< 2 Samuelova 6 >

1 Tedy sebral opět David výborného lidu z Izraele třidceti tisíc.
দায়ূদে পুনৰাই ইস্ৰায়েলৰ আটাই মনোনীত লোকক লৈ ত্ৰিশ হাজাৰজন লোকক গোটালে।
2 A vstav, šel David i všecken lid, kterýž byl s ním, z Bála Judova, aby přinesli odtud truhlu Boží, při kteréž se vzývá jméno, jméno Hospodina zástupů, sedícího nad cherubíny.
তাৰ পাছত দায়ুদ আৰু তেওঁৰ লগত থকা আটাই লোক উঠি যিহূদাত থকা বালিৰ পৰা, ঈশ্বৰৰ নাম অৰ্থাৎ কৰূব দুটা মাজত বহা বাহিনীসকলৰ যিহোৱাৰ নামেৰে প্ৰখ্যাত সেই ঈশ্বৰৰ নিয়ম-চন্দুক আনিবলৈ যাত্ৰা কৰিলে।
3 I vstavili truhlu Boží na nový vůz, vzavše ji z domu Abinadabova, kterýž byl na pahrbku. Uza pak a Achio, synové Abinadabovi, spravovali ten vůz nový.
পাছত তেওঁলোকে ঈশ্বৰৰ নিয়ম-চন্দুক এখন নতুন ৰথত তুলি ল’লে৷ তেওঁলোকে এই নিয়ম-চন্দুক পৰ্ব্বতত থকা অবীনাদবৰ ঘৰৰ পৰা উলিয়াই আনিলে৷ অবীনাদবৰ পুত্ৰ উজ্জা আৰু অহিয়োৱে সেই নতুন ৰথ চলাই আনিলে।
4 A tak vzali ji z domu Abinadabova, kterýž byl na pahrbku, jdouce s truhlou Boží; Achio pak šel před truhlou.
তেওঁলোকে পৰ্ব্বতত থকা অবীনাদবৰ ঘৰৰ পৰা ঈশ্বৰৰ নিয়ম-চন্দুকে সৈতে ৰথখন উলিয়াই আনিলে৷ অহিয়ো নিয়ম-চন্দুকৰ আগে আগে গ’ল।
5 Ale David i všecken dům Izraelský hrali před Hospodinem na všelijaké nástroje z dříví cedrového, totiž na harfy, loutny, bubny, husličky, a na cymbály.
তেতিয়া দায়ুদ আৰু ইস্ৰায়েলৰ আটাই বংশই দেবদাৰু কাঠেৰে সজা নানা ধৰণৰ বাদ্যযন্ত্ৰ নেবল, খঞ্জৰী, খুটিতাল আৰু ভোটতাল আদি বজাই যিহোৱাৰ আগত গুণানুকীর্তন কৰিলে৷
6 A když přišli k humnu Náchonovu, vztáhl ruku svou Uza k truhle Boží a pozdržel jí, nebo uchýlili se volové.
যেতিয়া তেওঁলোকে নাখুনৰ মৰণা মৰা ঠাই পালে তাতে গৰুহাল পিছল খোৱাত, উজ্জাই হাত মেলি যিহোৱাৰ সেই নিয়ম-চন্দুকটি ধৰিলে৷
7 Protož rozhněval se Hospodin na Uzu, a zabil ho Bůh pro neprozřetelnost; i umřel tu u truhly Boží.
তেতিয়া উজ্জাৰ প্ৰতি যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ল৷ তেওঁৰ ভ্ৰান্তিৰ কাৰণে ঈশ্বৰে সেই ঠাইতে তেওঁক আঘাত কৰিলে৷ তাতে উজ্জাৰ সেই ঠাইত ঈশ্বৰৰ নিয়ম-চন্দুকটিৰ কাষতে মৃত্যু হ’ল।
8 Tedy zkormoutil se David, proto že se Hospodin tak přísně obořil na Uzu. I nazváno to místo Peres Uza až do tohoto dne.
যিহোৱাই উজ্জাক আঘাত কৰাৰ কাৰণে দায়ূদে মনত বেজাৰ পালে আৰু তেওঁ সেই ঠাইৰ নাম পেৰচ-উজ্জা ৰাখিলে৷ আজিলৈকে সেই ঠাইৰ নাম পেৰচ-উজ্জা’ই আছে।
9 A boje se David Hospodina v ten den, řekl: Kterakž má vjíti ke mně truhla Hospodinova?
সেই দিনা দায়ূদৰ যিহোৱাৰ প্ৰতি ভয় লাগিল৷ তেওঁ ক’লে “যিহোৱাৰ নিয়ম-চন্দুক মোৰ ওচৰলৈ কেনেকৈ আহিব?”
10 Pročež David nechtěl přenésti k sobě truhly Hospodinovy do města svého, ale způsobil to, aby se obrátila do domu Obededoma Gittejského.
১০এই হেতুকে দায়ূদে তেওঁৰ লগত যিহোৱাৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰলৈ আনিবলৈ ইচ্ছা নকৰিলে৷ তাৰ সলনি তেওঁ সেই নিয়ম চন্দুকটি গাতীয়া ওবেদ-ইদোমৰ ঘৰত থলেগৈ।
11 I pobyla truhla Hospodinova v domě Obededoma Gittejského za tři měsíce, a požehnal Hospodin Obededomovi i všemu domu jeho.
১১যিহোৱাৰ নিয়ম-চন্দুকটি গাতীয়া ওবেদ-ইদোমৰ ঘৰত তিনি মাহ থাকিল৷ তাতে যিহোৱাই ওবেদ-ইদোমক আৰু তেওঁৰ গোটেই ঘৰখনক আশীৰ্ব্বাদ কৰিলে।
12 V tom povědíno jest králi Davidovi, že požehnal Hospodin domu Obededomovu i všemu, což má, pro truhlu Boží. Tedy odšed David, přenesl truhlu Boží z domu Obededomova do města Davidova s veselím.
১২তাৰ পাছত “যিহোৱাই ঈশ্বৰৰ নিয়ম-চন্দুকৰ বাবে ওবেদ-ইদোমৰ ঘৰ আৰু তেওঁৰ যি যি আছে, সেই সকলোকে আশীৰ্ব্বাদ কৰিলে” এই বুলি দায়ূদৰ আগত কোৱা হ’ল। তেতিয়া দায়ূদে গৈ ওবেদ ইদোমৰ ঘৰৰ পৰা আনন্দেৰে ঈশ্বৰৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰলৈ লৈ আনিলে।
13 A když poodešli ti, kteříž nesli truhlu Hospodinovu, na šest kroků, obětoval voly a tučný dobytek.
১৩যেতিয়া যিহোৱাৰ নিয়ম-চন্দুকটি কঢ়িয়াই অনা লোকসকলে ছখোজ আগবাঢ়ি গ’ল, তেওঁ এটা বলদগৰু আৰু এটা হৃষ্টপুষ্ট গৰু পোৱালি বলিদান কৰিলে।
14 David pak poskakoval ze vší síly před Hospodinem, a byl oblečen David v efod lněný.
১৪আৰু দায়ূদে শণ সূতাৰ এখন এফোদ পিন্ধি যিহোৱাৰ আগত পাৰে মানে নাচিলে৷
15 A tak David i všecken dům Izraelský provázeli truhlu Hospodinovu s plésáním a zvukem trouby.
১৫এইদৰে দায়ুদ আৰু ইস্ৰায়েলৰ সকলো বংশই জয়ধ্বনি কৰি কৰি আৰু শিঙাৰ বাদ্য বজাই বজাই যিহোৱাৰ নিয়ম-চন্দুকটি লৈ আনিলে।
16 Stalo se pak, když truhla Hospodinova vcházela do města Davidova, že Míkol dcera Saulova vyhlídala z okna, a viduci krále Davida plésajícího a poskakujícího před Hospodinem, pohrdla jím v srdci svém.
১৬তেতিয়া যিহোৱাৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰত সোমাওঁতে, চৌলৰ জীয়েক মীখলে খিড়িকি দুৱাৰেদি চাই আছিল৷ যিহোৱাৰ আগত দায়ুদ ৰজাক ডেও দি নাচি থকা দেখি, মনতে তেওঁক তুচ্ছ জ্ঞান কৰিলে।
17 A když přinesli truhlu Hospodinovu, postavili ji na místě jejím u prostřed stanu, kterýž jí byl David rozbil; a obětoval David před Hospodinem oběti zápalné i pokojné.
১৭পাছত তেওঁলোকে যিহোৱাৰ নিয়ম-চন্দুকটি ভিতৰলৈ আনি, দায়ূদে তাৰ ঠাই স্থাপন কৰি ৰখা তম্বুৰ মজিয়াৰ মাজত ৰাখিলে৷ আৰু দায়ূদে যিহোৱাৰ সাক্ষাতে হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে।
18 Zatím když přestal David obětovati obětí zápalných a pokojných, dal požehnání lidu ve jménu Hospodina zástupů.
১৮পাছে হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ শেষ হোৱাৰ পাছত দায়ূদে বাহিনীসকলৰ যিহোৱাৰ নামেৰে লোকসকলক আশীৰ্ব্বাদ কৰিলে।
19 Dal také všemu lidu a všemu množství Izraelskému, od muže až do ženy, jednomu každému jeden pecník chleba a kus masa, a vína láhvici jednu. I odšel všecken lid, jeden každý do domu svého.
১৯আৰু সকলো লোকৰ মাজত অৰ্থাৎ ইস্ৰায়েলৰ গোটেই লোক সকলৰ মাজত থকা প্ৰত্যেক পুৰুষ আৰু স্ত্ৰীক এটা পিঠা, এটুকুৰা মঙহ আৰু এলদা এলদা শুকান দ্ৰাক্ষাগুটি বিলাই দিলে। পাছত সকলো লোক নিজ নিজ ঘৰলৈ গুচি গ’ল।
20 Potom navracoval se David, aby dal požehnání domu svému. I vyšla Míkol dcera Saulova vstříc Davidovi, a řekla: Jak slavný byl dnes král Izraelský, kterýž se odkrýval dnes před děvkami služebníků svých, tak jako se odkrývá jeden z lehkomyslných!
২০তেতিয়া দায়ূদে নিজৰ পৰিয়ালক আশীৰ্ব্বাদ কৰিবৰ বাবে উভটি আহিল৷ চৌলৰ জীয়েক মীখলে, দায়ূদক আগবঢ়াবলৈ ওলাই গৈ ক’লে, “আজি ইস্ৰায়েলৰ ৰজা কেনে গৌৰৱান্বিত হ’ল! যেনেকৈ কোনো অমার্জিত চিত্তৰ লোক নিলাজৰ দৰে বিবস্ত্ৰ হয়, তেনেকৈ তেওঁ আজি নিজ দাসবোৰৰ মাজৰ বেটীসকলৰ আগত বিবস্ত্ৰ হ’ল!”
21 I řekl David k Míkol: Před Hospodinem, (kterýž mne vyvolil nad otce tvého a nad všecken dům jeho, přikázav mi, abych byl vývodou lidu Hospodinova, totiž Izraele, ) plésal jsem a plésati budu před Hospodinem.
২১তেতিয়া দায়ূদে সমিধান দি মীখলক ক’লে, “তোমাৰ পিতৃ আৰু তেওঁৰ সকলো বংশৰ ওপৰত যিহোৱাৰ প্ৰজা ইস্ৰায়েল লোকৰ অধ্যক্ষপদত মোক যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে মনোনীত কৰিলে, সেই যিহোৱাৰ সাক্ষাতেই মই তাকেই কৰিলোঁ। এই হেতুকে মই সেই যিহোৱাৰ সাক্ষাতেই আমোদ কৰিম৷
22 Anobrž čím se ještě více opovrhu nežli tuto, a ponížím se u sebe sám, tím i u těch děvek, o nichž jsi mluvila, i u těch, pravím, slavnější budu.
২২মই ইয়াতকৈয়ো আৰু ‘লঘু’ হ’ম আৰু মোৰ নিজ দৃষ্টিত আৰু হীন হ’ম, কিন্তু তুমি যি বেটীসকলৰ কথা কলা, সিহঁতৰ আগতেই নিলাজৰ দৰে অমার্জিত চিত্তৰ লোক হৈ আদৰ পোৱা হ’ম।”
23 Protož Míkol dcera Saulova neměla žádného plodu až do dne smrti své.
২৩এতেকে চৌলৰ জীয়েক মীখলৰ মৰণ কাললৈকে কোনো সন্তান নহ’ল।

< 2 Samuelova 6 >