< Anden Krønikebog 9 >

1 Da Dronningen af Saba hørte Salomos Ry, kom hun, for at prøve ham med Gåder, til Jerusalem med et såre stort Følge og med Kameler, der har Røgelse, Guld i Mængde og Ædelsten. Og da hun var kommet til Salomo, talte hun til ham om alt, hvad der lå hende på Hjerte.
পাছত যেতিয়া চিবা দেশৰ ৰাণীয়ে চলোমনৰ যশস্যাৰ কথা শুনিলে, তেতিয়া তেখেতে নিগূঢ় বাক্যৰ দ্বাৰাই তেওঁক পৰীক্ষা কৰিবলৈ যিৰূচালেমলৈ আহিল৷ সুগন্ধি দ্ৰব্য, অধিক সোণ আৰু বহুমূল্য বাখৰ বোজাই দিয়া অনেক উট আৰু অতিশয় অধিক লোকে সৈতে আহিল৷ যেতিয়া তেখেতে চলোমনৰ ওচৰলৈ আহিল, তেখেতৰ মনত যি যি আছিল, সকলোকে তেওঁক ক’লে।
2 Men Salomo svarede på alle hendes Spørgsmål, og intet som helst var skjult for Salomo, han gav hende Svar på alt.
তাতে চলোমনে তেখেতৰ সকলো প্ৰশ্নৰ উত্তৰ দিলে; চলোমনে বুজিব নোৱাৰা একোৱেই নাছিল; তেওঁ উত্তৰ দিব নোৱাৰা কোনো এটা প্ৰশ্ন নাছিল৷
3 Og da Dronningen at Saba så Salomos Visdom, Huset, han havde bygget,
এইদৰে চিবাৰ ৰাণীয়ে চলোমনৰ জ্ঞান আৰু তেওঁ নিৰ্ম্মাণ কৰা গৃহ দেখিলে,
4 Maden på hans Bord, hans Folks Boliger, hans Tjeneres Optræden og deres Klæder, hans Mundskænke og deres Klæder og Brændofrene, han ofrede i HERRENs Hus, var hun ude af sig selv;
আৰু তেওঁৰ মেজৰ আহাৰ, মন্ত্ৰীসকলৰ বহা আসন, পৰিচাৰকসকলৰ আচাৰ-ব্যৱহাৰ আৰু তেওঁলোকৰ সাজ-পোচাক, তেওঁৰ পান-পাত্ৰ ধৰা লোকসকল আৰু তেওঁলোকৰ সাজ-পোচাক আৰু যিহোৱাৰ গৃহলৈ তেওঁ উঠা খটখটী, এই সকলোকে দেখি, তেখেত বিচূৰ্ত্তি হ’ল।
5 og hun sagde til Kongen: "Sandt var, hvad jeg i mit Land hørte sige om dig og din Visdom!
তেখেতে ৰজাক ক’লে, “মই নিজ দেশত আপোনাৰ বাক্য আৰু জ্ঞানৰ বিষয়ে যি কথা শুনিছিলোঁ, সেয়ে সঁচা আছিল।
6 Jeg troede ikke, hvad der sagdes, før jeg kom og så det med egne Øjne; og se, ikke engang det halve af din store Visdom er mig fortalt, thi du overgår, hvad Rygtet sagde mig om dig!
কিন্তু মই আহি যেতিয়ালৈকে নিজ চকুৰে নেদেখিলোঁ, তেতিয়ালৈকে মই সেই কথাত বিশ্বাস কৰা নাছিলোঁ৷ চাওঁক, আপোনাৰ জ্ঞান আৰু ধনৰ মহত্ত্বৰ আধাও মোক কোৱা নাছিল; মই যি কথা শুনিছিলোঁ, তাতকৈ আপোনাৰ গুণ আধিক আছে।
7 Lykkelige dine Mænd, lykkelige dine Folk, som altid er om dig og hører din Visdom!
আপোনাৰ লোকসকল কেনে ধন্য আৰু আপোনাৰ যি দাসবোৰে আপোনাৰ আগত সদায় থিয় হৈ আপোনাৰ জ্ঞানৰ কথা শুনে, তেওঁলোক ধন্য।
8 Lovet være HERREN din Gud, som fandt Behag i dig og satte dig på sin Trone som Konge for HERREN din Gud. Fordi din Gud elsker Israel og for at opretholde det evindeligt, satte han dig til Konge over dem, til at øve Ret og Retfærdighed!"
আপোনাৰ ঈশ্বৰ যিহোৱা ধন্য, আপোনাৰ ঈশ্বৰ যিহোৱাৰ বাবে ৰজা পাতিবলৈ, তেওঁ আপোনাৰ দৰে এজনক তেওঁৰ সিংহাসনত বহুৱাই নিশ্চয়ে সন্তুষ্ট। কিয়নো আপোনাৰ ঈশ্বৰে ইস্ৰায়েলক প্ৰেম কৰে, তেওঁলোকক নিৰ্দেশত সদাকালৰ বাবে ন্যায় আৰু ধাৰ্মিকতাৰে প্ৰতিস্থিত কৰিবলৈ তেওঁ আপোনাক তেওঁলোকৰ ওপৰত ৰজা পাতিলে।”
9 Derpå gav hun Kongen 120 Guldtalenter, Røgelse i store Mængder og Ædelsten; og aldrig har der siden været så megen Røgelse i Landet som den, Dronningen af Saba gav Kong Salomo.
তেখেতে ৰজাক এশ বিশ কিক্কৰ সোণ, অতি অধিক সুগন্ধি দ্ৰব্য, আৰু বহুমূল্য বাখৰ দিলে। চিবাৰ ৰাণীয়ে চলোমন ৰজাক দিয়া সুগন্ধি দ্ৰব্যৰ দৰে সুগন্ধি দ্ৰব্য তেওঁক আন কোনেও দিয়া নাছিল।
10 Desuden bragte Hurams og Salomos Folk, som hentede Guld i Ofir, Algummimtræ og Ædelsten;
১০হীৰম আৰু চলোমনৰ যি দাসবোৰে ওফীৰৰ পৰা সোণ আনিছিল, তেওঁলোকে অলগূম কাঠ আৰু বহুমূল্য বাখৰো আনিছিল।
11 og af Algummimtræet lod Kongen lave Rækværk til HERRENs Hus og Kongens Palads, desuden Citre og Harper til Sangerne; og Mage dertil var ikke tidligere set i Judas Land.
১১ৰজাই সেই অলগূম কাঠেৰে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ বাবে জখলাবোৰ আৰু গায়কসকলৰ বাবে বীণা আৰু নেবল সজালে৷ তেনেকুৱা কাঠ আগেয়ে যিহূদা দেশত কোনেও কেতিয়াও দেখা নাছিল।
12 Og Kong Salomo gav Dronningen af Saba alt, hvad hun ønskede og bad om, langt ud over hvad hun bragte til Kongen. Derpå vendte hun med sit Følge tilbage til sit Land.
১২পাছত চিবাৰ ৰাণীয়ে ৰজালৈ অনা বস্তুৰ সলনি ৰজাই যি বস্তু দিলে, তাৰ বাহিৰে চিবাৰ ৰাণীয়ে বিচৰা দৰে, তেওঁৰ সকলো মনৰ বাঞ্ছা তেওঁ পূৰ কৰিলে। পাছত ৰাণী আৰু তেওঁৰ দাসবোৰ নিজ দেশলৈ উলটি গ’ল।
13 Vægten af det Guld, som i eet År indførtes af Salomo, udgjorde 666 Guldtalenter,
১৩এবছৰৰ ভিতৰত ছশ ছয়ষষ্ঠি কিক্কৰ সোণ চলোমনলৈ আহিল,
14 deri ikke medregnet hvad der indkom i Afgift fra de undertvungne Folk og ved Købmændenes Handel og fra alle Arabiens Konger og Landets Statholdere, som bragte Salomo Guld og Sølv.
১৪সেয়াও বেপাৰী আৰু বণিসকলে অনা সোণৰ বাহিৰে৷ আৰবৰ সকলো ৰজা আৰু দেশাধ্যক্ষসকলেও চলোমন ৰজালৈ সোণ আৰু ৰূপ আনিলে।
15 Kong Salomo lod hamre 200 Guldskjolde, hvert på 600 Sekel Guld,
১৫আৰু চলোমন ৰজাই সোণ পিটাই দুশ ঢাল কৰিলে৷ সোণ পিটাই কৰা প্ৰত্যেক ঢালত ছশ চেকল সোণ খৰচ হৈছিল৷
16 og 300 mindre Guldskjolde, hvert på 300 Sekel Guld; dem lod Kongen henlægge i Libanonskovhuset.
১৬আৰু সোণ পিটাই তিনিশ ঢাল যুগুত কৰিলে৷ তাৰ প্ৰত্যেক ঢালত তিনিশ চেকল সোণ খৰচ হৈছিল; ৰজাই সেইবোৰ লিবানোনৰ কাঠনিৰ গৃহত ৰাখিলে।
17 Fremdeles lod Kongen lave en stor, Elfenbenstrone, overtrukket mned lutret Guld.
১৭ইয়াৰ বাহিৰে ৰজাই হাতী-দাঁতৰ এখন ডাঙৰ সিংহাসন সজাই তাৰ ওপৰত শুদ্ধ সোণৰ পতা মাৰিলে।
18 Tronen havde seks Trin, og på dens Ryg var der et Latn af Guld; på begge Sider af Sædet var der Arme, og ved Armene stod der to Løver;
১৮সেই সিংহাসনৰ ছখপিয়া খটখটি আছিল আৰু সিংহাসনত লগোৱা সোণৰ এখন ভৰি-পীৰা আছিল আৰু বহা ঠাইৰ দুয়োফালে দুখন হাত আছিল৷ সেই হাতৰ ওচৰত দুটা সিংহৰ মুৰ্ত্তি থিয় হৈ আছিল।
19 tillige stod der tolv Løver på de seks Trin, seks på hver Side. Der er ikke lavet Mage til Trone i noget andet Rige.
১৯আৰু সেই ছয় খাপৰ ওপৰত দুই মুৰে বাৰটা সিংহৰ মুৰ্ত্তি থিয় হৈ আছিল। এনেকুৱা সিংহাসন আন কোনো ৰাজ্যত সজা নাছিল।
20 Alle Kong Salomos Drikkekar var af Guld og alle Redskaber i Libanonskovhuset af fint Guld; Sølv regnedes ikke for noget i Kong Salomos Dage.
২০চলোমন ৰজাৰ সকলো পান-পাত্ৰ সোণৰ আছিল আৰু লিবানোনৰ কাঠনিৰ গৃহৰ সকলো পাত্ৰ শুদ্ধ সোণৰ আছিল; চলোমনৰ ৰাজত্বৰ কালত ৰূপ একোৰো মাজত গণ্য নাছিল।
21 Kongen havde nemlig Skibe, det sejlede på Tarsis med Hurams Folk; og een Gang hverttredje År kom Tarsisskibene, ladet med Guld, Sølv, Elfenben, Aber og Påfugle.
২১কিয়নো হীৰমৰ দাসবোৰে সৈতে তৰ্চীচলৈ যোৱা ৰজাৰ কেইখন মান জাহাজ আছিল৷ সেই তৰ্চীচৰ জাহাজবোৰে সোণ, ৰূপ, হাতী-দাঁত, বান্দৰ, আদি লৈ প্ৰত্যেক তিনি বছৰৰ মুৰত এবাৰ এবাৰ আহি আছিল।
22 Kong Salomo overgik alle Jordens Konger i Rigdom og Visdom.
২২এইদৰে ঐশ্বৰ্য্য আৰু জ্ঞানত চলোমন ৰজা পৃথিৱীত থকা সকলো ৰজাতকৈ প্ৰধান হ’ল।
23 Alle Jordens Konger søgte hen til Salomo for at høre den Visdom, Gud havde lagt i hans Hjerte;
২৩ঈশ্বৰে চলোমনৰ মনত যি জ্ঞান দিছিল, তেওঁৰ সেই জ্ঞানৰ কথা শুনিবলৈ পৃথিৱীৰ সকলো ৰজাই তেওঁৰ লগত সাক্ষাৎ কৰিবলৈ চেষ্টা কৰিছিল।
24 og alle bragte de Gaver med: Sølv- og Guldsager, Klæder, Våben, Røgelse, Heste og Muldyr; således gik det År efter År.
২৪আৰু প্ৰতিজনে নিজ নিজ উপহাৰ, ৰূপৰ আৰু সোণৰ পাত্ৰ, বস্ত্ৰ, অস্ত্ৰ, সুগন্ধি দ্ৰব্য, ঘোঁৰা আৰু খছৰ এইবোৰ লৈ প্ৰতি বছৰে বছৰে আহিছিল।
25 Salomo havde 4000 Spand Heste og Vogne og 12000 Ryttere; dem lagde han dels i Vognbyerne, dels hos sig i Jerusalem.
২৫ঘোঁৰা আৰু ৰথৰ বাবে চলোমনৰ চাৰিহাজাৰ ঘোঁৰাশাল আছিল আৰু তেওঁৰ বাৰ হাজাৰ অশ্বাৰোহী আছিল, আৰু এওঁলোকক তেওঁ নানা ৰথ-নগৰত আৰু ৰজাৰ লগত যিৰূচালেমতো ৰাখিলে।
26 Han herskede over alle Konger fra Floden til Filisternes Land og Ægyptens Grænse.
২৬আৰু ফৰাৎ নদীৰে পৰা পলেষ্টীয়াসকলৰ দেশলৈ আৰু মিচৰৰ সীমালৈকে সকলো ৰজাসকলৰ ওপৰত তেওঁ শাসন কৰিছিল।
27 Kongen bragte det dertil, at Sølv i Jerusalem var lige så almindeligt som Sten, og Cedertræ lige så almindeligt som Morbærfigentræ i Lavlandet.
২৭ৰজাই যিৰূচালেমত ৰূপক মাটিত থকা শিলৰ নিচিনা আৰু এৰচ কাঠক নিম্ন ভূমিত থকা ডিমৰু গছৰ নিচিনা অধিক কৰিলে।
28 Der indførtes Heste til Salomo fra Mizrajim og fra alle Lande.
২৮মিচৰৰ পৰা আৰু আন সকলো দেশৰ পৰা চলোমনৰ বাবে ঘোঁৰা অনা হৈছিল।
29 Salomos øvrige Historie fra først til sidst findes optegnet i Profeten Natans Krønike, Siloniten Ahijas Profeti og Seeren Jedos Syn om Jeroboam, Nebats Søn.
২৯চলোমনৰ অৱশিষ্ট কাৰ্যৰ আদ্যোপান্ত বিৱৰণ নাথন ভাববাদীৰ পুস্তকখনত, চীলোনীয়া অহীয়াৰ ভাববাণীত, আৰু নবাটৰ পুত্ৰ যাৰবিয়াম-বিষয়ক ইদ্দো দৰ্শক-পুস্তকখনত জানো লিখা নাই?
30 Salomo herskede i Jerusalem over hele Israel i fyrretyve År.
৩০এইদৰে চলোমনে যিৰূচালেমত থাকি সমুদায় ইস্ৰায়েলৰ ওপৰত চল্লিশ বছৰ ৰাজত্ব কৰিলে।
31 Derpå lagde Salomo sig til Hvile hos sine Fædre og blev jordet i sin Fader Davids By. Og hans Søn Rehabeam blev Konge i hans Sted.
৩১পাছত চলোমন তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হোৱাত তেওঁৰ পিতৃ দায়ূদৰ নগৰত তেওঁক মৈদাম দিয়া হ’ল; আৰু তেওঁৰ পুত্ৰ ৰহবিয়াম তেওঁৰ পদত ৰজা হ’ল।

< Anden Krønikebog 9 >