< জেফানিয়া 1 >

1 আমোনৰ পুত্র যিহূদাৰ ৰজা যোচিয়াৰ ৰাজত্বৰ সময়ত কুচীৰ পুত্র চফনিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য উপস্থিত হ’ল। কুচী আছিল গদলিয়াৰ পুত্র, গদলিয়া অমৰিয়াৰ পুত্র, অমৰিয়া হিষ্কিয়াৰ পুত্র।
アモンの子ユダの王ヨシヤの世にゼパニヤに臨めるヱホバの言 ゼパニヤはクシの子 クシはゲダリアの子 ゲダリアはアマリヤの子 アマリヤはヒゼキヤの子なり
2 যিহোৱাই এই কথা কৈছে, “মই পৃথিৱীৰ বুকুৰ পৰা সকলোকে নিঃশেষ কৰি পেলাম।
ヱホバ言たまふ われ地の面よりすべての物をはらひのぞかん
3 মানুহ আৰু পশু, আকাশৰ পক্ষী আৰু সমুদ্ৰৰ মাছবোৰক মই শেষ কৰি দিম। মই দুষ্টবোৰৰ পতন ঘটাম! পৃথিৱীৰ পৰা মই মানুহক উচ্ছন্ন কৰিম।
われ人と獣畜をほろぼし空の鳥 海の魚および躓礙になる者と惡人とを滅さん 我かならず地の面より人をほろぼし絶ん ヱホバこれを言ふ
4 মই যিহূদাৰ বিৰুদ্ধে আৰু যিৰূচালেমৰ নিবাসীসকলৰ বিৰুদ্ধে মোৰ হাত মেলিম। মই এই দেশত থকা বাল দেৱতাৰ অৱশেষ আৰু প্রতিমা পূজাকাৰীসকলৰ সৈতে পুৰোহিতসকলৰ নাম লুপ্ত কৰিম;
我ユダとエルサレムの一切の居民との上に手を伸ん 我 この處よりかの漏のこれるバアルを絶ちケマリムの名を祭司と與に絶ち
5 যিসকলে আকাশৰ বাহিনীবোৰক ঘৰৰ চালৰ ওপৰত উঠি প্রণাম কৰে আৰু যিসকলে যিহোৱাৰ উদ্দেশ্যে প্রণাম কৰি শপত খায়, অথচ পাছত মলকম দেৱতাৰ নামেৰেও শপত খাই প্রণিপাত কৰে, তেওঁলোকক মই নিঃশেষ কৰিম।
また屋上にて天の衆軍を拜む者ヱホバに誓を立てて拜みながらも亦おのれの王を指て誓ふことをする者
6 যিসকলে যিহোৱাৰ পাছত চলাৰ পৰা উলটি গৈছে আৰু তেওঁলোকে যিহোৱাৰ ইচ্ছাত চলা নাই নাইবা তেওঁৰ ইচ্ছা জানিবলৈও বিচাৰা নাই, সেই সকলোকে মই নিঃশেষ কৰিম।”
ヱホバに悖り離るる者ヱホバを求めず尋ねざる者を絶ん
7 প্ৰভু যিহোৱাৰ উপস্থিতিত আপোনালোক নীৰবে থাকক; কিয়নো যিহোৱাই সোধ-বিচাৰ কৰা দিন ওচৰ চাপি আহিছে; কাৰণ যিহোৱাই এক যজ্ঞৰ আয়োজন কৰিছে; নিজৰ নিমন্ত্ৰিত লোকসকলক পবিত্ৰ কৰিলে।
汝 主ヱホバの前に默せよ そはヱホバの日近づきヱホバすでに犠牲を備へその招くべき者をさだめ給ひたればなり
8 যিহোৱাই এই কথা কৈছে, “মোৰ সেই যজ্ঞৰ দিনা মই ৰাজ অধ্যক্ষসকলক, ৰাজপুত্রসকলক, আৰু বিদেশী পোছক পৰিহিত সকলো লোককে দণ্ড দিম।
ヱホバの犠牲の日に我もろもろの牧伯と王の子等および凡て異邦の衣服を着る者を罰すべし
9 যিসকলে জাঁপ দি দুৱাৰডলি পাৰ হয়, যিসকলে নিজৰ প্রভুৰ গৃহ হিংস্রতা আৰু ছলনাৰে পূৰ কৰে, সেই দিনা মই তেওঁলোক সকলোকে দণ্ড দিম।”
その日には我また凡て閾をとびこえ強暴と詭譎をもて獲たる物をおのが主の家に滿す者等を罰せん
10 ১০ যিহোৱাই কৈছে, “সেই দিনা মৎস্য-দ্বাৰৰ পৰা যন্ত্রণাৰ ক্রন্দন শুনা যাব; দ্বিতীয় বিভাগৰ পৰা বিলাপৰ শব্দ, পৰ্ব্বতবোৰৰ পৰা এক বৃহৎ শব্দ শুনা যাব।
ヱホバ曰たまはく その日には魚の門より號呼の聲おこり下邑より喚く聲おこり山々より大なる敗壞おこらん
11 ১১ হে মকটেচৰ বাসিন্দাসকল, তোমালোকে বিলাপ কৰা; কিয়নো তোমালোকৰ সকলো ব্যৱসায়ী লোকক নিঃশেষ কৰা হ’ব; ৰূপ বৈ অনা সকলোকে নিঃশেষ কৰা হ’ব।
マクテシの民よ汝ら叫べ 其は商賣する民 悉くほろび銀を擔ふ者 悉く絶たればなり
12 ১২ সেই সময়ত মই এটা চাকি ল’ম আৰু যিৰূচালেমৰ সকলো ঠাইতে বিচাৰিম; যিসকলে তেওঁলোকৰ দ্রাক্ষাৰসতে সন্তুষ্ট থাকে আৰু মনতে কয়, ‘যিহোৱাই মঙ্গল কি অমঙ্গল একোৱেই নকৰিব’ তেওঁলোকক দণ্ড দিম।
その時はわれ燈をもちてエルサレムの中を尋ねん 而して滓の上に居着て心の中にヱホバは福をもなさず災をもなさずといふものを罰すべし
13 ১৩ তেওঁলোকৰ সম্পদ লুট কৰা হ’ব, তেওঁলোকৰ ঘৰ-বাৰীবোৰ ধ্বংসস্থান হ’ব; এনে কি, তেওঁলোকে ঘৰ সাজিব, কিন্তু তাত বাস কৰিবলৈ নাপাব; দ্ৰাক্ষাবাৰী পাতিব, কিন্তু দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাব।
かれらの財寳は掠められ彼らの家は荒果ん かれら家を造るともその中に住ことを得ず 葡萄を植るともその葡萄酒を飮ことを得ざるべし
14 ১৪ যিহোৱাৰ সেই মহৎ দিন নিকটৱর্তী; ওচৰ চাপি আহিছে আৰু অতি বেগেৰে আহিছে! সৌৱা শুনা, সেয়া যিহোৱাৰ সেই দিনৰ শব্দ! তেতিয়া যোদ্ধাসকলে চিঞঁৰি চিঞঁৰি কান্দোনত ভাঙি পৰিব।
ヱホバの大なる日近づけり 近づきて速かに來る 聽よ是ヱホバの日なるぞ 彼處に勇士のいたく叫ぶあり
15 ১৫ সেই দিন হ’ব ক্ৰোধৰ দিন, অতি সঙ্কটময় আৰু ক্লেশৰ দিন, এক ধুমুহা আৰু ধ্বংসৰ দিন, ঘন অন্ধকাৰ আৰু হতাশাৰ দিন, মেঘাছন্ন আৰু উত্তাল তৰঙ্গৰ অন্ধকাৰৰ দিন,
その日は忿怒の日 患難および痛苦の日 荒かつ亡ぶるの日 黑暗またをぐらき日 濃き雲および黑雲の日
16 ১৬ শিঙা-ধ্বনি আৰু ৰণনাদৰ দিন; সেই দিন গড়েৰে আবৃত নগৰবোৰৰ আৰু ওখ কোঁঠবোৰৰ বিপক্ষৰ দিন হ’ব!
箛をふき鯨聲をつくり堅き城を攻め高き櫓を攻るの日なり
17 ১৭ মই লোকসকলৰ ওপৰত ভীষণ ক্লেশ আনিম; তেওঁলোকে অন্ধ মানুহৰ নিচিনাকৈ ফুৰিব, কাৰণ যিহোৱাৰ বিৰুদ্ধে তেওঁলোকে পাপ কৰিলে! তেওঁলোকৰ তেজ ধূলিৰ নিচিনাকৈ পেলাই দিয়া হ’ব! তেওঁলোকৰ দেহ গোবৰৰ নিচিনাকৈ মাটিত পৰি থাকিব।
われ人々に患難を蒙らせて盲者のごとくに惑ひあるかしめん 彼らヱホバにむかひて罪を犯したればなり 彼らの血は流されて塵のごとくになり彼らの肉は捨られて糞土のごとくなるべし
18 ১৮ যিহোৱাৰ ক্ৰোধৰ দিনা তেওঁলোকৰ ৰূপ বা সোণেও তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰিব; কিন্তু তেওঁৰ অন্তৰ্জ্বালাৰ তাপত গোটেই দেশ অগ্নিত গ্ৰাসিত হ’ব; কিয়নো পৃথিৱী নিবাসী সকলোকে তেওঁ নিঃশেষ কৰি দিব; হয়, ভয়ানকভাৱে সংহাৰ কৰিব।
かれらの銀も金もヱホバの烈き怒の日には彼らを救ふことあたはず 全地その嫉妬の火に呑るべし 即ちヱホバ地の民をことごとく滅したまはん 其事まことに速なるべし

< জেফানিয়া 1 >