< Daniel 10 >

1 Léta třetího Cýra krále Perského, zjeveno bylo slovo Danielovi, kterýž sloul jménem Baltazar, a pravé bylo slovo to, i uložený čas dlouhý, a rozum toho slova i smysl zjeven jemu u vidění.
পাৰস্যৰ ৰজা কোৰচৰ ৰাজত্ব কালৰ তৃতীয় বছৰত দানিয়েলৰ আগত এটা বাৰ্ত্তা প্ৰকাশ হৈছিল; আৰু সেই বাৰ্ত্তা সত্য। এইটো আছিল এটা মহাযুদ্ধৰ বিষয়। দানিয়েলে দৰ্শনৰ দ্বাৰাই অন্তৰ্দৃষ্টিৰে সেই বাৰ্ত্তা বুজি পালে।
2 V těch dnech já Daniel kvílil jsem za tři téhodny dnů.
সেই দিনবোৰত মই দানিয়েলে তিনি সপ্তাহ শোক কৰি আছিলোঁ।
3 Pokrmu pochotného jsem nejedl, ani maso ani víno nevešlo do úst mých, aniž jsem se mastí mazal, až se vyplnili dnové tří téhodnů.
সেই তিনি সপ্তাহ সম্পূৰ্ণ নোহোৱালৈকে মই সুস্বাদু আহাৰ, মাংস খোৱা নাছিলো, দ্রাক্ষাৰস পান কৰা নাছিলো, আৰু মই গাত তেলো ঘঁহা নাছিলো।
4 Dne pak dvadcátého čtvrtého měsíce prvního, když jsem byl na břehu řeky veliké, to jest Hiddekel.
তাৰ পাছত প্ৰথম মাহৰ চৌবিশ দিনৰ দিনা, মই মহানদীৰ পাৰত আছিলোঁ, নদীখনৰ নাম হিদ্দেকেল,
5 Pozdvih očí svých, viděl jsem, a aj, muž jeden oděný v roucho lněné, a bedra jeho přepásaná byla zlatem ryzím z Ufaz.
মই ওপৰলৈ চালোঁ, আৰু শণ সূতাৰ বস্ত্ৰ পিন্ধা, আৰু উফজৰ উত্তম সোণেৰে তৈয়াৰী টঙালি কঁকালত বন্ধা এজন মানুহক দেখিলোঁ।
6 Tělo pak jeho jako tarsis, a oblíčej jeho na pohledění jako blesk, a oči jeho podobné pochodním hořícím, a ramena jeho i nohy jeho na pohledění jako měď vypulerovaná, a zvuk slov jeho podobný zvuku množství.
তেওঁৰ শৰীৰ পোখৰাজ মণিৰ দৰে, তেওঁৰ মুখমণ্ডল উজ্বল, চকু দুটা জ্বলি থকা মশালৰ দৰে, তেওঁৰ বাহু আৰু ভৰি চকচকিয়া পিতলৰ দৰে, আৰু তেওঁৰ কোৱা কথাৰ শব্দ বহু লোকৰ কথা কোৱা শব্দৰ দৰে।
7 Viděl jsem pak já Daniel sám vidění to, ale muži ti, kteříž se mnou byli, neviděli toho vidění, než hrůza veliká připadla na ně, až i utekli, aby se skryli.
মই দানিয়েল অকলেই সেই দৰ্শন দেখিলোঁ; মোৰ লগত থকা লোকসকলে সেই দৰ্শন দেখা নাপালে; কাৰণ তেওঁলোক অতিশয় আতঙ্কিত হ’ল; আৰু নিজকে লুকুৱাবলৈ তেওঁলোক পলাল।
8 Pročež já zůstal jsem sám, a viděl jsem vidění to veliké, ale nezůstalo i ve mně síly, a krása má změnila se, a porušila na mně, aniž jsem mohl zadržeti síly.
সেয়ে মই অকলেই অৱশিষ্ট থাকিলো, আৰু সেই মহা দৰ্শন দেখা পালোঁ। মোৰ গাত একো শক্তি বাকী নাথাকিল; মোৰ প্রভাশালী চেহেৰা ভীতিজনক চেহেৰালৈ সলনি হৈছিল, আৰু মোৰ গাত শক্তি নাইকিয়া হৈছিল।
9 Tedy slyšel jsem zvuk slov jeho, a uslyšav zvuk slov jeho, usnul jsem tvrdě na tváři své, na tváři své na zemi.
তাৰ পাছত মই তেওঁৰ কথা শুনিলোঁ, তেওঁৰ কথাবোৰ শুনা সময়ত মই মাটিত উবুৰি হৈ পৰি ঘোৰ নিদ্ৰাত আছিলোঁ।
10 V tom aj, ruka dotkla se mne, a pozdvihla mne na kolena má a na dlaně rukou mých.
১০তেতিয়া এখন হাতে মোক চুলে, আৰু মই কঁপি উঠিলো, মোৰ আঁঠু আৰু দুই হাতৰ তলুৱাও ভয়ত কঁপি উঠিল।
11 I řekl mi: Danieli, muži velmi milý, pozoruj slov, kteráž já mluviti budu tobě, a stůj na místě svém, nebo nyní poslán jsem k tobě. A když promluvil ke mně slovo to, stál jsem, třesa se.
১১সেই দূতে মোক ক’লে, “হে দানিয়েল, হে অতি প্ৰিয় পুৰুষ, যি কথা মই তোমাক কৈ আছোঁ তুমি তাক বুজি লোৱা আৰু উঠি থিয় হোৱা; কাৰণ মোক তোমাৰ ওচৰলৈ পঠোৱা হ’ল।” যেতিয়া তেওঁ মোক সেই কথা কৈ আছিল, তেতিয়া মই উঠি থিয় হৈ কঁপিবলৈ ধৰিলোঁ।
12 Pročež řekl mi: Nebojž se, Danieli; nebo od prvního dne, jakž jsi přiložil srdce své, abys rozuměl, a trápil se před Bohem svým, vyslyšána jsou slova tvá, a já přišel jsem příčinou slov tvých.
১২তেতিয়া তেওঁ মোক ক’লে, “হে দানিয়েল ভয় নকৰিবা; কাৰণ তুমি বুজিবলৈ, আৰু নিজকে ঈশ্বৰৰ আগত নম্ৰ কৰিবলৈ মন স্থিৰ কৰা প্ৰথম দিনৰে পৰা তোমাৰ বাক্য শুনা গৈছে; আৰু তোমাৰ বাক্যৰ কাৰণেই মই আহিলোঁ
13 Ale kníže království Perského postavovalo se proti mně za jedenmecítma dnů, až aj, Michal, jeden přední z knížat, přišel mi na pomoc; protož jsem já zůstával tam při králích Perských.
১৩পাৰস্যৰ ৰক্ষকদূতে মোক প্রতিৰোধ কৰিছিল, আৰু মই পাৰস্যৰ ৰজাৰ সৈতে একৈশ দিনলৈকে আবদ্ধ কৰি ৰখা হৈছিলো। কিন্তু প্ৰধান ৰক্ষক শসনকর্তা এজনে মোক সহায় কৰিবলৈ আহিল।
14 Již pak přišel jsem, aťbych oznámil, co potkati má lid tvůj v potomních dnech; nebo ještě vidění bude o těch dnech.
১৪এতিয়া শেষ সময়ত তোমাৰ লোকসকললৈ যি ঘটিব, তাকে তোমাক বুজাবলৈ মই আহিলোঁ। কিয়নো এই দৰ্শন আহিব লগা দিনবোৰৰ বাবে হয়।”
15 A když mluvil ke mně ta slova, sklopiv tvář svou k zemi, oněměl jsem.
১৫যেতিয়া তেওঁ মোক এই কথা কৈ আছিল, তেতিয়া মই মাটিলৈ মুখ কৰি আছিলোঁ আৰু কথা ক’ব পৰা নাছিলোঁ।
16 A aj, jako podobnost člověka dotkla se rtů mých, a otevřev ústa svá, mluvil jsem a řekl tomu, kterýž stál naproti mně: Pane můj, příčinou toho vidění obrátili se bolesti mé na mne, a aniž jsem síly zadržeti mohl.
১৬তেতিয়া মানুহৰ দৰে এজন পুৰুষে মোৰ ওঁঠ চুলে, আৰু মই মূখ মেলি মোৰ আগত থিয় হৈ থকা জনক ক’লো, “হে মোৰ মহাশয়, এই দৰ্শনৰ কাৰণে মোৰ ভিতৰত মৰ্মবেদনাই ধৰিছে, মোৰ গাৰ বল নাইকিয়া হ’ল।
17 Jakž tedy bude moci služebník Pána mého takový mluviti se Pánem mým takovým, poněvadž ve mně od toho času, ve mně, pravím, nezůstalo síly, ani dchnutí nepozůstalo ve mně?
১৭মই আপোনাৰ দাস কেনেকৈ মই মোৰ গৰাকীৰ লগত কথা পাতিব পাৰোঁ? কাৰণ মোৰ গাত বল নাই, আৰু মোৰ উশাহো নাইকিয়া হ’ল।”
18 Pročež opět dotkl se mne na pohledění jako člověk, a posilnil mne.
১৮তেতিয়া মানুহৰ আকৃতিৰ সেই পুৰুষ জনে পুনৰাই মোক চুই সবল কৰিলে।
19 A řekl: Neboj se, muži velmi milý, pokoj tobě, posilň se, posilň se, pravím. Když pak on mluvil se mnou, posilněn jsa, řekl jsem: Nechť mluví Pán můj, nebo jsi mne posilnil.
১৯তেওঁ ক’লে, “হে অতি প্ৰিয় পুৰুষ ভয় নকৰিবা; তোমাৰ শান্তি হওক; তুমি এতিয়া সবল হোৱা, সবল হোৱা!” যেতিয়া তেওঁ মোক কথা কৈ আছিল, তেতিয়া মই সবল হ’লো আৰু ক’লোঁ, “মোৰ প্ৰভুৱে কওক; কাৰণ আপুনি মোক সবল কৰিলে।”
20 I řekl: Víš-liž, proč jsem přišel k tobě? Nebo již navrátím se, abych bojoval s knížetem Perským. A já odcházím, a aj, kníže Řecké přitáhne.
২০তেতিয়া তেওঁ মোক ক’লে, “মই তোমাৰ ওচৰলৈ কিয় আহিছোঁ, তুমি জানা নে? এতিয়া মই পাৰস্যৰ ৰক্ষক দূতবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ঘূৰি যাওঁ। মই যেতিয়া গুচি যাম তেতিয়া গ্রীচৰ ৰক্ষকদূত আহিব।
21 Ale oznámímť to, což jest zapsáno v psání pravdomluvném; nebo ani jednoho není, ješto by sobě zmužile počínal se mnou v těch věcech, kromě Michala knížete vašeho.
২১কিন্তু সত্যৰ পুস্তকত কি লিখা আছে, সেই কথা মই তোমাক জনাম; তেওঁলোকৰ বিৰুদ্ধে মোক সহায় কৰিবলৈ তোমালোকৰ ৰক্ষক দূতবোৰৰ মাজত মীখায়েলৰ বাহিৰে আন কোনো শক্তিশালী নাই।”

< Daniel 10 >