< Ezra 8 >

1 Følgende er de Overhoveder over Fædrenehusene og de i deres Slægtsfortegnelser opførte, som drog op med mig fra Babel under Kong Artaxerxes's Regering:
ৰজা অৰ্তক্ষত্ৰ ৰাজত্বৰ সময়ত মোৰ সৈতে বাবিল ত্যাগ কৰি যোৱা লোকসকল এওঁলোক। এওঁলোক তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ পৰিয়াল সমূহৰ মূখ্য লোক আছিল।
2 Af Pinehas's Efterkommere Ger som; af Itamars Efterkommere Daniel; af Davids Efterkommere Hattusj,
পীনহচৰ বংশধৰসকলৰ মাজত গেৰ্চোম: ঈথামৰৰ বংশধৰসকলৰ মাজত দানিয়েল: দায়ূদৰ বংশধৰসকলৰ মাজত হত্তূচ।
3 Sjekanjas Søn; af Par'osj's Efterkommere Zekarja, i hvis Slægtsfortegnelse der var opført 150 Mandspersoner;
চখনিয়াৰ আৰু পৰিয়োচৰ বংশধৰসকলৰ মাজত জখৰিয়া: তেওঁৰ লগত তালিকাত এশ পঞ্চাশ জন পুৰুষ আছিল।
4 af Pahat-Moabs Efterkommere Eljoenaj, Zerajas Søn, med 200 Mandspersoner;
পহৎ-মোৱাবৰ বংশধৰসকলৰ মাজত জৰহীয়াৰ পুত্ৰ ইলীহোঐনয়। আৰু তেওঁৰ লগত তালিকাত দুশ জন পুৰুষ আছিল।
5 af Zattus Efterkommere Sjekanja, Jahaziels Søn, med 300 Mandspersoner;
চখনিয়া বংশধৰসকলৰ মাজত যহজীয়েল। তেওঁৰ লগত তালিকাত তিনিশ জন পুৰুষ আছিল।
6 af Adins Efterkommere Ebed. Jonatans Søn, med 50 Mandspersoner;
আদীনৰ বংশধৰসকলৰ মাজত যোনাথনৰ পুত্ৰ এবদ। তেওঁৰ লগত তালিকাত পঞ্চাশ জন পুৰুষ আছিল।
7 af Elams Efterkommere Jesja'ja. Ataljas Søn, med 70 Mandspersoner;
এলমৰ বংশধৰসকলৰ মাজত অথলিয়াৰ পুত্ৰ যিচয়া। তেওঁৰ লগত তালিকাত সত্তৰজন পুৰুষ আছিল।
8 af Sjefatjas Efterkommere Zebadja, Nikaels Søn, med 80 Mandspersoner;
চফটিয়াৰ বংশধৰসকলৰ মাজত মীখায়েলৰ পুত্ৰ জবদিয়া। তেওঁৰ লগত তালিকাত আশীজন পুৰুষ আছিল।
9 af Joabs Efterkommere 'Obadja. Jehiels' Søn, med 218 Mandspersoner;
যোৱাবৰ বংশধৰসকলৰ মাজত যিহীয়েলৰ পুত্ৰ ওবদিয়া। তেওঁৰ লগত তালিকাত দুশ ওঠৰ জন পুৰুষ আছিল।
10 af Banis Efterkommere Sjelomit, Josifjas Søn, med 160 Mandspersoner;
১০চলোমীতৰ বংশধৰসকলৰ মাজত যোচিফিয়াৰ পুত্ৰ। তেওঁৰ লগত তালিকাত এশ ষাঠিজন পুৰুষ আছিল।
11 af Bebajs Efterkommere Zekarja, Bebajs Søn, med 28 Mandspersoner;
১১বেবয়ৰ বংশধৰসকলৰ মাজত বেবয়ৰ পুত্ৰ জখৰিয়া। তেওঁ লগত তালিকাত আঠাইশ জন পুৰুষ আছিল।
12 af Azgads Efterkommere Johanan, Hakkatans Søn, med 110 Mandspersoner;
১২অজগদৰ বংশধৰসকলৰ মাজত হক্কাটনৰ পুত্ৰ যোহানন। তেওঁৰ লগত তালিকাত এশ দহ জন পুৰুষ আছিল।
13 af Adonikams Efterkommere de sidst komne, nemlig Elifelet. Je'iel og Sjemaja, med 60 Mandspersoner;
১৩অদোনীকামৰ পাছত অহা বংশধৰসকলৰ মাজত কেইজন লোক আছিল। তেওঁলোকৰ নাম হ’ল: ইলীফেলট, যিয়ুৱেল, আৰু চময়িয়া। তেওঁলোকৰ লগত ষাঠিজন পুৰুষ আহিছিল।
14 af Bigvajs Efterkommere Utaj og Zabud med 70 Mandspersoner.
১৪বিগবয়ৰ বংশধৰসকলৰ মাজত উথয় আৰু জক্কুৰ। তেওঁৰ লগত তালিকাত সত্তৰজন পুৰুষ আছিল।
15 Og jeg samlede dem ved den Flod, der løber ad Ahava til, og vi lå lejret der i tre Dage. Men da jeg tog Folket og Præsterne nærmere i Øjesyn, fandt jeg ingen Leviter der.
১৫মই তেওঁলোকক অহবালৈ বৈ যোৱা পানীৰ কাষত একত্রিত কৰিলোঁ অাৰু আমি তাত তিন দিন ছাউনি পাতি থাকিলোঁ। মই সকলো লোকৰ লগতে আৰু পুৰোহিতসকলৰ মাজত অনুসন্ধান কৰি চালোঁ, কিন্তু লেবী বংশৰ কোনো এজনক তাত বিচাৰি নাপালোঁ।
16 Jeg sendte derfor Overhovederne Eliezer, Ariel, Sjemaja, Elnatan, Jarib, Elnatan, Natan, Zekarja og Mesjullam og Lærerne Jojarib og Elnatan hen
১৬সেয়ে, ইলীয়েজৰ, অৰীয়েল, চময়িয়া, ইলনাথন, যাৰীব, ইলনাথন, নাথন, জখৰিয়া, আৰু মচুল্লম, এই মূখ্য লোকসকলক তেওঁলোকৰ বাবে পঠালোঁ; যোয়াৰিব আৰু ইলনাথন, এওঁলোক শিক্ষক আছিল, এওঁলোককো মই তেওঁলোকৰ বাবে পঠালোঁ।
17 og bød dem gå til Overhovedet Iddo i Byen Kasifja, idet jeg lagde dem de Ord i Munden, hvormed de skulde overtale Iddo og hans Brødre i Byen Kasifja til at sende os Tjenere til vor Guds Hus;
১৭তাৰ পাছত মই তেওঁলোকক কচিফিয়াৰ মূখ্যলোক ইদ্দোৰৰ ওচৰলৈ পঠালোঁ। ইদ্দো আৰু তেওঁৰ সম্পৰ্কীয় লোকসকলক কি ক’ব লাগিব, সেই বিষয়ে মই কৈছিলোঁ যে, ‘মন্দিৰৰ যি দাসবোৰ কাচিফিয়াত বসবাস কৰি আছে, তেওঁলোকক ঈশ্বৰৰ গৃহৰ পৰিচৰ্যাৰ বাবে আমাৰ ওচৰলৈ পঠিয়াই দিয়ক’।
18 og eftersom vor Guds gode Hånd var over os, sendte de os en forstandig Mand afEfterkommerne efter Mali, Israels Søn Levis Søn, Sjerebja med hans Sønner og Brødre, atten Mand
১৮যিহেতু ঈশ্বৰৰ কৃপাদৃষ্টি আমাৰ ওপৰত আছিল, সেয়ে আমাৰ বাবে এজন ব্যক্তি পঠাই দিলে, তেওঁৰ নাম চেৰেবিয়া আছিল; তেওঁ এজন বিচক্ষণ ব্যক্তি আছিল। তেওঁ আছিল মহলীৰ বংশধৰ। মহলী আছিল, লেবীৰ পুত্র। লেবী আছিল, ইস্ৰায়েলৰ পুত্র। তেওঁ ওঠৰ জন পুত্র আৰু ভাইসকলক লগত লৈ আহিছিল।
19 og Hasjabja og Jesja'ja af Meraris Efterkommere med deres Brødre og Sønner, tyve Mand,
১৯তেওঁৰ লগত হচবিয়া আহিছিল। তাতে যিচয়াও আছিল। যিচয়া আছিল মৰাৰীৰ পুত্রসকলৰ মাজৰ এজন, তেওঁৰ লগতে তেওঁৰ পুত্র আৰু ভাইসকলৰ সৈতে সৰ্বমুঠ বিশজন লোক আহিছিল।
20 og af Tempeltrællene, som David og Øversterne havde stillet til Leviternes Tjeneste, 220 Tempeltrælle, alle med Navns Nævnelse.
২০দায়ুদ আৰু তেওঁৰ বিষয়াসকলে লেবীয়াসকলৰ সেৱকীয় কাৰ্যৰে মন্দিৰত পৰিচৰ্যা কৰিবৰ বাবে দুশ বিশজন লোকক নিযুক্ত কৰিছিল। তেওঁলোকক নাম অনুসাৰে নিযুক্ত কৰা হৈছিল।
21 Så lod jeg der ved Floden Ahava udråbe en Faste til Ydmygelse for vor Guds Åsyn for hos ham at udvirke en lykkelig Rejse for os og vore Familier og Ejendele;
২১তাৰ পাছত আমি ঈশ্বৰৰ সন্মূখত নিজকে নম্র কৰিবৰ বাবে অহবা নদীৰ দাঁতিত উপবাস ঘোষণা কৰিলোঁ, তাতে আমি আমাৰ সৰু সকলৰ বাবে আৰু আমাৰ সম্পত্তিৰ বাবে এটা সুবিধাজনক পথ বিচাৰিলো।
22 thi jeg undså mig ved at bede Kongen om Krigsfolk og Ryttere til at hjælpe os undervejs mod Fjenden, eftersom vi havde sagt til Kongen: Vor Guds Hånd er over alle; der søger ham, og hjælper dem, men hans Vælde og Vrede kommer over alle dem, der forlader ham.
২২শত্রুবোৰৰ পৰা আমাক ৰক্ষা কৰিবলৈ মই আমাৰ লগত সৈন্য বা অশ্বাৰোহী ৰজাক খুজিবলৈ অত্যন্ত দ্বিধাবোধ কৰিছিলোঁ। আমি ৰজাক কৈছিলোঁ যে, “আমাৰ ঈশ্বৰে, তেওঁক মঙ্গল খোজা সকলৰ ওপৰত তেওঁৰ হাত থাকে, কিন্তু তেওঁক ত্যাগ কৰা সকলৰ ওপৰত তেওঁৰ পৰাক্ৰম আৰু ক্ৰোধ থাকে।”
23 Så fastede vi og bad til vor Gud derom, og han bønbørte os.
২৩সেয়ে আমি উপবাস কৰি, আমাৰ ঈশ্বৰৰ আগত সেই বিষয়ে প্ৰাৰ্থনা কৰিলোঁ, আৰু তেওঁ আমাৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলে।
24 Derpå udvalgte jeg tolv af Præsternes Øverster og Sjerebja og Hasjabja og ti af deres Brødre;
২৪তাৰ পাছত, মই পুৰোহিত কৰ্মচাৰীসকলৰ পৰা বাৰ জন নিৰ্ব্বাচন কৰিলোঁ: চেৰেবিয়া, হচবিয়া, আৰু তেওঁলোকৰ ভাই সকলৰ মাজত দহজন।
25 og dem tilvejede jeg Sølvet og Guldet og gav dem Karrene, den Offerydelse til vor Guds Hus, som Kongen, hans Rådgivere og Fyrster og alle de der boende Israeliter havde ydet;
২৫ৰজা আৰু তেওঁৰ পৰামৰ্শদাতা, কৰ্মচাৰী আৰু ইস্ৰায়েল লোকসকলে আমাৰ ঈশ্বৰৰ গৃহৰ অৰ্থে মুক্তভাৱে দিয়া দান, ৰূপ, সোণ, আৰু সকলো বস্তু জুখি তেওঁলোকক দিলোঁ।
26 jeg tilvejede dem af Sølv 650 Talenter, Sølvkar til en Værdi af 100 Talenter, af Guld 100 Talenter,
২৬সেয়ে, ছশ পঞ্চাশ কিক্কৰ ৰূপ, এশ কিক্কৰ ৰূপৰ বস্তু, এশ কিক্কৰ সোণ,
27 tyve Guldbægre til 1000 Darejker og to Kar af fint, guldglinsende Kobber, kostbare som Guld.
২৭এক হাজাৰ অদৰ্কোন মূল্যৰ বিশ টা সোণৰ বাটি, আৰু পিতলৰ দুটা ভালকৈ পালিশ কৰা বা নিমজ পাত্ৰ জুখি মই তেওঁলোকক দিলোঁ।
28 Så sagde jeg til dem: I er helliget HERREN, og Karrene er helliget, og Sølvet og Guldet er en frivillig Gave til HERREN, eders Fædres Gud;
২৮তাৰ পাছত, মই তেওঁলোকক ক’লোঁ, “আপোনালোক যিহোৱালৈ উৎসৰ্গ হওক, আৰু এই বস্তুবোৰো উৎসৰ্গ কৰক। এই ৰূপ আৰু সোণবোৰ আপোনালোকৰ পূৰ্বপুৰুষৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ইচ্ছাকৃতভাৱে কৰা দান।
29 våg derfor over det og vogt på det, indtil I i Påsyn af Præsternes og Leviternes Øverster og Israels Fædrenehuses Øverster vejer det ud i Jerusalem i Kamrene i HERRENs Hus!"
২৯পুৰোহিত কৰ্মচাৰী, লেবীয়া আৰু যিৰূচালেমৰ ইস্ৰায়েল বংশৰ পূৰ্বপুৰুষৰ মূখ্য লোকসকলৰ আগত ঈশ্বৰৰ গৃহৰ কোঁঠালিত জুখি নিদিয়ালৈকে এইবোৰ চাই থাকক আৰু সযতনে ৰাখক।”
30 Da modtog Præsterne og Leviterne det tilvejede, Sølvet og Guldet og Karrene, for at bringe det til vor Guds Hus i Jerusalem.
৩০পুৰোহিতসকল আৰু লেবীয়াসকলে ৰূপ, সোণ, আৰু বস্তুবোৰো জুখি গ্রহণ কৰি, যিৰূচালেমত আমাৰ ঈশ্বৰৰ গৃহলৈ সেইবোৰ লৈ যাবৰ বাবে আদেশ দিলে।
31 Så brød vi op fra Floden Ahava på den tolvte Dag i den første Måned for at drage til Jerusalem; og vor Guds Hånd var over os, så han frelste os fra Fjendernes og Røvernes Hånd undervejs.
৩১প্ৰথম মাহৰ দ্বাদশ দিনা, আমি যিৰূচালেমলৈ যাবৰ বাবে অহবা নদীৰ পৰা যাত্রা কৰিলোঁ। আমাৰ ওপৰত আমাৰ ঈশ্বৰৰ হাত থকা বাবে তেওঁ শত্ৰুবোৰৰ ওপৰত আৰু বাটত খাপ দি থকা ডকাইতসকলৰ হাতৰ পৰা আমাক ৰক্ষা কৰিলে।
32 Da vi var kommet til Jerusalem, holdt vi os rolige der i tre Dage;
৩২তাৰ পাছত আমি যিৰূচালেম আহি পালোঁ, তাতে তিন দিন থাকিলোঁ।
33 og på den fjerde Dag blev Sølvet, Guldet og Karrene afvejet i vor Guds Hus og overgivet Præsten Meremot, Urijas Søn, tillige med El'azar, Pinehas's Søn, og Leviterne Jozabad, Jesuas Søn, og Noadja, Binnujs Søn,
৩৩চতুৰ্থ দিনা সেই ৰূপ, সোণ, আৰু বস্তুবোৰ জুখি আমাৰ ঈশ্বৰৰ গৃহত উৰিয়াৰ পুত্ৰ মৰেমোৎ পুৰোহিতৰ হাতত গতাই দিলোঁ। তেওঁৰ লগত পীনহচৰ পুত্ৰ ইলিয়াজৰ আছিল, যেচুৱাৰ পুত্ৰ যোজাবদ আৰু বিন্নইৰ পুত্ৰ নোৱদিয়া, এওঁলোক লেবীয়া আছিল।
34 alt sammen efter Tal og Vægt, og hele Vægten blev optegnet: På samme Tid
৩৪সকলোবোৰ গণনা কৰি আৰু জুখি গতাই দিয়া হ’ল; সেই সময়ত সকলোবোৰ বস্তুৰ জোখ লিখি থোৱা হ’ল।
35 bragte de, der kom fra Fangenskabet, de, der havde været i Landflygtighed, Brændofre til Israels Gud: 12 Tyre for hele tsrael, 96 Vædre, 77 Lam og 12 Gedebukke til Syndofre, alt sammen som Brændoffer til HERREN.
৩৫বন্দীত্বৰ পৰা ঘূৰি অহা দেশান্তৰিত লোকসকলে ইস্ৰায়েলৰ ঈশ্বৰৰ উদ্দেশ্যে হোম বলি উৎসৰ্গ কৰিলে: ইস্ৰায়েলৰ বাবে বাৰটা ভতৰা গৰু, ছয়ানব্বৈটা মতা ছাগলী, সাতসত্তৰটা মেৰ-ছাগ পোৱালি, আৰু পাপাৰ্থক বলিৰ বাবে বাৰটা মতা ছাগলী উৎসৰ্গ কৰিলে। এই সকলোবোৰ যিহোৱাৰ উদ্দেশ্যে দিয়া হোম-বলি।
36 Og de overgav Kongens Befalinger til Kongens Satraper og Statholderne hinsides Floden, og disse ydede Folket og Guds Hus deres Hjælp.
৩৬তাৰ পাছত তেওঁলোকে নদীৰ সিপাৰে থকা ৰাজপ্ৰতিনিধি আৰু ৰজাৰ উচ্চপদত থকা কৰ্মচাৰী সকলক ৰজাৰ আজ্ঞা পত্ৰ দিলে, আৰু তেওঁলোকে লোকসকলক আৰু ঈশ্বৰৰ গৃহত সহায় কৰিলে।

< Ezra 8 >