< 1 Mojžišova 20 >

1 Odtud bral se Abraham do země polední, aby bydlil mezi Kádes a Sur; i byl pohostinu v Gerar;
অব্ৰাহামে পূর্বৰ ঠাই এৰি নেগেভ দেশৰ ফালে গ’ল। তাত তেওঁ কাদেচ আৰু চূৰৰ মাজৰ এঠাইত থাকিবলৈ ল’লে; সেই গৰাৰ নগৰত তেওঁ প্ৰবাসী আছিল।
2 Kdežto pravil Abraham o Sáře manželce své: Sestra má jest. Tedy poslav Abimelech, král Gerarský, vzal Sáru.
তাত অব্ৰাহামে নিজৰ ভাৰ্যা চাৰাৰ বিষয়ে ক’লে, “এওঁ মোৰ ভনী।” সেয়ে সেই ঠাইৰ ৰজা অবীমেলকে মানুহ পঠাই চাৰাক লৈ গ’ল।
3 Ale přišed Bůh k Abimelechovi ve snách v noci, řekl jemu: Aj, ty již umřeš pro ženu, kterouž jsi vzal, poněvadž jest vdaná za muže.
কিন্তু ৰাতি ঈশ্বৰে সপোনত অবীমেলকৰ ওচৰলৈ আহি ক’লে, “চোৱা, যি মহিলাগৰাকীক তুমি লৈ আনিছা, তেওঁৰ কাৰণে তোমাৰ মৃত্যু অনিবার্য। কিয়নো তেওঁ এজন পুৰুষৰ ভাৰ্যা।”
4 Abimelech pak nepřiblížil se k ní; protož řekl: Pane, zdaž také spravedlivý národ zabiješ?
অবীমেলকে কিন্তু তেতিয়াও চাৰাৰ ওচৰলৈ যোৱা নাছিল; সেয়ে তেওঁ ক’লে, “হে প্ৰভু, অপৰাধ নকৰিলেও আপুনি এটা সৎ জাতিক সংহাৰ কৰিব নে?
5 Zdaliž mi sám nepravil: Sestra má jest? A ona též pravila: Bratr můj jest. V upřímnosti srdce svého a v nevinnosti rukou svých učinil jsem to.
সেই লোকজনে জানো নিজেই মোক কোৱা নাছিল ‘তাই মোৰ ভনী’ বুলি? এনেকি সেই মহিলাগৰাকীয়েও কৈছিল, ‘তেওঁ মোৰ ককাই’ বুলি। মই মোৰ সৰল মনেৰে আৰু নির্দোষী হাতেৰেহে এই কাম কৰিলোঁ।”
6 I řekl jemu Bůh ve snách: Jáť také vím, že v upřímnosti srdce svého učinil jsi to, a já také zdržel jsem tě, abys nezhřešil proti mně; protož nedalť jsem se jí dotknouti.
তেতিয়া ঈশ্বৰে সপোনত তেওঁক ক’লে, “হয়, মই জানো যে তুমি সৰল মনেৰেই এই কাম কৰিলা আৰু সেই কাৰণেই মোৰ অহিতে পাপ নকৰাকৈ তোমাক ৰাখিলোঁ; তেওঁক স্পৰ্শ কৰিবলৈ তোমাক নিদিলোঁ।
7 Nyní tedy, navrať ženu muži tomu; nebo prorok jest, a modliti se bude za tebe, a živ budeš. Pakli jí nenavrátíš, věz, že smrtí umřeš ty i všecko, což tvého jest.
গতিকে সেই পুৰুষৰ ভাৰ্যাক এতিয়া ওভটাই দিয়া; কিয়নো সেই লোকজন এজন ভাববাদী। তেওঁ তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিব আৰু তুমি জীবা। কিন্তু যদি তেওঁক উভটাই নিদিয়া, তেন্তে ইয়াকে জানিবা যে তুমি আৰু তোমাৰ লোকসকলৰ সকলোৰে অৱশ্যেই মৃত্যু হ’ব।”
8 A vstav Abimelech ráno, svolal všecky služebníky své, a vypravoval všecka slova ta v uši jejich. I báli se ti muži velmi.
পাছদিনা অবীমেলকে অতি ৰাতিপুৱাতে উঠি নিজৰ দাসবোৰক ওচৰলৈ মাতি এই সকলো কথা ক’লে। এই কথা শুনি লোকসকলৰ অতিশয় ভয় লাগিল।
9 Potom povolav Abimelech Abrahama, řekl jemu: Co jsi nám to učinil? A co jsem zhřešil proti tobě, že jsi uvedl na mne a na království mé hřích veliký? Učinils mi, čehož jsi učiniti neměl.
তেতিয়া অবীমেলকে অব্ৰাহামক মাতি আনি ক’লে, “আপুনি আমাৰ লগত এইটো কি কাম কৰিলে? মইনো আপোনাৰ বিৰুদ্ধে কি দোষ কৰিলোঁ যে আপুনি মোক আৰু মোৰ ৰাজ্যক ইমান ডাঙৰ এক মহাপাপত পেলালে। মোলৈ এই ধৰণৰ ব্যৱহাৰ কৰা আপোনাৰ মুঠেই উচিত হোৱা নাই।”
10 A řekl opět Abimelech Abrahamovi: Cos myslil, žes takovou věc učinil?
১০অবীমেলকে অব্ৰাহামক পুনৰ ক’লে, “আপুনি কি ভাৱি এনে কাৰ্য কৰিলে?”
11 Odpověděl Abraham: Řekl jsem: Jistě že není bázně Boží na místě tomto, a zabijí mne pro ženu mou.
১১তেতিয়া অব্ৰাহামে ক’লে, “মই ভাৱিছিলো, এই ঠাইৰ লোকসকলৰ ঈশ্বৰৰ প্রতি নিশ্চয়ে ভয়-ভীতি নাই; সেয়ে মোৰ ভার্য্যাক পাবলৈ তেওঁলোকে মোকেই বধ কৰিব’।
12 A také v pravdě jest sestra má, dcera otce mého, však ne dcera matky mé; a pojal jsem ji sobě za manželku.
১২তাৰ বাহিৰেও বাস্তৱিকত তেওঁ মোৰ ভনীও হয়; আমাৰ মাতৃ বেলেগ হ’লেও তেওঁৰ আৰু মোৰ পিতৃ একে। এতেকে তেওঁ মোৰ ভার্য্যা হ’ল।
13 Když pak vyvedl mne Bůh z domu otce mého, abych pohostinu bydlil, tedy řekl jsem jí: Toto mi dobrodiní učiníš: Na každém místě, kamž půjdeme, prav o mně: Bratr můj jest.
১৩ঈশ্বৰে যেতিয়া মোক মোৰ পিতৃৰ ঘৰ ত্যাগ কৰিবলৈ দিলে আৰু মোক এঠাইৰ পৰা আন ঠাইলৈ ভ্রমণ কৰাই লৈ ফুৰালে, তেতিয়া মই মোৰ ভার্য্যাক কৈছিলোঁ, ‘মোৰ ভার্য্যা হিচাবে তুমি মোলৈ এই বিশ্বস্ততা প্রকাশ কৰিবা: আমি যি ঠাইলৈকে যাম, তুমি মোক তোমাৰ ককাই বুলি পৰিচয় দিবা’।”
14 Tedy vzav Abimelech ovce a voly, služebníky také a děvky, dal je Abrahamovi; a navrátil mu Sáru manželku jeho.
১৪তাৰ পাছত অবীমেলকে কিছুমান মেৰ-ছাগ, গৰু আৰু দাস-দাসীক আনি অব্ৰাহামক দিলে আৰু তাৰ লগতে তেওঁৰ ভাৰ্যা চাৰাকো ওভটাই দিলে।
15 A řekl Abimelech: Aj, země má před tebou; kdežť se koli příhodné býti vidí, tu přebývej.
১৫অবীমেলকে ক’লে, “চোৱা, মোৰ দেশখনেই আপোনাৰ আগত আছে; আপোনাৰ যি ঠাইতে ভাল লাগে, তাতে নিগাজীকৈ থাকক।”
16 Sáře pak řekl: Aj, dal jsem tisíc stříbrných bratru tvému, hle, onť jest tobě zástěrou očí u všech, kteříž jsou s tebou. A všemi těmito věcmi Sára poučena byla.
১৬তেওঁ চাৰাকো ক’লে, “চোৱা, তোমাৰ ককায়েৰাক মই এক হাজাৰ ৰূপ দিছোঁ; ইয়েই তোমাৰ লগতে সকলো লোকৰ সন্মুখত তোমাৰ বিৰুদ্ধে হোৱা অপৰাধ ঢাকিবলৈ কৰা হৈছে। তোমাৰ কোনো দোষ নাই।”
17 I modlil se Abraham Bohu, a uzdravil Bůh Abimelecha, a ženu jeho, a děvky jeho; i rodily.
১৭তাৰ পাছত অব্ৰাহামে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে। তেতিয়া অবীমেলক, তেওঁৰ ভাৰ্যা, আৰু তেওঁৰ আন আন দাসীসকলে যাতে সন্তান লাভ কৰিবলৈ সক্ষম হ’ব পাৰে, ঈশ্বৰে তেওঁলোকক সুস্থ কৰিলে।
18 Nebo byl zavřel Hospodin každý život ženský v domě Abimelechově, pro Sáru manželku Abrahamovu.
১৮কিয়নো যিহোৱাই অব্ৰাহামৰ ভাৰ্যা চাৰাৰ কাৰণে অবীমেলকৰ ঘৰত থকা সকলো মহিলাৰ সন্তান ধাৰণৰ ক্ষমতা সম্পূর্ণভাৱে বন্ধ কৰিছিল।

< 1 Mojžišova 20 >