< Salme 62 >

1 (Til sangmesteren. Til Jedutun. En salme af David.) Min Sjæl er Stille for Gud alene, min Frelse kommer fra ham;
মোৰ প্ৰাণে নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰে; তেওঁৰ পৰাই মোৰ পৰিত্ৰাণ হয়।
2 ja, han er min Klippe, min Frelse, mit Værn, jeg skal ikke rokkes meget.
কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; তেওঁ মোৰ উচ্চ দুৰ্গ, মই অতিকৈ লৰচৰ নহম।
3 Hvor længe stormer I løs på en Mand, - alle slår I ham ned - som på en hældende Væg, en faldende Mur?
এজন মানুহক তোমালোকে কিমান দিনলৈকে মাৰিবৰ বাবে আক্ৰমণ কৰি থাকিবা? তেওঁ হালি থকা দেৱাল আৰু পৰোঁ পৰোঁ হোৱা বেৰৰ নিচিনা।
4 Ja, de oplægger Råd om at styrte ham fra hans Højhed. De elsker Løgn, velsigner med Munden, men forbander i deres Indre. (Sela)
তেওঁলোকে কেৱল তেওঁৰ সন্মানীয় উচ্চ পদৰ পৰা পেলাবলৈহে কুমন্ত্ৰণা কৰিছে; তেওঁলোকে মিছা কথাত সন্তোষ পায়; মুখেৰে আশীৰ্ব্বাদ কৰে, কিন্তু অন্তৰেৰে তেওঁলোকে শাও দিয়ে। (চেলা)
5 Vær stille hos Gud alene, min Sjæl, thi fra ham kommer mit Håb;
হে মোৰ অন্তৰ, নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰা; কিয়নো তেৱেঁই মোৰ আশা ৰোপণ কৰে।
6 ja, han er min Klippe, min Frelse, mit Værn, jeg skal ikke rokkes.
কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; তেওঁ মোৰ উচ্চ দুৰ্গ, মই লৰচৰ নহম।
7 Hos Gud er min Hjælp og min Ære, min stærke Klippe, min Tilflugt har jeg i Gud;
ঈশ্বৰ মোৰ পৰিত্ৰাণ আৰু মোৰ গৌৰৱ; মোৰ শক্তি, মোৰ দৃঢ় শিলা আৰু আশ্ৰয় ঈশ্বৰতহে আছে।
8 stol på ham, al Folkets Forsamling, udøs for ham eders Hjerte, Gud er vor Tilflugt. (Sela)
হে লোকসকল, সকলো সময়তে বিশ্বাস কৰা; তোমালোকে সদায় তেওঁত নিৰ্ভৰ কৰা; তোমালোকৰ মনৰ সকলো অশান্তিৰ কথা তেওঁৰ আগত কোৱা; কাৰণ ঈশ্বৰেই আমাৰ আশ্ৰয় স্থল। (চেলা)
9 Kun Tomhed er Mennesker, Mænd en Løgn, på Vægtskålen vipper de op, de er Tomhed til Hobe.
অৱশ্যে সামান্য লোকসকল অসাৰ আৰু মান্যৱন্ত লোকসকল মিছা; তেওঁলোক তৰ্জুত দাং খাব; ভাপতকৈয়ো তেওঁলোক একেবাৰে ওজনহীন।
10 Forlad eder ikke på vold, lad jer ikke blænde af Ran; om Rigdommen vokser, agt ikke derpå!
১০তোমালোকে নির্দয় ব্যবহাৰ আৰু প্রবঞ্চনা কৰা সকলক বিশ্বাস নকৰিবা; বৃথা ধনী হ’বলৈ আশা নকৰিবা, ধন-সম্পত্তি বাঢ়িলে তালৈ মন নিদিবা।
11 Een Gang talede Gud, to Gange hørte jeg det: at Magten er Guds,
১১ঈশ্বৰে এবাৰ ক’লে; মই ইয়াক দুবাৰ শুনিলোঁ, যে পৰাক্ৰম ঈশ্বৰৰহে।
12 Og Miskundhed er hos dig, o Herre. Thi enhver gengælder du efter hans Gerning.
১২হে প্ৰভু, প্ৰতিজ্ঞা আৰু বিশ্বস্ততা তোমাৰ অধীন; কিয়নো তুমি প্ৰত্যেক মানুহক তেওঁলোকৰ কৰ্মৰ অনুসাৰে প্ৰতিফল দিছা।

< Salme 62 >