< 1 Samuelova 20 >

1 V tom utíkaje David z Náiot, kteréž jest v Ráma, přišel a mluvil před Jonatou: Což jsem učinil? Jaká jest nepravost má? A jaký jest hřích můj před otcem tvým, že hledá bezživotí mého?
তাৰ পাছত দায়ূদে ৰামাৰ নায়োতৰ পৰা পলাই যোনাথনৰ ওচৰলৈ আহি ক’লে, “মই নো কি কৰিলোঁ? মোৰ অপৰাধ কি? আপোনাৰ পিতৃৰ আগত মই কি পাপ কৰিলোঁ, তেওঁ যে মোৰ প্ৰাণ লবলৈ চেষ্টা কৰিছে?”
2 Kterýž řekl jemu: Odstup to, neumřeš. Aj, nečiníť otec můj ničeho ani velikého ani malého, čehož by se mi nesvěřil. Jak by tedy otec můj tajil to přede mnou! Neníť toho.
যোনাথনে দায়ূদক ক’লে, “ইয়াৰ পৰা আঁতৰি থাকক, আপোনাৰ মৃত্যু নহয়। মোৰ পিতৃয়ে ডাঙৰ কি সৰু কোনো কাম মোক নোকোৱাকৈ নকৰে। মোৰ পিতৃয়ে এই কথা মোৰ পৰা কিয় গোপনে ৰাখিব? সেয়ে নহয়।”
3 Nadto přisáhl také David, (to promluviv: Dobřeť ví otec tvůj, že jsi laskav na mne, protož myslí: Nechť neví o tom Jonata, aby neměl zámutku.) Nýbrž jistě, živť jest Hospodin, a živať jest duše tvá, že sotva jest kročej mezi mnou a mezi smrtí.
তথাপিও দায়ূদে শপত খাই ক’লে, “মই তোমাৰ দৃষ্টিত যে অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তাক তোমাৰ পিতৃয়ে ভালকৈ জানে; তেওঁ কৈছে, ‘যোনাথনক এই কথা জানিবলৈ নিদিবা, জানিলে সি অসন্তোষ পাব’। কিন্তু যিহোৱাৰ জীৱনৰ আৰু তোমাৰ জীৱনৰ শপত, মোৰ আৰু মৃত্যুৰ মাজত নিশ্চয়ে এখোজহে অন্তৰ আছে।”
4 Odpověděl Jonata Davidovi: Pověz, čehokoli žádáš, a učiním tobě.
তেতিয়া যোনাথনে দায়ূদক ক’লে, “আপুনি যি ক’ব বিচাৰে কওক, মই আপোনাৰ কাৰণে তাকেই কৰিম।”
5 I řekl David Jonatovi: Aj, zítra bude novměsíce, kdyžto já mám obyčej sedati s králem k jídlu; protož propusť mne, a skryji se na poli až do třetího večera.
দায়ূদে যোনাথনক ক’লে, “কাইলৈ ন-জোন ওলাব; তাতেই ময়েই ৰজাৰ লগত ভোজনত বহিব লাগিব। কিন্তু তুমি মোক যাবলৈ দিয়া, মই তৃতীয় দিনৰ গধূলিলৈকে পথাৰত লুকাই থাকিম।
6 Jestliže by se zvláštně na mne ptal otec tvůj, řekneš: Prosil mne velice David, aby sběhl do Betléma města svého; nebo obět výroční tam míti má všecka jeho rodina.
যদি তোমাৰ পিতৃয়ে মই নথকাটো মন কৰে, তেন্তে তুমি ক’বা, ‘দায়ূদে নিজ নগৰ বৈৎলেহেমলৈ সোনকালে যাবৰ কাৰণে মোৰ আগত বৰ আগ্ৰহেৰে অনুমতি বিচাৰিলে; কাৰণ সেই ঠাইত গোটেই বংশৰ কাৰণে এটা বছৰেকীয়া যজ্ঞ হৈ আছে।’
7 Řekne-liť: Dobře, pokoj služebníku tvému; pakliť se rozzlobí, věz, žeť se doplnila zlost jeho.
তেওঁ যদি কয়, ‘ঠিকেই আছে’, তেতিয়া তোমাৰ দাসৰ মঙ্গল হ’ব। কিন্তু যদি তেওঁৰ খং উঠে, তেন্তে জানিবা যে, তেওঁ অমঙ্গলৰ কথা চিন্তা কৰিছে।
8 A tak učiníš milosrdenství s služebníkem svým, poněvadž jsi v smlouvu Hospodinovu uvedl služebníka svého s sebou. Pakliť jest na mně nepravost, zabí mne sám; nebo k otci svému proč bys mne vodil?
এই হেতুকে তুমি তোমাৰ দাসলৈ অনুগ্ৰহ কৰিবা; কাৰণ তুমি তোমাৰ এই দাসক তোমাৰে সৈতে যিহোৱাৰ চুক্তিলৈ আনিছা। তথাপি যদি মোৰ কোনো অপৰাধ থাকে, তেন্তে তুমি নিজে মোক বধ কৰা; তেনেহলে কিয় মোক তোমাৰ পিতৃৰ ওচৰলৈ নিব খুজিছা?”
9 I řekl Jonata: Odstup to od tebe; nebo zvím-liť to jistotně, že by se doplnila zlost otce mého, aby přišla na tě, zdaliž neoznámím tobě toho?
যোনাথনে ক’লে, “এনে ভয় আপোনাৰ পৰা দূৰ হওক! কাৰণ মোৰ পিতৃয়ে আপোনালৈ অমঙ্গল ঘটাবলৈ স্থিৰ কৰা কথা যদি মই কেনেবাকৈ জানিব পাৰোঁ, তেন্তে মই জানো আপোনাক কৈ নিদিম?”
10 Řekl také David Jonatovi: Kdož mi oznámí, jestliže odpoví tobě otec tvůj něco tvrdě?
১০তেতিয়া দায়ুদে যোনাথনক ক’লে, “তোমাৰ পিতৃয়ে তোমাক কটু উত্তৰ দিলে, তাক কোনে মোক ক’ব?”
11 Odpověděl Jonata Davidovi: Poď, vyjděme na pole. I vyšli oba na pole.
১১যোনাথনে দায়ুদক ক’লে, “আহক, আমি পথাৰলৈ ওলাই যাওঁহঁক।” সেয়ে দুয়ো পথাৰলৈ ওলাই গ’ল।
12 Opět řekl Jonata Davidovi: Hospodin Bůh Izraelský, (hned jakž porozumím na otci svém, okolo tohoto času zítra neb pozejtří, an bude dobře s Davidem, jestliže nepošli tehdáž k tobě, a neoznámím-liť, )
১২যোনাথনে দায়ুদক ক’ল, “মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক সাক্ষী কৰি কৈছোঁ যে, কাইলৈ বা পৰহিলৈ প্ৰায় এই সময়ত মোৰ পিতৃৰ মন চাম; তাতে আপোনালৈ অনুগ্ৰহ থকাৰ প্ৰমাণ পালে, মই তেতিয়াই মানুহ পঠিয়াই আপোনাক সেই বিষয়ে নজনাম নে?
13 Toto učiň Hospodin Jonatovi a toto přidej. Pakliť se bude líbiti otci mému uvésti zlé na tebe, takéť i to zjevím tobě a propustím tě; i půjdeš v pokoji, a Hospodin budiž s tebou, jakož byl s otcem mým.
১৩যদি আপোনাৰ অমঙ্গল কৰিবলৈ মোৰ পিতৃ মন থাকে, আৰু মই সেই বিষয়ে আপোনাক নজনাও, তেনেহলে যিহোৱাই যোনাথনক অমুক আৰু তাতকৈ অধিক দণ্ড দিয়ক; তেনেকুৱা হ’লে, আপোনাক বিদায় দিম; তাতে আপুনি কুশলে যাব; আৰু যিহোৱা মোৰ পিতৃৰ লগত থকাৰ দৰে আপোনাৰ লগতো থাকক।
14 A zdaliž i ty, dokud jsem živ, neučiníš se mnou milosrdenství Hospodinova, ano bychť i umřel,
১৪মই নমৰিবৰ কাৰণে আপুনি যে কেৱল মই জীয়াই থকা কালত যিহোৱাৰ অনুগ্ৰহ মোৰ বাবে দেখুৱাব এনে নহয়;
15 Tak že neodvrátíš milosrdenství svého od domu mého až na věky, zvláště tehdáž, když Hospodin vypléní nepřátely Davidovy, jednoho každého se svrchku země.
১৫কিন্তু মোৰ বংশলৈকো দয়া কৰিবলৈ কেতিয়াও ক্ৰুতি নকৰিব, আনকি যেতিয়া যিহোৱাই দায়ুদৰ শত্ৰুবোৰৰ প্ৰতিজনক পৃথিবীৰ পৰা উচ্ছন্ন কৰিব, তেতিয়াও নকৰিবা।”
16 A tak učinil Jonata smlouvu s domem Davidovým, řka: Vyhledávejž Hospodin toho z ruky nepřátel Davidových.
১৬এইদৰে যোনাথনে দায়ূদৰ পৰিয়ালৰ সৈতে এটা চুক্তি কৰিলে আৰু তেওঁ ক’লে, যিহোৱাই দায়ুদক শত্ৰুবোৰৰ হাতৰ পৰা ৰক্ষা কৰক।
17 Ještě i přísahou zavázal Jonata v lásce odměnné k sobě Davida; nebo jakož miloval duši svou, tak jej miloval.
১৭এইদৰে যোনাথনে দায়ুদৰ ওচৰত পুনৰ প্রতিজ্ঞা কৰিলে, কাৰণ তেওঁ তেওঁক প্ৰেম কৰিছিল; তেওঁ নিজ প্ৰাণৰ দৰে দায়ূদক প্ৰেম কৰিছিল।
18 I řekl mu Jonata: Zítra bude novměsíce, a bude se ptáti na tebe, když prázdné bude místo tvé.
১৮সেয়ে যোনাথনে দায়ুদক ক’লে, “কাইলৈ ন-জোন ওলাব; তাতে আপোনাৰ অনুপস্থিতি অনুভৱ হ’ব, কাৰণ আপোনাৰ আসন খালী হৈ থাকিব।
19 Do třetího tedy dne skrývaje se, sstoupíš rychle a přijdeš k tomu místu, na kterémžs se byl skryl, když se to jednalo, a pobudeš u kamene pocestných.
১৯আপুনি পৰহিলৈ অতি বেগাই নামি আহিব, আৰু আগেয়ে যি ঠাইত আহি লুকাই আছিল, সেই ঠাইলৈ আহি এজল নামৰ শিলটোৰ ওচৰত লুকাই থাকিব।
20 A já tři střely vystřelím po straně k němu, směřuje sobě k cíli.
২০তাতে মই লক্ষ্য কৰি মৰাৰ দৰে তিনিটা কাঁড় মাৰিম।
21 Potom hned pošli pachole a dím: Jdi, shledej střely. Jestliže prostě řeknu služebníku: Hle, střely za tebou blíže sem, přines je, tedy přiď, nebo jest pokoj tobě, a neníť žádného nebezpečenství, živť jest Hospodin.
২১আৰু মই এজন ডেকা ল’ৰাক সেই ঠাইলৈ পঠিয়াম আৰু তেওঁক ক’ম, ‘যোৱা আৰু কাঁড়বোৰ বিচাৰা’। যদি মই সেই ডেকা ল’ৰাক কওঁ, কাঁড় কেইডাল এইফালে আছে, তাৰ পৰা তুলি আনা’; তেনেহলে আপুনি আহিব। কিয়নো কোনো ভয় নাই, যিহোৱাৰ জীৱনৰ শপত তোমাৰ মঙ্গলহে হ’ব।
22 Pakli takto řeknu pacholeti: Hle, střely jsou před tebou dále, tedy odejdi, nebo propustil tě Hospodin.
২২কিন্তু মই যদি ডেকা ল’ৰাটোক কওঁ, ‘চোৱা, কাঁড়বোৰ তোৰ সিফালে আছে’, তেতিয়া আপুনি নিজৰ পথত গুচি যাব; কাৰণ যিহোৱাই আপোনাক বিদায় দিছে।
23 Řeči pak této, kterouž jsme mluvili já a ty, aj, Hospodin svědek bude mezi mnou a mezi tebou až na věky.
২৩আপোনাৰ আৰু মোৰ মাজত হোৱা চুক্তি আৰু মই কোৱা কথাবোৰ মনত ৰাখিব; যিহোৱা আপোনাৰ আৰু মোৰ মাজত চিৰদিন সাক্ষী হৈ আছে।”
24 A tak skryl se David na poli. Byl pak novměsíce, i sedl král za stůl k jídlu.
২৪তাৰ পাছত দায়ূদে গৈ পথাৰত লুকাই থাকিল; পাছত যেতিয়া ন-জোন ওলাল, তেতিয়া ৰজাই আহি ভোজনত বহিল।
25 A seděl král na stolici své, jakž obyčej měl, na stolici u stěny, ale Jonata povstal. Sedl také Abner podlé Saule, a místo Davidovo zůstalo prázdné.
২৫তাতে ৰজাই সচৰাচৰ বহাৰ দৰে দেৱালৰ ওচৰত থকা আসনত গৈ বহিল। পাছত যোনাথন উঠি থিয় হ’ল আৰু অবনেৰ চৌলৰ কাষতে বহিল, কিন্তু দায়ুদৰ আসন খালী হৈ থাকিল।
26 A však toho dne Saul nic neříkal, nebo myslil: Něco se mu přihodilo, buď že čistý jest neb nečistý.
২৬সেইদিনা চৌলে একোকে নক’লে; কাৰণ তেওঁ ভাবিলে, “দায়ূদৰ কিবা হয়তো হৈছে। সি শুচি নহয়, সঁচাকৈ সি শুচি নহয়।”
27 Stalo se pak nazejtří, druhého dne novměsíce, že opět prázdné bylo místo Davidovo. I řekl Saul Jonatovi synu svému: Proč nepřišel syn Izai ani včera ani dnes k jídlu?
২৭ন-জোনৰ পাছদিনা অৰ্থাৎ মাহৰ দ্বিতীয় দিনাও দায়ুদৰ আসন শূণ্য হৈ থকাত চৌলে নিজৰ পুত্ৰ যোনাথনক সুধিলে, “যিচয়ৰ পুতেক কালি আৰু আজিও ভোজলৈ কিয় অহা নাই?”
28 Odpověděl Jonata Saulovi: Velice mne prosil David, aby šel do Betléma.
২৮তেতিয়া যোনাথনে উত্তৰ দি চৌলক ক’লে, “দায়ুদে বৈৎলেহেমলৈ যাবৰ কাৰণে বৰ আগ্ৰহেৰে মোৰ পৰা অনুমতি বিচাৰিলে;
29 A řekl: Odpusť mne, prosím, nebo obět má míti rodina naše v městě, a bratr můj sám rozkázal mi přijíti; nyní tedy, nalezl-li jsem milost před očima tvýma, nechť se odtrhnu, prosím, abych navštívil bratří své. Tou příčinou nepřišel k stolu královskému.
২৯আৰু মোক ক’লে, ‘মই মিনতি কৰিছোঁ, মোক যাবলৈ দিয়া; কিয়নো নগৰত আমাৰ গোষ্ঠীৰ এক যজ্ঞ হ’ব, আৰু মোৰ ককায়ে মোক তাত উপস্থিত হ’বলৈ আজ্ঞা কৰিছে; এই হেতুকে মই যদি তোমাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেন্তে বিনয় কৰোঁ, মোক যাবলৈ দিয়া; মই গৈ মোৰ ভাইসকলক চাই আহোঁ’। এই কাৰণে তেওঁ মহাৰাজৰ মেজলৈ আহিব পৰা নাই’।”
30 I rozhněval se Saul náramně na Jonatu, a řekl jemu: Synu převrácený a urputný, zdaliž nevím, že jsi zvolil sobě syna Izai k hanbě své, i k hanbě a lehkosti matky své?
৩০তেতিয়া যোনাথনলৈ চৌলৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ যোনাথনক ক’লে, “হেৰ’ বিপথগামীনী আৰু বিদ্ৰোহীনী তিৰোতাৰ পুতেক, তই তোৰ লাজ, আৰু তোৰ মাৰক বিবস্ত্ৰ কৰাৰ লাজ প্ৰকাশ কৰিবলৈ যে যিচয়ৰ পুতেকক মনোনীত কৰিলি, তাক জানো মই নাজানো?
31 Nebo po všecky dny, v nichž bude živ syn Izai na zemi, nebudeš upevněn ty, ani království tvé. Protož hned pošli a přiveď jej ke mně, nebť jest hoden smrti.
৩১কিন্তু যিচয়ৰ পুতেক যেতিয়ালৈকে পৃথিবীত জীয়াই থাকিব, তেতিয়ালৈকে তই থিৰে থাকিব নোৱাৰিবি, আৰু তোৰ ৰজাও থিৰে নাথাকিব; এই হেতুকে এতিয়া মানুহ পঠাই তাক মোৰ আগলৈ আন; কিয়নো সি মৰিবই লাগিব”;
32 Odpověděl Jonata Saulovi otci svému, a řekl jemu: Proč má umříti? Což jest učinil?
৩২তাতে যোনাথনে উত্তৰ দি নিজৰ বাপেক চৌলক ক’লে, “তেওঁ কিয় মৰিব? তেওঁনো কি কৰিলে?
33 I hodil Saul kopím na něj, aby ho zabil. Tedy seznav Jonata, že uložil otec jeho zabiti Davida,
৩৩তেতিয়া চৌলে যোনাথনক মাৰিবৰ বাবে যাঠি মাৰি পঠালে। তেতিয়া যোনাথনে বুজিলে যে, তেওঁৰ পিতৃ চৌলে সচাঁকৈয়ে দায়ূদক বধ কৰিবলৈ চল বিচাৰি আছে।
34 Vstal od stolu Jonata, rozpálen jsa hněvem, a nejedl toho druhého dne novuměsíce pokrmu, nebo bolestil pro Davida, a že ho tak zlehčil otec jeho.
৩৪তাতে যোনাথন অতিশয় ক্ৰুদ্ধ হৈ উঠিল আৰু ভোজনৰ মেজৰ পৰা উঠি গ’ল। এইদৰে তেওঁ মাহৰ দ্বিতীয় দিনাও একো ভোজন নকৰিলে। দায়ুদৰ কাৰণে তেওঁ বেজাৰ পালে, কিয়নো তেওঁৰ পিতৃয়ে তেওঁক অপমান কৰিছিল।
35 Protož stalo se ráno, že vyšel Jonata na pole k času uloženému Davidovi, a pachole malé s ním.
৩৫পাছদিনা ৰাতিপুৱা দায়ুদেৰে সৈতে নিৰূপণ কৰা পথাৰলৈ যোনাথনে ওলাই গ’ল আৰু তেওঁৰ লগত এজন ডেকা ল’ৰা আছিল।
36 Tedy řekl pacholeti svému: Běž a shledej střely, kteréž já vystřelím. I běželo pachole, a on střílel daleko před něj.
৩৬তেওঁ সেই ডেকা ল’ৰাক ক’লে, “দৌৰ আৰু মই মাৰি পঠোৱা কাঁড়বোৰ বিচাৰি আন।” তাতে ল’ৰাটিয়ে দৌৰ মাৰোতে তেওঁ তাৰ সিফালে পৰাকৈ কাঁড়বোৰ মাৰিলে।
37 Když pak přišlo pachole až k cíli, k němuž střílel Jonata, volal Jonata za pacholetem a řekl: Zdaliž není střely před tebou tam dále?
৩৭তাতে ডেকা ল’ৰা জনে গৈ যোনাথনে মাৰি পঠোৱা কাঁড়বোৰৰ ওচৰ পোৱাত, তেওঁ তাক ক’লে, ‘তোৰ সিফালে জনো কাঁড়বোৰ নাই’?
38 Opět volal Jonata za pacholetem: Rychle pospěš, nestůj. A tak sebravši pachole Jonatovo střely, vrátilo se k svému pánu.
৩৮পাছত যোনাথনে ল’ৰাজনক মাতি ক’লে, “বেগাই দৌৰি আহ। তাত ৰৈ নাথাকিবি।” তেতিয়া সেই ল’ৰাজনে কাঁড়বোৰ বুটলি আনি যোনাথানৰ ওচৰলৈ আহিল।
39 (Pachole pak nic nevědělo, toliko Jonata a David věděli, co se jedná.)
৩৯কিন্তু ল’ৰাজনে একো বুজি নাপালে; মাত্ৰ দায়ূদেহে এই বিষয় বুজি পালে।
40 I dal Jonata braň svou pacholeti, kteréž s ním bylo, a řekl jemu: Jdi, dones do města.
৪০পাছত যোনাথনে নিজৰ ধনু-কাঁড়বোৰ ল’ৰা জনৰ হাতত দিলে আৰু ক’লে, “যোৱা, এইবোৰ লৈ নগৰলৈ যোৱা।”
41 A když odešlo pachole, vstal David s strany polední, a padna na tvář svou k zemi, poklonil se třikrát; a políbivše jeden druhého plakali oba, až Jonata Davida pozdvihl.
৪১তাৰ পাছত ডেকা ল’ৰা জন যোৱাৰ লগে লগে দায়ূদে দক্ষিণ দিশৰ পৰা ওলাই আহিল আৰু তললৈ মুখ কৰি পৰি তিনিবাৰ প্ৰণিপাত কৰিলে। তাতে তেওঁলোক পৰস্পৰে চুমা খালে আৰু কান্দিলে; তাতে দায়ুদৰ সৈতে অধিক ক্ৰন্দন হ’ল।
42 I řekl Jonata Davidovi: Jdiž u pokoji, a což jsme sobě oba přisáhli ve jménu Hospodinovu, řkouce: Hospodin budiž svědkem mezi mnou a tebou, i mezi semenem mým a mezi semenem tvým, nechť trvá až na věky. A tak vstav David, odšel, Jonata pak navrátil se do města.
৪২পাছত যোনাথনে দায়ুদক ক’লে, “আপুনি কুশলে যাওক; কিয়নো আমি দুয়ো যিহোৱাৰ নামেৰে এই শপত খালো যে, যিহোৱা আপোনাৰ আৰু মোৰ মাজত থকাৰ দৰে আপোনাৰ বংশ আৰু মোৰ বংশৰ মাজতো সদাকাল থাকিব।” পাছত তেওঁ উঠি গুচি গ’ল, আৰু যোনাথন নগৰলৈ উভতি গ’ল।

< 1 Samuelova 20 >