শত্রুৰ ভয়ৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।
2 skjul mig for Ugerningsmændenes Råd, for Udådsmændenes travle Hob.
দুষ্টবোৰৰ ষড়যন্ত্ৰৰ পৰা মোক লুকুৱাই ৰাখা; দুৰাচাৰীবিলাকৰ মানসিক উত্তেজনাৰ অপৰাধবোৰৰ পৰা মোক গুপুতে ৰাখা।
3 der hvæsser Tungen som Sværd, lægger giftige Ord på Buen
তেওঁলোকে তৰোৱাল ধৰোঁৱাদি নিজৰ জিভা ধৰাইছে; তেওঁলোকে তিক্ততাপূর্ণ কথাৰ ধনুকাঁড় জুৰিছে।
4 for i Løn at ramme den skyldfri, ramme ham brat og uset.
নির্দোষী জনক গুপুতে মাৰিবলৈ নিজৰ কাঁড় জুৰিছে; তেওঁলোকে তালৈ অকস্মাতে বাণ মাৰে, ভয় নকৰে।
5 Ihærdigt lægger de onde Råd, skryder af, at de lægger Snarer siger: "Hvem skulde se os?"
সিহঁতে কুমন্ত্ৰণাত নিজক উৎসাহ দিয়ে; গুপুতে ফান্দ পতাৰ বিষয়ে কথা পাতে; সিহঁতে কয়, “এই আমাক কোনে দেখিব?”
6 De udtænker onde Gerninger, fuldfører en gennemtænkt Tanke - og Menneskets Indre og Hjerte er dybt.
তেওঁলোকে কু-পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে; তেওঁলোকে কয়, “আমি ভালকৈ ভাবি-চিন্তি কল্পনা কৰি থৈছোঁ।” প্ৰত্যেকৰ আন্তৰিক ভাব আৰু হৃদয় গভীৰ।
7 Da rammer Gud dem med en Pil af Slaget rammes de brat;
কিন্তু ঈশ্বৰে তেওঁলোকক আহত কৰিব; অকস্মাতে কাঁড়ৰ দ্বাৰাই আঘাত কৰিব।
8 han styrter dem for deres Tunges Skyld. Enhver, som ser dem, ryster på Hovedet;
তেওঁলোকে অন্যায় কাম কৰাৰ কাৰণে, তেওঁলোকৰ জিভা তেওঁলোকৰ বিৰোধী হ’ল। যি সকলে তেওঁলোকক অস্থিৰ হোৱা দেখিব; তেওঁলোক সকলোৱে তাকে দেখি মূৰ জোকাৰিব।
9 alle Mennesker frygter, forkynder, hvad Gud har gjort, og fatter hans Hænders Geming;
তেওঁলোক সকলোৱে ভয়াৰ্ত হ’ব; ঈশ্বৰে যি কার্য কৰিলে, সেই বিষয়ে চিন্তা কৰিব, তেওঁলোকে ঈশ্বৰৰ কাৰ্যৰ বিষয়ে ঘোষণা কৰিব।
10 de retfærdige glædes i HERREN og lider på ham, de oprigtige af Hjertet jubler til Hobe!
১০ধাৰ্মিক লোকে যিহোৱাত আনন্দিত হৈ তেওঁত আশ্ৰয় ল’ব; ঈশ্বৰ ভক্ত সকলোৱে তেওঁৰ ন্যায়পৰায়ণতা দেখি অন্তৰৰে গৌৰৱ কৰিব।

< Salme 64 >