< Ezechiel 44 >

1 Tedy přivedl mne zase cestou k bráně svatyně zevnitřní, kteráž patří k východu, a ta byla zavřená.
তেতিয়া সেই মানুহে ধৰ্মধামৰ পূৱফালে মুখ কৰা বাহিৰ বাট-চৰাটোলৈ মোক ওলোটাই নিলে, সেয়ে টানকৈ বন্ধ কৰি থোৱা আছিল।
2 I řekl ke mně Hospodin: Brána tato zavřená bude, nebudeť otvírána, aniž kdo bude vcházeti skrze ni. Nebo Hospodin Bůh Izraelský všel skrze ni; protož budeť zavřená.
পাছত যিহোৱাই মোক ক’লে, “এই বাট-চৰাটো বন্ধ থাকিব, মেলা নাযাব আৰু এইপিনে কোনো লোক নোসোমাব; কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইফালেই প্ৰৱেশ কৰিলে; এই হেতুকে ই বন্ধ থাকিব।
3 Knížecí jest, kníže samo v ní sedati bude, aby jídalo chléb před Hospodinem. Cestou síně této brány vejde, a cestou její vyjde.
অধিপতিজনৰ বিষয়ে হ’লে, কেৱল তেওঁহে যিহোৱাৰ আগত আহাৰ কৰিবৰ অৰ্থে তাত বহিব তেওঁ বাট-চৰাটোৰ বাৰাণ্ডাৰ বাটেদি সোমাব আৰু সেই একে বাটেদিয়েই বাহিৰ ওলাব।”
4 I vedl mne cestou k bráně půlnoční, k přední straně domu, i viděl jsem, a aj, naplnila sláva Hospodinova dům Hospodinův. I padl jsem na tvář svou.
তাৰ পাছত তেওঁ উত্তৰ বাট-চৰাটোৰ বাটেদি মোক গৃহটিৰ আগলৈ নিলে আৰু মই চাই দেখিলোঁ, যিহোৱাৰ গৌৰৱে যিহোৱাৰ গৃহটি পৰিপূৰ্ণ কৰিলে; তাতে মই উবুৰি হৈ পৰিলোঁ!
5 I řekl ke mně Hospodin: Synu člověčí, přilož srdce své, a viz očima svýma, i ušima svýma slyš, cožkoli já mluvím tobě o všech ustanoveních domu Hospodinova, i o všech zákonech jeho. Přilož, pravím, srdce své k vcházení do domu, i ke všemu vycházení z svatyně,
পাছে যিহোৱাই মোক ক’লে, “হে মনুষ্য সন্তান, যিহোৱাৰ গৃহটিৰ সকলো নিয়ম প্ৰণালী আৰু তাৰ আটাই ব্যৱস্থাৰ বিষয়ে মই তোমাক যি যি ক’ম, তুমি সেই সকলোলৈ মনোযোগ কৰা, চকুদিয়া, কাণ দিয়া আৰু ধৰ্মধামৰ বাহিৰলৈ যোৱা প্ৰত্যেক বাটলৈ আৰু গৃহটিৰ প্ৰৱেশস্থানলৈ ভালকৈ মন দি চোৱা।
6 A rci zpurnému domu Izraelskému: Takto praví Panovník Hospodin: Dosti mějte na všech ohavnostech svých, ó dome Izraelský,
আৰু তুমি বিদ্ৰোহী ইস্ৰায়েল বংশক ক’বা, প্ৰভু যিহোৱাই এই কথা কৈছে:
7 Že jste uvodili cizozemce neobřezaného srdce a neobřezaného těla, aby bývali v svatyni mé, a poškvrňovali i domu mého, když jste obětovali chléb můj, tuk i krev, ješto oni sic rušili smlouvu mou, mimo všecky ohavnosti vaše,
হে ইস্ৰায়েল বংশ, তোমালোকে মোক আহাৰ, অৰ্থাৎ তেল আৰু তেজ উৎসৰ্গ কৰা সময়ত, মোৰ গৃহটি অপবিত্ৰ কৰিবৰ কাৰণে মোৰ ধৰ্মধামত ভৰি দিবলৈ অচুন্নৎ হৃদয়ৰ আৰু অচুন্নৎ মাংসৰ বিজাতীয়সকলক মোৰ ধৰ্মধামলৈ যে আনিলা, তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্যৰ মাজত সেইটোৱেই তোমালোকৰ পক্ষে যথেষ্ঠ হওক; তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্যৰ বাহিৰেও তোমালোকে মোৰ নিয়মটি ভাঙিলা।
8 A nedrželi jste stráže nad svatými věcmi mými, ale postavili jste strážné na stráži mé, v svatyni mé místo sebe.
আৰি তোমালোকে মোৰ পবিত্ৰ বস্তুবিষয়ক ৰক্ষণীয় ৰক্ষা কৰা নাই; কিন্তু তোমালোকে মোৰ ধৰ্মধামত মোৰ ৰক্ষণীয় ৰক্ষা কৰিবলৈ ইচ্ছামতে ৰক্ষক পাতিলা।
9 Takto praví Panovník Hospodin: Žádný cizozemec neobřezaného srdce a neobřezaného těla nevejde do svatyně mé, ze všech cizozemců, kteříž mezi syny Izraelskými jsou.
প্ৰভু যিহোৱাই এই কথা কৈছে: ইস্ৰায়েলৰ সন্তান সকলৰ মাজত থকা বিজাতীয়সকলৰ অচুন্নৎ হৃদয়ৰ আৰু অচুন্নৎ মাংসৰ কোনো বিজাতীয় মোৰ ধৰ্মধামত নোসোমাব।
10 Nýbrž i Levítové, kteříž se vzdalovali ode mne, když bloudil Izrael, kteříž zbloudili ode mne za ukydanými bohy svými, ponesou nepravost svou.
১০কিন্তু ইস্ৰায়েল বিপথে যোৱা সময়ত, যি লেবীয়াসকলে নিজ নিজ মুৰ্ত্তিৰ পাছত চলি মোৰ পৰা বিপথে গৈছিল, মোৰ পৰা আঁতৰ হোৱা সেই লেবীয়াসকলে নিজ নিজ অপৰাধৰ ভাৰ বব।
11 Nebo budou v svatyni mé za služebníky, v povinnostech při branách domu, a za slouhy při domu. Oni budou zabíjeti oběti zápalné i oběti lidu, a oni stávati budou před nimi k sloužení jim,
১১তেওঁলোকে গৃহটিৰ দুৱাৰ ৰখীয়া আৰু গৃহটি পৰিচৰ্যা কৰি মোৰ ধৰ্মধামত পৰিচাৰক হ’ব; তেওঁলোকেই হোম-বলি আৰু প্ৰজাসকলৰ অৰ্থে দিয়া বলি কাটিব আৰু প্ৰজাসকলৰ পৰিচৰ্যা কৰিবলৈ তেওঁলোকেই তেওঁলোকৰ আগত থিয় হ’ব।
12 Proto že přisluhovali jim před ukydanými bohy jejich, a byli domu Izraelskému příčinou pádu v nepravost. Pročež přisáhl jsem jim, praví Panovník Hospodin, že ponesou nepravost svou.
১২তেওঁলোকে প্ৰজাসকলৰ মুৰ্ত্তিবোৰৰ আগত তেওঁলোকৰ পৰিচৰ্যা কৰি ইস্ৰায়েল-বংশৰ অপৰাধজনক বিঘিনিস্বৰূপ হৈছিল; এই হেতুকে প্ৰভু যিহোৱাই কৈছে, মই তেওঁলোকৰ অহিতে মোৰ হাত দাঙি শপত কৰিলোঁ, যে, তেওঁলোকে নিজ নিজ অপৰাধৰ ভাৰ বব।
13 Aniž přistoupí ke mně, aby mi kněžský úřad konali, ovšem aby přistupovati měli k kterým svatým věcem mým, neb k nejsvětějším, ale ponesou pohanění své i ohavnosti své, kteréž páchali.
১৩আৰু তেওঁলোকে মোৰ ওচৰত পুৰোহিত কৰ্ম কৰিবলৈ নাহিব, মোৰ পবিত্ৰ, মোৰ অতি পবিত্ৰ বস্তুবোৰৰ কোনো বস্তুৰ ওচৰ নাচাপিব, কিন্তু তেওঁলোকৰ লাজৰ আৰু তেওঁলোকে কৰা ঘিণলগীয়া কাৰ্যৰ ভাৰ বব।
14 Protož postavím je za strážné u domu, ke vší službě jeho i ke všemu, což činěno býti má v něm.
১৪গৃহটিৰ সকলো সেৱকীয়া কাৰ্যত আৰু তাত কৰিব লগা আটাই কৰ্মত মই তেওঁলোকক গৃহটিৰ ৰক্ষণীয়ৰ ৰক্ষক কৰিম।
15 Kněží pak Levítští, synové Sádochovi, kteříž drželi stráž nad svatyní mou, když zbloudili synové Izraelští ode mne, ti budou přistupovati ke mně, aby mi přisluhovali, a státi před tváří mou, obětujíce mi tuk i krev, praví Panovník Hospodin.
১৫কিন্তু ইস্ৰায়েলৰ সন্তান সকল মোৰ পৰা বিপথে যোৱা কালত, মোৰ ধৰ্মধামৰ ৰক্ষণীয় ৰক্ষা কৰা চাদোকৰ সন্তান লেবীয়া পুৰোহিতসকলে হ’লে, মোৰ পৰিচৰ্যা কৰিবলৈ মোৰ গুৰিলৈ আহিব; আৰু প্ৰভু যিহোৱাই কৈছে, তেওঁলোকে তেল আৰু তেজ মোৰ উদ্দেশ্যে উৎসৰ্গ কৰিবলৈ মোৰ আগত থিয় হ’ব।
16 Ti přicházeti budou k svatyni mé, a ti přistupovati k stolu mému, aby mi sloužili a drželi stráž mou.
১৬‘তেওঁলোকে মোৰ ধৰ্মধামত সোমাব, মোৰ পৰিচৰ্যা কৰিবলৈ মোৰ মেজৰ ওচৰলৈ আহিব আৰু মোৰ ৰক্ষণীয় ৰক্ষা কৰিব।
17 I stane se, když budou míti vcházeti do bran síně vnitřní, že roucha lněná oblekou, aniž na se vezmou vlněného, když by služby konati měli v branách síně vnitřní i u vnitřku.
১৭আৰু তেওঁলোকে ভিতৰ চোতালখনৰ বাট-চৰা কেইটাইদি সোমালে, তেওঁলোকে শণ সূতাৰ বস্ত্ৰ পিন্ধিব; আৰু তেওঁলোকে ভিতৰ চোতালখনৰ বাট-চৰা কেইটাত আৰু গৃহত পৰিচৰ্যা কৰোঁতে তেওঁলোকৰ গাত নোমৰ কাপোৰ নাথাকিব।
18 Klobouky lněné míti budou na hlavě své, a košilky lněné ať mají na bedrách svých, a nepřepasují se ničímž, což by pot vyvodilo.
১৮তেওঁলোকৰ মুৰত শণ সূতাৰ পাগুৰি, আৰু কঁকালত শণ সূতাৰ জাঙিয়া থাকিব; ঘাম উলিওৱা কোনো কাপোৰ তেওঁলোকে কঁকালত নাবান্ধিব।
19 A majíce vyjíti do síně zevnitřní, do síně zevnitřní k lidu, svlekou roucha svá, v kterýchž služby konali, a nechají jich v komůrkách svatyně, a oblekou roucha jiná, a nebudou posvěcovati lidu rouchem svým.
১৯যেতিয়া তেওঁলোকে বাহিৰ চোতালখনলৈ, তেওঁলোকৰ গুৰিলৈ বাহিৰ চোতালখনলৈকে ওলাই যাব, তেতিয়া তেওঁলোকে তেওঁলোকৰ পৰিচৰ্যা বস্ত্ৰ সোলোকাই পবিত্ৰ কোঁঠালিবোৰত থব আৰু তেওঁলোকৰ বস্ত্ৰেৰে তেওঁলোকক পবিত্ৰ নকৰিবৰ কাৰণে আন বস্ত্ৰ পিন্ধিব।
20 Aniž hlavy své holiti budou, ani vlasů nositi, ale slušně ostříhají vlasy své.
২০তেওঁলোকে মূৰ নুখুৰাব, বা চুলি দীঘল হ’বলৈ নিদিব, কেৱল মূৰৰ চুলি কাটিব।
21 Vína též nebude píti žádný z kněží, když budou míti vcházeti do síně vnitřní.
২১ভিতৰ-চোতালখনত সোমোৱা সময়ত কোনো পুৰোহিতে দ্ৰাক্ষাৰস পান নকৰিব।
22 Vdovy také aneb zahnané nebudou sobě pojímati za manželky, ale panny z semene domu Izraelského, aneb vdovu, kteráž by ovdověla po knězi, pojíti mohou.
২২তেওঁলোকে বিধৱা, বা পৰিত্যক্ত স্ত্রীক বিয়া নকৰিব, কিন্তু ইস্ৰায়েল বংশৰ ঔৰসত জন্মা কুমাৰীক, বিধৱা হ’লেও, পুৰোহিতৰ বিধৱাক বিয়া কৰিব।
23 A lid můj budou rozdílu učiti mezi svatým a nesvatým, též mezi nečistým a čistým ať je učí rozeznávati.
২৩আৰু তেওঁলোকে মোৰ প্ৰজাসকলক পবিত্ৰ আৰু সাধাৰণৰ মাজত প্ৰভেদ শিকাব, শুচি আৰু অশুচিৰ মাজত বিভিন্ন কৰিবলৈ শিকিব।
24 V rozepři pak ať se postavují k souzení, a podlé soudu mého soudí ji. Zákonů mých i ustanovení mých při všech slavnostech mých ať ostříhají, a soboty mé světí.
২৪আৰু কোনো বিবাদ হ’লে, তেওঁলোকে বিচাৰ কৰিবলৈ থিয় হ’ব; মোৰ বিচাৰ অনুসাৰে তেওঁলোকে বিচাৰ কৰিব; মোৰ আটাই নিৰূপিত পৰ্ব্বতবোৰত মোৰ ব্যৱস্থা আৰু বিধিবোৰ তেওঁলোকে পালন কৰিব; আৰু মোৰ বিশ্ৰাম-দিনবোৰ পবিত্ৰ কৰিব।
25 K mrtvému pak člověku nepůjde, aby se poškvrniti měl, leč při otci neb při mateři, též při synu a při dceři, při bratru a sestře, kteráž nebyla za mužem, může se poškvrniti.
২৫আৰু তেওঁলোকৰ কোনেও নিজকে অশুচি কৰিবলৈ মৰা মানুহৰ ওচৰলৈ নাযাব, কিন্তু, বায়েক, মাক, পুতেক, জীয়েক আৰু ভায়েকৰ কি স্বামী নোহোৱা ভনীয়েকৰ কাৰণে নিজকে অশুচি কৰিব পাৰে।
26 Po očištění pak jeho (sedm dní odečtou jemu),
২৬কোনো পুৰোহিত শুচি হোৱাৰ পাছত তাৰ কাৰণে সাত দিন নিৰূপণ কৰা হ’ব।
27 V ten den, v kterýž vejde do svatyně, do síně vnitřní, aby služby konal v svatyni, obětovati bude za hřích svůj, praví Panovník Hospodin.
২৭প্ৰভু যিহোৱাই কৈছে, ‘ধৰ্মধামত পৰিচৰ্যা কৰিবলৈ, ধৰ্মধামত ভিতৰ-চোতালখনত তেওঁ সোমোৱা দিনা নিজৰ পাপাৰ্থক বলি উৎসৰ্গ কৰিব।’
28 Dědictví pak jejich toto: Já jsem dědictví jejich, protož vládařství nedávejte jim v Izraeli; já jsem vládařství jejich.
২৮‘আৰু পুৰোহিতসকলে এক আধিপত্য পাব; ময়েই তেওঁলোকৰ সেই আধিপত্য; আৰু তেওঁলোকে তেওঁলোকক ইস্ৰায়েলৰ মাজত কোনো আধিপত্য নিদিব; ময়েই তেওঁলোকৰ আধিপত্য।
29 Oběti suché a za hřích i vinu, to oni jísti budou, i všelijaká věc, oddána Bohu v Izraeli, jejich bude.
২৯ভক্ষ্য নৈবেদ্য, পাপাৰ্থক বলি, আৰু দোষাৰ্থক বলি তেওঁলোকেই খাব; আৰু ইস্ৰায়েলৰ প্ৰত্যেক বৰ্জিত বস্তু তেওঁলোকৰেই হ’ব;
30 I přední věci všech prvotin ze všeho, i každá obět zhůru pozdvižení všeliké věci, ze všech obětí zhůru pozdvižení vašich, kněžské bude. I prvotiny těsta vašeho dávati budete knězi, aby odpočinulo požehnání v domě tvém.
৩০আৰু প্ৰথমে পকা শস্যাদিৰ প্ৰত্যেকৰ আগ ভাগ আৰু তোমালোকৰ আটাই উত্তোলনীয় উপহাৰৰ প্ৰত্যেক বস্তুৰ উত্তোলনীয় ভাগ পুৰোহিতসকলৰেই হ’ব; আৰু তোমাৰ ঘৰত আশীৰ্ব্বাদ থাকিবৰ কাৰণে তুমি তোমাৰ খৰচিয়া শস্যৰ আগ ভাগ পুৰোহিতক দিবা।
31 Žádné mrchy a udáveného, ani z ptactva ani z hovad nebudou jídati kněží.
৩১আৰু চৰাই হওঁক কি পশু হওঁক, নিজে মৰা বা জন্তুৱে ছিৰা একোকেই পুৰোহিতসকলে নাখাব।

< Ezechiel 44 >