+ ⳘⲀⲦⲐⲈⲞⲚ 1 >

1 ⲁ̅ ⲠϪⲰⲘ ⲘⲘⲒⲤⲒ ⲚⲦⲈⲒⲎⲤⲞⲨⲤ ⲠⲬⲢⲒⲤⲦⲞⲤ ⲠϢⲎⲢⲒ ⲚⲆⲀⲨⲒⲆ ⲠϢⲎⲢⲒ ⲚⲀⲂⲢⲀⲀⲘ.
যীচু খ্রীষ্ট দায়ুদৰ বংশৰ আৰু দায়ুদ অব্ৰাহামৰ বংশৰ লোক। যীচু খ্ৰীষ্টৰ বংশৰ তালিকা এই: -
2 ⲃ̅ ⲀⲂⲢⲀⲀⲘ ⲆⲈ ⲀϤϪⲪⲈ ⲒⲤⲀⲀⲔ ⲒⲤⲀⲀⲔ ⲆⲈ ⲀϤϪⲪⲈ ⲒⲀⲔⲰⲂ ⲒⲀⲔⲰⲂ ⲆⲈ ⲀϤϪⲪⲈ ⲒⲞⲨⲆⲀⲤ ⲚⲈⲘ ⲚⲈϤⲤⲚⲎⲞⲨ.
অব্ৰাহামৰ পুত্ৰ ইচহাক; ইচহাকৰ পুত্ৰ যাকোব; যাকোবৰ পুত্ৰ যিহূদা আৰু তেওঁৰ ভায়েক-ককায়েক সকল;
3 ⲅ̅ ⲒⲞⲨⲆⲀⲤ ⲆⲈ ⲀϤϪⲪⲈ ⲪⲀⲢⲈⲤ ⲚⲈⲘ ⲌⲀⲢⲀ ⲈⲂⲞⲖ ϦⲈⲚⲐⲀⲘⲀⲢ ⲪⲀⲢⲈⲤ ⲆⲈ ⲀϤϪⲪⲈ ⲈⲤⲢⲰⲘ. ⲈⲤⲢⲰⲘ ⲆⲈ ⲀϤϪⲪⲈ ⲀⲢⲀⲘ.
যিহূদাৰ পুত্ৰ পেৰচ আৰু চেৰহৰ, তেওঁলোকৰ মাক আছিল তামাৰ৷ পেৰচৰ পুত্ৰ হিষ্ৰোণ; হিষ্ৰোণৰ পুত্ৰ ৰাম৷
4 ⲇ̅ ⲀⲢⲀⲘ ⲆⲈ ⲀϤϪⲪⲈ ⲀⲘⲒⲚⲀⲆⲀⲂ ⲀⲘⲒⲚⲀⲆⲀⲂ ⲆⲈ ⲀϤϪⲪⲈ ⲚⲀⲤⲤⲰⲚ ⲚⲀⲤⲤⲰⲚ ⲆⲈ ⲀϤϪⲪⲈ ⲤⲀⲖⲘⲰⲚ.
ৰামৰ পুত্ৰ অম্মীনাদব; অম্মীনাদবৰ পুত্ৰ নহচোন; নহচোনৰ পুত্ৰ চলমোন৷
5 ⲉ̅ ⲤⲀⲖⲘⲰⲚ ⲆⲈ ⲀϤϪⲪⲈ ⲂⲞⲈⲤ ⲈⲂⲞⲖ ϦⲈⲚⲢⲎⲬⲀⲂ ⲂⲞⲈⲤ ⲆⲈ ⲀϤϪⲪⲈ ⲒⲞⲨⲂⲎⲆ ⲒⲞⲨⲂⲎⲆ ⲆⲈ ⲀϤϪⲪⲈ ⲒⲈⲤⲤⲈ.
চলমোনৰ পুত্ৰ বোৱজ - তেওঁৰ মাক আছিল ৰাহব৷ বোৱজৰ পুত্ৰ ওবেদ তেওঁৰ মাক আছিল ৰূথ৷ ওবেদৰ পুত্ৰ যিচয়;
6 ⲋ̅ ⲒⲈⲤⲤⲈ ⲆⲈ ⲀϤϪⲪⲈ ⲆⲀⲨⲒⲆ ⲆⲀⲨⲒⲆ ⲆⲈ ⲀϤϪⲪⲈ ⲤⲞⲖⲞⲘⲰⲚ ⲈⲂⲞⲖ ϦⲈⲚⲐⲀ ⲞⲨⲢⲒⲀⲤ.
যিচয়ৰ পুত্ৰ দায়ুদ ৰজা। দায়ুদৰ পুত্র চলোমন, তেওঁৰ মাক আছিল উৰিয়াৰ ভাৰ্যা।
7 ⲍ̅ ⲤⲞⲖⲞⲘⲰⲚ ⲆⲈ ⲀϤϪⲪⲈ ⲢⲞⲂⲞⲀⲘ ⲢⲞⲂⲞⲀⲘ ⲆⲈ ⲀϤϪⲪⲈ ⲀⲂⲒⲀ ⲀⲂⲒⲀ ⲆⲈ ⲀϤϪⲪⲈ ⲀⲤⲀⲪ.
চলোমনৰ পুত্ৰ ৰহবিয়াম; ৰহবিয়ামৰ পুত্ৰ অবিয়৷ অবিয়ৰ পুত্ৰ আচা;
8 ⲏ̅ ⲀⲤⲀⲪ ⲆⲈ ⲀϤϪⲪⲈ ⲒⲰⲤⲀⲪⲀⲦ ⲒⲰⲤⲀⲪⲀⲦ ⲆⲈ ⲀϤϪⲪⲈ ⲒⲰⲢⲀⲘ ⲒⲰⲢⲀⲘ ⲆⲈ ⲀϤϪⲪⲈ ⲞⲌⲒⲀⲤ.
আচাৰ পুত্ৰ যিহোচাফট৷ যিহোচাফটৰ পুত্ৰ যোৰাম; যোৰামৰ পুত্ৰ উচিয়৷
9 ⲑ̅ ⲞⲌⲒⲀⲤ ⲆⲈ ⲀϤϪⲪⲈ ⲒⲰⲀⲐⲀⲘ ⲒⲰⲀⲐⲀⲘ ⲆⲈ ⲀϤϪⲪⲈ ⲀⲬⲀⲌ ⲀⲬⲀⲌ ⲆⲈ ⲀϤϪⲪⲈ ⲈⲌⲈⲔⲒⲀⲤ.
উচিয়ৰ পুত্ৰ যোথম; যোথমৰ পুত্ৰ আহচ; আহচৰ পুত্ৰ হিস্কিয়া৷
10 ⲓ̅ ⲈⲌⲈⲔⲒⲀⲤ ⲆⲈ ⲀϤϪⲪⲈ ⲘⲀⲚⲀⲤⲤⲎ ⲘⲀⲚⲀⲤⲤⲎ ⲆⲈ ⲀϤϪⲪⲈ ⲀⲘⲰⲤ ⲀⲘⲰⲤ ⲆⲈ ⲀϤϪⲪⲈ ⲒⲰⲤⲒⲀⲤ.
১০হিস্কিয়াৰ পুত্ৰ মনচি; মনচিৰ পুত্ৰ আমোন; আমোনৰ পুত্ৰ যোচিয়া৷
11 ⲓ̅ⲁ̅ ⲒⲰⲤⲒⲀⲤ ⲆⲈ ⲀϤϪⲪⲈ ⲒⲈⲬⲞⲚⲒⲀⲤ ⲚⲈⲘ ⲚⲈϤⲤⲚⲎⲞⲨ ϨⲒ ⲠⲒⲞⲨⲰⲦⲈⲂ ⲈⲂⲞⲖ ⲚⲦⲈⲂⲀⲂⲨⲖⲰⲚ.
১১যোচিয়াৰ পুত্র যেখনীয়া আৰু তেওঁৰ ভায়েক সকল। ইস্ৰায়েল জাতিক বাবিল দেশলৈ বন্দী হিচাপে লৈ যোৱাৰ সময়ত এওঁলোক আছিল।
12 ⲓ̅ⲃ̅ ⲘⲈⲚⲈⲚⲤⲀ ⲠⲒⲞⲨⲰⲦⲈⲂ ⲈⲂⲞⲖ ⲚⲦⲈⲂⲀⲂⲨⲖⲰⲚ ⲒⲈⲬⲞⲚⲒⲀⲤ ⲀϤϪⲪⲈ ⲤⲀⲖⲀⲐⲒⲎⲖ ⲤⲀⲖⲀⲐⲒⲎⲖ ⲆⲈ ⲀϤϪⲪⲈ ⲌⲞⲢⲞⲂⲀⲂⲈⲖ.
১২বাবিল দেশলৈ নিয়াৰ পাছত যেখনীয়াৰ পুত্ৰ চল্টীয়েলৰ জন্ম হ’ল৷ চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল;
13 ⲓ̅ⲅ̅ ⲌⲞⲢⲞⲂⲀⲂⲈⲖ ⲆⲈ ⲀϤϪⲪⲈ ⲀⲂⲒⲞⲨⲆ ⲀⲂⲒⲞⲨⲆ ⲆⲈ ⲀϤϪⲪⲈ ⲈⲖⲒⲀⲔⲒⲘ ⲈⲖⲒⲀⲔⲒⲘ ⲆⲈ ⲀϤϪⲪⲈ ⲀⲌⲰⲢ.
১৩জৰুব্বাবিলৰ পুত্ৰ আবীহূদ৷ আবীহূদৰ পুত্ৰ ইলীয়াকীম; ইলীয়াকীমৰ পুত্ৰ আচোৰ৷
14 ⲓ̅ⲇ̅ ⲀⲌⲰⲢ ⲆⲈ ⲀϤϪⲪⲈ ⲤⲀⲆⲰⲔ ⲤⲀⲆⲰⲔ ⲆⲈ ⲀϤϪⲪⲈ ⲀⲬⲒⲚ ⲀⲬⲒⲚ ⲆⲈ ⲀϤϪⲪⲈ ⲈⲖⲒⲞⲨⲆ.
১৪আচোৰৰ পুত্ৰ চাদোক; চাদোকৰ পুত্ৰ আখীম৷ আখীমৰ পুত্ৰ ইলীহূদ;
15 ⲓ̅ⲉ̅ ⲈⲖⲒⲞⲨⲆ ⲆⲈ ⲀϤϪⲪⲈ ⲈⲖⲈⲀⲌⲀⲢ ⲈⲖⲈⲀⲌⲀⲢ ⲆⲈ ⲀϤϪⲪⲈ ⲘⲀⲦⲐⲀⲚ ⲘⲀⲦⲐⲀⲚ ⲆⲈ ⲀϤϪⲪⲈ ⲒⲀⲔⲰⲂ.
১৫ইলীহূদৰ পুত্ৰ ইলিয়াচৰ৷ ইলিয়াচৰৰ পুত্ৰ মত্তন; মত্তনৰ পুত্ৰ যাকোব৷
16 ⲓ̅ⲋ̅ ⲒⲀⲔⲰⲂ ⲆⲈ ⲀϤϪⲪⲈ ⲒⲰⲤⲎⲪ ⲠϨⲀⲒ ⲘⲘⲀⲢⲒⲀ ⲐⲎ ⲈⲦⲀⲤⲘⲈⲤ ⲒⲎⲤⲞⲨⲤ ⲪⲎ ⲈⲦⲞⲨⲘⲞⲨϮ ⲈⲢⲞϤ ϪⲈ ⲠⲬⲢⲒⲤⲦⲞⲤ.
১৬যাকোবৰ পুত্ৰ যোচেফ; তেওঁ মৰিয়মৰ স্বামী আৰু এই মৰিয়মৰ গর্ভত যীচুৰ জন্ম হয়, যি জনক খ্ৰীষ্ট বোলা হয়।
17 ⲓ̅ⲍ̅ ϪⲰⲞⲨ ⲚⲒⲂⲈⲚ ⲒⲤϪⲈⲚ ⲀⲂⲢⲀⲀⲘ ϢⲀ ⲆⲀⲨⲒⲆ ⲒⲆ ⲚϪⲰⲞⲨ ⲞⲨⲞϨ ⲒⲤϪⲈⲚ ⲆⲀⲨⲒⲆ ϢⲀ ⲠⲒⲞⲨⲰⲦⲈⲂ ⲈⲂⲞⲖ ⲚⲦⲈⲂⲀⲂⲨⲖⲰⲚ ⲒⲆ ⲚϪⲰⲞⲨ ⲞⲨⲞϨ ⲒⲤϪⲈⲚ ⲠⲒⲞⲨⲰⲦⲈⲂ ⲈⲂⲞⲖ ⲚⲦⲈⲂⲀⲂⲨⲖⲰⲚ ϢⲀ ⲠⲬⲢⲒⲤⲦⲞⲤ ⲒⲆ ⲚϪⲰⲞⲨ.
১৭এইদৰে অব্ৰাহামৰ পৰা দায়ুদ লৈ মুঠ চৌদ্ধ পুৰুষ; দায়ুদৰ পৰা বাবিল দেশলৈ বন্দী কৰি নিয়া পর্যন্ত মুঠ চৌদ্ধ পুৰুষ; পুণৰ বাবিললৈ বন্দী কৰি নিয়াৰ পাছৰ পৰা খ্ৰীষ্টলৈ মুঠ চৌদ্ধ পুৰুষ।
18 ⲓ̅ⲏ̅ ⲠϪⲒⲚⲘⲒⲤⲒ ⲚⲒⲎⲤⲞⲨⲤ ⲠⲬⲢⲒⲤⲦⲞⲤ ⲚⲈⲞⲨ ⲠⲀⲒⲢⲎϮ ⲈⲦⲀⲨⲰⲠ ⲚⲤⲀⲦⲈϤⲘⲀⲨ ⲘⲀⲢⲒⲀ ⲚⲒⲰⲤⲎⲪ ⲘⲠⲀⲦⲞⲨⲤⲞⲨⲈⲚ ⲚⲞⲨⲈⲢⲎⲞⲨ ⲀⲨϪⲈⲘⲤ ⲈⲤⲘⲂⲞⲔⲒ ⲈⲂⲞⲖ ϦⲈⲚⲞⲨⲠⲚⲈⲨⲘⲀⲈϤⲞⲨⲀⲂ.
১৮যীচু খ্ৰীষ্টৰ জন্ম এইদৰে হৈছিল৷ যীচুৰ মাক মৰিয়মক যোচেফলৈ বাগ্দান কৰা হৈছিল, কিন্তু তেওঁলোক একেলগ হোৱাৰ পূৰ্বেই মৰিয়মে পবিত্ৰ আত্মাৰ শক্তিত গৰ্ভৱতী হোৱা অনুভৱ কৰিলে।
19 ⲓ̅ⲑ̅ ⲒⲰⲤⲎⲪ ⲆⲈ ⲠⲈⲤϨⲀⲒ ⲚⲈⲞⲨⲐⲘⲎⲒ ⲠⲈ ⲞⲨⲞϨ ⲚϤⲞⲨⲰϢ ⲀⲚ ⲈⲀⲒⲤ ⲚⲤⲢⲀϨ ⲀϤⲤⲞϬⲚⲒ ⲈⲬⲀⲤ ⲈⲂⲞⲖ ⲚⲬⲰⲠ.
১৯তেওঁৰ স্বামী যোচেফ এজন ধাৰ্মিক লোক হোৱাত মৰিয়মক মানুহৰ আগত নিন্দাৰ পাত্ৰ কৰিবলৈ ইচ্ছা নকৰি, গুপুতে ত্যাগ কৰিবলৈ মন কৰিলে।
20 ⲕ̅ ⲚⲀⲒ ⲆⲈ ⲈⲦⲀϤⲘⲞⲔⲘⲈⲔ ⲈⲢⲰⲞⲨ ϨⲎⲠⲠⲈ ⲒⲤ ⲞⲨⲀⲄⲄⲈⲖⲞⲤ ⲚⲦⲈⲠϬⲞⲒⲤ ⲀϤⲞⲨⲞⲚϨϤ ⲈⲒⲰⲤⲎ ⲪϦⲈⲚ ⲞⲨⲢⲀⲤⲞⲨⲒ ⲈϤϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲒⲰⲤⲎⲪ ⲠϢⲎⲢⲒ ⲚⲆⲀⲨⲒⲆ ⲘⲠⲈⲢⲈⲢϨⲞϮ ⲈϢⲈⲠ ⲘⲀⲢⲒⲀ ⲦⲈⲔⲤϨⲒⲘⲒ ⲈⲢⲞⲔ ⲪⲎ ⲄⲀⲢ ⲈⲦⲈⲤⲚⲀⲘⲀⲤϤ ⲞⲨⲈⲂⲞⲖ ϦⲈⲚⲞⲨⲠⲚⲈⲨⲘⲀⲈϤⲞⲨⲀⲂ ⲠⲈ.
২০কিন্তু তেওঁ যেতিয়া এইবোৰ কথা চিন্তা কৰিলে, তেতিয়া প্ৰভুৰ এজন দূত আহি সপোনত তেওঁক দৰ্শন দি ক’লে, “হে দায়ুদৰ বংশৰ সন্তান যোচেফ, তোমাৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা; কিয়নো তেওঁৰ গৰ্ভৰ সন্তান পবিত্ৰ আত্মাৰ পৰা হৈছে।
21 ⲕ̅ⲁ̅ ⲈⲤⲈⲘⲒⲤⲒ ⲆⲈ ⲚⲞⲨϢⲎⲢⲒ ⲈⲔⲈⲘⲞⲨϮ ⲈⲠⲈϤⲢⲀⲚ ϪⲈ ⲒⲎⲤⲞⲨⲤ ⲚⲐⲞϤ ⲄⲀⲢ ⲈⲐⲚⲀⲚⲞϨⲈⲘ ⲘⲠⲈϤⲖⲀⲞⲤ ⲈⲂⲞⲖ ϦⲈⲚⲚⲞⲨⲚⲞⲂⲒ.
২১তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যীচু থবা। কাৰণ তেৱেঁই নিজৰ লোকক তেওঁলোকৰ পাপ সমূহৰ পৰা মুক্ত কৰিব।”
22 ⲕ̅ⲃ̅ ⲪⲀⲒ ⲆⲈ ⲦⲎⲢϤ ⲀϤϢⲰⲠⲒ ϨⲒⲚⲀ ⲚⲦⲈϤϪⲰⲔ ⲈⲂⲞⲖ ⲚϪⲈⲪⲎ ⲈⲦⲀ ⲠϬⲞⲒⲤ ϪⲞϤ ⲈⲂⲞⲖ ϨⲒⲦⲞⲦϤ ⲘⲠⲒⲠⲢⲞⲪⲎⲦⲎⲤ ⲈϤϪⲰ ⲘⲘⲞⲤ.
২২এই সকলো ঘটিছিল যাতে ভাৱবাদীৰ দ্বাৰাই প্ৰভুৱে এই যি বচন কোৱাইছিল সেয়া পূর্ণ হয়:
23 ⲕ̅ⲅ̅ ϪⲈ ϨⲎⲠⲠⲈ ⲒⲤ ϮⲠⲀⲢⲐⲈⲚⲞⲤ ⲈⲤⲈⲈⲢⲂⲞⲔⲒ ⲞⲨⲞϨ ⲈⲤⲈⲘⲒⲤⲒ ⲚⲞⲨϢⲎⲢⲒ ⲈⲨⲈⲘⲞⲨϮ ⲈⲠⲈϤⲢⲀⲚ ϪⲈ ⲈⲘⲘⲀⲚⲞⲨⲎⲖ ⲪⲎ ⲈⲦⲈϢⲀⲨⲞⲨⲀϨⲘⲈϤ ϪⲈ ⲪⲚⲞⲨϮ ⲚⲈⲘⲀⲚ.
২৩“চোৱা, সেই কুমাৰী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁলোকে তেওঁৰ নাম ইম্মানূৱেল থব;” এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ।
24 ⲕ̅ⲇ̅ ⲈⲦⲀϤⲦⲰⲚϤ ⲆⲈ ⲚϪⲈⲒⲰⲤⲎⲪ ⲈⲂⲞⲖ ϦⲈⲚⲠⲒⲚⲔⲞⲦ ⲀϤⲒⲢⲒ ⲔⲀⲦⲀ ⲪⲢⲎϮ ⲈⲦⲀ ⲠⲒⲀⲄⲄⲈⲖⲞⲤ ⲚⲦⲈⲠϬⲞⲒⲤ ⲞⲨⲀϨⲤⲀϨⲚⲒ ⲚⲀϤ ⲞⲨⲞϨ ⲀϤϢⲈⲠ ⲘⲀⲢⲒⲀ ⲦⲈϤⲤϨⲒⲘⲒ ⲈⲢⲞϤ.
২৪পাছত যোচেফে টোপনিৰ পৰা সাৰ পাই উঠি, প্ৰভুৰ দূতে তেওঁক আজ্ঞা দিয়াৰ দৰে নিজৰ ভাৰ্য্যাৰূপে মৰিয়মক গ্ৰহণ কৰিলে।
25 ⲕ̅ⲉ̅ ⲞⲨⲞϨ ⲘⲠⲈϤⲤⲞⲨⲰⲚⲤ ϢⲀⲦⲈⲤⲘⲒⲤⲒ ⲘⲠⲒϢⲎ ⲢⲒ ⲞⲨⲞϨ ⲀϤⲘⲞⲨϮ ⲈⲠⲈϤⲢⲀⲚ ϪⲈ ⲒⲎⲤⲞⲨⲤ.
২৫কিন্তু পুত্ৰ প্ৰসৱ নকৰা পর্যন্ত যোচেফে তেওঁৰ সৈতে সহবাস নকৰিলে। পাছত যোচেফে সেই সন্তানৰ নাম যীচু থলে।

+ ⳘⲀⲦⲐⲈⲞⲚ 1 >