< Matthæus 23 >

1 Da talte Jesus til Skarerne og til sine Disciple og sagde:
তেতিয়া যীচুৱে লোক সকলক আৰু তেওঁৰ শিষ্য সকলক ক’লে,
2 På Mose Stol sidde de skriftkloge og Farisæerne.
তেওঁ ক’লে “বিধানৰ অধ্যাপক আৰু ফৰীচী সকল মোচিৰ আসনত বহি আছে৷
3 Gører og holder derfor alt, hvad de sige eder; men gører ikke efter deres Gerninger; thi de sige det vel, men gøre det ikke.
এই কাৰণে তেওঁলোকে তোমালোকক যি আজ্ঞা দিয়ে, সেই সকলোকে পালন আৰু মান্য কৰিবা; কিন্তু তেওঁলোকৰ কৰ্মৰ দৰে নকৰিবা; কিয়নো তেওঁলোকে যি দৰে কয়, সেইদৰে নকৰে।
4 Men de binde svare Byrder, vanskelige at bære, og lægge dem på Menneskenes Skuldre; men selv ville de ikke bevæge dem med en Finger.
হয়, তেওঁলোকে গধূৰ আৰু অসহনীয় ভাৰ বান্ধি মানুহবোৰৰ কান্ধত দিয়ে, কিন্তু নিজে এটা আঙুলিৰেও সেই ভাৰ লৰাবলৈ ইচ্ছা নকৰে।
5 Men de gøre alle deres Gerninger for at beskues af Menneskene; thi de gøre deres Bederemme brede og Kvasterne på deres Klæder store.
তেওঁলোকে মানুহক দেখুৱাবলৈ নিজৰ সকলো কৰ্ম কৰে; তেওঁলোকে নিজৰ নিজৰ তাবিজ ডাঙৰকৈ লয়, আৰু কাপোৰৰ দহি দীঘলকৈ ৰাখে৷
6 Og de ville gerne sidde øverst til Bords ved Måltiderne og på de fornemste Pladser i Synagogerne
ভোজত প্ৰধান ঠাই, আৰু নাম-ঘৰত প্ৰধান আসন,
7 og lade sig hilse på Torvene og kaldes Rabbi af Menneskene.
হাট-বজাৰত নমস্কাৰ আৰু লোক সকলে ‘ৰব্বি’সম্বোধন কৰিলে তেওঁলোকে ভালপায়।
8 Men I skulle ikke lade eder kalde Rabbi; thi een er eders Mester, men I ere alle Brødre.
কিন্তু তোমালোকে হ’লে, ‘ৰব্বি’বুলি মতা নহ’বা; কিয়নো এজন তোমালোকৰ গুৰু আছে, আৰু তোমালোক সকলো ভাই ভাই।
9 Og I skulle ikke kalde nogen på Jorden eders Fader; thi een er eders Fader, han, som er i Himlene.
পৃথিৱীত কাকো পিতৃ বুলি নামাতিবা; কিয়নো এজন, অৰ্থাৎ স্বৰ্গত থকা জনাই তোমালোকৰ পিতৃ।
10 Ej heller skulle I lade eder kalde Vejledere; thi een er eders Vejleder, Kristus.
১০আৰু তোমালোকে আচাৰ্য্যবুলি মতা নহ’বা; কিয়নো খ্ৰীষ্টই তোমালোকৰ আচাৰ্য্য।
11 Men den største iblandt eder skal være eders Tjener.
১১কিন্তু তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ তোমালোকৰ পৰিচাৰক হ’ব।
12 Men den, som ophøjer sig selv, skal fornedres, og den, som fornedrer sig selv, skal ophøjes.
১২যি কোনোৱে নিজকে নিজে বৰ বুলি মানিব, তেওঁক সৰু কৰা হ’ব; আৰু যি কোনোৱে নিজকে নিজে সৰু বুলি মানিব, তেওঁক বৰ কৰা হ’ব।
13 Men ve eder, I skriftkloge og Farisæere, I Hyklere! thi I tillukke Himmeriges Rige for Menneskene; thi I gå ikke derind, og dem, som ville gå ind, tillade I det ikke.
১৩কিন্তু হায় হায় কপটীয়া বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো মানুহবোৰৰ আগত আপোনালোকে স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ কৰিছে; কাৰণ আপোনালোকে নিজেও নোসোমাই, আৰু সোমাবলৈ ধৰা সকলকো সোমাবলৈ নিদিয়ে।
14 Ve eder, I skriftkloge og Farisæere, I Hyklere! thi I opæde Enkers Huse og bede på Skrømt længe; derfor skulle I få des hårdere Dom.
১৪হায় হায় কপটীয়া, অধ্যাপক আৰু ফৰীচী সকল! আপোনালোকে বাৰী-বিধৱা সকলৰ ঘৰ-বাৰী গ্ৰাস কৰে আৰু দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ ধৰে, এই হেতুকে আপোনালোকে অধিক দণ্ড পাব।
15 Ve eder, I skriftkloge og Farisæere, I Hyklere! thi I drage om til Vands og til Lands for at vinde en eneste Tilhænger; og når han er bleven det, gøre I ham til et Helvedes Barn, dobbelt så slemt, som I selv ere. (Geenna g1067)
১৫হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে এজনক ইহুদী ধৰ্ম দিবলৈ, সাগৰ আৰু পৃথিৱী ঘূৰি ফুৰে; আৰু যেয়ে লয়, সেই জনক নিজতকৈয়ো দুগুণ নৰকী কৰে। (Geenna g1067)
16 Ve eder, I blinde Vejledere! I, som sige: Den, som sværger ved Templet, det er intet; men den, som sværger ved Guldet i Templet, han er forpligtet.
১৬হায় হায় অন্ধ পথ প্ৰর্দশক! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে কয় যে, মন্দিৰত ধৰি শপত খালে একো নহয়; কিন্তু যি জনে মন্দিৰৰ সোণত ধৰি শপত খায়, তেওঁহে ধৰুৱা হয়।
17 I Dårer og blinde! hvilket er da størst? Guldet eller Templet, som helliger Guldet?
১৭হে নিৰ্ব্বোধ আৰু অন্ধ সকল, সোণ আৰু সোণক পবিত্ৰ কৰা যি মন্দিৰ, এই দুয়োৰো মাজত কোনটো শ্ৰেষ্ঠ?
18 Fremdeles: Den, som sværger ved Alteret, det er intet; men den, som sværger ved Gaven derpå, han er forpligtet.
১৮আপোনালোকে কয় যে, বেদিত ধৰি শপত খালে, একো নহয়; কিন্তু যি জনে তাৰ ওপৰৰ নৈবেদ্যত ধৰি শপত খায়, তেওঁহে ধৰুৱা।
19 I Dårer og blinde! hvilket er da størst? Gaven eller Alteret, som helliger Gaven?
১৯হে অন্ধ সকল, নৈবেদ্য আৰু নৈবেদ্যক পবিত্ৰ কৰা যি বেদি, এই দুয়োৰো মাজত কোনটো শ্ৰেষ্ঠ?
20 Derfor, den, som sværger ved Alteret, sværger ved det og ved alt det, som er derpå.
২০এতেকে যি কোনোৱে বেদিত ধৰি শপত খায়, তেওঁ বেদিত আৰু তাৰ ওপৰৰ সকলোতে ধৰি শপত খোৱা হয়;
21 Og den, som sværger ved Templet, sværger ved det og ved ham, som bor deri.
২১আৰু যি কোনোৱে মন্দিৰত ধৰি শপত খায়, তেওঁ মন্দিৰ আৰু তাত বাস কৰা জনতো ধৰি শপত খোৱা হয়।
22 Og den, som sværger ved Himmelen, sværger ved Guds Trone og ved ham, som sidder på den.
২২যি কোনোৱে স্বৰ্গৰ নামে শপত খায়, তেওঁ ঈশ্বৰৰ সিংহাসন আৰু তাৰ ওপৰত বহা জনৰ নামেৰেও শপত খায়।
23 Ve eder, I skriftkloge og Farisæere, I Hyklere! thi I give Tiende af Mynte og Dild og Kommen og have forsømt de Ting i Loven, der have større Vægt, Retten og Barmhjertigheden og Troskaben. Disse Ting burde man gøre og ikke forsømme hine.
২৩হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে পদিনা, গুৱামুৰি, আৰু জীৰাৰ দশম ভাগ দান কৰে, কিন্তু বিধানৰ মাজৰ গুৰুত্বপূৰ্ণ যি ভাগ, ন্যায়-বিচাৰ, দয়া আৰু বিশ্বাস, এইবোৰৰ ভাগ হলে নিদিয়ে। কিন্তু এইবোৰ পালন কৰা, আৰু সেইবোৰক ত্যাগ নকৰা আপোনালোকৰ উচিত আছিল।
24 I blinde Vejledere, I, som si Myggen af, men nedsluge Kamelen!
২৪হে অন্ধ পথদৰ্শক সকল, আপোনালোকে পোক এটাকে ছেকি পেলাই, কিন্তু উটকে গিলি খায়!
25 Ve eder, I skriftkloge og Farisæere, I Hyklere! thi I rense det udvendige af Bægeret og Fadet; men indvendigt ere de fulde af Rov og Umættelighed.
২৫হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে বাটি-কাঁহীৰ বাহিৰফাল শুচি কৰে, কিন্তু ভিতৰফাল অপহৰণ আৰু অতিশয্যৰে পৰিপূৰ্ণ।
26 Du blinde Farisæer! rens først det indvendige af Bægeret og Fadet, for at også det udvendige af dem kan blive rent.
২৬হে অন্ধ ফৰীচী সকল, আপোনালোকে আগেয়ে বাটি-কাঁহীৰ ভিতৰফাল পৰিষ্কাৰ কৰক, তেতিয়াহে তাৰ বাহিৰ ফালো শুচি হ’ব।
27 Ve eder, I skriftkloge og Farisæere, I Hyklere! thi I ere ligesom kalkede Grave, der jo synes dejlige udvendigt, men indvendigt ere fulde af døde Ben og al Urenhed.
২৭হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ৷ আপোনালোক বগাকৈ লিপা মৈদামৰ নিচিনা; সেইবোৰৰ বাহিৰফাল দেখিবলৈ সুন্দৰ, কিন্তু ভিতৰফাল মৰা মানুহৰ হাড় আৰু সকলো প্ৰকাৰ মলিৰে পৰিপূৰ্ণ৷
28 Således synes også I vel udvortes retfærdige for Menneskene; men indvortes ere I fulde af Hykleri og Lovløshed.
২৮সেইদৰে আপোনালোকো বাহিৰফালে মানুহে দেখাত ধাৰ্মিক; কিন্তু ভিতৰত, কপট আৰু অধৰ্মেৰে পূৰ হৈ আছে।
29 Ve eder, I skriftkloge og Farisæere, I Hyklere! thi I bygge Profeternes Grave og pryde de retfærdiges Gravsteder og sige:
২৯হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল। আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে ভাববাদী সকলৰ মৈদাম বান্ধিছে, আৰু ধাৰ্মিক সকলৰ মৈদাম শোভিত কৰিছে৷
30 Havde vi været til i vore Fædres Dage, da havde vi ikke været delagtige med dem i Profeternes Blod.
৩০আপোনালোকে কয় যে, ‘আমাৰ পূৰ্ব-পুৰুষ সকলৰ দিনত আমি থকা হ’লে, ভাৱবাদী সকলৰ ৰক্তপাতত তেওঁলোকৰ সঙ্গী নহলোহেঁতেন’।
31 Altså give I eder selv det Vidnesbyrd, at I ere Sønner af dem, som have ihjelslået Profeterne.
৩১এইদৰে, আপোনালোক যে ভাববাদী সকলক বধ কৰোঁতা সকলৰ সন্তান, এই বিষয়ে আপোনালোকে নিজেই নিজৰ পক্ষত সাক্ষ্য দিছা।
32 Så gører da også I eders Fædres Mål fuldt!
৩২এই হেতুকে চোৱা, আপোনালোকেও নিজৰ পূৰ্বপুৰুষ সকলৰ জোখৰ পাত্ৰ পূৰ কৰক।
33 I Slanger! I Øgleunger! hvorledes kunne I undfly Helvedes Dom? (Geenna g1067)
৩৩হে সৰ্পগণ, কালসৰ্পৰ বংশ, আপোনালোকে নো কেনেকৈ নৰকৰ সোধ-বিচাৰৰ পৰা সাৰিব? (Geenna g1067)
34 Derfor se, jeg sender til eder Profeter og vise og skriftkloge; nogle af dem skulle I slå ihjel og korsfæste, og nogle af dem skulle I hudstryge i, eders Synagoger og forfølge fra Stad til Stad,
৩৪এই কাৰণে চাওক, মই আপোনালোকৰ ওচৰলৈ ভাববাদী, জ্ঞানী আৰু বিধানৰ অধ্যাপক সকলক পঠাওঁ; তেওঁলোকক আপোনালোকে বধ কৰিব, ক্রুচত দিব; কিছুমানক আপোনালোকে নাম-ঘৰত কোবাব, আৰু নগৰে নগৰে তাড়না কৰিব।
35 for at alt det retfærdige Blod skal komme over eder, som er udgydt på Jorden, fra den retfærdige Abels Blod indtil Sakarias's, Barakias's Søns, Blod, hvem I sloge ihjel imellem Templet og Alteret.
৩৫তাতে ধাৰ্মিক হেবলৰ ৰক্তপাতৰ পৰা, বৰখিয়াৰ পুতেক যি জখৰিয়াক আপোনালোকে মন্দিৰ আৰু বেদিৰ মাজত বধ কৰিছিল, তেওঁৰ ৰক্তপাতলৈকে পৃথিৱীৰ ওপৰত সকলো ধাৰ্মিকৰ ৰক্তপাতৰ দোষ আপোনালোকৰ ওপৰত পৰিব।
36 Sandelig, siger jeg eder, alt dette skal komme over denne Slægt.
৩৬মই আপোনালোকক সঁচাকৈ কওঁ, এইবোৰ এই কালৰ লোক সকললৈ হ’ব।”
37 Jerusalem! Jerusalem! som ihjelslår Profeterne og stener dem, som ere sendte til dig, hvor ofte vilde jeg samle dine Børn, ligesom en Høne samler sine Kyllinger under Vingerne! Og I vilde ikke.
৩৭“যিৰূচালেম, যিৰূচালেম, যি জনে ভাববাদী সকলক বধ কৰে আৰু তোমাৰ ওচৰলৈ পঠোৱা সকলক শিল দলিয়াই মাৰে, কিমান বাৰ মই তোমালোকৰ সন্তান সকলক একলগ কৰিবলৈ যত্ন কৰিলোঁ, কুকুৰাই যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয়, তেনেকৈ ময়ো তোমাৰ সন্তানবোৰক চপাই লবলৈ ইচ্ছা কৰিছিলোঁ, কিন্তু তুমি সন্মত নহলা।
38 Se, eders Hus lades eder øde!
৩৮চোৱা, তোমাৰ ঘৰ তোমাৰ বাবে পৰিত্যক্ত হৈছে;
39 Thi jeg siger eder: I skulle ingenlunde se mig fra nu af, indtil I sige: Velsignet være den, som kommer, i Herrens Navn!"
৩৯কিয়নো মই তোমাক কওঁ, প্ৰভুৰ নামেৰে যি জন আহিছে তেওঁ ধন্য, এই কথা নোকোৱালৈকে তুমি এতিয়াৰ পৰা পুনৰ মোক দেখিবলৈ নাপাবা।”

< Matthæus 23 >