< Dommer 8 >

1 Men Efraimiterne sagde til ham: "Hvorfor handler du således over for os, at du ikke kaldte os til, da du drog i Kamp mod Midjaniterne?" Og de gik stærkt i Rette med ham.
ইফ্ৰয়িম ফৈদৰ লোকসকলে গিদিয়োনক সুধিলে, “আপুনি আমাৰ লগত কিয় এনে ব্যৱহাৰ কৰিলে? মিদিয়নীয়াৰ সৈতে যুদ্ধ কৰিবলৈ যোৱাৰ সময়ত আপুনি আমাক নামাতিলে।” এইদৰে তেওঁলোকে গিদিয়োনৰ সৈতে বিবাদ কৰিবলৈ ধৰিলে।
2 Men han svarede dem: "Hvad er min Dåd i Sammenligning med eders? Er ikke Efraims Efterhøst bedre end Abiezers Vinhøst?
তেওঁ তেওঁলোকক ক’লে, “এতিয়া আপোনালোকৰ তুলনাত মইনো এনে কি কাম কৰিলোঁ? অবীয়াচৰ বংশধৰৰ মাজত তোলা সমস্ত আঙুৰৰ খেতিৰ শস্যতকৈ জানো ইফ্ৰয়িমৰ ভূমিত তোলা আঙুৰবোৰ উত্তম নহয়?
3 I eders Hånd gav Gud Midjaniternes Høvdinger Oreb og Ze'eb, hvad har jeg formået i Sammenligning med eder?" Og da han talte således, lagde deres Vrede sig mod ham.
ঈশ্বৰে আপোনালোকৰ হাতত মিদিয়নীয়াসকলৰ নেতা ওৰেব আৰু জেবক সমৰ্পণ কৰিলে। আপোনালোকৰ তুলনাত মইনো বিশেষ কি কৰিব পাতিলোঁ?” গিদিয়োনৰ এনে কথা শুনাৰ পাছত তেওঁৰ প্রতি থকা তেওঁলোকৰ খং নাইকিয়া হ’ল।
4 Da Gideon nåede Jordan, gik han og de 300 Mand, der var med ham, over, udmattede og sultne.
গিদিয়োন আৰু তেওঁৰ লগত থকা তিনি শ লোকে মিদিয়নীয়া শত্ৰুবোৰক খেদি খেদি গৈ যৰ্দ্দন নদীৰ ওচৰলৈকে আহি নদীখন পাৰ হ’ল। তেতিয়া তেওঁলোক অতি ক্লান্ত হৈ পৰিছিল।
5 Han sagde da til Folkene i Sukkot: "Giv Folkene, der følger mig, nogle Brød, thi de er udmattede, og jeg er i Færd med at forfølge Midjaniterkongerne Zeba og Zalmunna!"
সেয়ে গিদিয়োনে চুক্কোতৰ অধিবাসীসকলক ক’লে, “দয়া কৰি মোৰ পাছে পাছে অহা সৈন্যবোৰক কিছু পিঠা খাবলৈ দিয়ক; কিয়নো তেওঁলোক অতিশয় পৰিশ্রান্ত হৈ পৰিছে। মই মিদিয়নীয়াসকলৰ ৰজা জেবহ আৰু চলমুন্নাৰ পাছে পাছে খেদি আহিছোঁ।”
6 Men Høvedsmændene i Sukkot svarede: "Har du allerede fået fat i Zeba og Zalmunna, siden vi skal give dine Folk Brød?"
তেতিয়া চুক্কোতৰ নেতাসকলে ক’লে, “আমি বুজা নাই কিয় আমি আপোনাৰ সৈন্যবোৰক পিঠা খাবলৈ দিব লাগে? জেবহ আৰু চলমুন্না জানো এতিয়া তোমাৰ হাতত আহিল?”
7 Da sagde Gideon: "Til Gengæld skal jeg tærske eders Kroppe med Ørkentorne og Tidsler, når HERREN bar givet Zeba og Zalmunna i min Hånd!"
তেতিয়া গিদিয়োনে ক’লে, “যেতিয়া যিহোৱাই জেবহ আৰু চলমুন্নাক মোৰ হাতত তুলি দিব, তেতিয়া মই মৰুভূমিৰ কাঁইট আৰু কাঁইটীয়া গছৰ আঘাতেৰে আপোনালোকৰ গাৰ মঙহ ছিৰি পেলাম।”
8 Så drog han derfra til Penuel og sagde det samme til dem; og da Folkene i Penuel gav ham samme Svar som Folkene i Sukkot,
তাৰ পাছত গিদিয়োন তাৰ পৰা পনুৱেললৈ উঠি গ’ল আৰু সেই ঠাইৰ লোকসকলৰ ওচৰতো একেদৰে ক’লে। তাতে চুক্কোতৰ লোকসকলে যেনেকৈ কৈছিল, তেওঁলোকেও একে উত্তৰ দিলে।
9 tiltalte han dem på lignende Måde og sagde: "Når jeg kommer uskadt tilbage, vil jeg nedbryde Borgen her!"
তেতিয়া তেওঁ পনুৱেলৰ লোকসকলক ক’লে, “কুশলে যেতিয়া পুনৰ উলটি আহিম, মই এই কোঁঠ ভাঙি পেলাম।”
10 Zeba og Zalmunna befandt sig imidlertid med deres Hær i Karkor, henved 15000 Mand; det var alle dem, der var tilbage af Østens Stammers, Hær; de faldne udgjorde 120000 våbenføre Mænd.
১০সেই সময়ত জেবহ আৰু চলমুন্না প্রায় পোন্ধৰ হাজাৰ সৈন্যৰ দল লৈ কৰ্কোৰত আছিল; পূর্বদেশৰ সৈন্যসকলৰ মাজত কেৱল এওঁলোকেই তেতিয়া অৱশিষ্ট আছিল; কিয়নো তেওঁলোকৰ তৰোৱাল ধৰা এক লাখ বিশ হাজাৰ সৈন্য হত হ’ল।
11 Og Gideon drog op ad Teltboernes Vej østen for Noba og Jogbeha og slog Hæren, der ikke anede Uråd.
১১পাছত গিদিয়োনে নোবহ আৰু যগ্বেহাৰ চহৰৰ পুবফালে তম্বুবাসী লোকসকলৰ নমাদ বাটেদি উঠি গৈ শত্রুপক্ষৰ ছাউনি পালে। সেই সময়ত শত্রুসকল আক্রমণৰ বাবে প্রস্তুত নাছিল আৰু গিদিয়োনে গৈ তেওঁলোকক পৰাস্ত কৰিলে।
12 Zeba og Zalmunna flygtede, men han satte efter dem og fangede de to Midjaniterkonger Zeba og Zalmunna og slog hele Hæren med Rædsel.
১২জেবহ আৰু চলমুন্না পলাই গ’ল; কিন্তু গিদিয়োনে মিদিয়নীয়াসকলৰ সেই দুজন ৰজা জেবহ আৰু চলমুন্নাক খেদি খেদি ধৰিলে। তেতিয়া তেওঁলোকৰ সৈন্যদলৰ সকলোৱে গিদিয়োনৰ ভয়ত আতঙ্কিত হ’ল।
13 Da Gideon, Joasjs Søn, vendte tilbage fra Kampen, fra Herespasset,
১৩তাৰ পাছত যোৱাচৰ পুত্ৰ গিদিয়োনে হেৰচৰ গিৰিপথেদি যুদ্ধৰ পৰা উলটি আহিছিল।
14 fik han fat i en ung Mand fra Sukkot og spurgte ham ud, og den unge Mand skrev Navnene på Høvedsmændene og de Ældste i Sukkot op til ham, syv og halvfjerdsindstyve Mænd.
১৪গিদিয়োনে চুক্কোত নিবাসীসকলৰ এজন যুৱকক ধৰি আনিলে আৰু তেওঁৰ পৰা পৰামর্শ বিচাৰিলে; যুৱকজনে চুক্কোতৰ সাতসত্তৰজন নেতা আৰু জ্যেষ্ঠলোকৰ নাম ক’লে।
15 Så drog han til Folkene i Sukkot og sagde: "Se, her er Zeba og Zalmunna, som I hånede mig med, da I sagde: Har du allerede fået fat i Zeba og Zalmunna, siden vi skal give dine udmattede Mænd Brød?"
১৫গিদিয়োনে চুক্কোতবাসীসকলৰ ওচৰলৈ আহি ক’লে, “এইয়া চোৱা, জেবহ আৰু চলমুন্না! এওঁলোকৰ বাবেই আপোনালোকে মোক ঠাট্টা কৰি কৈছিলে, ‘আমি বুজা নাই, কিয় আমি আপোনাৰ সৈন্যবোৰক পিঠা খাবলৈ দিব লাগে। আপুনি জানো জেবহ আৰু চলমুন্নাক জয় কৰিলে’?”
16 Derpå greb han Byens Ældste, tog Ørkentorne og Tidsler og tærskede Folkene i Sukkot med dem;
১৬এইবুলি কৈ তেওঁ চুক্কোতৰ জ্যেষ্ঠসকলক ধৰি আনি মৰুভূমিৰ কাঁইট আৰু কাঁইটীয়া গছেৰে আঘাত কৰি শাস্তি দিলে।
17 og Borgen i Penuel brød han ned og dræbte Folkene i Byen.
১৭তেওঁ পনুৱেলৰ কোঁঠটোও ভাঙি পেলালে আৰু সেই নগৰৰ লোকসকলক বধ কৰিলে।
18 Men til Zeba og Zalmunna sagde han: "Hvorledes var de Mænd, I ihjelslog ved Tabor?" De svarede: "De lignede dig, de så begge ud som Kongesønner!"
১৮তাৰ পাছত তেওঁ জেবহ আৰু চলমুন্নাক সুধিলে, “তাবোৰত আপোনালোকে কেনে লোকসকলক বধ কৰিছিলে?” তেওঁলোকে উত্তৰ দিলে, “আপুনি যেনেকুৱা, তেওঁলোকো তেনেকুৱা আছিল; তেওঁলোক প্ৰতিজন দেখাত ৰাজপুত্র সদৃশ আছিল।”
19 Da sagde han: "Mine Brødre, min Moders Sønner var det! Så sandt HERREN lever; havde I skånet deres Liv, havde jeg ikke slået eder ihjel!"
১৯গিদিয়োনে ক’লে, “সেইসকল মোৰ ভাই আছিল; মোৰ আইৰ সন্তান; জীৱন্ত ঈশ্বৰৰ শপত, আপোনালোকে যদি তেওঁলোকক জীয়াই ৰাখিলোঁহেঁতেন, তেন্তে মই আপোনালোকক বধ নকৰিলোঁহেঁতেন।”
20 Derpå sagde han til sin førstefødte Søn Jeter: "Stå op og dræb dem!" Men den unge Mand drog ikke sit Sværd; han havde ikke Mod dertil, fordi han endnu var ung.
২০তাৰ পাছত তেওঁ নিজৰ বৰ পুতেক যেথৰক ক’লে, “উঠি, ইহঁতক বধ কৰ!” কিন্তু সেই কুমলীয়া ল’ৰাজনে নিজৰ তৰোৱাল নুলিয়ালে; সি তেতিয়া অল্পবয়সীয়া ল’ৰা আছিল বাবে ভয় কৰিলে।
21 Da sagde Zeba og Zalmunna: "Stå selv op og giv os Dødsstødet, thi som Manden således hans Styrke!" Så stod Gideon op og dræbte Zeba og Zalmunna. Og han tog de Halvmåner, deres Kameler havde om Halsen.
২১তেতিয়া জেবহ আৰু চলমুন্নাই গিদিয়োনক ক’লে, “আপুনিয়েই উঠি আমাক বধ কৰক! কিয়নো যি যেনে মানুহ, তাৰ শক্তিও তেনে।” তেতিয়া গিদিয়োনে উঠি জেবহ আৰু চলমুন্নাক বধ কৰিলে, আৰু তেওঁলোকৰ উটৰ ডিঙিৰ পৰা চন্দ্ৰহাৰবোৰ খুলি ল’লে।
22 Derefter sagde Israelitterne til Gideon: "Vær vor Hersker, du selv og siden din Søn og din Sønnesøn, da du nu har frelst os af Midjaniternes Hånd!"
২২পাছত ইস্ৰায়েলৰ লোকসকলে গিদিয়োনক ক’লে, “আপুনি মিদিয়নীয়াসকলৰ হাতৰ পৰা আমাক উদ্ধাৰ কৰিলে; এতিয়া আপুনি, আপোনাৰ পুত্র, নাতি সকলোৱে আমাৰ ওপৰত শাসন কৰক।”
23 Men Gideon svarede dem: "Hverken jeg eller min Søn vil herske over eder; HERREN skal herske over eder!"
২৩তেতিয়া গিদিয়োনে তেওঁলোকক ক’লে, “মই বা মোৰ পুত্রই আপোনালোকৰ ওপৰত শাসন নকৰিব; যিহোৱাইহে আপোনালোকৰ ওপৰত শাসন কৰিব।”
24 Derpå sagde Gideon til dem: "Jeg har noget at bede eder om: Enhver af eder skal give mig de Ringe, der findes mellem hans Bytte!" Hine havde nemlig Guldringe, thi de var Ismaeliter.
২৪গিদিয়োনে তেওঁলোকক পুনৰ ক’লে, “কিন্তু আপোনালোকৰ ওচৰত মোৰ এটি অনুৰোধ আছে, আপোনালোকৰ লুটৰ ভাগৰ পৰা প্ৰতিজনে মোক এটাকৈ কাণৰ গহনা দিয়ক।” কিয়নো মিদিয়নীয়াসকল আছিল ইস্মায়েলৰ বংশৰ লোক আৰু তেওঁলোকে কাণত সোনৰ গহনা পিন্ধা প্রচলিত আছিল।
25 De svarede: "Ja, vi vil gerne give dig dem!" Så bredte han sin Kappe ud, og enhver af dem lagde de Ringe, der fandtes mellem hans Bytte, derpå.
২৫তেওঁলোকে উত্তৰ দিলে, “আমি আনন্দ মনেৰে আপোনাক সেয়া দিম।” তাৰ পাছত তেওঁলোকে এখন কাপোৰ পাৰি তাৰ মাজত প্ৰতিজনে লুটি অনা নিজ নিজ কাণৰ গহনা পেলালে।
26 Vægten af Guldringene, som han havde bedt om, udgjorde 1700 Sekel Guld bortset fra Halvmånerne, Ørenringene og Purpurklæderne, som Midjaniterkongerne bar, og Kæderne på Kamelernes Halse.
২৬তাতে তেওঁ অনুৰোধ কৰি পোৱা সেই সোনৰ কাণফুলিবোৰৰ ওজন এক হাজাৰ সাত শ চেকল হ’ল; তাৰ বাহিৰেও চন্দ্ৰহাৰ, ‘লকেট’, মিদিয়নীয়া ৰজাসকলে পিন্ধা বেঙেনা বৰণীয়া বস্ত্ৰ আৰু তেওঁলোকৰ উটবোৰে পিন্ধা ডিঙিৰ হাৰ আছিল।
27 Gideon lavede deraf en Efod, som han gav Plads i sin Fødeby Ofra; og alle Israelitterne bolede med den, og den blev Gideon og hans Hus en Snare.
২৭তাৰ পাছত গিদিয়োনে সেই সোণবোৰ লৈ এখন এফোদ তৈয়াৰ কৰি তেওঁ নিজৰ নগৰ অফ্রাত ৰাখিলে; ইস্রায়েলীয়াসকলে সেই ঠাইত একমাত্র ঈশ্বৰৰ পৰিবর্তে এফোদৰ পূজা কৰি নিজকে ব্যভিচাৰী কৰিলে; এয়ে গিদিয়োন আৰু তেওঁৰ পৰিয়াললৈ এক ফান্দস্বৰূপ হ’ল।
28 Således bukkede Midjaniterne under for Israelitterne, og de rejste sig ikke mere; og Landet havde Ro i fyrretyve År, så længe Gideon levede.
২৮এইদৰেই মিদিয়নীয়াসকল ইস্ৰায়েলৰ লোকসকলৰ তলতীয়া হৈ থাকিল; তেওঁলোকে পুনৰ মূৰ দাঙিব নোৱাৰিলে। গিদিয়োনৰ কালত দেশ চল্লিশ বছৰলৈকে সুস্থিৰে থাকিল।
29 Og Jerubba'al, Joasjs Søn, begav sig til sit Hjem og opholdt sig der.
২৯তাৰ পাছত যোৱাচৰ পুত্ৰ যিৰুব্বালে নিজৰ ঘৰলৈ গৈ তাতে বাস কৰিলে।
30 Gideon havde halvfjerdsindstyve Sønner, der var avlede af ham, thi han havde mange Hustruer.
৩০গিদিয়োনৰ বহুতো ভার্য্যা আছিল আৰু সেয়ে তেওঁ সত্তৰজন পুত্রৰ পিতৃ আছিল।
31 Han havde en Medhustru i Sikem; hun fødte ham en Søn, som han gav Navnet Abimelek.
৩১চিখিমত তেওঁৰ এগৰাকী উপপত্নী আছিল। তেওঁৰ ঔৰসতো গিদিয়োনৰ এটি পুত্ৰ আছিল। গিদিয়োনে তেওঁৰ নাম অবীমেলক দিছিল।
32 Gideon, Joasjs Søn, døde i en høj Alder og blev jordet i sin Fader Abiezriten Joasjs Grav i Ofra.
৩২যোৱাচৰ পুত্ৰ গিদিয়োনৰ অতি বৃদ্ধ বয়সত মৃত্যু হ’ল। অবীয়েজ্ৰীয়াসকলৰ অফ্রাত তেওঁৰ পিতৃ যোৱাচৰ সমাধিস্থলত তেওঁক মৈদাম দিয়া হ’ল।
33 Men da Gideon var død, gav Israelitterne sig atter til at bole med Ba'alerne og gjorde Ba'al-Berit til deres Gud;
৩৩গিদিয়োনৰ মৃত্যুৰ পাছতেই ইস্ৰায়েলৰ সন্তান সকল পুনৰায় ঈশ্বৰৰ অবিশ্বাসী হ’ল আৰু তেওঁলোকে বাল-দেৱতাবোৰক পূজা-অর্চনা কৰি নিজক ব্যভিচাৰী কৰিলে। তেওঁলোকে বাল-বৰীৎক নিজৰ দেৱতা বুলি মানিলে।
34 og Israelitterne kom ikke HERREN deres Gud i Hu, ham, som frelste dem fra alle deres Fjender, der omgav dem på alle Kanter.
৩৪তেওঁলোকৰ চাৰিওফালে থকা সকলো শত্ৰুবোৰৰ হাতৰ পৰা যি জনা ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰিছিল, ইস্রায়েলে তেওঁলোকৰ সেই ঈশ্বৰ যিহোৱাক সন্মান দিবলৈ পাহৰি গ’ল।
35 Og de handlede ikke vel mod Jerubba'als, Gideons, Hus, trods alt det gode, han havde gjort Israel.
৩৫যিৰুব্বালে ইস্রায়েলত যি সকলো উপকাৰ সাধি গ’ল, তাৰ বিপৰীতে লোক সকলে তেওঁৰ বংশৰ প্রতি কৰা প্রতিজ্ঞাত বিশ্বস্ত হৈ নাথাকিল।

< Dommer 8 >