< 撒迦利亞書 5 >

1 我又舉目觀看,見有一飛行的書卷。
পাছত মই উভতি আহিলোঁ আৰু চকু তুলি চালোঁ, তাতে মই এখন উড়ি থকা নুৰিয়াব পৰা পুথি দেখিলোঁ।
2 他問我說:「你看見甚麼?」我回答說:「我看見一飛行的書卷,長二十肘,寬十肘。」
তেতিয়া দূতে মোক ক’লে, “তুমি কি দেখিছা?” মই উত্তৰ দি ক’লোঁ, “মই নুৰিয়াব পৰা এখন উড়ি থকা পুথি দেখিছোঁ, সেয়ে দীঘলে বিশ হাত আৰু বহলে দহ হাত।”
3 他對我說:「這是發出行在遍地上的咒詛。凡偷竊的必按卷上這面的話除滅;凡起假誓的必按卷上那面的話除滅。
তেতিয়া তেওঁ মোক ক’লে, “গোটেই দেশৰ ওপৰেদি ওলাই যোৱা এয়ে অভিশাপ, কিয়নো যিয়ে চুৰ কৰে, সি তাৰ এপিঠিৰ মতে উচ্ছন্ন হ’ব আৰু যিয়ে মিছা শপত খায়, সি তাৰ আন পিঠিৰ মতে উচ্ছন্ন হ’ব।
4 萬軍之耶和華說:我必使這書卷出去,進入偷竊人的家和指我名起假誓人的家,必常在他家裏,連房屋帶木石都毀滅了。」
বাহিনীসকলৰ যিহোৱাই কৈছে, ‘ইয়াক মই উলিয়ালোঁ,’ আৰু সেয়ে চোৰৰ ঘৰত আৰু মোৰ নামেৰে মিছা শপত খোৱাজনৰ ঘৰত সোমাব। আৰু সেয়ে তাৰ ঘৰৰ মাজত থাকি কাঠ আৰু শিলে সৈতে তাক বিনষ্ট কৰিব।”
5 與我說話的天使出來,對我說:「你要舉目觀看,見所出來的是甚麼?」
তেতিয়া মোৰে সৈতে কথা হোৱা দূতজনে ওলাই আহি মোক ক’লে, “তুমি চকু তুলি চোৱা, সৌটো কি আহিছে?”
6 我說:「這是甚麼呢?」他說:「這出來的是量器。」他又說:「這是惡人在遍地的形狀。」
তেতিয়া মই সুধিলোঁ, “সেইটো কি?” তেওঁ ক’লে, “আহি থকা সেইটো এটা ঐফা-পাত্ৰ। সেইটোৱেই গোটেই দেশৰ লোকসকলৰ অতিশয় অনৈতিক আচৰণৰ উপমাস্বৰূপ।”
7 (我見有一片圓鉛被舉起來。)這坐在量器中的是個婦人。
তাৰ পাছত দূতে সেই পাত্রটোৰ পৰা ঘূৰণীয়া সীহৰ ঢাকনীখন মুকলি কৰি দিলে আৰু সেই ঐফা-পাত্ৰটোৰ তলিত এগৰাকী তিৰোতা বহি আছিল।
8 天使說:「這是罪惡。」他就把婦人扔在量器中,將那片圓鉛扔在量器的口上。
দূতে মোক ক’লে, “এয়ে দুষ্টতা!” এইবুলি তেওঁ তাইক ঐফা-পাত্ৰৰ ভিতৰলৈ হেঁচা মাৰি ঠেলি দিলে আৰু মুকলি কৰা সীহৰ ঢাকনি খন পুনৰ বন্ধ কৰিলে।
9 我又舉目觀看,見有兩個婦人出來,在她們翅膀中有風,飛得甚快,翅膀如同鸛鳥的翅膀。她們將量器抬起來,懸在天地中間。
তেতিয়া মই চকু তুলি চাই দেখিলোঁ যে, দুগৰাকী মহিলা মোৰ ফালে আহি আছিল আৰু সেই দুগৰাকীৰ ডেউকাত বায়ু আছিল; সিহঁতৰ ডেউকা বৰটোকোলাৰ ডেউকাৰ নিচিনা আছিল। সেই দুগৰাকীয়ে পৃথিৱী আৰু আকাশৰ মাজেদি ঐফা-পাত্ৰটো তুলি লৈ গৈছিল।
10 我問與我說話的天使說:「她們要將量器抬到哪裏去呢?」
১০সেয়ে মোৰে সৈতে কথা হৈ থকা দূতজনক মই সুধিলোঁ, “সেই দুগৰাকীয়ে ঐফা-পাত্ৰটো লৈ ক’লৈ গৈছে?”
11 他對我說:「要往示拿地去,為它蓋造房屋;等房屋齊備,就把它安置在自己的地方。」
১১তেওঁ মোক ক’লে, “চিনাৰ দেশত সেই পাত্রৰ বাবে এটা মন্দিৰ সাজিবলৈ গৈছে, সেইটো সজা হ’লে, তাইক তাইৰ নিজৰ ঠাইত স্থাপন কৰা হ’ব।”

< 撒迦利亞書 5 >