< Job 9 >

1 Så tog Job til Orde og svarede:
তেতিয়া ইয়োবে পুনৰ উত্তৰ দিলে আৰু ক’লে,
2 "Jeg ved forvist, at således er det, hvad Ret har en dødelig over for Gud?
“মই নিশ্চয়ে জানো, সেই কথা স্বৰূপ; কিন্তু এজন ব্যক্তি কেনেকৈ ঈশ্বৰৰ সৈতে ধাৰ্মিক হ’ব পাৰে?
3 Vilde Gud gå i Rette med ham, kan han ikke svare på et af tusind!
যদি তেওঁ ঈশ্বৰৰ সৈতে বাদানুবাদ কৰিব খোজে, তেন্তে তেওঁক হাজাৰ কথাৰ মাজৰ এটিৰো উত্তৰ দিব নোৱাৰিব।
4 Viis af Hjerte og vældig i Kraft hvo trodsede ham og slap vel derfra?
ঈশ্বৰৰ অন্তৰত জ্ঞান আছে, আৰু শক্তিত তেওঁ পৰাক্ৰমী; তেওঁৰ বিৰুদ্ধে ডিঙি ঠৰ কৰি কোনে কেতিয়া উন্নতি লাভ কৰিলে?
5 Han flytter Bjerge så let som intet, vælter dem om i sin Vrede,
তেওঁ পৰ্ব্বতবোৰ স্থানান্তৰ কৰে; আৰু তেওঁ সেইবোৰক নিজ ক্ৰোধত লুটিয়াই পেলাওঁতে সেইবোৰে একো গম নাপায়।
6 ryster Jorden ud af dens Fuger, så dens Grundstøtter bæver;
তেওঁ পৃথিবীক জোকাৰি নিজ ঠাইৰ পৰা লৰায়; তাৰ স্তম্ভবোৰ থৰথৰকৈ কঁপে।
7 han taler til solen, så skinner den ikke, for Stjernerne sætter han Segl,
এইজনা সেই একে ঈশ্বৰ, যি জনাই ক’লে সূৰ্য উদয় নহয়; আৰু তেওঁ তৰাবোৰ বন্ধ কৰি মোহৰ মাৰে।
8 han udspænder Himlen ene, skrider hen over Havets Kamme,
তেওঁ অকলেই আকাশ-মণ্ডলক বিস্তাৰিত কৰে, আৰু ঢৌবোৰৰ ওপৰেদি অহা-যোৱা কৰে।
9 han skabte Bjørnen, Orion, Syvstjernen og Sydens Kamre,
তেওঁ সপ্তৰ্ষি, মৃগশীৰ্ষ, কৃত্তিকা, আৰু দক্ষিণদিশে থকা নক্ষত্ৰ-ৰাশিৰ সৃষ্টিকৰ্ত্তা।
10 han øver ufattelig Vælde og Undere uden Tal!
১০অনুসদ্ধান পাব নোৱাৰা মহৎ কৰ্ম তেওঁ কৰে; অসংখ্য অদ্ভুত কাৰ্যও তেৱেঁই কৰে।
11 Går han forbi mig, ser jeg ham ikke, farer han hen, jeg mærker ham ikke;
১১চোৱা, তেওঁ মোৰ ওচৰেদি যায়, কিন্তু মই নেদেখোঁ; তেওঁ মোৰ সম্মুখেদি গমন কৰে, তথাপি মই তেওঁক অনুভৱ নকৰোঁ।
12 røver han, hvem mon der hindrer ham i det? Hvo siger til ham: "Hvad gør du?"
১২চোৱা, তেওঁ ধৰি নিলে তেওঁক কোনে নিবাৰণ কৰিব পাৰে? তুমি কি কৰিছা বুলি তেওঁক কোনে কব পাৰে?
13 Gud lægger ikke Bånd på sin Vrede, Rahabs Hjælpere bøjed sig under ham;
১৩ঈশ্বৰে নিজৰ ক্ৰোধ উঠাই নলয়; এনে কি ৰাহবক সহায় কৰোঁতাবোৰো তেওঁৰ সন্মুখত নত হয়।
14 hvor kan jeg da give ham Svar og rettelig føje min Tale for ham!
১৪মই কেনেকৈ তেওঁক উত্তৰ দিম? তেওঁক কাৰণ দেখুৱাবলৈ মই নো কেনেকৈ কথা বাচি লম?
15 Har jeg end Ret, jeg kan dog ej svare, må bede min Dommer om Nåde!
১৫মই যদি ধাৰ্মিকো হওঁ, তথাপি তেওঁক মই উত্তৰ দিব নোৱাৰোঁ; মোৰ অভিযোক্তাৰ দয়াৰ বাবে মই মাথোন নিবেদনহে কৰিব পাৰোঁ।
16 Nævned jeg ham, han svared mig ikke, han hørte, tror jeg, ikke min Røst,
১৬যদিও মই মাতো আৰু তেওঁ মোক উত্তৰ দিয়ে; তথাপি তেওঁ যে মোৰ মিনতিলৈ কাণ পাতিব, মোৰ এনে বিশ্বাস নজন্মে।
17 han, som river mig bort i Stormen, giver mig - Sår på Sår uden Grund,
১৭তেওঁ মোক প্ৰবল ধুমুহাৰে ভাঙিব, আৰু অকাৰণে মোক বাৰে বাৰে ক্ষতবিক্ষতহে কৰিব।
18 ikke lader mig drage Ånde, men lader mig mættes med beskeing.
১৮তেওঁ মোক উশাহকে ল’ব নিদিব, কিন্তু মোক তিতাৰেহে পৰিপূৰ্ণ কৰিব।
19 Gælder det Kæmpekraft, melder han sig! Gælder det Ret, hvo stævner ham da!
১৯পৰাক্ৰমীৰ বলৰ কথাত হলে, তেওঁ কয়, চোৱা, মই আছোঁ, আৰু যদি বিচাৰৰ কথাত কয়, কোনে মোৰ নিমিত্তে দিন নিৰূপণ কৰিব?
20 Har jeg end Ret, må min Mund dog fælde mig, er jeg end skyldfri, han gør mig dog vrang!
২০মই ধাৰ্মিক হলেও মোৰ মুখে মোক দোষী কৰিব; মই সিদ্ধ হলেও তেওঁ মোক অপৰাধী পাতিব।
21 Skyldfri er jeg, ser bort fra min Sjæl og agter mit Liv for intet!
২১মই সিদ্ধ, মই নিজ প্ৰাণক নামনি ইয়াকে কওঁ; জীৱনত মোৰ ঘিণ লাগিছে।
22 Lige meget; jeg påstår derfor: Skyldfri og skyldig gør han til intet!
২২সকলো বিষয়তে একে, সেই দেখি মই কওঁ, তেওঁ সিদ্ধ আৰু দুৰ্জন এই দুয়োকো সংহাৰ কৰে।
23 Når Svøben kommer med Død i et Nu, så spotter han skyldfries Hjertekval;
২৩আপদৰূপ চাবুকে যদি মানুহক অকস্মাতে মাৰি পেলায়, তেন্তে তেওঁ নিৰ্দ্দোষীবিলাকৰ নিৰাশা দেখি হাঁহিব।
24 Jorden gav han i gudløses Hånd, hylder dens Dommeres Øjne til, hvem ellers, om ikke han?
২৪পৃথিৱী দুৰ্জনৰ হাতত শোধাই দিয়া হয়; তেওঁ তাৰ বিচাৰকৰ্ত্তাবিলাকৰ মুখ ঢাকে; যদি তেওঁ নহয়, তেন্তে তাকনো কোনে কৰে?
25 Raskere end Løberen fløj mine Dage, de svandt og så ikke Lykke,
২৫মোৰ দিন কেইটা ডাকৱালাতকৈয়ো বেগী; একো মঙ্গল নেদেখাকৈ সেইবোৰ বেগাই যায়।
26 gled hen som Både af Si, som en Ørn, der slår ned på Bytte.
২৬সেইবোৰ বেগী নাৱৰ দৰে চলি যায়, বা আহাৰৰ ওপৰত চোঁ মৰা ঈগল পক্ষী নিচিনাকৈ উৰি যায়।
27 Dersom jeg siger: "Mit Suk vil jeg glemme, glatte mit Ansigt og være glad,"
২৭যদিও মই কওঁ যে, মোৰ দুখৰ কথা পাহৰি যাম, আৰু ম্লানমুখ দূৰ কৰি প্ৰসন্ন হম,
28 må jeg dog grue for al min Smerte, jeg ved, du kender mig ikke fri.
২৮তথাপি তুমি মোক নিৰ্দ্দোষী জ্ঞান নকৰিবা বুলি জানি, মোৰ সকলো যাতনাত মই জিকাৰ খাই উঠো।
29 Jeg skal nu engang være skyldig, hvorfor da slide til ingen Nytte?
২৯মই দোষী হবই লাগিব; তেতিয়া হ’লে কিয় মই অনৰ্থক পৰিশ্ৰম কৰোঁ?
30 Toed jeg mig i Sne og tvætted i Lud mine Hænder,
৩০যদি মই হিমৰ পানীত গা ধোওঁ, আৰু খাৰেৰে হাত চাফা কৰোঁ,
31 du dypped mig dog i Pølen, så Klæderne væmmedes ved mig.
৩১তথাপি তুমি মোক খালত জুবুৰিয়াবা, আৰু মোৰ নিজৰ বস্ত্ৰয়ো মোক ঘিণ কৰিব।
32 Thi du er ikke en Mand som jeg, så jeg kunde svare, så vi kunde gå for Retten sammen;
৩২কিয়নো তেওঁ মোৰ নিচিনা মানুহ নহয় যে, মই তেওঁক উত্তৰ দিম, বা দুয়ো একে-লগে বিচাৰস্থানলৈ যাম।
33 vi savner en Voldgiftsmand til at lægge sin Hånd på os begge!
৩৩আমাৰ দুয়োৰো ওপৰত হাত দিব পৰা এনেকুৱা মধ্যস্থ কোনো নাই।
34 Fried han mig for sin Stok, og skræmmed hans Rædsler mig ikke,
৩৪তেওঁ মোৰ ওপৰৰ পৰা বিচাৰৰ দণ্ডডাল আঁতৰাওক, আৰু তেওঁৰ ভয়ানকতাই মোক ভয় নলগাওক;
35 da talte jeg uden at frygte ham, thi min Dom om mig selv er en anden!
৩৫তেতিয়া মই কথা কম, তেওঁক ভয় নকৰিম; কিয়নো মই নিজে তেনেকুৱা নহওঁ।

< Job 9 >