< 1 Samuel 11 >

1 Siden efter drog Ammoniten Nahasj op og belejrede Jabesj i Gilead. Da sagde alle Mændene i Jabesj til Nahasj: "Slut Pagt med os, så vil vi underkaste os!"
অম্মোনীয়া নাহচে উঠি আহি যাবেচ-গিলিয়দৰ বিৰুদ্ধে ছাউনি পাতিলে। যাবেচৰ আটাই লোকে নাহচক ক’লে, “আপুনি আমাৰ সৈতে এটা চুক্তি কৰক; তেতিয়াহে আমি আপোনাৰ অধীনত থাকিম।”
2 Men Ammoniten Nahasj svarede: "Ja, på det Vilkår vil jeg slutte Pagt med eder, at jeg må stikke det højre Øje ud på enhver af eder til Forsmædelse for hele Israel!"
কিন্তু অম্মোনীয়া নাহচে তেওঁলোকক ক’লে, “মই এইদৰে তোমালোকৰ লগত চুক্তি কৰিম, তোমালোক সকলোৰে সোঁ চকু কঢ়া যাব আৰু তাৰ দ্বাৰাই মই গোটেই ইস্ৰায়েলক অপমান কৰিম।”
3 Da sagde de Ældste i Jabesj til ham: "Giv os syv Dages Frist, så vi kan sende Bud rundt i hele Israels Land; hvis så ingen kommer os til Hjælp, vil vi overgive os til dig!"
তেতিয়া যাবেচৰ বৃদ্ধ লোকসকলে তেওঁক ক’লে, “আমি ইস্ৰায়েল দেশৰ সকলো ফালে যেন দূত পঠাব পাৰোঁ এই কাৰণে আপুনি সাত দিন আমাক অকলে এৰি দিয়ক। কোনোৱে যদি আমাক উদ্ধাৰ নকৰে, তেন্তে আমি আপোনাৰ ওচৰত নিজকে সমৰ্পণ কৰিম।”
4 Da Sendebudene kom til Sauls Gibea og forebragte Folket Sagen, brast hele Folket i Gråd.
বাৰ্তাবহকসকল চৌলৰ নগৰ গিবিয়ালৈ আহিল। তাতে লোকসকলৰ পৰা যিবোৰ কথা শুনি আহিছিল সেই কথাবোৰ লোকসকলক ক’লে; তেতিয়া লোকসকলে উচ্চস্বৰে কান্দিবলৈ ধৰিলে।
5 Og se, Saul kom netop hjem med sine Okser fra Marken, og han spurgte: "Hvad er der i Vejen med Folket, siden det græder?" De fortalte ham da, hvad Mændene fra Jabesj havde sagt;
সেই সময়ত চৌলে পথাৰৰ পৰা বলধ গৰুবোৰৰ পাছে পাছে আহি আছিল; তাতে তেওঁ লোকসকলক সুধিলে, “লোকসকলৰ কি হৈছে, তেওঁলোকে যে কান্দিছে?” তেতিয়া লোকসকলে যাবেচৰ লোকে কোৱা কথাবোৰ চৌলক ক’লে।
6 og da Saul hørte det, overvældede Guds Ånd ham, og hans Vrede blussede heftigt op.
সেই বাতৰি শুনাৰ লগে লগে ঈশ্বৰৰ আত্মাই চৌলত স্থিতি ল’লে আৰু তেওঁৰ অতিৰিক্ত খং উঠিল।
7 Så tog han et Spand Okser og sønderhuggede dem, sendte Folk ud med Stykkerne i hele Israels Land og lod sige: "Hvis nogen ikke følger Saul og Samuel, skal der handles således med hans Okser!" Da faldt en HERRENs Rædsel over Folket, så de alle som een drog ud.
তেওঁ বলধ গৰুৰ পৰা যুৱঁলী ডাল আতৰালে আৰু ডোখৰ ডোখৰ কৰি কাটি বাৰ্তাবাহকৰ দ্বাৰাই ইস্ৰায়েল দেশৰ চাৰিওফালে পঠিয়াই দিলে। তেওঁ ক’লে, “যিসকলে চৌল আৰু চমূৱেলৰ পাছত ওলাই নাহে, তেওঁলোকৰ বলধ গৰুবোৰলৈকো এইদৰে কৰা হ’ব।” তাতে যিহোৱাৰ ভয়ত লোক সকল এজন মানুহৰ দৰে একেলগে বাহিৰলৈ ওলাই আহিল।
8 Og han mønstrede dem i Bezek, og der var 300000 Israeliter og 30000 Judæere.
যেতিয়া তেওঁ বেজকত লোক সকলৰ গণনা কৰিলে তেতিয়া ইস্ৰায়েলৰ সন্তান সকলৰ তিনি লাখ আৰু যিহূদাৰ ত্ৰিশ হাজাৰ লোক পোৱা গ’ল।
9 Derpå sagde han til Sendebudene, som var kommet: "Således skal I sige til Mændene i Jabesj i Gilead: I Morgen, når Solen begynder at brænde, skal I få Hjælp!" Da Sendebudene kom og meddelte Mændene i Jabesj det, blev de glade.
তালৈ অহা বার্তাবাহকক তেওঁলোকে ক’লে, “তোমালোকে গৈ যাবেচ-গিলিয়দৰ লোকসকলক এই কথা ক’বা, ‘কাইলৈ সূর্যৰ প্ৰখৰ ৰ’দ হোৱাৰ সময়ত তোমালোকক উদ্ধাৰ কৰা হ’ব’।” পাছত বার্তাবহকে যাবেচৰ লোকসকলক সেই কথা কোৱাত, তেওঁলোক আনন্দিত হ’ল।
10 Og Mændene i Jabesj sagde: "I Morgen vil vi overgive os til eder, så kan I gøre med os, hvad I finder for godt!"
১০তাৰ পাছত যাবেচৰ লোকে নাহচক ক’লে, “কাইলৈ আমি তোমালোকৰ ওচৰত সমর্পণ কৰিম, তাতে তোমালোকৰ দৃষ্টিত যি ভাল তাকে আমালৈ কৰিবা।”
11 Dagen efter delte Saul Hæren i tre Afdelinger, og de trængte ind i Lejren ved Morgenvagten og huggede ned blandt Ammoniterne, til det blev hedt; og de, som undslap, splittedes til alle Sider, så ikke to og to blev sammen.
১১পাছদিনা চৌলে তেওঁৰ লোকসকলক তিনিটা দলত বিভক্ত কৰিলে। ৰাতিপুৱা তেওঁলোক ছাউনিৰ মাজলৈ আহি, প্রখৰ ৰ’দ নোহোৱালৈকে অম্মোনীয়াসকলক আক্রমণ কৰি পৰাস্ত কৰিলে। যি সকল জীয়াই থাকিল, লোকসকল এইদৰে ছিন্ন ভিন্ন হৈ গ’ল যে, তেওঁলোক কোনো দুজন একেলগে নাথাকিল।
12 Da sagde Folket til Samuel: "Hvem var det, som sagde: Skal Saul være Konge over os? Bring os de Mænd, at vi kan slå dem ihjel!"
১২সেয়ে লোকসকলে চমূৱেলক ক’লে, “চৌল আমাৰ ওপৰত ৰজা হ’বনে বুলি কোৱা লোকসকল কোন?’ সেই মানুহসকলক আনা, “আমি তেওঁলোকক প্ৰাণদণ্ড দিওঁ।”
13 Men Saul sagde: "I Dag skal ingen slås ihjel; thi i Dag har HERREN givet Israel Sejr!"
১৩কিন্তু চৌলে ক’লে, “আজি কাৰোঁ প্ৰাণদণ্ড নহ’ব কিয়নো আজি যিহোৱাই ইস্ৰায়েলক উদ্ধাৰ কৰিলে।”
14 Da sagde Samuel til Folket: "Kom, lad os gå til Gilgal og gentage Kongevalget der!"
১৪তাৰ পাছত চমূৱেলে লোকসকলক ক’লে, “আহা, আমি গিলগললৈ গৈ সেই ঠাইত পুনৰ ৰাজত্ৱ কৰোঁহক।”
15 Så gik hele Folket til Gilgal og gjorde Saul til Konge for HERRENs Åsyn der i Gilgal, og de bragte Takofre der for Herrens Åsyn. Og Saul og alle Israels Mænd var højlig glade.
১৫তাতে সকলো লোক গিলগললৈ গৈ সেই গিলগলতে যিহোৱাৰ সাক্ষাতে চৌলক ৰজা পাতিলে; আৰু যিহোৱাৰ উদ্দেশ্যে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে; সেই ঠাইতে চৌল আৰু ইস্ৰায়েলৰ সকলো লোক আনন্দত উল্লাসিত হ’ল।

< 1 Samuel 11 >