< Anden Krønikebog 14 >

1 Så lagde Abija sig til Hvile hos sine Fædre, og man jordede ham i Davidsbyen; og hans Søn Asa blev Konge i hans Sted. På hans Tid havde Landet Fred i ti År.
পাছত অবিয়া তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে দায়ূদৰ নগৰত তেওঁক মৈদাম দিলে৷ পাছত তেওঁৰ পুত্ৰ আচা তেওঁৰ পদত ৰজা হ’ল। এওঁৰ ৰাজত্বৰ কালত দহ বছৰলৈকে দেশ সুস্থিৰে আছিল৷
2 Asa gjorde, hvad der var godt og ret i HERREN hans Guds Øjne.
আচাই ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি ভাল আৰু ন্যায়, তাকে কৰিছিল।
3 Han fjernede de fremmede Altre og Offerhøjene, sønderbrød Stenstøtterne og omhuggede Asjerastøtterne
কিয়নো তেওঁ পৰজাতীয় যজ্ঞবেদী আৰু ওখ ঠাইবোৰ আতৰাই পেলাইছিল, স্তম্ভবোৰ ভাঙি পেলাইছিল আৰু আচেৰা মুৰ্ত্তিবোৰ খণ্ড-বিখণ্ড কৰি কাটিছিল৷
4 og bød Judæerne søge HERREN, deres Fædres Gud, og holde Loven og Budet,
তেওঁ যিহূদাক তেওঁলোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ যিহোৱাক পাবৰ বাবে ব্যৱস্থা আৰু আজ্ঞাবোৰ পালন কৰিবলৈ আদেশ দিছিল।
5 og han fjernede Offerhøjene og Solstøtterne fra alle Judas Byer, og Landet havde Fred, så længe han levede.
আনকি তেওঁ যিহূদাৰ সকলো নগৰৰ পৰা ওখ ঠাই আৰু সূৰ্যৰ প্ৰতিমাবোৰো আতৰাই পেলাইছিল৷ আৰু তেওঁৰ ৰাজ্য সুস্থিৰে আছিল।
6 Han byggede Fæstninger i Juda, thi Landet havde Fred, og han havde ingen Krig i de År, thi HERREN lod ham have Ro.
পাছত তেওঁ যিহূদাত গড়েৰে আবৃত কৰি কেইবাখনো নগৰ সুসজ্জিত কৰি সাজিছিল৷ কিয়নো যিহোৱাই তেওঁৰ ওপৰত শান্তি প্ৰদান কৰা বাবে দেশ সুস্থিৰে আছিল আৰু সেই সময়ত কেইবা বছৰলৈকে কাৰো লগত তেওঁৰ যুদ্ধ হোৱা নাছিল।
7 Han sagde da til Judæerne: "Lad os befæste disse Byer og omgive dem med Mure og Tårne, Porte og Portslåer, medens vi endnu har Landet i vor Magt, thi vi har søgt HERREN vor Gud; vi har søgt ham, og han har ladet os have Ro til alle Sider!" Så byggede de, og Lykken stod dem bi.
কাৰণ আচাই যিহূদাক কৈছিল, “আহা, আমি এই নগৰ কেইখন সুসজ্জিত কৰোঁহক আৰু এইবোৰৰ চাৰিওফালে গড় আৰু কোঁঠ সাজোঁ, দুৱাৰ আৰু ডাং দিওঁ; দেশখন এতিয়ালৈকে আমাৰেই হৈ আছে, কিয়নো আমি আমাৰ ঈশ্বৰ যিহোৱাক বিচাৰিলোঁ৷ আমি তেওঁক বিচৰিলোঁ আৰু তেওঁ সকলো ফালৰ পৰা আমাৰ ওপৰত শান্তি প্ৰদান কৰিলে।” এইদৰে তেওঁলোকে সেইবোৰ নগৰ সাজিলে আৰু কৃতকাৰ্য্যও হ’ল।
8 Asa havde en Hær, af Juda 300.000 væbnet med Skjold og Spyd, og af Benjamin 280.000, der har Småskjolde og spændte Buer, alle sammen dygtige Krigere.
আচা’ৰ ঢাল আৰু যাঠী ধৰা সৈন্য সমূহ হ’ল, যিহূদাৰ তিনি লাখ আৰু বিন্যামীনৰ ঢাল আৰু ধনু ধৰা দুই লাখ আশী হাজাৰ সৈন্য আছিল৷ এওঁলোক সকলো পৰাক্ৰমী বীৰপুৰুষ আছিল।
9 Men Kusjiten Zera drog ud imod dem med en Hær på 1.000.000 Mand og 300 Stridsvogne. Da han havde nået Maresja,
পাছত কুচদেশীয় জেৰহে দহ লাখ সৈন্য আৰু তিনিশ ৰথ লগত লৈ, তেওঁলোকৰ বিৰুদ্ধে যাত্ৰা কৰি মাৰেচা পালেহি।
10 rykkede Asa ud imod ham, og de stillede sig op til Kamp i Zefatadalen ved Maresja.
১০তেতিয়া আচা’ই তেওঁৰ বিৰুদ্ধে যাত্ৰা কৰি তেওঁলোকে মাৰেচাৰ ওপৰৰ চফাতা উপত্যকাত বেহু পাতিলে।
11 Da råbte Asa til HERREN sin Gud: "HERRE, hos dig er der ingen Forskel på at hjælpe den, der har megen Kraft, og den, der ingen har; hjælp os, HERRE vor Gud, thi til dig støtter vi os, og i dit Navn er vi draget mod denne Menneskemængde, HERRE, du er vor Gud, mod dig kan intet Menneske holde Stand."
১১তেতিয়া আচা’ই তেওঁৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে যিহোৱা, তুমি সহায় কৰিবলৈ গ’লে, তোমাৰ আগত বলী আৰু নিৰ্ব্বলীৰ মাজত একো ভেদ নাই। হে আমাৰ ঈশ্বৰ যিহোৱা, আমাক সহায় কৰা; কিয়নো আমি তোমাৰ ওপৰত ভাৰসা কৰোঁ আৰু তোমাৰ নামেৰেই এই লোকাৰণ্যৰ বিৰুদ্ধে আহিলোঁ। হে যিহোৱা, তুমিয়েই আমাৰ ঈশ্বৰ; তোমাৰ আগত মৰ্ত্ত্য প্ৰবল নহওঁক৷”
12 Da slog HERREN Kusjiterne foran Asa og Judæerne, og Kusjiterne tog Flugten.
১২তেতিয়া যিহোৱাই আচাৰ আৰু যিহূদাৰ আগত কুচীয়াসকলক ঘটোৱাত, কুচিয়াসকল পলাল।
13 Asa og hans Folk forfulgte dem til Gerar, og alle Kusjiterne faldt, ingen reddede Livet, thi de knustes foran HERREN og hans Hær. Judæerne gjorde et umådeligt Bytte
১৩তাতে আচা আৰু তেওঁৰ লগৰ সৈন্যসকলে গৰাৰলৈকে সিহঁতৰ পাছে পাছে খেদি গ’ল৷ গতিকে কুচীয়াসকলৰ অনেক লোক ইমানকৈ মৰা পৰিল যে, সিহঁতে পুনৰায় সবল হ’ব নোৱাৰিলে, কাৰণ যিহোৱা আৰু তেওঁৰ সৈন্যসামন্তৰ আগত সিহঁত বিনষ্ট হ’ল; আৰু লোকসকলে অধিক অধিক লুটদ্ৰব্য নিলে।
14 og indtog alle Byerne i Omegnen af Gerar, thi en HERRENs Rædsel var kommet over dem, og de plyndrede alle Byerne, thi der var et stort Bytte i dem;
১৪তেওঁলোকে গৰাৰৰ চাৰিওফালে থকা আটাইবোৰ নগৰ ধ্বংস কৰি জয় কৰি ল’লে, কিয়নো যিহোৱাৰ ত্ৰাস তেওঁলোকৰ ওপৰলৈ আহিল৷ আৰু তেওঁলোকে আটাইবোৰ নগৰ লুট কৰিলে, কাৰণ সেইবোৰত অনেক লুট দ্ৰব্য আছিল।
15 også indtog de Teltene til Kvæget og slæbte en Mængde Småkvæg og Kameler med sig; så vendte de tilbage til Jerusalem.
১৫আৰু তেওঁলোকে তম্বু-নিবাসীসকলক প্ৰহাৰ কৰি বহুত মেৰ, ছাগলী আৰু উট লৈ, যিৰূচালেমলৈ উলটি আহিল।

< Anden Krønikebog 14 >