< 2 Mafumu 1 >

1 Atamwalira Ahabu, Mowabu anawukira Israeli.
আহাবৰ মৃত্যুৰ পাছত, মোৱাব দেশে ইস্ৰায়েলৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে।
2 Ndipo Ahaziya anagwa kuchokera pa khonde la chipinda chake chammwamba ku Samariya, ndipo anavulala kwambiri. Choncho iye anatuma amithenga nawawuza kuti, “Pitani mukafunse kwa Baala-zebubu, mulungu wa ku Ekroni, ngati ndichire matendawa.”
অহজিয়াই চমৰিয়াত তেওঁৰ ঘৰৰ ওপৰ-কোঁঠালিৰ খিড়িকিয়েদি তললৈ পৰি আঘাত পালে। তেতিয়া তেওঁ কেইজনমান লোকক এইবুলি কৈ পঠাই দিলে যে, “তোমালোকে গৈ ইক্ৰোণৰ দেৱতা বাল-জবুবৰ ওচৰত সোধা, এই আঘাতৰ পৰা মই সুস্থ হ’ম নে নাই।”
3 Koma mngelo wa Yehova anawuza Eliya wa ku Tisibe kuti, “Nyamuka, pita ukakumane ndi amithenga a mfumu ya ku Samariya ndipo ukawafunse kuti, ‘Kodi popeza kulibe Mulungu ku Israeli, nʼchifukwa chake inu mukupita kukafunsa nzeru kwa Baala-zebubu, mulungu wa ku Ekroni?’
কিন্তু যিহোৱাৰ দূতে তিচবীয়া এলিয়াক ক’লে, “তুমি গৈ চমৰিয়াৰ ৰজাই পঠোৱা লোকসকলৰ লগত সাক্ষাত কৰি তেওঁলোকক কোৱা, ‘ইস্ৰায়েল দেশত জানো ঈশ্বৰ নাই যে, তোমালোকে ইক্ৰোণৰ বাল-জবুবৰ গুৰিত সুধিবলৈ গৈছা?
4 Tsono Yehova akuti, ‘Iweyo sudzadzuka pa bedi wagonapo. Udzafa ndithu!’” Ndipo Eliya ananyamuka.
সেয়ে যিহোৱাই কৈছে, “তুমি যি শয্যাত পৰি আছা, তাৰ পৰা তুমি পুনৰ নুঠিবা। তোমাৰ অৱেশ্যেই মৃত্যু হ’ব’।” এলিয়াই সেই লোকসকলক লগ ধৰিলে আৰু এই দৰে কৈ গুছি গ’ল।
5 Amithenga aja atabwerera kwa mfumu, mfumuyo inawafunsa kuti, “Chifukwa chiyani mwabwerera?”
পাছত সেই লোকসকল ৰজাৰ ওচৰলৈ ঘূৰি অহাৰ পাছত তেওঁ তেওঁলোকক সুধিলে, “তোমালোক কিয় উভটি আহিলা?”
6 Iwo anayankha kuti, “Munthu wina anabwera kudzakumana nafe, ndipo anatiwuza kuti, bwererani kwa mfumu imene inakutumani ndipo mukayiwuze kuti, ‘Yehova akuti, kodi popeza kulibe Mulungu ku Israeli, nʼchifukwa chake mukupita kukafunsa nzeru kwa Baala-zebubu, mulungu wa ku Ekroni? Tsono sudzadzuka pa bedi wagonapo. Udzafa ndithu!’”
উত্তৰত তেওঁলোকে ক’লে, “এজন মানুহে আমাৰ লগত সাক্ষাত কৰি ক’লে, ‘যি জনে আপোনালোকক পঠিয়াইছে, আপোনালোক যেন সেই ৰজাৰ ওচৰলৈ উভটি গৈ তেওঁক জনায়, “যিহোৱাই কৈছে, ‘ইস্ৰায়েল দেশত জানো ঈশ্বৰ নাই, আপুনি যে ইক্ৰোণৰ দেৱতা বাল-জবুবৰ গুৰিত সুধিবৰ কাৰণে মানুহ পঠিয়াইছে? সেয়ে আপুনি যি শয্যাত পৰি আছে, তাৰ পৰা পুনৰ নুঠিব, কিন্তু অৱশ্যেই মৃত্যু হ’ব।’”
7 Mfumu inafunsa amithengawo kuti, “Kodi munthu amene anabwera kudzakumana nanuyo ndi kukuwuzani zimenezi amaoneka bwanji?”
ৰজাই তেওঁলোকক সুধিলে, “যি মানুহজনে তোমালোকৰ লগত সাক্ষাত কৰি এই কথা ক’লে, তেওঁ বাৰু দেখাত কেনেকুৱা আছিল?”
8 Iwo anayankha kuti, “Munthuyo anavala zovala zaubweya ndi lamba wachikopa mʼchiwuno mwake.” Mfumu inati, “Munthu ameneyo ndi Eliya wa ku Tisibe.”
তেওঁলোকে উত্তৰ দিলে, “তেওঁ জন্তুৰ নোমেৰে তৈয়াৰী পোছাক পিন্ধিছিল আৰু তেওঁৰ কঁকালত আছিল চামৰাৰ কটিবন্ধন।” ৰজাই ক’লে, “তেৱেঁ হৈছে তিচবীয়া এলিয়া।”
9 Pamenepo mfumu inatuma mtsogoleri wa ankhondo ndi anthu ake makumi asanu kwa Eliya. Mtsogoleriyo anapita kwa Eliya, amene anali atakhala pamwamba pa phiri, ndipo anati, “Munthu wa Mulungu, mfumu ikuti, ‘Tsikani!’”
তাৰ পাছত ৰজাই এজন সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক এলিয়াৰ ওচৰলৈ পঠাই দিলে। এলিয়া সেই সময়ত পাহাৰৰ ওপৰত বহি আছিল। সেনাপতিজন এলিয়াৰ ওচৰলৈ উঠি গৈ ক’লে, “হে ঈশ্বৰৰ লোক, ৰজাই আপোনাক নামি আহিবলৈ কৈছে।”
10 Eliya anayankha mtsogoleriyo kuti, “Ngati ndine munthu wa Mulungu, moto utsike kuchokera kumwamba, ukupsereze iwe pamodzi ndi anthu makumi asanu akowo!” Pomwepo moto unatsikadi kuchokera kumwamba ndipo unapsereza mtsogoleriyo pamodzi ndi anthu akewo.
১০এলিয়াই সেনাপতিজনক ক’লে, “মই যদি ঈশ্বৰৰ লোক হওঁ, তেন্তে আকাশৰ পৰা জুই নামি আহি যেন আপোনাক আৰু আপোনাৰ পঞ্চাশজন সৈন্যক পুৰি গ্ৰাস কৰে।” তেতিয়া আকাশৰ পৰা জুই নামি আহি সেই সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক গ্ৰাস কৰিলে।
11 Zitachitika izi, mfumu inatumanso mtsogoleri wina pamodzi ndi asilikali ake makumi asanu. Mtsogoleriyo anati kwa Eliya, “Munthu wa Mulungu, zimene mfumu ikunena ndi izi, ‘Tsikani msangamsanga!’”
১১ৰজাই আকৌ এজন সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক এলিয়াৰ ওচৰলৈ পঠালে। সেই সেনাপতিয়েও এলিয়াক ক’লে, “হে ঈশ্বৰৰ লোক, ৰজাই আপোনাক এতিয়াই নামি আহিবলৈ কৈছে।”
12 Eliya anayankha kuti, “Ngati ndine munthu wa Mulungu, moto utsike kuchokera kumwamba, ukupsereze iwe pamodzi ndi anthu ako makumi asanuwo!” Pomwepo moto unatsikadi kuchokera kumwamba ndipo unapsereza mtsogoleriyo pamodzi ndi anthu akewo.
১২এলিয়াই উত্তৰ দি ক’লে, “মই যদি ঈশ্বৰৰ লোক হওঁ, তেন্তে আকাশৰ পৰা জুই নামি আহি যেন আপোনাক আৰু আপোনাৰ পঞ্চাশজন সৈন্যক পুৰি গ্ৰাস কৰে।” তেতিয়া পুনৰাই আকাশৰ পৰা ঈশ্বৰৰ জুই নামি আহি তেওঁক আৰু তেওঁৰ পঞ্চাশজন সৈন্যক গ্ৰাস কৰিলে।
13 Ndipo mfumu inatumanso mtsogoleri wachitatu pamodzi ndi asilikali ake makumi asanu. Mtsogoleri wachitatuyu anakwera pa phiripo ndi kugwada pamaso pa Eliya. Iye anayankhula mopemba kuti, “Munthu wa Mulungu, chonde musandiwononge ineyo pamodzi ndi atumiki makumi asanu anuwa!
১৩তাৰ পাছত পুনৰ ৰজাই তৃতীয়বাৰলৈ এজন সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক পঠালে। এই তৃতীয় সেনাপতিয়ে ওপৰলৈ উঠি গৈ এলিয়াৰ সন্মুখত আঠুকাঢ়ি মিনতি কৰিলে, “হে ঈশ্বৰৰ লোক, আপোনাৰ দৃষ্টিত মোৰ আৰু আপোনাৰ এই পঞ্চাশজন দাসৰ জীৱন যেন বহুমূলীয়াৰূপে গ্রাহ্য হয়।
14 Taonani, moto unatsika kuchokera kumwamba ndi kupsereza atsogoleri awiri pamodzi ndi anthu awo onse. Koma tsopano musawononge moyo wanga!”
১৪চাওক, আকাশৰ পৰা জুই নামি আগেয়ে অহা দুজন সেনাপতি আৰু তেওঁলোকৰ সকলো সৈন্যকে পুৰি গ্ৰাস কৰিলে; কিন্তু এইবাৰ আপোনাৰ দৃষ্টিত মোৰ প্ৰাণ বহুমূল্য হওক।”
15 Mngelo wa Yehova anati kwa Eliya, “Pita naye, usamuope.” Choncho Eliya ananyamuka natsika naye limodzi kupita kwa mfumu.
১৫তেতিয়া যিহোৱাৰ দূতে এলিয়াক ক’লে, “তুমি তেওঁৰ লগত নামি যোৱা, তেওঁক ভয় নকৰিবা।” তাতে এলিয়াই তেওঁৰ লগত নামি আহি ৰজাৰ ওচৰলৈ গ’ল।
16 Eliya anawuza mfumu kuti, “Yehova akuti, ‘Chifukwa chiyani munatumiza amithenga kwa Baala-zebubu, mulungu wa ku Ekroni, kukafunsa ngati muti muchire? Kodi mu Israeli mulibe Mulungu woti nʼkukuyankhani funso lanu? Choncho, popeza mwachita izi, simudzadzuka pamene mwagonapo; mudzafa ndithu.’”
১৬তেওঁ ৰজাক ক’লে, “যিহোৱাই এই কথা কৈছে, ‘আপুনি ইক্ৰোণৰ দেৱতা বাল-জবুবৰ ওচৰলৈ লোক পঠাইছিল। ইস্ৰায়েল দেশত জানো সুধিবৰ বাবে ঈশ্বৰ নাই? এনে কাম কৰাৰ কাৰণে যি শয্যাত আপুনি পৰি আছে, সেই শয্যাৰ পৰা আৰু উঠিব নোৱাৰিব; কিন্তু অৱশ্যেই মৃত্যু হ’ব’।”
17 Motero Ahaziya anafadi, monga mwa mawu a Yehova amene Eliya anayankhula. Tsono popeza Ahaziya analibe mwana, Yoramu analowa ufumu mʼmalo mwake mʼchaka chachiwiri cha Yehoramu mwana wa Yehosafati mfumu ya ku Yuda.
১৭যিহোৱাই এলিয়াৰ যোগেদি যিদৰে কৈছিল, সেইদৰে ৰজা অহজিয়াৰ মৃত্যু হ’ল। অহজিয়াৰ কোনো পুত্ৰ সন্তান নথকাৰ বাবে তেওঁৰ ঠাইত যোৰাম ইস্রায়েলৰ ৰজা হ’ল। যিহূদাৰ ৰজা যিহোচাফটৰ পুত্র যিহোৰামৰ ৰাজত্ব কালৰ দ্বিতীয় বছৰত যোৰাম ইস্রায়েলৰ ৰজা হৈছিল।
18 Ntchito zina zonse zimene Ahaziya anachita, kodi sizinalembedwe mʼbuku la mbiri ya mafumu a ku Israeli?
১৮অহজিয়াৰ আন আন সকলো কৰ্মৰ বৃত্তান্ত ইস্ৰায়েলৰ ৰজাসকলৰ “ইতিহাস” পুস্তকখনত জানো লিখা নাই?

< 2 Mafumu 1 >