< 1 Kronická 20 >

1 I stalo se po roce, když králové vyjíždívají na vojnu, že vedl Joáb lid válečný, a hubil zemi synů Ammon. A když přitáhl, oblehl Rabbu; (ale David zůstal v Jeruzalémě). I dobyl Joáb Rabby, a rozbořil ji.
বসন্তকালৰ সময়ত সাধাৰণতে ৰজাসকলে যেতিয়া যুদ্ধলৈ যায়, তেতিয়া যোৱাবে যুদ্ধত সৈন্যসকলক নেতৃত্ব দিছিল; পাছত অম্মোনীয়াসকলৰ দেশ ধংস কৰিলে, তেওঁ ৰব্বালৈ গৈ তাক অৱৰোধ কৰিলে। দায়ুদ যিৰূচালেমতে থাকিল। যোৱাবে ৰব্বাক আক্রমণ কৰি পৰাজিত কৰিলে।
2 Tedy sňal David korunu krále jejich s hlavy jeho, a našel, že vážila hřivnu zlata. A bylo v ní kamení drahé, i vstavena byla na hlavu Davidovu. Vyvezl též kořisti města velmi veliké.
দায়ূদে তেওঁলোকৰ ৰজাৰ মূৰৰ পৰা তেওঁৰ ৰাজমুকুট ল’লে, আৰু তেওঁ দেখিলে যে, তাৰ সোণৰ পৰিমাণ এক কিক্কৰ, আৰু তাত বহুমূলীয়া পাথৰ আছিল। সেই মুকুটটো দায়ূদৰ মূৰত পিন্ধোৱা হ’ল আৰু তেওঁ সেই নগৰৰ পৰা বহু পৰিমানৰ লুটদ্ৰব্য উলিয়াই আনিলে।
3 Lid pak, kterýž v něm byl, vyvedl, a dal je pod pily a brány železné i sekery. A tak učinil David všechněm městům Ammonitským. I navrátil se David se vším lidem do Jeruzaléma.
দায়ূদে নগৰৰ ভিতৰত থকা লোকসকলক বাহিৰলৈ আনিলে, আৰু কৰত, লোহাৰ মৈ, আৰু কুঠাৰেৰে কাম কৰিবলৈ বাধ্য কৰিলে। দায়ূদে অম্মোনীয় লোকসকলৰ সকলো নগৰবোৰত এইদৰে কাম কৰাটো বিচাৰিলে। তাৰ পাছত দায়ুদ আৰু তেওঁৰ সকলো সৈন্য যিৰূচালেমলৈ ওভটি আহিল।
4 Potom pak když trvala válka v Gázer s Filistinskými, tehdy zabil Sibbechai Chusatský Sippaje, kterýž byl zplozený z obrů, i sníženi jsou.
ইয়াৰ পাছত পলেষ্টীয়াসকলৰ লগত গেজৰত যুদ্ধ হ’ল। হূচাতীয়া চিব্বকয়ে চিপ্পয় নামেৰে ৰফাৰ এজন বংশধৰক বধ কৰিলে, আৰু ফিলিষ্টীয়াসকলক বশীভূত কৰিলে।
5 Byla ještě i jiná válka s Filistinskými, kdežto zabil Elchanan, syn Jairův, Lachmi bratra Goliáše Gittejského, u jehož kopí bylo dřevo jako vratidlo tkadlcovské.
পুনৰায় পলেষ্টীয়াসকলৰ লগত গবত যুদ্ধ হ’ল, যায়ীৰৰ পুত্ৰ ইলহাননে গাতীয়া গলিয়াথৰ ভায়েক লহমীক বধ কৰিলে, তাৰ যাঠী তাতঁশালৰ টোলোঠাৰ সমান আছিল।
6 Opět byla jiná válka v Gát, a byl tam muž veliké postavy, kterýž měl po šesti prstech, všech čtyřmecítma, a byl i on zplozený z téhož obra.
পুনৰ এবাৰ গাতত যুদ্ধ হ’ল তাত অতি ওখ এজন লোক যাৰ দুয়োখন হাতত আৰু ভৰিত ছটাকৈ আঙুলি আছিল। তেৱোঁ ৰফাৰ এজন বংশধৰ আছিল।
7 Ten když haněl Izraele, zabil ho Jonata syn Semmaa, bratra Davidova.
তেওঁ যেতিয়া ইস্ৰায়েলৰ সৈন্যক ইতিকিং কৰিলে, তেতিয়া দায়ূদৰ ভায়েক চিমিয়াৰ পুত্ৰ যোনাথনে তেওঁক বধ কৰিলে।
8 Ti byli synové jednoho obra v Gát, kteříž padli od ruky Davidovy a od ruky služebníků jeho.
তেওঁলোক গাতৰ ৰফাৰ বংশধৰৰ লোক আৰু তেওঁলোকক দায়ুদ আৰু তেওঁৰ সৈন্যসকলৰ হাতৰ দ্ৱাৰাই বধ কৰা হ’ল।

< 1 Kronická 20 >