< যিহিস্কেল ভাববাদীর বই 46 >

1 প্রভু সদাপ্রভু এই কথা বলেন, ভিতরের উঠানের পূর্ব দিকের দরজা কাজের জন্য ছয় দিন বন্ধ থাকবে, কিন্তু বিশ্রামদিনের খোলা হবে এবং অমাবস্যার দিনের ও খোলা হবে।
প্ৰভু যিহোৱাই এই কথা কৈছে: ‘পূৱফালে মুখ কৰা ভিতৰ চোতালখনৰ বাট-চৰাটো কাম কৰা ছয় দিন বন্ধ থাকিব; কিন্তু বিশ্ৰাম দিনত আৰু ন-জোনৰ দিনা খোলা হ’ব।
2 নেতা বাইরে থেকে দরজার বারান্দার পথ দিয়ে প্রবেশ করে দরজার চৌকাঠের কাছে দাঁড়াবেন এবং যাজকরা তাঁর হোমবলি ও মঙ্গলার্থক বলি সব উৎসর্গ করবে এবং তিনি ভিতরের দরজার গোবরাটে নত হবেন, পরে বেরিয়ে আসবেন, কিন্তু সন্ধ্যা না হলে দরজা বন্ধ করা যাবে না।
আৰু অধিপতিজন বাহিৰৰ পৰা বাট-চৰাৰ বাৰাণ্ডাৰ বাটেদি সোমাই বাট-চৰাটোৰ দুৱাৰৰ খুটাৰ ওচৰত থিয় হ’ব আৰু পুৰোহিতসকলে তেওঁৰ হোম-বলি ও মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব আৰু তেওঁ দুৱাৰডলিত প্ৰণিপাত কৰিব, পাছত ওলাই যাব; কিন্তু বাট-চৰাটো গধূলি নোহোৱালৈকে বন্ধ কৰা নাযাব।
3 আর দেশের লোক সব বিশ্রামবারে ও অমাবস্যায় সেই দরজার প্রবেশ স্থানে সদাপ্রভুর কাছে নত হবে।
আৰু দেশৰ প্ৰজাসকলে বিশ্ৰাম দিনত আৰু ন-জোনত যিহোৱাৰ আগত সেই বাট-চৰাটোৰ প্ৰৱেশস্থানত প্ৰণিপাত কৰিব।
4 সদাপ্রভুর উদ্দেশ্যে নেতাকে এই হোমবলি উৎসর্গ করতে হবে, বিশ্রামবারে নির্দোষ ছয়টী মেষশাবক ও নির্দোষ একটি মেষ।
আৰু যিহোৱাৰ উদ্দেশ্যে অধিপতিজনে উৎসৰ্গ কৰিব লগীয়া হোম বলি এই; বিশ্ৰামবাৰে ছটা নিৰ্ঘূণী মেৰ-ছাগ পোৱালি আৰু এটা নিৰ্ঘূণী মতা মেৰ-ছাগ হ’ব।
5 আর শস্য নৈবেদ্যরূপে মেষের সঙ্গে এক ঐফা এবং মেষশাবকদের সঙ্গে তাঁর হাতে যতটা উঠবে এবং ঐফার প্রতি এক হিন তেল।
মতা মেৰ-ছাগটোৰ লগত দিয়া ভক্ষ্য নৈবেদ্য এক ঐফা হ’ব আৰু মেৰ-ছাগ পোৱালিবোৰৰ লগত দিয়া ভক্ষ্য নৈবেদ্য তেওঁৰ শক্তি অনুসাৰে হ’ব আৰু এক এক ঐফাৰ লগত এক এক হীন তেল হ’ব।
6 আর অমাবস্যার দিনের একটি নির্দোষ গোবৎস এবং ছয়টি মেষশাবক ও একটি মেষ, এরাও নির্দোষ হবে।
আৰু ন-জোনৰ দিনা এটা নিৰ্ঘূণী ডেকা ভতৰা হ’ব; আৰু ছটা মেৰ-ছাগ পোৱালি আৰু এটা মতা মেৰ-ছাগ হ’ব, এইবোৰো নিৰ্ঘূণী হ’ব।
7 আর শস্য নৈবেদ্যরূপে তিনি ষাঁড়ের জন্য এক ঐফা, মেষের জন্য এক ঐফা ও মেষশাবকদের জন্য তাঁর হাতে যতটা উঠবে এবং প্রত্যেক শস্য ঐফার প্রতি এক হিন তেল দেবেন।
আৰু ভতৰাটোৰ লগত এক ঐফা, মতা মেৰ-ছাগটোৰ লগত এক ঐফা, মেৰ-ছাগ পোৱালিবোৰৰ লগত তেওঁৰ শক্তি অনুসাৰে আৰু এক এক ঐফাৰ লগত এক এক হীন তেল দি তেওঁ ভক্ষ্য নৈবেদ্য যুগুত কৰিব।
8 শাসক যখন আসবেন, তখন দরজার বারান্দার পথ দিয়ে প্রবেশ করবেন এবং সেই পথ দিয়ে বের হয়ে আসবেন।
যেতিয়া অধিপতিজন সোমাব, তেতিয়া তেওঁ বাট-চৰাটোৰ বাৰাণ্ডাৰ বাটেদি সোমাব আৰু সেই একে বাটেদিয়েই ওলাই যাব।
9 আর দেশের লোক সব পর্বের দিনের যখন সদাপ্রভুর সামনে আসবে, তখন নত হওয়ার জন্যে যে ব্যক্তি উত্তর দরজার পথ দিয়ে প্রবেশ করবে, সে দক্ষিণ দরজার পথ দিয়ে বের হয়ে আসবে এবং যে ব্যক্তি যে দরজার পথ দিয়ে প্রবেশ করবে, সে সেখানে ফিরে যাবে না, কিন্তু নিজের সামনের পথ দিয়ে বের হয়ে আসবে।
কিন্তু যেতিয়া দেশৰ প্ৰজাসকল নিৰূপিত উৎসৱত যিহোৱাৰ আগলৈ আহিব, তেতিয়া যি জনে প্ৰণিপাত কৰিবলৈ উত্তৰ বাট-চৰাটোৰ বাটেদি সোমাব, তেওঁ দক্ষিণ বাট-চৰাটোৰ বাটেদি ওলাই যাব আৰু যি জনে দক্ষিণ বাট-চৰাটোৰ বাটেদি সোমাব, তেওঁ উত্তৰ বাট-চৰাটোৰ বাটেদি ওলাই যাব; তেওঁ সোমোৱা বাট-চৰাটোৰ বাটেদি ওলাই নাযাব, কিন্তু পোনে পোনে ওলাই যাব।
10 ১০ এবং নেতা তাদের মধ্যে থেকে তাদের প্রবেশের দিনের প্রবেশ করবেন ও তাদের বের হয়ে আসার দিন বের হবেন।
১০আৰু তেওঁলোক সোমোৱা সময়ত অধিপতিজন তেওঁলোকৰ মাজত হৈ সোমাব; আৰু ওলোৱা সময়ত তেওঁলোক সকলোৱে একেলগে ওলাব।
11 ১১ আর পর্বে শস্য নৈবেদ্য ষাঁড়ের প্রতি এক ঐফা, মেষের প্রতি এক ঐফা ও মেষশাবকদের জন্য তাঁর হাতে যতটা উঠবে এবং ঐফার জন্য এক হিন তেল লাগবে।
১১পৰ্ব্বতবোৰ আৰু নিৰূপিত সময়ত ভক্ষ্য নৈবেদ্য এটা এটা ভতৰাৰ লগত এক এক ঐফা, এটা এটা মতা মেৰৰ লগত এক এক ঐফা, মেৰ পোৱালিবোৰৰ লগত তেওঁৰ শক্তি অনুসাৰে, আৰু এক এক ঐফাৰ লগত এক এক হীম তেল হ’ব।
12 ১২ শাসক যখন নিজের ইচ্ছায় দেওয়া দান, সদাপ্রভুর উদ্দেশ্যে হোমবলি বা মঙ্গলার্থক বলিরূপ নিজের ইচ্ছায় দেওয়া দান উৎসর্গ করবেন, তখন তাঁর জন্য পূর্ব দিকের দরজা খুলে দিতে হবে। আর তিনি বিশ্রামবারে যেমন করেন, তেমনি নিজের হোমবলি ও মঙ্গলার্থক বলি উৎসর্গ করবেন, পরে বের হয়ে আসবেন এবং তাঁর বের হবার পর সেই দরজা বন্ধ করা যাবে।
১২আৰু যেতিয়া অধিপতিজনে ইচ্ছামতে দিয়া উপহাৰ উৎসৰ্গ কৰিব, অৰ্থাৎ যিহোৱাৰ উদ্দেশ্যে হোমবলি বা মঙ্গলাৰ্থক বলি ইচ্ছামতে দিয়া উপহাৰস্বৰূপে উৎসৰ্গ কৰিব, তেতিয়া পূৱফালে মুখ কৰা বাটচৰাটো তেওঁৰ কাৰণে খোলা হ’ব আৰু তেওঁ বিশ্ৰামবাৰে কৰা দৰে নিজৰ হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব; পাছে তেওঁ বাহিৰলৈ যাব আৰু তেওঁ ওলাই যোৱাৰ পাছত বাট-চৰাটো বন্ধ কৰা হ’ব।
13 ১৩ এছাড়া, তুমি নিয়মিত সদাপ্রভুর উদ্দেশ্যে হোমবলির জন্য এক বছরের নির্দোষ একটি মেষশাবক উৎসর্গ করবে; প্রতি সকালে তা উৎসর্গ করবে।
১৩আৰু তুমি দিনে দিনে যিহোৱাৰ উদ্দেশ্যে হোম-বলিৰ কাৰণে এটা এটা এবছৰীয়া নিৰ্ঘূণী মেৰ পোৱালি উৎসৰ্গ কৰিবা; প্ৰতি ৰাতিপুৱা তুমি তাক উৎসৰ্গ কৰিবা।
14 ১৪ এবং তুমি প্রতি সকালে তার সঙ্গে শস্য নৈবেদ্যরূপে ঐফার ষষ্ঠাংশ ও সেই সূক্ষ্ম সূজী আর্দ্র করার জন্যে হিনের তৃতীয়াংশ তেল, এই শস্য নৈবেদ্য সদাপ্রভুর উদ্দেশ্যে উৎসর্গ করবে, এই নিয়ম চিরকাল স্থায়ী।
১৪আৰু তুমি ঐফাৰ ছয় ভাগৰ এভাগ আৰু মিহি আটাগুড়ি ভেজাবলৈ হীনৰ তিনিভাগৰ এভাগ তেল দি প্ৰতি ৰাতিপুৱা তাৰ লগত এক এক ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা; সেয়ে চিৰস্থায়ী নিয়ম অনুসাৰে নিত্যে নিত্যে যিহোৱাৰ উদ্দেশ্যে দিব লগীয়া ভক্ষ্য নৈবেদ্য।
15 ১৫ এই ভাবে প্রতি সকালে সেই মেষশাবক, নৈবেদ্য ও তেল উৎসর্গ করা যাবে। এটা চিরস্থায়ী হোমবলি।
১৫এইদৰে তেওঁলোকে প্ৰতি ৰাতিপুৱা নিত্য হোমবলিৰ অৰ্থে, মেৰ পোৱালি, ভক্ষ্য নৈবেদ্য আৰু তেল উৎসৰ্গ কৰিব।’
16 ১৬ প্রভু সদাপ্রভু এই কথা বলেন, শাসনকর্ত্তা যদি নিজের ছেলেদের মধ্যে কোনো এক জনকে কিছু দান করেন, তবে তা তার অধিকার হবে, তা তাঁর ছেলেদের হবে; এটা একটা অধিকার।
১৬প্ৰভু যিহোৱাই এই কথা কৈছে: ‘যদি অধিপতিজনে তেওঁৰ পুত্ৰসকলৰ কোনো এজনক কিবা বস্তু দান কৰে, তেন্তে সেই বস্তুত সেইজনৰ স্বত্ব থাকিব, সেয়ে তেওঁৰ পুত্ৰসকলৰ হ’ব; পুত্ৰ-পৌত্ৰাদিক্ৰমে তাত তেওঁলোকৰ স্বত্ব থাকিব।
17 ১৭ কিন্তু তিনি যদি নিজের কোনো দাসকে নিজের অধিকারের কিছু দান করেন, তবে তা স্বাধীনতার বছর পর্যন্ত তার থাকবে, পরে আবার নেতার হবে; শুধু তাঁর ছেলেরা তাঁর অধিকার পাবে।
১৭কিন্তু তেওঁ যদি তেওঁৰ আধিপত্যৰ পৰা তেওঁৰ বন্দীবোৰৰ কোনো বন্দীক কিবা বস্তু দান কৰে, তেন্তে সেয়ে মুক্তিৰ বছৰলৈকে তাৰ হৈ থাকিব; তাৰ পাছত অধিপতিজনৰ পুনৰায় হ’ব। কিন্তু তেওঁৰ আধিপত্য হ’লে তেওঁৰ পুত্ৰসকলৰ হ’ব।
18 ১৮ নেতা লোকদেরকে অধিকারচ্যুত করার জন্যে তাদের সম্পত্তি থেকে কিছু নেবেন না; তিনি নিজেরই অধিকারের মধ্যে থেকে নিজের ছেলেদেরকে অধিকার দেবেন; যেন আমার লোকেরা নিজেদের অধিকার থেকে ছিন্নভিন্ন হয়ে না যায়।
১৮ইয়াৰ উপৰিও, অধিপতিজনে প্ৰজাসকলৰ আধিপত্যৰ পৰা তেওঁলোকক খেদাবৰ কাৰণে তেওঁলোকৰ আধিপত্যৰ পৰা একো নল’ব; মোৰ প্ৰজাসকলৰ এজনো নিজ আধিপত্যৰ পৰা ছিন্ন-ভিন্ন নহ’বৰ কাৰণে তেওঁ নিজ আধিপত্যৰ পৰাই তেওঁৰ পুত্ৰসকলক আধিপত্য দিব’।”
19 ১৯ পরে শাসক দরজার পাশের প্রবেশের পথ দিয়ে আমাকে যাজকদের উত্তর দিকের পবিত্র ঘরগুলিতে আনলেন এবং দেখ! পশ্চিমদিকে এক জায়গা ছিল।
১৯তাৰ পাছত তেওঁ উত্তৰফালে মুখ কৰা পুৰোহিতসকলৰ পবিত্ৰ কোঁঠালিলৈ বাট-চৰাটোৰ কাষৰ প্ৰৱেশস্থানেদি মোক নিলে, আৰু চোৱা! পশ্চিমদিশে পাছফালে এখন ঠাই আছিল।
20 ২০ তিনি আমাকে বললেন, “এই জায়গায় যাজকেরা দোষার্থক বলি ও পাপের বলি সিদ্ধ করবে ও যেখানে তারা অবশ্যই শস্য নৈবেদ্য সেঁকবে; যেন তারা লোকদেরকে পবিত্র করার জন্য তা বাইরের উঠানে নিয়ে না যায়।”
২০তেতিয়া তেওঁ মোক ক’লে, পুৰোহিতসকলে লোকসকলক পবিত্ৰ কৰিবলৈ দোষাৰ্থক বলি, পাপাৰ্থক বলি আৰু ভক্ষ্য নৈবেদ্য বাহিৰ চোতালখনলৈ নিনিবৰ কাৰণে, সেই পাপাৰ্থক ও দোষাৰ্থক বলি সিজোৱা আৰু ভক্ষ্য নৈবেদ্য তাও দিয়া ঠাই এয়ে।”
21 ২১ পরে তিনি আমাকে বাইরের উঠানে এনে সেই উঠানের চার কোণ দিয়ে অতিক্রম করালেন; আর দেখ, সেখানে এক উঠান ছিল এর প্রত্যেক কোনায় উঠান ছিল।
২১তেতিয়া তেওঁ মোক বাহিৰ চোতালখনলৈ নি চোতালখনৰ চাৰিচুকেদি ফুৰালে; আৰু চোৱা, চোতালখনৰ প্ৰত্যেক চুকত এখন এখন চোতাল আছিল।
22 ২২ উঠানের চার কোণে চল্লিশ হাত দীর্ঘ ও ত্রিশ হাত প্রস্থ ছিল। সেই চার কোণের উঠানগুলির একই পরিমাণ ছিল;
২২চোতালখনৰ চাৰিচুকত, গড়েৰে আবৃত চল্লিশ হাত দীঘল আৰু ত্ৰিশ হাত বহল এখন এখন চোতাল আছিল; চুকৰ এই চাৰিখন চোতাল একে পৰিমাণৰ।
23 ২৩ চারটীর মধ্যে প্রত্যেকের চারিদিকে পাথরের শ্রেণী ছিল এবং পাথরের-শ্রেণীর তলায় রান্নার উনুন ছিল।
২৩সেই চাৰিখনৰ প্ৰত্যেকখনৰ চাৰিওফালে লগালগি এশাৰী এশাৰী ঘৰ আছিল; আৰু চাৰিওফালৰ সেই ঘৰবোৰৰ তলত সিজাবৰ কাৰণে চৌকা পতা আছিল।
24 ২৪ তিনি আমাকে বললেন, “এই জায়গায় গৃহের পরিচারকেরা লোকদের বলি সিদ্ধ করবে।”
২৪পাছত তেওঁ মোক ক’লে, “গৃহটিৰ পৰিচাৰকসকলে তেওঁলোকৰ বলিৰ মাংস সিজোৱা ঘৰ এইবোৰ।”

< যিহিস্কেল ভাববাদীর বই 46 >