< Esajas 59 >

1 Se, for kort til at frelse er ej HERRENs Arm, Hans Øre er ikke for sløvt til at høre.
চোৱা, যিহোৱাৰ হাত এনে চুটি নহয় যে, তেওঁ তাৰে পৰিত্ৰাণ কৰিব নোৱাৰে, আৰু তেওঁৰ কাণ এনে গধূৰ নহয় যে, তেওঁ তাৰে শুনিব নোৱাৰে;
2 Eders Brøde er det, der skiller mellem eder og eders Gud, eders Synder skjuler hans Åsyn for jer, så han ikke hører.
কিন্তু তোমালোকৰ অপৰাধবোৰেই তোমালোকৰ ঈশ্বৰৰ পৰা তোমালোকক বিচ্ছেদ কৰিছে, আৰু তোমালোকৰ পাপবোৰেই তোমালোকৰ পৰা তেওঁৰ মুখ ঢাকিছে, সেই বাবে তেওঁ নুশুনে।
3 Eders Hænder er jo sølet at Blod, eders Fingre sølet af Brøde; Læberne farer med Løgn, Tungen taler, hvad ondt er.
কিয়নো তোমালোকৰ হাত তেজেৰে আৰু তোমালোকৰ আঙুলিবোৰ অপৰাধেৰে অশুচি হৈ আছে। তোমালোকৰ ওঁঠে মিছা কথা কৈছে, তোমালোকৰ জিভাই দুষ্টতাৰ কথা কৈছে।
4 Med Ret stævner ingen til Doms eller fører ærligt sin Sag. Man stoler på tomt, taler falsk, man undfanger Kval, føder Uret.
কোনেও ধাৰ্মিকতাৰে গোচৰ নকৰে, আৰু কোনেও সত্যতাৰে প্ৰতিবাদ নকৰে; তেওঁলোকে অসাৰ কথাত ভাৰসা কৰে, আৰু মিছা কথা কয়, তেওঁলোকে সমস্যা গৰ্ভধাৰণ কৰি অধৰ্ম প্ৰসৱ কৰে।
5 Slangeæg ruger de ud, og Spindelvæv er, hvad de væver. Man dør, hvis man spiser et Æg, en Øgle kommer frem, hvis det knuses.
তেওঁলোক সাপৰ কণী উমনি লৈ জগায়, আৰু মকৰাৰ জাল গাঁথে; যি জনে তেওঁলোকৰ কণী খায়, সি মৰে, আৰু যি কণী ভাগে, তাৰ পৰা কালসৰ্প বাহিৰ হয়।
6 Deres Spind kan ej bruges til Klæder, ingen hyller sig i, hvad de laver; deres Værk er Ulykkesværk, og i deres Hænder er Vold;
তেওঁলোকে গঁথা ঊন বস্ত্ৰৰ বাবে ব্যৱহাৰ কৰা নহ’ব, আৰু তেওঁলোকে কৰা বস্ত্ৰেৰে নিজৰ গা নাঢাকিব; তেওঁলোকৰ কাৰ্য অধৰ্মৰ কাৰ্য, আৰু তেওঁলোকৰ নিজৰ হাতেৰে অত্যাচাৰ কৰে।
7 deres Fødder haster til ondt, til at udgyde skyldfrit Blod; deres Tanker er Ulykkestanker; hvor de færdes, er Vold og Våde;
তেওঁলোকৰ ভৰি কুকৰ্মৰ ফাললৈ বেগাই চলে, আৰু তেওঁলোকে নিৰ্দ্দোষীৰ ৰক্তপাত কৰিবলৈ বেগাবেগি কৰে; তেওঁলোকৰ কল্পনাবোৰ অধৰ্মৰ কল্পনাহে; ধ্বংস আৰু উচ্ছন্নতা তেওঁলোকৰ পথত আছে।
8 de kender ej Fredens Veje, der er ingen Ret i deres Spor; de gør sig krogede Stier; Fred kender ingen, som træder dem.
তেওঁলোকে শান্তিৰ পথ নাজানে, আৰু তেওঁলোকৰ পথত ন্যায় বিচাৰ নাই; তেওঁলোকে কুটিল পথ সাজে; যি জনে সেই পথত চলে, তেওঁ শান্তিৰ কথা নাজানে।
9 Derfor er Ret os fjern, og Retfærd når os ikke; vi bier på Lys se, Mørke, på Dagning, men vandrer i Mulm;
এই কাৰণে ন্যায় বিচাৰ আমাৰ পৰা বহু দূৰত আছে, আৰু ধাৰ্মিকতাই আমাৰ লগ ধৰিব নোৱাৰে। আমি পোহৰৰ বাবে অপেক্ষা কৰি থাকোঁ, কিন্তু অন্ধকাৰ দেখা পাওঁ, আৰু দীপ্তিলৈ বাট চাই থাকোঁ, কিন্তু ঘোৰ অন্ধকাৰত ভ্ৰমণ কৰোঁ।
10 vi famler langs Væggen som blinde, famler, som savnede vi Øjne, vi snubler ved Middag som i Skumring, er som døde i vor kraftigste Alder;
১০আমি অন্ধলা লোকৰ দৰে দেৱালত খপিয়াওঁ, চকুহীন লোকৰ দৰে খপিয়াই ফুৰোঁ; গধূলি বেলাৰ দৰে দুপৰ বেলাতো আমি উজটি খাওঁ; আৰু শক্তিমান লোকৰ মাজত আমি মৰা মানুহৰ দৰে থাকোঁ।
11 vi brummer alle som Bjørne, kurrer vemodigt som Duer; vi bier forgæves på Ret, på Frelse, den er os fjern.
১১আমি ভালুকৰ দৰে চিঞৰি আছোঁ, আৰু কপৌৰ দৰে শোকধ্বনি কৰি আছোঁ; আমি ন্যায় বিচাৰৰ বাবে অপেক্ষা কৰোঁ, কিন্তু সেয়ে নাই; আৰু পৰিত্ৰাণলৈ বাট চাই থাকোঁ, কিন্তু সিও আমাৰ পৰা বহু দূৰত থাকে।
12 Thi du ser; vore Synder er mange, vor Brøde vidner imod os: ja, vi har vore Synder for Øje, vi kender såvel vor Skyld:
১২কিয়নো আপোনাৰ সাক্ষাতে আমাৰ অপৰাধ অনেক, আৰু আমাৰ পাপবোৰে আমাৰ বিৰুদ্ধে সাক্ষ্য দিছে; কিয়নো আমাৰ অপৰাধবোৰ আমাৰ লগত আছে, আৰু আমি আমাৰ অৰ্ধম্মবোৰ জানো।
13 Vi faldt fra og fornægtede HERREN, veg langt bort fra vor Gud, vor Tale var Vold og Frafald, og vi fremførte Løgne fra Hjertet.
১৩এইবোৰেই অপৰাধ কৰি যিহোৱাক অস্বীকাৰ কৰা, নিজৰ ঈশ্বৰৰ পাছত চলাৰ পৰা বিমুখ হোৱা, আমি অন্যায় দাবীৰ কথা কৈছিলোঁ আৰু পৃথকে ঘূৰিছিলোঁ, আৰু অন্তৰত মিছা কথা গৰ্ভধাৰণ কৰি তাক প্ৰসৱ কৰা।
14 Retten trænges tilbage, Retfærd står i det fjerne, thi Sandhed snubler på Gaden, Ærlighed har ingen Gænge;
১৪আৰু ন্যায় বিচাৰ পাছলৈ হুঁহকি গৈছে, আৰু ধাৰ্মিকতা দূৰত থিয় হৈ আছে; কিয়নো জনসাধাৰণৰ মাজত সত্যতা উজুটি খাই পৰিছে, আৰু সত্যতা তাত আহিব নোৱাৰে।
15 Sandhedens Plads står tom, og skyr man det onde, flås man. Og HERREN så til med Harme, fordi der ikke var Ret;
১৫বিশ্বাসযোগ্যতা সত্যতাৰ আঁতৰি গ’ল, আৰু অধৰ্ম ত্যাগ কৰা লোক নিজকে জীৱন্ত বলি সাজিছে।
16 han så, at der ingen var, og det undrede ham, at ingen greb ind. Da kom hans Arm ham til Hjælp, hans Retfærd, den stod ham bi;
১৬যিহোৱাই দৃষ্টি কৰি ন্যায় বিচাৰ নেদেখি অসন্তোষ্ট হল। আৰু তেওঁ কোনো পুৰুষ বা মধ্যস্থ নেদেখি বিস্মিত হ’ল হল; সেই বাবে তেওঁৰ নিজৰ বাহুৱেই তেওঁৰ কাৰণে পৰিত্ৰাণ সিদ্ধ কৰিলে, আৰু তেওঁৰেই ধাৰ্মিকতা তেওঁৰ আশ্ৰয় হল।
17 han tog Retfærds Brynje på, satte Frelsens Hjelm på sit Hoved, tog Hævnens Kjortel på og hylled sig i Nidkærheds Kappe.
১৭তেওঁ ধাৰ্মিকতাৰূপ বুকু-পটা পিন্ধিলে, আৰু মূৰত পৰিত্ৰাণৰূপ শিৰোৰক্ষক পিন্ধিলে, আৰু গাৰ বস্ত্রৰ বাবে প্ৰতিকাৰৰূপ সাজ পৰিধান কৰিলে, আৰু আবেগপূৰ্ণ জামা গাত দিলে।
18 Han gengælder efter Fortjeneste, Vrede mod Uvenner, Gengæld mod Fjender, mod fjerne Strande gør han Gengæld,
১৮তেওঁ তেওঁলোকৰ কাৰ্য অনুসাৰে প্ৰতিফল দিব; তেওঁৰ শত্রূবোৰক ক্ৰোধৰ, নিজ বৈৰীবোৰক অপকাৰৰ প্ৰতিফল দিব; আৰু দ্বীপবোৰক তেওঁ প্ৰতিফলৰ দৰে দণ্ড দিব।
19 så HERRENs Navn frygtes i Vest, hans Herlighed, hvor Sol står op. Thi han kommer som en indestængt Flom, der drives af HERRENs Ånde.
১৯সেয়ে লোকসকলে পশ্চিম দিশৰ পৰা যিহোৱাৰ নামলৈ, আৰু সূৰ্য উদয় হোৱা ফালৰ পৰা তেওঁৰ প্ৰতাপলৈ ভয় কৰিব; যেতিয়া শত্রু প্লাৱনৰ দৰে আহিব, তেতিয়া যিহোৱাৰ আত্মা ধ্বজাৰ দৰে তাৰ বিৰুদ্ধে থাকিব।
20 En Genløser kommer fra Zion og fjerner Frafald i Jakob, lyder det fra HERREN.
২০“চিয়োনলৈ, আৰু যাকোবৰ মাজত থকা অপৰাধৰ পৰা ঘূৰাসকলৰ ওচৰলৈ এজন মুক্তিদাতা আহিব,” এয়ে যিহোৱাৰ ঘোষণা।
21 Dette er min Pagt med dem, siger HERREN: Min Ånd, som er over dig, og mine Ord, som jeg har lagt i din Mund, skal ikke vige fra din eller dit Afkoms eller dit Afkoms Afkoms Mund, siger HERREN, fra nu og til evig Tid.
২১“মোৰ বাবে তেওঁলোকে সৈতে নিয়ম এই” যিহোৱাই কৈছে, “তোমাৰ ওপৰত থকা মোৰ আত্মা, আৰু মই তোমাৰ মুখত থোৱা মোৰ বাক্যবোৰ, তোমাৰ মুখৰ পৰা, বা তোমাৰ বংশৰ মুখৰ পৰা, নাইবা তোমাৰ বংশত উৎপন্ন হোৱা বংশৰ মুখৰ পৰাও, আজিৰে পৰা সৰ্ব্বকাললৈকে কেতিয়াও নুগুচিব, এয়ে যিহোৱাৰ বচন।”

< Esajas 59 >