< Daniel 8 >

1 Léta třetího kralování Balsazara krále ukázalo mi se vidění, mně Danielovi po onom, kteréž se mi ukázalo na počátku.
বেলচচৰ ৰজাৰ ৰাজত্বৰ তৃতীয় বছৰত, প্ৰথমে পোৱা দৰ্শনৰ পাছত মই দানিয়েলে আন এটা দৰ্শন দেখিলোঁ।
2 I viděl jsem u vidění, (tehdáž pak, když jsem viděl, byl jsem v Susan, na hradě, kterýž jest v krajině Elam), viděl jsem, pravím, byv u potoka Ulai.
মই সেই দৰ্শনত দেখিলোঁ যে, মই এলম প্ৰদেশৰ চুচন ৰাজকোঁঠত আছিলোঁ; আৰু সেই দৰ্শনত দেখিলোঁ যে মই উলয় নদীৰ পাৰত আছিলোঁ।
3 A pozdvih očí svých, viděl jsem, a aj, u toho potoka stál skopec jeden, kterýž měl dva rohy. A ti dva rohové byli vysocí, a však jeden vyšší než druhý, ale ten vyšší zrostl posléze.
তেতিয়া মই চকু তুলি চালোঁ যে, নদীৰ সন্মুখত দুটা শিং থকা এটা মতা মেৰ-ছাগ থিয় হৈ আছিল; এটা শিং আনটো শিঙতকৈ দীঘল আছিল; কিন্তু দীঘল শিংটো ছুটি শিঙতকৈ অধিক লাহে লাহে বাঢ়িছিল সেয়ে ছুটি শিংটো দীঘল শিঙতকৈ বাঢ়ি উঠিল।
4 Viděl jsem skopce toho, an trkal k západu, půlnoci a poledni, jemuž žádná šelma odolati nemohla, aniž kdo co mohl vytrhnouti z moci jeho; pročež činil podlé vůle své, a to věci veliké.
মই দেখিলোঁ সেই মেৰ-ছাগে পশ্চিম, উত্তৰ, আৰু দক্ষিণ ফাললৈ খুন্দিয়াই আছিল; তাৰ আগত আন কোনো জন্তু থিয় হ’ব নোৱাৰিলে। তাৰ হাতৰ পৰা উদ্ধাৰ কৰিব পৰা তেওঁলোকৰ মাজত কোনো নাছিল; তাৰ যি ইচ্ছা গৈছিল তাকে কৰি অাছিল, আৰু সি পৰাক্রমী হৈ উঠিছিল।
5 A když jsem to rozvažoval, aj, kozel přicházel od západu na svrchek vší země, a žádný se ho nedotýkal na zemi, a ten kozel měl roh znamenitý mezi očima svýma.
এই বিষয়ে চিন্তা কৰি থাকোতে মই দেখিলোঁ যে, পশ্চিম ফালৰ পৰা এটা মতা ছাগলী গোটেই পৃথিৱীৰ ওপৰেদি মাটিত ভৰি নিদিয়াকৈ বেগেৰে দৌৰি আহি আছিল। সেই ছাগলীৰ চকু দুটাৰ মাজত এটা ডাঙৰ শিং আছিল।
6 A přišel až k tomu skopci majícímu dva rohy, kteréhož jsem byl viděl stojícího u potoka, a přiběhl k němu v prchlivosti síly své.
দুটা শিং থকা মতা মেৰ-ছাগৰ ওচৰত সেই ছাগলীটো আহিছিল, আৰু মই মেৰ-ছাগটোক নদীৰ সন্মুখত থিয় হৈ থকা দেখিছিলোঁ। সেই ছাগলীটোৱে দৌৰি মেৰ-ছাগৰ ওচৰলৈ গৈ, তাৰ প্ৰচণ্ড ক্ৰোধত তাক আক্ৰমণ কৰিছিল।
7 Viděl jsem také, an dotřel na toho skopce, a rozlítiv se proti němu, udeřil jej, tak že zlámal oba rohy jeho, a nebylo síly v skopci k odpírání jemu. A poraziv ho na zemi, pošlapal jej, aniž byl, kdo by vytrhl skopce z moci jeho.
মই ছাগলীটোক মেৰ-ছাগটোৰ ওচৰলৈ অহা দেখিলোঁ। তাৰ মেৰ-ছাগটোৰ ওপৰত অতিশয় খং উঠিছিল, আৰু সি মেৰ-ছাগক খুন্দা মাৰি তাৰ শিং দুটা ভাঙি দিলে। তাৰ আগত থিয় হৈ থাকিবলৈ সেই মেৰ-ছাগৰ আৰু শক্তি নাছিল। সেই ছাগলীটোৱে মেৰ-ছাগটোক মাটিত পেলাই ভৰিৰে গচকিলে, সেই ঠাইত ছাগলীটোৰ হাতৰ পৰা ভেড়াটোক উদ্ধাৰ কৰিব পৰা কোনো নাছিল।
8 Kozel pak velikým učiněn jest velmi. A když se ssilil, zlámal se roh ten veliký, i zrostli znamenití čtyři místo něho, na čtyři strany světa.
তাৰ পাছত সেই ছাগলীটো অতিশয় ডাঙৰ হ’ল; কিন্তু সি যেতিয়া বলৱান হ’ল তাৰ ডাঙৰ শিংটো ভাগি গ’ল, আৰু তাৰ সলনি আকাশৰ চাৰিদিশৰ বতাহৰ ফালে চাৰিটা ডাঙৰ শিং গজি উঠিল।
9 Z těch pak jednoho vyšel roh jeden maličký, a zrostl velmi ku poledni a východu, a k zemi Judské.
সেইবোৰৰ মাজৰ এটা শিঙৰ পৰা আন এটা শিং গজিল; প্রথমে শিংটো সৰু আছিল, কিন্তু পাছত দক্ষিণ, পূব আৰু ইস্রায়েলৰ ঐশ্বৰ্যময় দেশৰ ফাললৈ অতিশয় বৃদ্ধি পালে।
10 A zpjal se až k vojsku nebeskému, a svrhl na zemi některé z vojska toho i z hvězd, a pošlapal je.
১০সি ইমান ডাঙৰ হ’ল যে, স্বৰ্গৰ বাহিনীসকলৰ সৈতে যুদ্ধ কৰিবলৈ ল’লে। বাহিনীসকলৰ কিছুমানক আৰু তৰা কিছুমানক মাটিত পেলাই ভৰিৰে গচকিলে।
11 Anobrž až k vojska toho knížeti zpjal se, nebo od něho zastavena byla ustavičná obět, a zavržen příbytek svatyně Boží,
১১সি ডাঙৰ হ’ল এনে কি, সি বাহিনীসকলৰ স্বৰ্গীয় অধিপতিৰ দৰে ডাঙৰ হ’ল। সি তেওঁৰ পৰা নিত্য বলিদান কাঢ়ি লৈছিল, আৰু তেওঁৰ পবিত্র স্থান দূষিত কৰিছিল।
12 Tak že vojsko to vydáno v převrácenost proti ustavičné oběti, a povrhlo pravdu na zemi, a což činilo, šťastně mu se dařilo.
১২দুষ্টতাৰ কাৰণে বাহিনীসকলক তাৰ ওপৰত দিয়া হ’ল, আৰু হোম বলি বন্ধ কৰা হ’ল। এইদৰে সকলো সত্যতাক ভূ-লুণ্ঠিত কৰিলে; আৰু যি কৰিলে তাত কৃতকাৰ্য হ’ল।
13 Tedy slyšel jsem jednoho svatého mluvícího, a řekl ten svatý tomu, kterýž tajné věci v počtu maje, mluví: Dokudž toto vidění o oběti ustavičné, a převrácenost na zpuštění přivodící trvati bude, a svaté služby vydávány budou i vojsko v pošlapání?
১৩তাৰ পাছত মই পবিত্ৰ জনাক কোৱা শুনিলোঁ; আৰু আন পবিত্র জনক উত্তৰ দিয়া শুনিলোঁ, “কিমান দিনলৈ এই সকলো থাকিব, এই দৰ্শন হোম বলিৰ বিষয়ে নে, পাপে সেই ধ্বংস আনিব নে, পবিত্র স্থানৰ ওপৰত হাত দিয়া হ’ব নে, আৰু স্বৰ্গীয় বাহিনীসকলক গচকা হ’ব নে?”
14 A řekli mi: Až do dvou tisíc a tří set večerů a jiter, a přijdou k obnovení svému svaté služby.
১৪তেওঁ মোক ক’লে, “এই সকলো দুই হাজাৰ তিনিশ সন্ধিয়া আৰু পুৱালৈকে থাকিব; তাৰ পাছত সেই পবিত্র স্থান শুচি কৰা হ’ব।”
15 Stalo se pak, že když jsem já Daniel hleděl na to vidění, a ptal jsem se na rozum jeho, aj, postavil se podlé mne na pohledění jako muž.
১৫মই দানিয়েলে যেতিয়া এই দৰ্শন পাইছিলোঁ, তেতিয়া মই তাক বুজিবলৈ চেষ্টা কৰিছিলোঁ; আৰু সেই ঠাইত মানুহৰ দৰে এজন লোক মোৰ সম্মুখত থিয় হৈছিল।
16 Slyšel jsem také hlas lidský mezi Ulaiem, kterýžto zavolav, řekl: Gabrieli, vylož tomuto vidění to.
১৬উলয় নদীৰ মাজৰ পৰা মই এজন মানুহৰ মাত শুনিলোঁ; তেওঁ ক’লে, “হে গাব্ৰিয়েল, সেই মানুহজনক এই দৰ্শন বুজিবলৈ সহায় কৰা।”
17 I přišel ke mně, kdež jsem stál, a když přišel, zhrozil jsem se, a padl jsem na tvář svou. I řekl ke mně: Pozoruj, synu člověčí; nebo v času uloženém vidění toto se naplní.
১৭তাতে মই থিয় হৈ থকা ঠাইৰ ওচৰলৈ তেওঁ আহিল। তেওঁ যেতিয়া আহিল, মই শঙ্কিত হলোঁ, আৰু মাটিত উবুৰি হৈ পৰিলোঁ। তেওঁ মোক ক’লে, “হে মানুহৰ সন্তান, বুজি লোৱা, কিয়নো এই দৰ্শন শেষৰ সময়ৰ বিষয়ে।”
18 Když pak on mluvil se mnou, usnul jsem tvrdě, leže tváří svou na zemi. I dotekl se mne, a postavil mne tu, kdež jsem byl stál,
১৮তেওঁ মোৰ লগত কথা পাতি থাকোঁতে, মই মাটিত উবুৰি হৈ পৰি ঘোৰ নিদ্ৰা গলোঁ; তেতিয়া তেওঁ মোক স্পৰ্শ কৰিলে আৰু মোক থিয় কৰালে।
19 A řekl: Aj, já oznámím tobě to, což se díti bude až do vykonání hněvu toho; nebo v uloženém času konec bude.
১৯তেওঁ ক’লে, “চোৱা, ক্ৰোধৰ শেষ সময়ত যি ঘটিব, তাক মই তোমাক দেখুৱাম; কাৰণ এই দৰ্শন শেষৰ নিৰূপিত সময়ৰ বাবে।
20 Skopec ten, kteréhož jsi viděl, an měl dva rohy, jsou králové Médský a Perský.
২০দুটা শিং থকা যি মেৰ-ছাগ তুমি দেখিছিলা, সি মাদিয়া আৰু পাৰস্যৰ ৰজা দুজনক বুজাইছে।
21 Kozel pak ten chlupatý jest král Řecký, a roh ten veliký, kterýž jest mezi očima jeho, jest král první.
২১আৰু সেই মতা ছাগলীটো গ্রীচৰ ৰজা; আৰু তাৰ চকু দুটাৰ মাজত থকা ডাঙৰ শিংটো প্ৰথম ৰজা।
22 Že pak zlámán jest, a povstali čtyři místo něho, čtvero království z svého národu povstane, ale ne s takovou silou.
২২আৰু সেয়ে ভাঙি যোৱা শিঙৰ ঠাইত তাৰ সলনি আন চাৰিটা শিং গজি উঠাৰ অৰ্থ এই, তেওঁৰ দেশৰ পৰা চাৰিখন ৰাজ্য উৎপন্ন হ’ব, কিন্তু তেওঁৰ পৰাক্ৰমৰ সৈতে নহ’ব।
23 Při dokonání pak království jejich, když na vrch vzejdou nešlechetníci, povstane král nestydatý a chytrý.
২৩সেই ৰাজ্যবোৰৰ শেষৰ সময়ত, পাপীসকলে যেতিয়া সীমা চেৰাব, তেতিয়া কঠোৰ চেহেৰা থকা, এজন অতি বুদ্ধিয়ক ৰজা উৎপন্ন হ’ব;
24 Jehož síla zmocní se, ačkoli ne jeho silou, tak že ku podivení hubiti bude, a šťastně se mu povede, až i vše vykoná; nebo hubiti bude silné i lid svatý.
২৪তেওঁ পৰাক্রম মহান, কিন্তু নিজৰ পৰাক্রমেৰে নহয়। তেওঁৰ কাৰণে ধ্বংস আহিব, আৰু তেওঁ যি কৰিব তাতে কৃতকাৰ্য হ’ব। তেওঁ পবিত্ৰ পৰাক্রমী লোকসকলক ধ্বংস কৰিব।
25 A obmyslností svou šťastně svede lest v předsevzetí svém, a v srdci svém zvelebí sebe, a v čas pokoje zhubí mnohé; nadto i proti knížeti knížat se postaví, a však bez rukou potřín bude.
২৫তেওঁৰ শিল্পকৰ্মৰ দ্বাৰাই তেওঁ নিজৰ হাতেৰে মিছা উন্নতি সিদ্ধ কৰিব, এনে কি, তেওঁ নিজৰ ৰজাৰো ৰজাৰ বিৰুদ্ধে উঠিব, আৰু তেওঁক ভঙা হ’ব; কিন্তু মানুহৰ শক্তিৰে নহয়।
26 Vidění pak to večerní a jitřní, o němž povědíno, jest jistá pravda; pročež ty zavři to vidění, nebo jest mnohých dnů.
২৬সন্ধিয়া আৰু ৰাতিপুৱা বিষয়ৰ যি দৰ্শনৰ কথা কোৱা হ’ল, সেয়ে সত্য; কিন্তু এই দৰ্শন চাব মাৰি বন্ধ কৰা আছে; কিয়নো এয়ে ভৱিষ্যতৰ অনেক দিনবোৰক নিৰ্দেশ কৰা হৈছে।”
27 Tedy já Daniel zchuravěl jsem, a nemocen jsem byl několik dnů. Potom povstav, konal jsem povinnost od krále poručenou, byv předěšen nad tím viděním, čehož však žádný na mně neseznal.
২৭তাৰ পাছত মই দানিয়েলে মূৰ্চ্ছিত হৈ কিছু দিনলৈকে নৰিয়াত পৰি আছিলোঁ। তাৰ পাছত মই উঠিলোঁ, আৰু ৰজাৰ ব্যৱসায়লৈ গলো; কিন্তু সেই দৰ্শনৰ বাবে মই হতভম্ব হৈছিলোঁ, আৰু সেই ঠাইত সেই দৰ্শন বুজি পোৱা কোনো এজনো নাছিল।

< Daniel 8 >