< 2 Královská 11 >

1 Atalia pak matka Ochoziášova viduci, že umřel syn její, vstavši, pomordovala všecko símě královské.
যিহূদাৰ ৰজা অহজিয়াৰ মাক অথলিয়াই যেতিয়া দেখিলে যে তেওঁৰ পুত্রৰ মৃত্যু হ’ল, তেতিয়া তেওঁ ৰাজবংশৰ সকলো সন্তানকে বধ কৰিলে।
2 Ale Jozaba dcera krále Jehorama, sestra Ochoziášova, vzala Joasa syna Ochoziášova, a ukradši ho z prostředku synů královských, kteříž mordováni byli, skryla jej i s chůvou jeho v pokoji, kdež lůže byla. A tak skryli ho před Atalií, a není zamordován.
কিন্তু সকলো ৰাজপুত্রক বধ কৰাৰ সময়ত ৰজা যিহোৰামৰ জীয়েক অর্থাৎ অহজিয়াৰ ভনীয়েক যিহোচেবাই অহজিয়াৰ পুত্র যোৱাচক ৰাজপুত্রসকলৰ মাজৰ পৰা চুৰ কৰি আনিলে। যিহোচেবাই যোৱাচক অথলিয়াৰ পৰা লুকুৱাই ৰাখিবৰ কাৰণে তেওঁক ধাই মাকৰে সৈতে এটা শোৱা কোঁঠালিত ৰাখিলে। সেয়ে অথলিয়াই যোৱাচক বধ কৰিব নোৱাৰিলে।
3 I byl s ní v domě Hospodinově tajně za šest let, v nichž Atalia kralovala nad zemí.
যোৱাচক লৈ যিহোচেবা যিহোৱাৰ গৃহত ছবছৰ লুকাই থাকিল; সেই সময়ত যিহূদা দেশত অথলিয়াই শাসন কৰিছিল।
4 Léta sedmého poslav Joiada, povolal setníků, hejtmanů a drabantů. I uvedl je k sobě do domu Hospodinova, a učinil s nimi smlouvu, a zavázav je přísahou v domě Hospodinově, ukázal jim syna králova.
সপ্তম বছৰত পুৰোহিত যিহোয়াদাই দেহৰক্ষীসকলৰ শত-সেনাপতি আৰু ৰক্ষক-সেনাসকলৰ শত-সেনাপতিসকললৈ বার্তা পঠাই যিহোৱাৰ গৃহত নিজৰ ওচৰলৈ মাতি আনিলে। তেওঁ তেওঁলোকৰ সৈতে এটি চর্ত কৰিলে। যিহোৱাৰ গৃহত তেওঁ তেওঁলোকক এক শপত খোৱাই লৈ ৰাজকোঁৱৰ যোৱাচক আনি তেওঁলোকক দেখুৱালে।
5 A přikázal jim, řka: Tato jest věc, kterouž učiníte: Třetí díl vás, kteříž přicházíte v sobotu, a držíte stráž, bude při domě králově,
তাৰ পাছত তেওঁ তেওঁলোকক নির্দেশ দি ক’লে, “আপোনালোকে এই কাম কৰিব লাগিব: আপোনালোকৰ যিসকলে বিশ্রামবাৰে কাম কৰিবলৈ যাব, তেওঁলোকৰ তিনি ভাগৰ এভাগে ৰাজগৃহ পহৰা দিব।
6 A díl třetí bude u brány Sur, a třetí díl bude u brány za drabanty, a budete stráž držeti, ostříhajíce domu tohoto před outokem.
এক ভাগ ছুৰ দুৱাৰত থাকিব আৰু এক ভাগ ৰক্ষক-সেনাগৃহৰ পাছফালৰ দুৱাৰত থাকিব।”
7 Vy pak všickni, kteříž byste odjíti měli v sobotu, po vykonání povinnosti při domě Hospodinově, ve dvě poboční stráže rozdělení, buďte při králi.
আপোনালোকৰ অন্য দুটা দল, যিসকলে বিশ্রামবাৰে ছুটি পাব, তেওঁলোক সকলোৱে যিহোৱাৰ গৃহত ৰজা যোৱাচক পহৰা দিব।
8 A tak obstoupíte krále vůkol, jeden každý majíce braň svou v rukou svých. Kdož by pak šel do šiku vašeho, ať umře; a budete při králi, když bude vycházeti i když bude vcházeti.
আপোনালোক প্ৰতিজনে হাতত অস্ত্ৰ লৈ ৰজাক চাৰিওফালে ঘেৰি ৰাখিব। আপোনালোকৰ শাৰীৰ মাজত যেয়ে সোমাই আহিব তেওঁকে বধ কৰা হওঁক; ৰজা বাহিৰ বা ভিতৰ য’লৈকে যাওঁক, আপোনালোক তেওঁৰ সঙ্গে সঙ্গে থাকিব।
9 Protož učinili setníci ti všecky věci tak, jakž byl rozkázal Joiada kněz, a vzavše jeden každý muže své, kteříž přicházeli v sobotu a kteříž odcházeli v sobotu, přišli k Joiadovi knězi.
সেইদৰেই পুৰোহিত যিহোয়াদাই যিদৰে নির্দেশ দিলে, শত-সেনাপতিসকলে সেই সকলোকে কৰিলে। তেওঁলোক প্ৰতিজনে নিজৰ নিজৰ লোকসকলক অর্থাৎ যিসকলে বিশ্ৰাম বাৰে কাম কৰিবলৈ আহিছিল আৰু যিসকলে কামৰ পৰা ছুটি কৰিছিল, সেই সকলোকে লৈ যিহোয়াদা পুৰোহিতৰ ওচৰলৈ আহিল।
10 I dal kněz setníkům kopí a pavézy, kteréž byly Davida krále, a kteréž byly v domě Hospodinově.
১০পুৰোহিত যিহোয়াদাই তেতিয়া ৰজা দায়ুদৰ যি সকলো যাঠি আৰু ঢাল যিহোৱাৰ গৃহত আছিল, সেইবোৰ লৈ শত-সেনাপতিসকলক দিলে।
11 Stáli pak ti drabanti, jeden každý držíce braň svou v ruce své, od pravé strany domu až do levé strany domu, proti oltáři a proti domu při králi vůkol.
১১ৰক্ষক-সেনাবোৰৰ প্রত্যেকেই ৰজাৰ চাৰিওফালে হাতত নিজৰ অস্ত্র লৈ মন্দিৰৰ সোঁ ফালৰ পৰা বাওঁ ফাললৈকে যজ্ঞবেদীৰ কাষে কাষে থিয় হৈ থাকিল।
12 Tedy vyvedl syna králova, a vstavil na něj korunu a ozdobu. I ustanovili jej králem a pomazali ho, a plésajíce rukama, říkali: Živ buď král!
১২তাৰ পাছত যিহোয়াদাই ৰাজকোঁৱৰ যোৱাচক বাহিৰলৈ উলিয়াই আনি তেওঁৰ মূৰত মুকুট পিন্ধাই হাতত ব্যৱস্থা-পুস্তকখন দিলে। তেওঁলোকে তেওঁক ৰাজপদত অভিষেক কৰিলে। তাতে সকলোৱে হাত তালি দি সমস্বৰে ক’লে, “মহাৰাজ চিৰজীৱি হওঁক।”
13 V tom uslyševši Atalia hluk plésajícího lidu, vešla k lidu do domu Hospodinova.
১৩ৰক্ষক-সেনা আৰু লোকসকলৰ কোলাহল শুনি মহাৰাণী অথলিয়া যিহোৱাৰ গৃহলৈ লোক সকলৰ কাষলৈ আহিল।
14 A když pohleděla, a aj, král stál na místě vyšším, vedlé obyčeje s knížaty, a trouby byly před králem, a všecken lid země byl vesel, i troubili v trouby. Tedy roztrhla Atalia roucho své a zkřikla: Spiknutí, spiknutí!
১৪তেওঁ চাই দেখিলে যে, তাত ৰীতি অনুসাৰে ৰজা যোৱাচ স্তম্ভটোৰ ওচৰত থিয় হৈ আছে। শত-সেনাপতিসকল আৰু শিঙা বজোৱাসকল ৰজাৰ কাষত ঘেৰি আছে; সকলো দেশবাসীয়ে আনন্দ কৰিছে আৰু শিঙা বজাইছে। তেতিয়া ৰাণী অথলিয়াই নিজৰ কাপোৰ ফালি চিঞৰিলে, “ৰাজদ্ৰোহী! ৰাজদ্ৰোহী!”
15 Protož rozkázal Joiada kněz těm setníkům ustaveným nad vojskem, řka jim: Pusťte ji prostředkem řadu, a i toho, kdož by za ní šel, zabíte mečem. Nebo byl řekl kněz: Ať není zabita v domě Hospodinově.
১৫পুৰোহিত যিহোয়াদাই তেতিয়া যিসকলৰ ওপৰত সেনাদলৰ ভাৰ আছিল, সেই শত-সেনাপতিসকলক নির্দেশ দিলে, “তেওঁক শাৰীবোৰৰ মাজলৈ বাহিৰলৈ লৈ আনা। তেওঁৰ সমর্থক যিকোনো লোক তেওঁৰ পাছে পাছে বাহিৰলৈ আহিব, তেওঁক তৰোৱালেৰে বধ কৰিব।” কিয়নো পুৰোহিতে কৈছিল, “তেওঁক যেন যিহোৱাৰ গৃহৰ ভিতৰত বধ কৰা নহয়।”
16 I pustili ji. Ale když přišla na cestu, kudy koni vcházejí do domu královského, tu jest zabita.
১৬সেয়ে অথলিয়াক তেওঁলোকে বাট এৰি দিলে। তাৰ পাছত তেওঁ ঘোঁৰা সোমোৱা ফালৰ দুৱাৰেদি ৰাজগৃহলৈ গৈছিল আৰু তাতে তেওঁক বধ কৰা হ’ল।
17 Tedy učinil Joiada smlouvu mezi Hospodinem a mezi králem, i mezi lidem, aby byli lid Hospodinův; též mezi králem a mezi lidem.
১৭তাৰ পাছত যিহোয়াদাই যিহোৱা, ৰজা যোৱাচ আৰু প্রজাসকলৰ মাজত এক চুক্তি কৰিলে। এই চুক্তিত কোৱা হ’ল যে, ৰজা আৰু প্রজা উভয়েই যিহোৱাৰ লোক হৈ চলিব। তেওঁ ৰজা আৰু প্রজা পৰস্পৰৰ মাজতো এক চুক্তি কৰিলে।
18 Potom šel všecken lid země do domu Bálova, a zbořili jej, i oltáře jeho a obrazy jeho v kusy stroskotali; Matana také kněze Bálova zabili před oltáři. Kněz pak znovu nařídil přisluhující v domě Hospodinově.
১৮তাৰ পাছত দেশৰ সকলো লোকে একেলগে বাল দেৱতাৰ মন্দিৰলৈ গৈ তাক ভাঙি পেলালে; সেই ঠাইৰ বেদী আৰু মূৰ্ত্তিবোৰ ভাঙি খণ্ড-বিখণ্ড কৰিলে। তেওঁলোকে বাল দেৱতাৰ পুৰোহিত মত্তনকো বেদীবোৰৰ সন্মুখত বধ কৰিলে। পাছত পুৰোহিত যিহোয়াদাই যিহোৱাৰ গৃহত ৰক্ষক-সেনাসকলৰ নিযুক্ত কৰিলে।
19 A pojav ty setníky a hejtmany, i drabanty se vším lidem země, provázeli krále z domu Hospodinova, a přišli cestou k bráně drabantů do domu královského. Kdežto posadil se na stolici královské.
১৯তাৰ পাছত যিহোয়াদাই শত-সেনাপতি, দেহৰক্ষী, ৰক্ষক-সেনাসকল আৰু দেশৰ সকলো লোকক লগত লৈ যিহোৱাৰ গৃহৰ পৰা ৰজা যোৱচক উলিয়াই আনিলে। তেওঁলোকে ৰক্ষক-সেনাসকলৰ দুৱাৰৰ বাটেদি ৰাজগৃহলৈ আহিল সোমাই আহিল। এইদৰে যোৱাচ ৰাজ সিংহাসনত বহিল।
20 I veselil se všecken lid země, a město se upokojilo. Atalii pak zabili mečem u domu královského.
২০দেশৰ সকলো প্রজাই আনন্দ কৰিবলৈ ধৰিলে আৰু নগৰখনত শান্তি ঘূৰি আহিল। অথলিয়াক ৰাজগৃহত তৰোৱালেৰে বধ কৰাৰ কাৰণে দেশৰ সকলো মানুহে আনন্দ কৰিলে।
21 A byl Joas v sedmi letech, když počal kralovati.
২১যোৱাচে যেতিয়া ৰাজত্ব আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ বয়স সাত বছৰ আছিল।

< 2 Královská 11 >