< Ezekiel 19 >

1 Du menneskesøn istem en klagesang over Israels fyrster og sig:
“আৰু যি তুমি! ইস্ৰায়েলৰ অধিপতিসকলৰ বিষয়ে বিলাপ আৰম্ভ কৰা
2 Hvor var dog din Moder en Løvinde midt iblandt Løver! Hun hviled blandt unge Løver opfostred Unger.
আৰু তেওঁলোকক কোৱা, ‘তোমাৰ মাতৃ কোন আছিল? এজনী সিংহী, তাই সিংহৰ পুতেকৰ লগত আছিল? তাই ডেকা সিংহবোৰৰ মাজত পোৱালিবোৰ প্ৰতিপালন কৰিছিল।
3 En Unge voksede til, en Ungløve blev den; den lærte at røve Rov, Mennesker åd den.
তাই নিজৰ পোৱালিবোৰৰ মাজত ডেকা সিংহ হৈ উঠিবলৈ এটা পোৱালি তুলি ল’লে আৰু সি চিকাৰ ধৰিবলৈ শিকিলে আৰু মানুহকো খাবলৈ ধৰিলে।
4 Da opbød man Folkene mod den, i Grav blev den fanget, de slæbte den bort med Kroge til Ægyptens Land.
তেতিয়া জাতি সমূহে তাৰ বিষয়ে শুনিলে। সি তেওঁলোকৰ গাতত ধৰা পৰিল আৰু তেওঁলোকে তাক হাঁকোটা লগাই মিচৰ দেশলৈ আনিলে।
5 Da hun så, at den var ført bort, at Håbet var bristet, tog hun en anden Unge og gjorde til Løve.
যেতিয়া তাই দেখিলে যে, তাই তাৰ কাৰণে বাট চাই থাকোঁতে তাইৰ আশা বিফল হ’ল, তেতিয়া তাই নিজৰ আন এটা পোৱালি লৈ তাক ডেকা সিংহ কৰি তুলিলে।
6 Den gik imellem Løvinder, en Ungløve blev den, den lærte at røve Rov, Mennesker åd den.
এই ডেকা সিংহই সিংহবোৰৰ মাজত অহা-যোৱা কৰোঁতে, সি ডেকা সিংহ হৈ উঠিল আৰু সি চিকাৰ ধৰিবলৈ শিকিলে; সি মানুহ খাবলৈ ধৰিলে।
7 Den overfaldt Vædre på Græs, var Hjordenes Rædsel Landet og dets Fylde stivned af Angst for dens Brøl.
তেতিয়া সি তেওঁলোকৰ বিধৱা নাৰীসকলক ধৰ্ষণ কৰিলে আৰু তেওঁলোকৰ নগৰবোৰ ধ্বংস কৰিলে। তাৰ গৰ্জ্জনৰ শব্দত দেশ আৰু তাৰ সকলো উচ্ছন্ন হ’ল!
8 Og Folkene lagde Snarer rundt omkring den, over den bredte de Nettet, i Grav blev den fanget.
কিন্তু জাতি সমূহৰ চাৰিওফালে থকা প্ৰদেশবোৰৰ পৰা তাৰ বিৰুদ্ধে আক্ৰমণ কৰিবলৈ আহিল; তেওঁলোকে তাৰ ওপৰত তেওঁলোকৰ জাল মেলিলে। সি তেওঁলোকৰ ফান্দত ধৰা পৰিল।
9 De trak den med Kroge i Bur og førte den til Babels Konge, hen til Borgen, at dens Røst ej mer skulde høres på Israels Bjerge.
তেওঁলোকে তাক হাঁকোটা লগাই পিঞ্জৰাত সোমোৱাই বাবিলৰ ৰজাৰ ওচৰলৈ আনিলে। ইস্ৰায়েলৰ পৰ্ব্বতৰ ওপৰত তাৰ মাত আৰু নুশুনিবলৈ তেওঁলোকে তাক সেই পৰ্ব্বতত ৰাখিলে।
10 Din Moder var en Vinstok i Vingården, plantet ved Vand, frugtbar og rig på Grene ved rigelig Væde.
১০তোমাৰ নিৰাপদৰ সময়ত তোমাৰ মাতৃ জল সমূহৰ গুৰিত ৰোৱা এডালি দ্ৰাক্ষালতাস্বৰূপ আছিল; সেয়ে বহু জল সমূহৰ কাৰণে ফলেৰে আৰু ডালেৰে পূৰ হৈছিল।
11 En af dens Grene blev til et Herskerspir dens knejsende Vækst skød op imellem Løvet, let at se i sin Højde, med mange Ranker.
১১তাইৰ শক্তিশালী ডালবোৰ শাসনকৰ্ত্তাসকলৰ ৰাজদণ্ডৰ যোগ্য আছিল, আৰু তাই উচ্চ স্থান ঢুকি পোৱা হ’ল আৰু অধিক ডাল আৰু উচ্চতাৰ কাৰণে তাইক ভালকৈ দেখা গ’ল।
12 Men, i Vrede blev Vinstokken oprykt, slænget til Jorden, Østenstorm tørred dens Frugt, den reves af, dens stolte Gren blev vissen, Ild åd den op.
১২কিন্তু দ্রাক্ষালতাক উঘালি মাটিত পেলোৱা হ’ল আৰু পূবৰ বতাহে তাইৰ ফল শুকুৱালে। তাইৰ শকত ডালবোৰ ভষ্ম হৈ শুকাল, জুয়ে সেইবোৰ ধংস কৰিলে।
13 Nu er den plantet i Ørkenen, et tørt og tørstigt Land.
১৩এতিয়া তাইক মৰুভূমিত, খৰাং আৰু শুকান দেশত ৰোৱা হ’ল।
14 Ild for ud af dens Gren, fortæred dens Ranker og Frugt: en stolt Gren findes ej på den til Herskerspir. Dette er en Klagesang, og en Klagesang blev det.
১৪আৰু তাইৰ দণ্ডস্বৰূপ ডালবোৰৰ পৰা জুই ওলাই তাইৰ ফল গ্ৰাস কৰিলে। শাসন কৰিবলৈ দণ্ডৰ উপযুক্ত শকত ডাল তাইৰ মাজত আৰু নাথাকিল।’ এয়ে বিলাপ আৰু বিলাপেৰে গান কৰা হ’ব।”

< Ezekiel 19 >