< ⲒⲰⲀⲚⲚⲎⲚ 12 >

1 ⲁ̅ ⲓⲥ ϭⲉ ϩⲁⲑⲏ ⲛⲥⲟⲟⲩ ⲛϩⲟⲟⲩ ⲉⲡⲡⲁⲥⲭⲁ ⲁϥⲉⲓ ⲉⲃⲏⲑⲁⲛⲓⲁ ⲡⲙⲁ ⲉⲛⲉⲣⲉⲗⲁⲍⲁⲣⲟⲥ ⲙⲙⲟϥ ⲡⲉⲛⲧⲁⲓⲥ ⲧⲟⲩⲛⲟⲥϥ ⲉⲃⲟⲗ ϩⲛ ⲛⲉⲧⲙⲟⲟⲩⲧ
নিস্তাৰ-পৰ্বৰ ছয় দিনৰ আগতে যীচু বৈথনিয়া গাওঁলৈ আহিল, সেই ঠাইত লাজাৰে বাস কৰিছিল৷ এই জন লাজাৰকে যীচুৱে মৃত্যুৰ পৰা তুলিছিল।
2 ⲃ̅ ⲁⲩⲉⲓⲣⲉ ϭⲉ ⲛⲁϥ ⲛⲟⲩⲇⲉⲓⲡⲛⲟⲛ ⲙⲡⲙⲁ ⲉⲧⲙⲙⲁⲩ ⲁⲩⲱ ⲛⲉⲣⲉⲙⲁⲣⲑⲁ ⲇⲓⲁⲕⲟⲛⲓ ⲗⲁⲍⲁⲣⲟⲥ ⲇⲉ ⲛⲉⲟⲩⲁ ⲡⲉ ⲛⲛⲉⲧⲛⲏϫ ⲛⲙⲙⲁϥ
সেই ঠাইতে তেওঁলোকে যীচুৰ কাৰণে ৰাতিৰ আহাৰ যুগুত কৰিলে। মাৰ্থাই খোৱা আহাৰ বাঢ়ি দিছিল, যীচুৰ লগত যি সকলে ভোজনত বহিছিল তেওঁলোকৰ মাজতে লাজাৰো আছিল।
3 ⲅ̅ ⲙⲁⲣⲓⲁ ϭⲉ ⲁⲥϫⲓ ⲛⲟⲩⲗⲓⲧⲣⲁ ⲛⲥⲟϭⲛ ⲛⲛⲁⲣⲇⲟⲥ ⲙⲡⲓⲥⲧⲓⲕⲏ ⲉⲛⲁϣⲉ ⲥⲟⲩⲛⲧⲥ ⲁⲥⲧⲱϩⲥ ⲛⲟⲩⲉⲣⲏⲧⲉ ⲛⲓⲥ ⲁⲩⲱ ⲁⲥϥⲱⲧⲉ ⲛⲛⲉϥⲟⲩⲉⲣⲏⲧⲉ ϩⲙ ⲡϥⲱ ⲛⲧⲉⲥⲁⲡⲉ ⲁⲡⲏⲓ ⲇⲉ ⲙⲟⲩϩ ⲉⲃⲟⲗ ϩⲙ ⲡⲉⲥⲧⲟⲓ ⲙⲡⲥⲟϭⲛ
তেতিয়া মৰিয়মে বহুমুল্য বিশুদ্ধ জটামাংসীৰ সুগন্ধি তেল আনি যীচুৰ চৰণত ঘঁহিলে আৰু নিজৰ চুলিৰে যীচুৰ চৰণ মচি সেই তেল সানি দিলে; তেতিয়া সেই তেলৰ সু-গন্ধই গোটেই ঘৰ জুৰিলে।
4 ⲇ̅ ⲡⲉϫⲉ ⲓⲟⲩⲇⲁⲥ ⲡⲓⲥⲕⲁⲣⲓⲱⲧⲏⲥ ⲟⲩⲁ ⲉⲃⲟⲗ ϩⲛ ⲛⲉϥⲙⲁⲑⲏⲧⲏⲥ ⲡⲉⲧⲛⲁⲡⲁⲣⲁⲇⲓⲇⲟⲩ ⲙⲙⲟϥ
তেতিয়া তেওঁৰ শিষ্য সকলৰ মাজৰ যি জনে তেওঁক শত্ৰুৰ হাতত শোধাই দিব, সেই ঈষ্কৰিয়োতীয়া যিহূদাই মৰিয়মৰ এই কার্যক বিৰোধ কৰিলে আৰু ক’লে,
5 ⲉ̅ ϫⲉ ⲉⲧⲃⲉ ⲟⲩ ⲙⲡⲟⲩϯ ⲡⲉⲉⲓⲥⲟϭⲛ ⲉⲃⲟⲗ ϩⲁ ϣⲙⲛⲧ ϣⲉ ⲛⲥⲁⲧⲉⲉⲣⲉ ⲛⲥⲉⲧⲁⲁⲩ ⲛⲛϩⲏⲕⲉ
“আমি এই তেল তিনি শ আধলিত বিক্ৰী কৰি, দৰিদ্ৰ সকলৰ মাজত কিয় দান নকৰিলোঁ?”
6 ⲋ̅ ⲛⲧⲁϥϫⲉ ⲡⲁⲓ ⲇⲉ ⲉⲃⲟⲗ ⲁⲛ ϫⲉ ⲡⲉϥⲣⲟⲟⲩϣ ⲡⲉ ⲉⲧⲃⲉ ⲛϩⲏⲕⲉ ⲁⲗⲗⲁ ϫⲉ ⲛⲉⲩⲣⲉϥϫⲓⲟⲩⲉ ⲡⲉ ⲁⲩⲱ ⲉⲣⲉⲡⲉⲅⲗⲱⲥⲥⲟⲕⲟⲙⲟⲛ ⲛⲧⲟⲟⲧϥ ⲛⲉϥϩⲱϥⲧ ⲛⲛⲉⲧⲟⲩⲛⲟⲩϫⲉ ⲙⲙⲟⲟⲩ ⲉⲣⲟϥ
তেওঁ যে দৰিদ্ৰ সকললৈ চিন্তা কৰি এই কথা কৈছিল, এনে নহয়, কিন্তু তেওঁ চোৰ; তেওঁৰ হাতত ধনৰ জোলোঙা আছিল, সেই কাৰণে তাৰ ভিতৰত যি দিয়া যায়, তাকে তেওঁ চোৰ কৰে, এই কাৰণতে তেওঁ এনে কথা কৈছিল।
7 ⲍ̅ ⲡⲉϫⲁϥ ϭⲉ ⲛϭⲓ ⲓⲥ ϫⲉ ⲁⲗⲱⲧⲛ ϩⲁⲣⲟⲥ ϫⲉ ⲉⲥⲉϩⲁⲣⲉϩ ⲉⲣⲟϥ ⲉⲡⲉϩⲟⲟⲩ ⲛⲧⲁⲕⲁⲉⲓⲥⲉ
তেতিয়া যীচুৱে ক’লে, “তেওঁক অকলে থাকিবলৈ দিয়া! মোক মৈদামত থোৱা দিনৰ কাৰণে তেওঁক এই সুগন্ধি ৰাখিবলৈ দিয়া হৈছিল৷
8 ⲏ̅ ⲛϩⲏⲕⲉ ⲅⲁⲣ ⲛⲙⲙⲏⲧⲛ ⲛⲟⲩⲟⲓϣ ⲛⲓⲙ ⲁⲛⲟⲕ ⲇⲉ ⲛϯ ⲛⲙⲙⲏⲧⲛ ⲁⲛ ⲛⲟⲩⲟⲓϣ ⲛⲓⲙ
কিয়নো দৰিদ্ৰ সকল তোমালোকৰ লগত সদায় থাকিব; কিন্তু মই তোমালোকৰ লগত সদায় নাথাকো।”
9 ⲑ̅ ⲟⲩⲙⲏⲏϣⲉ ⲇⲉ ⲉⲛⲁϣⲱϥ ⲉⲃⲟⲗ ϩⲛ ⲓⲟⲩⲇⲁⲓ ⲁⲩⲉⲓⲙⲉ ϫⲉ ϥⲙⲙⲁⲩ ⲁⲩⲱ ⲁⲩⲉⲓ ⲉⲧⲃⲉ ⲓⲥ ⲁⲛ ⲙⲙⲁⲧⲉ ⲁⲗⲗⲁ ϫⲉⲕⲁⲥ ⲟⲛ ⲉⲩⲉⲛⲁⲩ ⲉⲗⲁⲍⲁⲣⲟⲥ ⲡⲉⲛⲧⲁϥⲧⲟⲩⲛⲟⲥϥ ⲉⲃⲟⲗ ϩⲛ ⲛⲉⲧⲙⲟⲟⲩⲧ
ইহুদী সকলৰ বহুতে গম পালে যে, যীচু বৈথনিয়াতে আছে। তেতিয়া তেওঁলোক তালৈ আহিল, কিন্তু যীচুক চাবৰ কাৰণে যে আহিল এনে নহয়, যি জন লাজাৰক মৃত লোকৰ মাজৰ পৰা যীচুৱে তুলিছিল, সেই জন লাজাৰক চাবলৈহে তেওঁলোক আহিল।
10 ⲓ̅ ⲁⲩϫⲓϣⲟϫⲛⲉ ⲇⲉ ⲛϭⲓ ⲛⲁⲣⲭⲓⲉⲣⲉⲩⲥ ϫⲉⲕⲁⲥ ⲉⲩⲉⲙⲟⲩⲟⲩⲧ ⲙⲡⲕⲉⲗⲁⲍⲁⲣⲟⲥ
১০সেয়েহে প্ৰধান পুৰোহিত সকলে লাজাৰক বধ কৰিবলৈ চক্ৰান্ত কৰিব ধৰিলে;
11 ⲓ̅ⲁ̅ ϫⲉ ⲛⲉⲣⲉϩⲁϩ ⲛⲓⲟⲩⲇⲁⲓ ⲃⲏⲕ ⲉⲧⲃⲏⲏⲧϥ ⲁⲩⲱ ⲛⲉⲩⲡⲓⲥⲧⲉⲩⲉ ⲉⲓⲥ
১১কিয়নো সেই কাৰণে বহুতো ইহুদী লোকে যীচুত বিশ্বাস কৰিছিল।
12 ⲓ̅ⲃ̅ ⲡⲉϥⲣⲁⲥⲧⲉ ⲟⲩⲙⲏⲏϣⲉ ⲉⲛⲁϣⲱϥ ⲛⲛⲉⲛⲧⲁⲩⲉⲓ ⲉⲡϣⲁ ⲛⲧⲉⲣⲟⲩⲥⲱⲧⲙ ϫⲉ ⲓⲥ ⲛⲏⲩ ⲉⲑⲓⲉⲣⲟⲩⲥⲁⲗⲏⲙ
১২পাছদিনা নিস্তাৰপৰ্বলৈ অহা লোক সকলে শুনিবলৈ পালে যে, যীচু যিৰূচালেমলৈ আহিছে ৷
13 ⲓ̅ⲅ̅ ⲁⲩϫⲓ ⲛϩⲉⲛⲃⲁ ϩⲛ ϩⲉⲛⲃⲛⲛⲉ ⲁⲩⲉⲓ ⲉⲃⲟⲗ ⲉⲧⲱⲙⲛⲧ ⲉⲣⲟϥ ⲁⲩⲱ ⲁⲩⲁϣⲕⲁⲕ ⲉⲃⲟⲗ ϫⲉ ⲱⲥⲁⲛⲛⲁ ϥⲥⲙⲁⲙⲁⲁⲧ ⲛϭⲓ ⲡⲉⲧⲛⲏⲩ ϩⲙ ⲡⲣⲁⲛ ⲙⲡϫⲟⲉⲓⲥ ⲡⲣⲣⲟ ⲛⲧⲉ ⲡⲓⲥⲣⲁⲏⲗ
১৩তেতিয়া তেওঁলোকে খেজুৰ পাত হাতত লৈ তেওঁক আগ বঢ়াবলৈ নগৰলৈ গল আৰু চিঞৰি-চিঞৰি ক’লে, “হোচানা! হোচানা! যি জন প্ৰভুৰ নামেৰে আহিছে, ঈশ্বৰে তেওঁক আশীর্বাদ কৰক৷ ইস্ৰায়েলৰ ৰজাক ঈশ্বৰে আশীর্বাদ কৰক।”
14 ⲓ̅ⲇ̅ ⲓⲥ ⲇⲉ ⲛⲧⲉⲣⲉϥϩⲉ ⲉⲩⲉⲓⲱ ⲁϥⲁⲗⲉ ⲉⲣⲟϥ ⲕⲁⲧⲁ ⲑⲉ ⲉⲧⲥⲏϩ
১৪তেতিয়া যীচুৱে এটা গাধ পোৱালি দেখা পালে আৰু তেওঁ তাৰ ওপৰত বহিল, যেনেকৈ শাস্ত্ৰত লিখা আছে
15 ⲓ̅ⲉ̅ ϫⲉ ⲙⲡⲣ ⲣ ϩⲟⲧⲉ ⲧϣⲉⲉⲣⲉ ⲛⲥⲓⲱⲛ ϫⲉ ⲉⲓⲥ ⲡⲟⲩⲣⲣⲟ ⲛⲏⲩ ⲛⲉ ⲉϥϩⲙⲟⲟⲥ ⲉϫⲛ ⲟⲩⲥⲏϭ ⲛⲉⲓⲱ
১৫“তোমালোকে ভয় নকৰিবা, হে চিয়োন জীয়ৰী; চোৱা তোমালোকৰ ৰজা আহিছে, তেওঁ গাধ পোৱালিৰ ওপৰত উঠি আহিছে৷”
16 ⲓ̅ⲋ̅ ⲛⲉϥⲙⲁⲑⲏⲧⲏⲥ ⲙⲡⲟⲩⲉⲓⲙⲉ ⲉⲛⲁⲓ ⲛϣⲟⲣⲡ ⲁⲗⲗⲁ ⲛⲧⲉⲣⲉϥϫⲓ ⲉⲟⲟⲩ ⲛϭⲓ ⲓⲥ ⲧⲟⲧⲉ ⲁⲩⲣ ⲡⲙⲉⲩⲉ ϫⲉ ⲛⲉⲣⲉⲛⲁⲓ ⲥⲏϩ ⲉⲧⲃⲏⲏⲧϥ ⲁⲩⲱ ⲛⲁⲓ ⲛⲉ ⲛⲧⲁⲩⲁⲁⲩ ⲛⲁϥ
১৬এই সকলো বিষয় তেওঁৰ শিষ্য সকলে প্ৰথমতে বুজি পোৱা নাছিল; কিন্তু যেতিয়া যীচু মহিমাম্বিত হৈ উত্তোলিত হ’ল, তেতিয়া তেওঁলোকৰ মনত পৰিল যে, শাস্ত্ৰত এই বিষয়ে লিখা আছিল আৰু তেওঁলোকে তেওঁৰ কাৰণে এনে কৰ্ম কৰিছিল।
17 ⲓ̅ⲍ̅ ⲛⲉϥⲣ ⲙⲛⲧⲣⲉ ϭⲉ ⲛϭⲓ ⲡⲙⲏⲏϣⲉ ⲉⲧⲛⲙⲙⲁϥ ϫⲉ ⲁϥⲙⲟⲩⲧⲉ ⲉⲗⲁⲍⲁⲣⲟⲥ ⲉⲃⲟⲗ ϩⲙ ⲡⲧⲁⲫⲟⲥ ⲁⲩⲱ ⲁϥⲧⲟⲩⲛⲟⲥϥ ⲉⲃⲟⲗ ϩⲛ ⲛⲉⲧⲙⲟⲟⲩⲧ
১৭যেতিয়া যীচুৱে লাজাৰক মৈদামৰ পৰা উঠি আহিবলৈ কৈছিল আৰু তেওঁক মৃত লোকৰ মাজৰ পৰা জীৱিত কৰি তুলিছিল, সেই সময়ত যি সকল লোক তেওঁৰ লগত আছিল, তেওঁলোকে এই বিষয়ে আন লোকৰ আগত সাক্ষ্য দিবলৈ ধৰিলে।
18 ⲓ̅ⲏ̅ ⲉⲧⲃⲉ ⲡⲁⲓ ⲟⲛ ⲁⲡⲙⲏⲏϣⲉ ⲉⲓ ⲉⲃⲟⲗ ϩⲏⲧϥ ϫⲉ ⲁϥⲥⲱⲧⲙ ϫⲉ ⲁϥⲣ ⲡⲉⲓⲙⲁⲓⲛ
১৮এই কাৰণে লোক সকলে তেওঁক দেখা কৰিবলৈ আহিল, কিয়নো তেওঁলোকে শুনিছিল যে, এই আচৰিত কার্যবোৰ তেওঁ কৰিছে।
19 ⲓ̅ⲑ̅ ⲛⲉⲫⲁⲣⲓⲥⲁⲓⲟⲥ ϭⲉ ⲡⲉϫⲁⲩ ⲛⲛⲉⲩⲉⲣⲏⲩ ϫⲉ ⲧⲉⲧⲛⲛⲁⲩ ϫⲉ ⲛⲧⲉⲧⲛϯ ϩⲏⲩ ⲁⲛ ⲗⲗⲁⲁⲩ ⲉⲓⲥ ⲡⲕⲟⲥⲙⲟⲥ ⲁϥⲃⲱⲕ ϩⲓ ⲡⲁϩⲟⲩ ⲙⲙⲟϥ
১৯তাতে ফৰীচী সকলে ইজনে সিজনৰ মাজত কোৱা-কুই কৰি ক’লে, “তোমালোকে দেখিলা, আমাৰ সকলো চেষ্টা ব্যর্থ হল৷ চোৱা, গোটেই জগত খনে তেওঁৰ পাছত গ’ল।”
20 ⲕ̅ ⲛⲉⲩⲛ ϩⲉⲛⲟⲩⲉⲓⲉⲛⲓⲛ ⲇⲉ ⲉⲃⲟⲗ ϩⲛ ⲛⲉⲧⲃⲏⲕ ⲉϩⲣⲁⲓ ⲉⲟⲩⲱϣⲧ ⲙⲡϣⲁ
২০সেই সময়ত নিস্তাৰ পর্ব উপলক্ষে উপাসনা কৰিবৰ বাবে লোক সকল যিৰূচালেমলৈ আহিছিল, তেওঁলোকৰ মাজত কেইজনমান গ্ৰীক মানুহ আছিল।
21 ⲕ̅ⲁ̅ ⲛⲁⲓ ϭⲉ ⲁⲩϯ ⲡⲉⲩⲟⲓ ⲉⲫⲓⲗⲓⲡⲡⲟⲥ ⲡⲉⲃⲟⲗ ϩⲛ ⲃⲏⲇⲥⲁⲓⲇⲁ ⲛⲧⲅⲁⲗⲓⲗⲁⲓⲁ ⲁⲩⲱ ⲁⲩⲥⲉⲡⲥⲱⲡϥ ⲉⲩϫⲱ ⲙⲙⲟⲥ ϫⲉ ⲡϫⲟⲉⲓⲥ ⲧⲛⲟⲩⲱϣ ⲉⲛⲁⲩ ⲉⲓⲥ
২১তেওঁলোকে গালীল দেশৰ বৈৎ-চৈদা গাওঁৰ পৰা ফিলিপৰ ওচৰলৈ আহি অনুৰোধ কৰি ক’লে, “হে মহাশয়, আমি যীচুক চাবলৈ ইচ্ছা কৰোঁ।”
22 ⲕ̅ⲃ̅ ⲁⲫⲓⲗⲓⲡⲡⲟⲥ ⲉⲓ ⲁϥϫⲟⲟⲥ ⲉⲁⲛⲇⲣⲉⲁⲥ ⲁⲛⲇⲣⲉⲁⲥ ⲇⲉ ⲙⲛ ⲫⲓⲗⲓⲡⲡⲟⲥ ⲁⲩϫⲟⲟⲥ ⲉⲓⲥ
২২ফিলিপে আহি আন্দ্ৰিয়ক এই কথা ক’লে; তেতিয়া আন্দ্ৰিয়ই ফিলিপে সৈতে আহি যীচুক জনালে।
23 ⲕ̅ⲅ̅ ⲓⲥ ⲇⲉ ⲁϥⲟⲩⲱϣⲃ ⲉϥϫⲱ ⲙⲙⲟⲥ ⲛⲁⲩ ϫⲉ ⲁⲧⲉⲩⲛⲟⲩ ⲉⲓ ϫⲉⲕⲁⲥ ⲉϥⲉϫⲓ ⲉⲟⲟⲩ ⲛϭⲓ ⲡϣⲏⲣⲉ ⲙⲡⲣⲱⲙⲉ
২৩যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “মানুহৰ পুত্ৰ মহিমান্বিত হ’বৰ সময় হৈছে।
24 ⲕ̅ⲇ̅ ϩⲁⲙⲏⲛ ϩⲁⲙⲏⲛ ϯϫⲱ ⲙⲙⲟⲥ ⲛⲏⲧⲛ ϫⲉ ⲉⲣⲉⲧⲙⲧⲃⲗⲃⲓⲗⲉ ⲛⲥⲟⲩⲟ ϩⲉ ⲉϩⲣⲁⲓ ⲉϫⲙ ⲡⲕⲁϩ ⲛⲥⲙⲟⲩ ϣⲁⲥϭⲱ ⲙⲁⲩⲁⲁⲥ ⲉϣⲱⲡⲉ ⲇⲉ ⲉⲥϣⲁⲛⲙⲟⲩ ϣⲁⲥϯ ⲟⲩⲕⲁⲣⲡⲟⲥ ⲉⲛⲁϣⲱϥ
২৪মই তোমালোকক অতি স্বৰূপকৈ কওঁ, ধানৰ গুটি এটি যদি মাটিত পৰি মৰি নাযায়, তাতে সি অকল এটা গুটি হৈয়েই থাকে; কিন্তু যদি মৰে, তেনেহলে তাত অনেক গুটি ধৰে।
25 ⲕ̅ⲉ̅ ⲡⲉⲧⲙⲉ ⲛⲧⲉϥⲯⲩⲭⲏ ϥⲛⲁⲥⲟⲣⲙⲉⲥ ⲁⲩⲱ ⲡⲉⲧⲙⲟⲥⲧⲉ ⲛⲧⲉϥⲯⲩⲭⲏ ϩⲙ ⲡⲉⲓⲕⲟⲥⲙⲟⲥ ϥⲛⲁϩⲉ ⲉⲣⲟⲥ ⲉⲩⲱⲛϩ ϣⲁ ⲉⲛⲉϩ (aiōnios g166)
২৫যি কোনোৱে নিজৰ জীৱনক প্ৰেম কৰে, তেওঁ তাক হেৰুৱাই আৰু যি কোনোৱে এই জগতত নিজৰ জীৱনক প্ৰেম নকৰে, তেওঁ অনন্ত জীৱনলৈ তাক ৰক্ষা কৰে। (aiōnios g166)
26 ⲕ̅ⲋ̅ ⲉϣⲱⲡⲉ ⲟⲩⲛ ⲟⲩⲁ ⲛⲁⲇⲓⲁⲕⲟⲛⲓ ⲛⲁⲓ ⲙⲁⲣⲉϥⲟⲩⲁϩϥ ⲛⲥⲱⲉⲓ ⲁⲩⲱ ⲡⲙⲁ ⲁⲛⲟⲕ ⲉϯⲙⲙⲟϥ ⲡⲁⲕⲉⲇⲓⲁⲕⲟⲛⲟⲥ ⲛⲁϣⲱⲡⲉ ⲙⲙⲁⲩ ⲉⲣϣⲁ ⲟⲩⲁ ⲇⲓⲁⲕⲟⲛⲓ ⲛⲁⲓ ⲡⲁⲓⲱⲧ ⲛⲁⲧⲁⲓⲟϥ
২৬কোনোৱে যদি মোৰ পৰিচৰ্যা কৰিব খোজে, তেনেহলে তেওঁ মোৰ পাছে পাছে আহক; তাতে মই যি ঠাইত থাকোঁ, মোৰ সেৱক জনো সেই ঠাইতে থাকিব; কোনোৱে যদি মোৰ সেৱা কৰে, তেনেহলে মোৰ পিতৃয়ে তেওঁক সমাদৰ কৰিব।
27 ⲕ̅ⲍ̅ ⲧⲉⲛⲟⲩ ⲁⲧⲁⲯⲩⲭⲏ ϣⲧⲟⲣⲧⲣ ⲁⲩⲱ ⲟⲩ ⲡⲉϯⲛⲁϫⲟⲟϥ ⲡⲁⲓⲱⲧ ⲙⲁⲧⲟⲩϫⲟⲉⲓ ⲉⲃⲟⲗ ϩⲛ ⲧⲉⲓⲟⲩⲛⲟⲩ ⲁⲗⲗⲁ ⲉⲧⲃⲉ ⲡⲁⲓ ⲁⲓⲉⲓ ⲉϩⲣⲁⲓ ⲉⲧⲉⲓⲟⲩⲛⲟⲩ
২৭এতিয়া মোৰ প্ৰাণ ব্যাকুল হৈছে আৰু মই কি ক’ম? হে পিতৃ, এই সময়ৰ পৰা মোক ৰক্ষা কৰা, ইয়াকে ক’ম নে? কিন্তু এই কাৰণেহে মই এই সময়লৈ আহিলোঁ।
28 ⲕ̅ⲏ̅ ⲡⲁⲓⲱⲧ ϯ ⲉⲟⲟⲩ ⲙⲡⲉⲕⲣⲁⲛ ⲁⲩⲥⲙⲏ ϭⲉ ⲉⲓ ⲉⲃⲟⲗ ϩⲛ ⲧⲡⲉ ϫⲉ ⲁⲓϯ ⲉⲟⲟⲩ ⲁⲩⲱ ⲟⲛ ϯⲛⲁϯ ⲉⲟⲟⲩ
২৮হে পিতৃ, তোমাৰ নাম মহিমাম্বিত কৰা৷” তেতিয়া স্বৰ্গৰ পৰা এটা বাণী আহিল আৰু ক’লে, “মই মহিমান্বিত কৰিলোঁ, আকৌ মহিমান্বিত কৰিম”।
29 ⲕ̅ⲑ̅ ⲡⲙⲏⲏϣⲉ ⲉⲧⲁϩⲉⲣⲁⲧϥ ⲉⲧⲥⲱⲧⲙ ⲛⲉⲩϫⲱ ⲙⲙⲟⲥ ϫⲉ ⲟⲩϩⲣⲟⲩ ⲙⲡⲉ ⲡⲉⲛⲧⲁϥϣⲱⲡⲉ ϩⲉⲛⲕⲟⲟⲩⲉ ⲇⲉ ⲛⲉⲩϫⲱ ⲙⲙⲟⲥ ϫⲉ ⲟⲩⲁⲅⲅⲉⲗⲟⲥ ⲡⲉ ⲛⲧⲁϥϣⲁϫⲉ ⲛⲙⲙⲁϥ
২৯তেতিয়া তাতে লোক সকল থিয় হৈ আছিল আৰু তেওঁলোকে ইয়াক মেঘ-গর্জন বুলি কলে; কিছুমানে কলে, “স্বর্গৰ দূতে তেওঁৰ সৈতে কথা ক’লে।”
30 ⲗ̅ ⲁϥⲟⲩⲱϣⲃ ⲉϥϫⲱ ⲙⲙⲟⲥ ⲛϭⲓ ⲓⲥ ϫⲉ ⲛⲧⲁⲧⲉⲓⲥⲙⲏ ⲉⲓ ⲁⲛ ⲉⲧⲃⲏⲏⲧ ⲁⲗⲗⲁ ⲉⲧⲃⲉ ⲧⲏⲩⲧⲛ
৩০যীচুৱে উত্তৰ দি ক’লে, “মোৰ কাৰণে এই বাণী হোৱা নাই, তোমালোকৰ কাৰণেহে এই বাণী হ’ল।
31 ⲗ̅ⲁ̅ ⲧⲉⲛⲟⲩ ⲧⲉⲕⲣⲓⲥⲓⲥ ⲧⲉ ⲙⲡⲉⲓⲕⲟⲥⲙⲟⲥ ⲧⲉⲛⲟⲩ ⲡⲁⲣⲭⲱⲛ ⲙⲡⲉⲓⲕⲟⲥⲙⲟⲥ ⲥⲉⲛⲁⲛⲟϫϥ ⲉⲡⲉⲥⲏⲧ
৩১এতিয়া এই জগতৰ সোধ-বিচাৰ হৈছে; এতিয়া এই জগতৰ অধিকাৰীক বাহিৰ কৰা হ’ব;
32 ⲗ̅ⲃ̅ ⲁⲛⲟⲕ ϩⲱ ⲉⲩϣⲁⲛϫⲁⲥⲧ ⲉⲃⲟⲗ ϩⲓϫⲙ ⲡⲕⲁϩ ϯⲛⲁⲥⲉⲕ ⲟⲩⲟⲛ ⲛⲓⲙ ϣⲁⲣⲟⲉⲓ
৩২আৰু মই পৃথিৱীৰ পৰা উত্তোলিত হ’লে, সকলোকে মোৰ ওচৰলৈ আকৰ্ষণ কৰিম।”
33 ⲗ̅ⲅ̅ ⲛⲉϥϫⲱ ⲇⲉ ⲙⲡⲁⲓ ⲛⲉϥⲥⲏⲙⲁⲛⲉ ϫⲉ ⲉϥⲛⲁⲙⲟⲩ ϩⲛ ⲁϣ ⲙⲙⲟⲩ
৩৩তেওঁৰ মৃত্যু কেনে ধৰণে হব, সেই বিষয়ে বুজাবলৈ তেওঁ এই কথা ক’লে।
34 ⲗ̅ⲇ̅ ⲁϥⲟⲩⲱϣⲃ ϭⲉ ⲛⲁϥ ⲛϭⲓ ⲡⲙⲏⲏϣⲉ ϫⲉ ⲁⲛⲟⲛ ⲁⲛⲥⲱⲧⲙ ⲉⲃⲟⲗ ϩⲙ ⲡⲛⲟⲙⲟⲥ ϫⲉ ⲡⲉⲭⲥ ⲛⲁϣⲱⲡⲉ ϣⲁ ⲉⲛⲉϩ ⲁⲩⲱ ⲛⲁϣ ⲛϩⲉ ⲛⲧⲟⲕ ⲕϫⲱ ⲙⲙⲟⲥ ϫⲉ ϩⲁⲡⲥ ⲉⲧⲣⲉⲩϫⲉⲥⲧ ⲡϣⲏⲣⲉ ⲙⲡⲣⲱⲙⲉ (aiōn g165)
৩৪তাতে লোক সকলে তেওঁক উত্তৰ দি কলে, “আমি বিধান-শাস্ত্ৰত শুনিছোঁ, খ্ৰীষ্ট চিৰকাল থাকিব; তেনেহলে এনে কথা আপুনি কেনেকৈ কৈছে যে, ‘মানুহৰ পুত্ৰ উত্তোলিত হব? মানুহৰ পুত্ৰ নো কোন’?” (aiōn g165)
35 ⲗ̅ⲉ̅ ⲡⲉϫⲁϥ ϭⲉ ⲛⲁⲩ ⲛϭⲓ ⲓⲥ ϫⲉ ⲉⲧⲓ ⲕⲉⲕⲟⲩⲉⲓ ⲛⲟⲩⲟⲓϣ ⲡⲉ ⲉⲣⲉⲡⲟⲩⲟⲓⲛ ϣⲟⲟⲡ ⲛⲙⲙⲏⲧⲛ ⲙⲟⲟϣⲉ ϩⲟⲥⲟⲛ ⲟⲩⲛⲧⲏⲧⲛ ⲡⲟⲩⲟⲓⲛ ϫⲉ ⲛⲛⲉ ⲡⲕⲁⲕⲉ ⲧⲁϩⲉⲧⲏⲩⲧⲛ ⲁⲩⲱ ⲡⲉⲧⲙⲟⲟϣⲉ ϩⲙ ⲡⲕⲁⲕⲉ ⲛϥⲥⲟⲟⲩⲛ ⲁⲛ ϫⲉ ⲉϥⲛⲁ ⲉⲧⲱⲛ
৩৫তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ মাজত এতিয়াও অলপ কাল পোহৰ আছে। যেতিয়ালৈকে পোহৰ আছে, আগবাঢ়ি থাকা; যাতে আন্ধাৰে তোমালোকক পাছ নেপেলাই। যি জন আন্ধাৰত ফুৰে, তেওঁ ক’লৈ যায় সেই বিষয়ে নাজানে।
36 ⲗ̅ⲋ̅ ϩⲟⲥⲟⲛ ⲟⲩⲛⲧⲏⲧⲛ ⲡⲟⲩⲟⲓⲛ ⲡⲓⲥⲧⲉⲩⲉ ⲉⲡⲟⲩⲟⲓⲛ ϫⲉⲕⲁⲥ ⲉⲧⲉⲧⲛⲉϣⲱⲡⲉ ⲛϣⲏⲣⲉ ⲛⲧⲉ ⲡⲟⲩⲟⲓⲛ ⲛⲁⲓ ⲁϥϫⲟⲟⲩ ⲛϭⲓ ⲓⲥ ⲁⲩⲱ ⲁϥⲃⲱⲕ ⲁϥϩⲟⲡϥ ⲉⲣⲟⲟⲩ
৩৬যেতিয়ালৈ পোহৰ আছে, তেতিয়ালৈকে পোহৰৰ ওপৰত বিশ্বাস ৰাখা; যাতে তোমালোক পোহৰৰ সন্তান হোৱা।” যীচুৱে এই সকলো কথা কৈ তেওঁলোকৰ ওচৰৰ পৰা গৈ নিজক লুকুৱালে।
37 ⲗ̅ⲍ̅ ⲛⲉⲓⲙⲁⲓⲛ ⲇⲉ ⲧⲏⲣⲟⲩ ⲉⲁϥⲁⲁⲩ ⲙⲡⲉⲩⲙⲧⲟ ⲉⲃⲟⲗ ⲙⲡⲟⲩⲡⲓⲥⲧⲉⲩⲉ ⲉⲣⲟϥ
৩৭সেই কথা সিদ্ধ হ’বলৈ, তেওঁ তেওঁলোকৰ আগত বহুত আচৰিত কৰ্ম কৰিলে, কিন্তু তেওঁলোকে তেওঁত বিশ্বাস নকৰিলে;
38 ⲗ̅ⲏ̅ ϫⲉⲕⲁⲥ ⲉⲣⲉⲡϣⲁϫⲉ ⲛⲏⲥⲁⲓⲁⲥ ⲡⲉⲡⲣⲟⲫⲏⲧⲏⲥ ϫⲱⲕ ⲉⲃⲟⲗ ⲡⲉⲛⲧⲁϥϫⲟⲟϥ ϫⲉ ⲡϫⲟⲉⲓⲥ ⲛⲓⲙ ⲡⲉ ⲛⲧⲁϥⲡⲓⲥⲧⲉⲩⲉ ⲉⲡⲉⲛϩⲣⲟⲟⲩ ⲁⲩⲱ ⲡⲉϭⲃⲟⲉⲓ ⲙⲡϫⲟⲉⲓⲥ ⲛⲧⲁϥϭⲱⲗⲡ ⲉⲛⲓⲙ
৩৮যাতে যিচয়া ভাববাদীৰ সেই কথাষাৰ যেন সম্পূর্ণ হয়, কিয়নো তেওঁ কৈছিল, “হে প্ৰভু, আমি কোৱা সংবাদ কোনে বিশ্বাস কৰিলে? আৰু প্ৰভুৰ বাহুবল কাৰ আগত প্ৰকাশিত হ’ব?”
39 ⲗ̅ⲑ̅ ⲉⲧⲃⲉ ⲡⲁⲓ ⲙⲡⲟⲩϣ ϭⲙϭⲟⲙ ⲉⲡⲓⲥⲧⲉⲩⲉ ϫⲉ ⲁϥϫⲟⲟⲥ ⲟⲛ ⲛϭⲓ ⲏⲥⲁⲓⲁⲥ
৩৯কাৰণ এই বিষয়ে তেওঁলোকে বিশ্বাস নকৰিলে, যিচয়াই আকৌ তেওঁলোকক কৈছিল,
40 ⲙ̅ ϫⲉ ⲁϥⲧⲱⲙ ⲛⲛⲉⲩⲃⲁⲗ ⲁⲩⲱ ⲁϥⲧⲱⲙ ⲙⲡⲉⲩϩⲏⲧ ϫⲉⲕⲁⲥ ⲉⲛⲛⲉⲩⲛⲁⲩ ϩⲛ ⲛⲉⲩⲃⲁⲗ ⲁⲩⲱ ⲛⲥⲉⲛⲟⲉⲓ ϩⲙ ⲡⲉⲩϩⲏⲧ ⲛⲥⲉⲕⲟⲧⲟⲩ ⲧⲁⲧⲁⲗϭⲟⲟⲩ
৪০“তেওঁ তেওঁলোকৰ চকু অন্ধ কৰিলে আৰু তেওঁলোকৰ অন্তৰ কঠোৰ কৰিলে, নহ’লে তেওঁলোকে নিজ চকুৰে দেখিলেহেঁতেন আৰু হৃদয়েৰে নিজকে বুজিলেহেঁতেন আৰু ঘুৰিলেহেঁতেন আৰু মই তেওঁলোকক সুস্থ কৰিলোঁহেতেন।”
41 ⲙ̅ⲁ̅ ⲛⲁⲓ ⲁϥϫⲟⲟⲩ ⲛϭⲓ ⲏⲥⲁⲓⲁⲥ ϫⲉ ⲁϥⲛⲁⲩ ⲉⲡⲉⲟⲟⲩ ⲙⲡⲛⲟⲩⲧⲉ ⲁⲩⲱ ⲁϥϣⲁϫⲉ ⲉⲧⲃⲏⲏⲧϥ
৪১এইদৰে যিচয়াই এই বিষয়ে ক’লে, কাৰণ যীচুৰ গৌৰৱ তেওঁ দেখিছিল আৰু সেয়েহে তেওঁ কৈছিল।
42 ⲙ̅ⲃ̅ ϩⲟⲙⲟⲓⲱⲥ ⲙⲉⲛⲧⲟⲓ ⲉⲃⲟⲗ ϩⲛ ⲛⲁⲣⲭⲱⲛ ⲁϩⲁϩ ⲡⲓⲥⲧⲉⲩⲉ ⲉⲣⲟϥ ⲁⲗⲗⲁ ⲉⲧⲃⲉ ⲛⲉⲫⲁⲣⲓⲥⲁⲓⲟⲥ ⲛⲉⲩϩⲟⲙⲟⲗⲟⲅⲓ ⲁⲛ ⲡⲉ ϫⲉⲕⲁⲥ ⲉⲛⲛⲉⲩϣⲱⲡⲉ ⲛⲁⲡⲟⲥⲩⲛⲁⲅⲱⲅⲟⲥ
৪২তথাপি শাসনকৰ্তা সকলৰ মাজৰ অনেকে যীচুত বিশ্বাস কৰিলে; কিন্তু তেওঁলোকক নাম-ঘৰৰ পৰা নিষিদ্ধ কৰাৰ ভয়তে ফৰীচী সকলৰ কাৰণে তেওঁলোকে স্বীকাৰ নকৰিলে;
43 ⲙ̅ⲅ̅ ⲁⲩⲙⲉⲣⲉ ⲡⲉⲟⲟⲩ ⲅⲁⲣ ⲛⲣⲣⲱⲙⲉ ⲉϩⲟⲩⲉ ⲡⲉⲟⲟⲩ ⲙⲡⲛⲟⲩⲧⲉ
৪৩কিয়নো তেওঁলোকে ঈশ্বৰৰ পৰা পোৱা প্ৰশংসা তকৈ মানুহৰ পৰা পোৱা প্ৰশংসাক বেছি প্ৰেম কৰিছিল।
44 ⲙ̅ⲇ̅ ⲓⲥ ⲇⲉ ⲁϥⲁϣⲕⲁⲕ ⲉⲃⲟⲗ ⲉϥϫⲱ ⲙⲙⲟⲥ ϫⲉ ⲡⲉⲧⲡⲓⲥⲧⲉⲩⲉ ⲉⲣⲟⲓ ⲛⲉϥⲡⲓⲥⲧⲉⲩⲉ ⲉⲣⲟⲉⲓ ⲁⲛ ⲁⲗⲗⲁ ⲉⲡⲉⲛⲧⲁϥⲧⲁⲟⲩⲟⲉⲓ
৪৪যীচুৱে অতি উচ্চস্বৰে ক’লে, “যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মোক নহয়, কিন্তু মোক পঠাৱা জনকহে বিশ্বাস কৰে।
45 ⲙ̅ⲉ̅ ⲁⲩⲱ ⲡⲉⲧⲛⲁⲩ ⲉⲣⲟⲉⲓ ⲉϥⲛⲁⲩ ⲉⲡⲉⲛⲧⲁϥⲧⲁⲟⲩⲉⲓ
৪৫আৰু যি কোনোৱে মোক দেখে, তেওঁ মোক পঠোৱা জনকেই দেখে।
46 ⲙ̅ⲋ̅ ⲁⲛⲟⲕ ⲡⲉ ⲡⲟⲩⲟⲉⲓⲛ ⲉⲛⲧⲁⲉⲓ ⲉⲡⲕⲟⲥⲙⲟⲥ ϫⲉⲕⲁⲥ ⲟⲩⲟⲛ ⲛⲓⲙ ⲉⲧⲡⲓⲥⲧⲉⲩⲉ ⲉⲣⲟⲉⲓ ⲛⲛⲉϥϭⲱ ϩⲙ ⲡⲕⲁⲕⲉ
৪৬মই এই জগতলৈ পোহৰ হৈ আহিছোঁ, গতিকে যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ যেন আন্ধাৰত নাথাকে।
47 ⲙ̅ⲍ̅ ⲁⲩⲱ ⲉⲣϣⲁⲟⲩⲁ ⲥⲱⲧⲙ ⲉⲛⲁϣⲁϫⲉ ⲛϥϩⲁⲣⲉϩ ⲉⲣⲟⲟⲩ ⲁⲛⲟⲕ ⲛϯⲛⲁⲕⲣⲓⲛⲉ ⲙⲙⲟϥ ⲁⲛ ⲛⲧⲁⲓⲉⲓ ⲅⲁⲣ ⲁⲛ ϫⲉ ⲉⲉⲓⲉⲕⲣⲓⲛⲉ ⲙⲡⲕⲟⲥⲙⲟⲥ ⲁⲗⲗⲁ ϫⲉⲕⲁⲥ ⲉⲉⲓⲉⲛⲁϩⲙⲉϥ
৪৭কোনোৱে মোৰ কথা শুনিও যদি পালন নকৰে, তথাপি মই তেওঁৰ সোধ-বিচাৰ নকৰোঁ; কিয়নো মই জগতৰ সোধ-বিচাৰ কৰিবলৈ অহা নাই; কিন্তু জগতৰ পৰিত্ৰাণ কৰিবলৈহে আহিলোঁ।
48 ⲙ̅ⲏ̅ ⲡⲉⲧⲁⲑⲉⲧⲓ ⲙⲙⲟⲉⲓ ⲉⲛϥϫⲓ ⲁⲛ ⲛⲛⲁϣⲁϫⲉ ⲟⲩⲛⲧϥ ⲡⲉⲧⲕⲣⲓⲛⲉ ⲙⲙⲟϥ ⲡϣⲁϫⲉ ⲉⲛⲧⲁⲓϫⲟⲟϥ ⲛⲧⲟϥ ⲡⲉⲧⲛⲁⲕⲣⲓⲛⲉ ⲙⲙⲟϥ ϩⲙ ⲡϩⲁⲉ ⲛϩⲟⲟⲩ
৪৮যি কোনোৱে মোক অগ্ৰাহ্য কৰে, আৰু মোৰ কথাও গ্ৰহণ নকৰে, তেওঁৰ সোধ-বিচাৰ কৰোঁতা এজন আছে, আৰু মই যি বার্তা দিছোঁ শেষৰ দিনা সেই বার্তাই তেওঁৰ সোধ-বিচাৰ কৰিব।
49 ⲙ̅ⲑ̅ ϫⲉ ⲁⲛⲟⲕ ⲛⲧⲁⲓϣⲁϫⲉ ⲁⲛ ϩⲁⲣⲟⲓ ⲙⲙⲁⲩⲁⲁⲧ ⲁⲗⲗⲁ ⲡⲁⲓⲱⲧ ⲉⲛⲧⲁϥⲧⲁⲟⲩⲟⲓ ⲛⲧⲟϥ ⲡⲉ ⲛⲧⲁϥϯ ⲛⲁⲓ ⲛⲟⲩⲉⲛⲧⲟⲗⲏ ϫⲉ ⲟⲩ ⲡⲉϯⲛⲁϫⲟⲟϥ ⲁⲩⲱ ⲟⲩ ⲡⲉϯⲛⲁⲧⲁⲩⲟϥ
৪৯কিয়নো মই নিজৰ পৰা এই কথা কোৱা নাই; কিন্তু মোক পঠোৱা পিতৃয়ে মই কি কব লাগে, আৰু কেনেদৰে কব লাগিব, এই বিষয়ে মোক আজ্ঞা কৰিলে।
50 ⲛ̅ ⲁⲩⲱ ϯⲥⲟⲟⲩⲛ ϫⲉ ⲧⲉϥⲉⲛⲧⲟⲗⲏ ⲟⲩⲱⲛϩ ϣⲁ ⲉⲛⲉϩ ⲧⲉ ⲛⲉϯϫⲱ ϭⲉ ⲙⲙⲟⲟⲩ ⲁⲛⲟⲕ ⲕⲁⲧⲁ ⲑⲉ ⲉⲛⲧⲁⲡⲁⲓⲱⲧ ϫⲟⲟⲥ ⲛⲁⲓ ⲧⲁⲓ ⲧⲉ ⲑⲉ ⲉϯϣⲁϫⲉ ⲙⲙⲟⲥ (aiōnios g166)
৫০মই জানো যে, তেওঁৰ আজ্ঞাত অনন্ত জীৱন আছে; এই হেতুকে মই যি যি কথা কওঁ, পিতৃয়ে মোক কোৱাৰ দৰেই কওঁ।” (aiōnios g166)

< ⲒⲰⲀⲚⲚⲎⲚ 12 >