< 1 Mosebog 49 >

1 Derpå kaldte Jakob sine Sønner til sig og sagde: "Saml eder, så vil jeg forkynde eder, hvad der skal hændes eder i de sidste Dage:
পাছত যাকোবে তেওঁৰ পুত্ৰসকলক মাতি আনিলে আৰু ক’লে, “তোমালোক গোট খোৱা; আগলৈ তোমালোকৰ যি যি ঘটিব, সেই বিষয়ে মই তোমালোকক জনাওঁ।
2 Kom hid og hør, Jakobs Sønner, lyt til eders Fader Israel!
হে যাকোবৰ পুত্ৰসকল, গোট খোৱা আৰু শুনা; তোমালোকৰ পিতৃ ইস্ৰায়েলৰ বাক্য শ্ৰৱণ কৰা।
3 Ruben, du er min førstefødte, min Styrke og min Mandskrafts første, ypperst i Højhed, ypperst i Kraft!
হে ৰূবেণ, তুমি মোৰ জ্যেষ্ঠ পুত্ৰ, মোৰ বল, আৰু মোৰ শক্তিৰ প্ৰথম ফল; তুমি মৰ্যদাত লক্ষণীয় আৰু পৰাক্ৰমত লক্ষণীয়।
4 Du skummer over som Vandet, men du mister din Forret; thi du besteg din Faders Leje. Skændigt handled du da han besteg mit Leje!
তুমি উতলা পানীৰ নিচিনা হোৱা বাবে তোমাৰ প্ৰাধান্যতা নাথাকিব; কিয়নো তুমি নিজ পিতৃৰ শোৱা বিচনালৈ উঠি গৈছিলা। তেতিয়া তুমি অপবিত্ৰ কৰ্ম কৰিছিলা। সি মোৰ শয্যালৈ উঠি গৈছিল।
5 Simeon og Levi, det Broder Par, Voldsredskaber er deres Våben.
চিমিয়োন আৰু লেবী দুয়ো ভাই, সিহঁতৰ তৰোৱাল হিংস্ৰতাৰ অস্ত্ৰ।
6 I deres Råd giver min Sjæl ej Møde, i deres Forsamling tager min Ære ej Del; thi i Vrede dræbte de Mænd, egenrådigt lamslog de Okser.
মই নিজে সিহঁতৰ সভালৈ নাহিম; মোৰ হৃদয়ৰ বহু সন্মানৰ বাবে, মই সিহঁতৰ সমাজত যোগ নহম। কিয়নো সিহঁতে ক্ৰোধত নৰ-হত্যা কৰে, আৰু আনন্দ কৰি ষাঁড় গৰুবোৰ বধ কৰে।
7 Forbandet være deres Vrede, så vild den er, deres Hidsighed, så voldsom den er! Jeg spreder dem i Jakob, splitter dem ad i Israel!
সিহঁতৰ খং অভিশপ্ত হওক, সেয়ে প্ৰচণ্ড, প্ৰকোপ আৰু নিষ্ঠুৰ মই যাকোবৰ মাজত সিহঁতক ভাগ কৰিম; আৰু ইস্ৰায়েলৰ মাজত সিহঁতক ছিন্ন-ভিন্ন কৰিম।
8 Juda, dig skal dine Brødre prise, din Hånd skal gribe dine Fjender i Nakken, din Faders Sønner skal bøje sig for dig.
হে যিহূদা, তোমাক হ’লে, নিজৰ ভাইসকলে প্ৰশংসা কৰিব; তোমাৰ হাতে শত্ৰুবোৰৰ ডিঙিত ধৰিব; তোমাৰ পিতৃৰ সন্তান সকলে তোমাৰ আগত প্ৰণিপাত কৰিব।
9 En Løveunge er Juda. Fra Rov stiger du op, min Søn! Han ligger og strækker sig som en Løve, ja, som en Løvinde, hvo tør vække ham!
যিহূদা যুবা সিংহ; হে মোৰ বোপা, তুমি পশু ছিৰি পেলোৱাৰ পৰা উঠি আহিলা। সি সিংহৰ দৰে পৰি শুইছে, এনে কি, শক্তিশালী সিংহৰ দৰে শুইছে; কোনে তাক জগাব?
10 Ikke viger Kongespir fra Juda, ej Herskerstav fra hans Fødder, til han, hvem den tilhører; kommer, ham skal Folkene lyde.
১০চীলো নহালৈকে যিহূদাৰ পৰা ৰাজদণ্ড নাযাব, আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব; লোক সমূহ সেই জনাৰ আজ্ঞাধীন হ’ব।
11 Han binder sit Æsel ved Vinstokken, ved Ranken Asenindens Fole, tvætter i Vin sin Kjortel, sin Kappe i Drueblod,
১১সি দ্ৰাক্ষালতাত নিজৰ ডেকা গাধ, আৰু উত্তম দ্ৰাক্ষালতাত নিজৰ গাধ পোৱালি বান্ধি, নিজ বস্ত্ৰ দ্ৰাক্ষাৰসত, নিজ কাপোৰ দ্ৰাক্ষাদুটিৰ তেজৰূপ ৰসত ধুইছে।
12 med Øjnene dunkle af Vin og Tænderne hvide af Mælk!
১২তাৰ চকু দ্ৰাক্ষাৰসেৰে ৰঙা, তাৰ দাঁত গাখীৰেৰে বগা।
13 Zebulon har hjemme ved Havets Byst, han bor ved Skibenes Kyst, hans Side er vendt mod Zidon.
১৩জবূলূনে সমুদ্ৰৰ তীৰত বসতি কৰিব; সি জাহাজবোৰৰ আশ্ৰয়ৰ তীৰ হ’ব; আৰু চীদোনলৈকে তাৰ সীমা হ’ব।
14 Issakar, det knoglede Æsel, der strækker sig mellem Foldene,
১৪ইচাখৰ বলৱান গাধ; সি দুটা গঁৰালৰ মাজত শোৱে।
15 fandt Hvilen sød og Landet lifligt; derfor bøjed han Ryg under Byrden og blev en ufri Træl.
১৫সি জিৰণিক ভাল দেখি, আৰু দেশক সুন্দৰ দেখি, ভাৰ ব’বলৈ নিজৰ কান্ধ পাতি দিলে আৰু কৰি দিবলগীয়া কামৰ ভাৰ লৈ দাস হ’ল।
16 Dan dømmer sit Folk så godt som nogen Israels Stamme.
১৬দান ইস্ৰায়েলৰ এক ফৈদ হ’ল; তেওঁ নিজ লোকসকলৰ সোধ-বিচাৰ কৰিব।
17 Dan blive en Slange ved Vejen, en Giftsnog ved Stien, som bider Hesten i Hælen, så Rytteren styrter bagover!
১৭দান পথৰ দাঁতিত থকা সাপ, সি পথৰ দাঁতিত থকা বিষাক্ত সাপ, যিয়ে ঘোঁৰাৰ ঠেঙত দংশিব পাৰে, য’ত অশ্বাৰোহী জন পাছফালে পৰিব।
18 På din Frelse bier jeg, HERRE!
১৮হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ অপেক্ষা কৰি আছোঁ।
19 Gad, på ham gør Krigerskarer Indhug, men han gør Indhug i Hælene på dem.
১৯গাদ - অশ্বাৰোহীয়ে তেওঁক হ’লে আক্ৰমণ কৰিব; কিন্তু সি সিহঁতৰ পাছফালে আক্ৰমণ কৰিব।
20 Aser, hans Føde er fed, Lækkerier for Konger har han at give.
২০আচেৰৰ মাজৰ পৰা নিজৰ উত্তম আহাৰ জন্মিব; সি ৰজাই খাব পৰা সুখাদ্য আহাৰ যোগাব।
21 Naftali er en løssluppen Hind, han fremfører yndig Tale.
২১নপ্তালী মুকলি হোৱা হৰিণ; সি মনোহৰ কথা কয়।
22 Et yppigt Vintræ er Josef, et yppigt Vintræ ved Kilden, Ranker slynger sig over Muren.
২২যোচেফ ফলৱান গছৰ ডাল; ভুমুকৰ ওচৰত থকা লাগনী গছৰ ডাল; তাৰ ডালবোৰ গড়ৰ ওপৰলৈকে জুৰি যায়।
23 Bueskytter fejder imod ham, strides med ham, gør Angreb på ham,
২৩ধনুৰ্দ্ধৰসকলে তাক বৰকৈ ক্লেশ দিলে, আৰু তালৈ কঢ়িয়াই আনি তাক তাড়না কৰিলে;
24 men hans Bue er stærk, hans Hænders Arme rappe; det kommer fra Jakobs Vældige, fra Hyrden, Israels Klippe,
২৪কিন্তু তেওঁৰ অৱশিষ্ট ধনু অতল হৈ থাকিল, আৰু তেওঁৰ হাত দক্ষতাপূৰ্ণ কিয়নো যাকোবৰ একমাত্র পৰাক্ৰমী জনাৰ হাতৰ দ্বাৰাই, কিয়নো তেওঁৰ নাম মেৰ-ছাগৰ ৰখীয়া, ইস্ৰায়েলৰ শিলা।
25 fra din Faders Gud han hjælpe dig! Og Gud den Almægtige, han velsigne dig med Himmelens Velsignelser oventil og Dybets Velsignelser nedentil, med Brysters og Moderlivs Velsignelser!
২৫কিয়নো তোমাৰ পিতৃ ঈশ্বৰ, তেৱেঁ তোমাক সহায় কৰিব, কিয়নো সৰ্ব্বশক্তিমান ঈশ্বৰ জনাই আশীৰ্ব্বাদ কৰিব, তেওঁ ওপৰত থকা আকাশৰ আশীৰ্ব্বাদৰ সৈতে তলত থকা অগাধ জল, স্তন আৰু গৰ্ভৰ আশীৰ্ব্বাদেৰে, তোমাক আশীৰ্ব্বাদ কৰিব।
26 Din Faders Velsignelser overgår de ældgamle Bjerges Velsignelser, de evige Højes Herlighed. Måtte de komme over Josefs Hoved, over Issen på Fyrsten blandt Brødre!
২৬মোৰ পূর্বপুৰুষসকলৰ আশীৰ্ব্বাদতকৈ তোমাৰ নিজ পিতৃৰ আশীৰ্ব্বাদ ফলদায়ক হ’ল, আৰু চিৰকালীয়া পৰ্ব্বতৰ সীমালৈকে বিয়পি গ’ল। সেয়ে যোচেফৰ মূৰত থকিব; ভায়েক- ককায়েকসকলৰ পৰা পৃথকে থকা জনৰ মূৰৰ তালুত থাকিব।
27 Benjamin, den rovlystne Ulv, om Morgenen æder han Rov, om Aftenen deler han Bytte!"
২৭বিন্যামীন পশু ছিৰি পেলাব পৰা ৰাংকুকুৰ। ৰাতিপুৱা সি মৃগ ভক্ষণ কৰিব; সন্ধিয়া পৰত লুটদ্ৰব্য ভগাই দিব।”
28 Alle disse er Israels Stammer, tolv i Tal, og det var, hvad deres Fader talte til dem, og han velsignede dem, hver især af dem gav han sin særlige Velsignelse.
২৮এই সকলেই হ’ল ইস্ৰায়েলৰ বাৰ ফৈদ; আৰু তেওঁলোকৰ পিতৃয়ে আশীৰ্ব্বাদ কৰি তেওঁলোকক কোৱা কথাও এয়ে। তেওঁলোকৰ প্ৰতিজনকে এইদৰে তেওঁ বিশেষ বিশেষ আশীৰ্ব্বাদেৰে আশীৰ্ব্বাদ কৰিলে।
29 Og han sagde til dem som sin sidste Vilje: "Nu samles jeg til mit Folk; jord mig da hos mine Fædre i Hulen på Hetiten Efrons Mark.
২৯পাছত তেওঁ তেওঁলোকক আজ্ঞা কৰি ক’লে, “মই মোৰ নিজ লোকসকলৰ ওচৰলৈ যাম। হিত্তীয়া ইফ্রোণৰ পথাৰত যি গুহা আছে, তাতে মোৰ ওপৰ-পিতৃসকলৰ সৈতে মোক মৈদাম দিবা।
30 i Hulen på Makpelas Mark over for Mamre i Kana'ans Land. den Mark, som Abraham købte af Hetiten Efron til Gravsted,
৩০সেই গুহা কনান দেশত মম্ৰিৰ ওচৰৰ মকপেলাৰ পথাৰত আছে, অব্ৰাহামে মৈদাম দিবৰ বাবে সেই গুহা হিত্তীয়া ইফ্রোণৰ পৰা পথাৰে সৈতে কিনি লৈছিল।
31 hvor de jordede Abraham og hans Hustru Sara, hvor de jordede Isak og hans Hustru Rebekka, og hvor jeg jordede Lea.
৩১সেই ঠাইতে অব্ৰাহাম আৰু তেওঁৰ ভাৰ্যা চাৰাক মৈদাম দিয়া হ’ল; সেই ঠাইতে ইচহাক আৰু তেওঁৰ ভাৰ্যা ৰিবেকাকো মৈদাম দিয়া হ’ল, আৰু সেই ঠাইতে মইও লেয়াক মৈদাম দিলোঁ।
32 Marken og Hulen derpå blev købt af Hetiterne."
৩২সেই পথাৰ আৰু গুহা হেতৰ সন্তান সকলৰ পৰা কিনা হৈছিল।”
33 Dermed havde Jakob givet sine Sønner sin Vilje til Kende, og han strakte sine Fødder ud på Lejet. udåndede og samledes til sin Slægt.
৩৩এইদৰে যাকোবে তেওঁৰ পুত্ৰসকলক আজ্ঞা দিয়াৰ পাছত, ভৰি দুখন শয্যাৰ ওপৰত কোঁচ খুৱাই ল’লে আৰু শেষ নিশ্বাস ত্যাগ কৰিলে। পাছত তেওঁৰ লোকসকলৰ ওচৰলৈ তেওঁক নিয়া হ’ল।

< 1 Mosebog 49 >