< 2 Mojžišova 31 >

1 I mluvil Hospodin k Mojžíšovi, řka:
তাৰ পাছত যিহোৱাই মোচিক ক’লে,
2 Hle, povolal jsem ze jména Bezeleele, syna Uri, syna Hur, z pokolení Judova.
“চোৱা, মই যিহূদা ফৈদৰ পৰা হূৰ, হূৰৰ পুত্র ঊৰী, ঊৰীৰ পুত্ৰ বচলেলক নাম কাঢ়ি মাতিলোঁ।
3 A naplnil jsem ho duchem Božím, moudrostí a rozumností, i uměním všelijakého řemesla,
মই বচলেলক মোৰ আত্মাৰে পৰিপূৰ্ণ কৰিম, তেওঁলৈ সকলো প্রকাৰ শিল্পকৰ্মৰ বাবে প্রজ্ঞা, বুদ্ধি, আৰু জ্ঞান দিম।
4 Aby vtipně smysliti uměl, což by koli řemeslně uděláno býti mohlo z zlata a z stříbra i z mědi.
সোণ, ৰূপ, আৰু পিতলত শিল্পিসুলভ নক্সাৰে কাম কৰিব।
5 I v řezání kamení drahého k vsazování, i v umělém vysazování na dřevě aby dělal všelijaké dílo.
তেওঁ পাথৰ কটা, পাথৰ খটোৱা আৰু কাঠৰ কাম, এই সকলো প্রকাৰৰ শিল্পকৰ্ম কৰে।
6 A aj, já přidal jsem jemu Aholiaba, syna Achisamechova, z pokolení Dan. A v srdci každého vtipného složil jsem moudrost, aby spravili vše, což jsem přikázal tobě:
চোৱা, মই দান ফৈদৰ অহীচামকৰ পুত্ৰ অহলীয়াবক তেওঁৰ সহকাৰী নিযুক্ত কৰিলোঁ। সকলো জ্ঞানী লোকৰ হৃদয়ত দক্ষতাৰে পৰিপূৰ্ণ কৰিলোঁ; সেয়ে মই তোমাক যিবোৰ নিৰ্মাণ কৰিবলৈ আজ্ঞা দিলোঁ, সেই সকলোবোৰ তেওঁলোকে নিৰ্মাণ কৰিব।
7 Stánek úmluvy a truhlu svědectví, a slitovnici, kteráž má býti na ní, i všelijaké nádobí stánku;
সাক্ষাৎ কৰা তম্বু, সাক্ষ্য-ফলিৰ নিয়ম চন্দুক, আৰু নিয়ম চন্দুকৰ ওপৰত থকা পাপাবৰণ, আৰু তম্বুৰ সকলো আচবাবপত্র।
8 Stůl také a nádoby k němu, i svícen čistý se všemi nádobami jeho, a oltář pro kadění;
মেজ আৰু তাৰ সামগ্রী, শুদ্ধ সোণৰ দীপাধাৰাৰ সৈতে তাৰ সকলো সামগ্রী, ধূপবেদী,
9 Též oltář k zápalům se všemi nádobami jeho, a umyvadlo s podstavkem jeho;
হোমবেদিৰ সৈতে সকলো সামগ্রী, প্ৰক্ষালন-পাত্ৰৰ সৈতে তাৰ খুৰা।
10 I roucha k službě, i roucha svatá Aronovi knězi, i roucha synů jeho, aby mi úřad kněžský konali;
১০এই সকলো বোৱা বস্ত্রৰ লগত সংযুক্ত কৰা হৈছিল। পুৰোহিতৰ পৰিচৰ্যাৰ বাবে পুৰোহিত হাৰোণ আৰু তেওঁৰ পুত্ৰসকল বাবে এই সকলো পবিত্ৰ বস্ত্ৰ।
11 I olej pomazání a kadidlo vonné do svatyně. Všecko tak, jakž jsem přikázal tobě, udělají.
১১অভিষেক তেল, আৰু পবিত্ৰ স্থানৰ বাবে মধুৰ সুগন্ধি ধূপ। মই যিদৰে তোমাক আজ্ঞা কৰিলোঁ, সেইদৰেই শিল্পকাৰ সকলে সকলো বস্তু তৈয়াৰ কৰিব।”
12 Mluvil také Hospodin k Mojžíšovi, řka:
১২যিহোৱাই মোচিক ক’লে,
13 Ty pak mluv k synům Izraelským a rci: A však sobot mých ostříhati budete. Nebo to znamením jest mezi mnou a vámi po rodech vašich, aby známo bylo, že já jsem Hospodin, kterýž vás posvěcuji.
১৩“তুমি ইস্ৰায়েলী লোকসকলক কোৱা, ‘তোমালোকে নিশ্চয় মোৰ বিশ্ৰাম-দিন পালন কৰিব লাগিব। ময়েই যে তোমালোকৰ যিহোৱা, ইয়াক যেন তোমালোকে বুজি পোৱা, সেই বাবে তোমালোকৰ পুৰুষানুক্ৰমে মোৰ আৰু তোমালোকৰ মাজত এয়ে এক চিন হ’ব।
14 Protož ostříhati budete soboty, nebo svatá jest vám. Kdož by ji poškvrnil, smrtí umře; a kdo by koli dělal v ní dílo, vyhlazena bude ta duše z prostředku lidu svého.
১৪সেয়ে তোমালোকে বিশ্ৰাম-দিন পালন কৰিব লাগিব; কিয়নো তোমালোকৰ বাবে সেয়ে পবিত্ৰ দিন। যিজনে সেই দিন অপবিত্ৰ কৰিব, অৱশ্যেই তেওঁৰ প্ৰাণ দণ্ড হ’ব; কিয়নো যিকোনোৱে সেই দিনা কাম কৰিব, তেওঁক নিজৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
15 Šest dní děláno bude dílo, ale v den sedmý sobota odpočinutí jest, svatost Hospodinu. Každý, kdož by dělal dílo v den sobotní, smrtí umře.
১৫ছয়দিন কাম কৰিব লাগিব, কিন্তু সপ্তম দিন সম্পূৰ্ণ বিশ্ৰামৰ বাবে বিশ্ৰাম-দিন হ’ব। সেয়ে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ দিন; সেই বিশ্ৰাম দিনত যি কোনোৱে কাম কৰিব, তাৰ অৱশ্যেই প্ৰাণদণ্ড হ’ব।
16 Protož ostříhati budou synové Izraelští soboty, tak aby světili sobotu po rodech svých smlouvou věčnou.
১৬এই হেতুকে ইস্ৰায়েলী লোকসকলে চিৰস্থায়ী বিধিৰূপে পুৰুষানুক্ৰমে মানি চলিবলৈ এই বিশ্ৰাম দিন পালন কৰিবা।
17 Mezi mnou a syny Izraelskými za znamení jest na věčnost; nebo šest dní činil Hospodin nebe i zemi, v den pak sedmý přestal a odpočinul.
১৭মোৰ আৰু ইস্ৰায়েলী লোকসকলৰ মাজত এয়ে চিৰস্থায়ী চিন হ’ব; কাৰণ যিহোৱাই ছয়দিনতে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰি সপ্তম দিনা বিশ্ৰাম কৰিবৰ বাবে বিশ্রাম লৈছিল’।”
18 I dal Pán Mojžíšovi po dokonání těchto řečí s ním na hoře Sinai dvě dsky svědectví, dsky kamenné, psané prstem Božím.
১৮যিহোৱাই যেতিয়া চীনয় পৰ্ব্বতত মোচিৰ সৈতে কথা পাতি শেষ কৰিলে, তেতিয়া ঈশ্বৰে নিজৰ হাতেৰে লিখা সাক্ষ্য-ফলি দুখন মোচিক দিলে।

< 2 Mojžišova 31 >