< 2 Královská 13 >

1 Léta třimecítmého Joasa syna Ochoziáše, krále Judského, kraloval Joachaz syn Jéhu nad Izraelem v Samaří sedmnácte let.
যিহূদাৰ ৰজা অহজিয়াৰ পুত্ৰ যোৱাচৰ ৰাজত্বৰ তেইশ বছৰৰ সময়ত যেহূৰ পুত্ৰ যিহোৱাহজ চমৰিয়াত ইস্ৰায়েলৰ ৰজা হ’ল। তেওঁ সোঁতৰ বছৰ ৰাজত্ব কৰিছিল।
2 A činil to, což jest zlého před očima Hospodinovýma; nebo následoval hříchů Jeroboáma syna Nebatova, kterýž přivedl k hřešení Izraele, a neuchýlil se od nich.
যিহোৱাৰ দৃষ্টিত যি বেয়া তেওঁ তাকেই কৰিছিল আৰু নবাটৰ পুতেক যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিসকলো পাপ কার্য কৰাইছিল, তেওঁ তাকেই কৰিছিল; তাৰ পৰা তেওঁ আঁতৰি অহা নাছিল।
3 I rozhněvala se prchlivost Hospodinova na Izraele, a vydal je v ruku Hazaele krále Syrského, a v ruku Benadada syna Hazaelova po všecky ty dny.
সেয়ে, ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ অৰামৰ ৰজা হজায়েল আৰু তেওঁৰ পুত্ৰ বিন-হদদৰ হাতত বাৰে বাৰে তেওঁলোকক শোধাই দিছিল।
4 Ale když se modlil Joachaz Hospodinu, vyslyšel jej Hospodin. Viděl zajisté trápení Izraelské, že je ssužoval král Syrský.
পাছত যিহোৱাহজে যিহোৱাৰ ওচৰত মিনতি কৰিলে আৰু যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলে, কাৰণ অৰামৰ ৰজাই ইস্ৰায়েলৰ ওপৰত যি উপদ্ৰৱ কৰিছিল তাক যিহোৱাই চাই আছিল।
5 Protož dal Hospodin Izraelovi vysvoboditele, a vyšli z ruky Syrských, i bydlili synové Izraelští v příbytcích svých jako kdy prvé.
তেতিয়া যিহোৱাই ইস্ৰায়েলক এজন উদ্ধাৰকর্তা দিলে। তাতে ইস্রায়েলীয়াসকল অৰামীয়াসকলৰ হাতৰ পৰা মুক্ত হ’ল আৰু তেওঁলোকে পূৰ্বৰ দৰে নিজ নিজ গৃহত শান্তিৰে বাস কৰিবলৈ ধৰিলে।
6 Však proto neodstoupili od hříchů domu Jeroboámova, kterýž přivedl k hřešení Izraele, nýbrž v nich chodili, ano i háj ještě zůstával v Samaří,
তথাপিও যাৰবিয়ামে যিবোৰ পাপৰ দ্বাৰাই ইস্ৰায়েলক পাপ কৰাইছিল, তেওঁলোকে সেই সকলো পাপ কার্য কৰিয়েই থাকিল। আচেৰা মুৰ্ত্তিটো তেতিয়াও চমৰিয়াতে আছিল।
7 Ačkoli nezanechal Joachazovi lidu, kromě padesáti jízdných a desíti vozů a desíti tisíců pěších; nebo je pohubil král Syrský, a setřel je jako prach při mlácení.
পঞ্চাশ জন অশ্বাৰোহী, দহখন ৰথ আৰু দহ হাজাৰ পদাতিক সৈন্যৰ বাহিৰে যিহোৱাহজৰ আন কোনো সৈন্য নাথাকিল; কাৰণ অৰামৰ ৰজাই বাকী সকলোকে বিনষ্ট কৰিলে। তেওঁলোকক মৰণা মৰা খলাৰ ধূলিৰ দৰে কৰিলে।
8 O jiných pak činech Joachazových, a cožkoli činil, i o síle jeho zapsáno jest v knize o králích Izraelských.
যিহোৱাহজৰ অন্যান্য সকলো কর্ম আৰু পৰাক্রমৰ বৃত্তান্ত, “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
9 I usnul Joachaz s otci svými, a pochovali ho v Samaří. Kraloval pak Joas syn jeho místo něho.
পাছত যিহোৱাহজ তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে তেওঁক চমৰিয়াত মৈদাম দিলে। তেওঁৰ পুত্ৰ যোৱাচ তেওঁৰ পদত ৰজা হ’ল।
10 Léta třidcátého sedmého Joasa krále Judského kraloval Joas syn Joachazův nad Izraelem v Samaří šestnácte let.
১০যিহূদাৰ ৰজা যোৱাচৰ ৰজাৰ ৰাজত্বৰ সাতত্ৰিশ বছৰৰ সময়ত যিহোৱাহজৰ পুত্ৰ যিহোৱাচ চমৰিয়াত ইস্ৰায়েলৰ ৰজা হ’ল। তেওঁ ষোল্ল বছৰ ৰাজত্ব কৰিছিল।
11 A činil to, což jest zlého před očima Hospodinovýma, neuchýliv se od žádných hříchů Jeroboáma syna Nebatova, kterýž přivedl k hřešení Izraele, ale chodil v nich.
১১তেওঁ যিহোৱাৰ দৃষ্টিত যি বেয়া তাকেই কৰিছিল আৰু নবাটৰ পুতেক যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যি সকলো পাপ কার্য কৰাইছিল, তেওঁ তাকেই কৰিছিল; তাৰ পৰা তেওঁ আঁতৰি অহা নাছিল।
12 O jiných pak činech Joasových, i cožkoli činil, i o síle jeho, kterouž bojoval proti Amaziášovi králi Judskému, zapsáno jest v knize o králích Izraelských.
১২যোৱাচৰ অন্যান্য সকলো কর্ম আৰু যি পৰাক্রমেৰে তেওঁ যিহূদাৰ ৰজা অমচিয়াৰ সৈতে যুদ্ধ কৰিছিল, সেই সকলো বৃত্তান্ত “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
13 I usnul Joas s otci svými, a sedl Jeroboám na stolici jeho. I pochován jest Joas v Samaří s králi Izraelskými.
১৩পাছত যোৱাচ তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু যাৰবিয়াম তেওঁৰ সিংহাসনত বহিল; যোৱাচক ইস্ৰায়েলৰ ৰজাসকলৰ লগত চমৰিয়াত মৈদাম দিয়া হ’ল।
14 Elizeus pak roznemohl se nemocí těžkou, v kteréž i umřel. A přišel byl k němu Joas král Izraelský, a pláče nad ním, řekl: Otče můj, otče můj, vozové Izraelští a jízdo jeho!
১৪পাছত ইলীচা অসুস্থ হৈ পৰিল আৰু সেই অসুখতেই তেওঁৰ মৃত্যু হৈছিল। ইস্রায়েলৰ ৰজা যিহোৱাচ তেওঁৰ ওচৰলৈ গৈ কান্দি কান্দি ক’লে, “হে মোৰ পিতৃ, হে মোৰ পিতৃ, ইস্ৰায়েলৰ ৰথ আৰু অশ্বাৰোহীসকলে আপোনাক লৈ যাব!”
15 Ale Elizeus řekl jemu: Vezmi lučiště a střely. I vzav, přinesl k němu lučiště a střely.
১৫তেতিয়া ইলীচাই তেওঁক ক’লে, “আপুনি মোৰ বাবে এখন ধনু আৰু কিছুমান কাঁড় লৈ আহঁক।” ৰজাই তেতিয়া এখন ধনু আৰু কিছুমান কাঁড় আনিলে।
16 Řekl dále králi Izraelskému: Vezmi v ruku svou lučiště. I vzal je v ruku svou. Vložil také Elizeus ruce své na ruce královy.
১৬তাৰ পাছত ইলীচাই ইস্ৰায়েলৰ ৰজাক ক’লে, “আপোনাৰ হাত ধনুত ৰাখক।” তেতিয়া ৰজাই ধনুখনৰ ওপৰত হাত ৰাখিলে। ইলীচাই নিজৰ হাত ৰজাৰ হাতৰ ওপৰত থলে।
17 A řekl: Otevři to okno k východu. A když otevřel, řekl Elizeus: Střeliž. I střelil. Tedy řekl: Střela spasení Hospodinova a střela vysvobození proti Syrským; nebo porazíš Syrské v Afeku, až i do konce vyhladíš je.
১৭ইলীচাই ক’লে, “পূব ফালৰ খিড়িকিখন খুলি দিয়ক।” তাতে ৰজাই তাক খুলি দিলে। তাৰ পাছত ইলীচাই ক’লে, “কাঁড় মাৰি দিয়ক!” ৰজাই সেইদৰে কাঁড় মাৰি দিলে। তেতিয়া ইলীচাই ক’লে, “এইয়া যিহোৱাৰ জয়লাভৰ কাঁড়, অৰামৰ ওপৰত জয়লাভৰ কাঁড়; আপুনি অফেকাত অৰামীয়াসকলক সমূলে ধ্বংস নকৰালৈকে আক্রমণ কৰিব।”
18 Opět řekl: Vezmi střely. I vzal. Tedy řekl králi Izraelskému: Střílej k zemi. I střelil po třikrát, potom tak nechal.
১৮তেওঁ পুনৰ ক’লে, “আপুনি কাঁড়বোৰ লওঁক।” ৰজাই সেইবোৰ লোৱাৰ পাছত ইলীচাই ইস্রায়েলৰ ৰজাক ক’লে, “সেইবোৰেৰে মাটিত আঘাত কৰক।” তাতে ৰজাই মাটিত তিনিবাৰ আঘাত কৰিলে।
19 Pročež rozhněvav se na něj muž Boží, řekl: Měls pětkrát neb šestkrát střeliti, ješto bys byl porazil Syrské, ažbys je i do konce byl vyhladil; nyní pak jen po třikrát porazíš Syrské.
১৯তেতিয়া ঈশ্বৰৰ লোকে তেওঁৰ ওপৰত ক্রুদ্ধ হৈ ক’লে, “পাঁচ-ছয়বাৰ মাটিত আঘাত কৰা আপোনাৰ উচিত আছিল। সেয়ে হোৱা হলে, আপুনি অৰামীয়াসকলক সমূলে ধ্বংস নোহোৱালৈকে আক্রমণ কৰি থাকিব পাৰিলেহেঁতেন। কিন্তু এতিয়া আপুনি কেৱল তিনিবাৰ তেওঁলোকক আক্রমণ কৰিব পাৰিব।
20 Potom umřel Elizeus, a pochovali ho. Lotříkové pak Moábští vtrhli do země nastávajícího roku.
২০পাছত ইলীচাৰ মৃত্যু হ’ল আৰু তেওঁক মৈদাম দিয়া হ’ল। বছৰৰ আৰম্ভণিতে মোৱাবীয়া দলবোৰ ইস্ৰায়েল দেশত সোমাল।
21 I stalo se, když pochovávali jednoho, že uzřevše ty lotříky, uvrhli muže toho do hrobu Elizeova. Kterýžto muž, jakž tam padl, a dotekl se kostí Elizeových, ožil a vstal na nohy své.
২১এবাৰ ইস্রায়েলীয়াসকলে যেতিয়া এজন মানুহক মৈদাম দি আছিল, তেতিয়া হঠাৎ এদল মোৱাবীয়া মানুহ দেখি তেওঁৰ শৱটো ইলীচাৰ মৈদামৰ ভিতৰত পেলাই দিলে; তাতে সেই শৱে ইলীচাৰ অস্থি স্পৰ্শ কৰা মাত্ৰে জী উঠি নিজৰ ভৰিত ভৰ দি থিয় হ’ল।
22 Hazael pak král Syrský, ssužoval Izraele po všecky dny Joachaza.
২২যিহোৱাহজৰ গোটেই ৰাজত্ব কালত অৰামৰ ৰজা হজায়েলে ইস্ৰায়েলক উপদ্ৰৱ কৰিছিল।
23 A milostiv jsa jim Hospodin, slitoval se nad nimi, a popatřil na ně, pro smlouvu svou s Abrahamem, s Izákem a s Jákobem, a nechtěl jich zahladiti, aniž zavrhl jich od tváři své až do tohoto času.
২৩কিন্তু যিহোৱাই অব্ৰাহাম, ইচহাক আৰু যাকোবে সৈতে কৰা নিয়মৰ কাৰণে, তেওঁ ইস্ৰায়েলৰ ওপৰত অনুগ্ৰহ আৰু দয়া কৰিলে; তেওঁলোকলৈ মনোযোগ দিলে। সেয়ে যিহোৱাই তেওঁলোকক বিনষ্ট কৰা নাছিল আৰু এতিয়াও তেওঁলোকক নিজৰ উপস্থিতিৰ পৰা দূৰ কৰা নাই।
24 I umřel Hazael král Syrský, a kraloval Benadad syn jeho místo něho.
২৪অৰামৰ ৰজা হজায়েলৰ মৃত্যু হ’ল আৰু তেওঁৰ পুত্ৰ বিন-হদদ তেওঁৰ পদত ৰজা হ’ল।
25 Protož Joas syn Joachazův pobral zase města z ruky Benadada syna Hazaelova, kteráž byl vzal z ruky Joachaza otce jeho válečně; nebo po třikrát porazil ho Joas, a navrátil města Izraelská.
২৫যিহোৱাহজৰ পুত্র যিহোৱাচে সেই সকলো নগৰবোৰ পুনৰায় অধিকাৰ কৰিলে, যিবোৰ নগৰ হজায়েলৰ পুত্র বিন-হদদে তেওঁৰ পিতৃ যিহোৱাহজৰ পৰা যুদ্ধত জয় কৰি লৈছিল। যিহোৱাচে তিনিবাৰ বিন-হদদক আক্ৰমণ কৰি ইস্ৰায়েলৰ সেই নগৰবোৰ পুনৰায় উদ্ধাৰ কৰিলে।

< 2 Královská 13 >