< জাখারিয়া 1 >

1 দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ অষ্টম মাহত, ইদ্দোৰ নাতিয়েক বেৰেখিয়াৰ পুত্ৰ জখৰিয়া ভাববাদীৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল:
בחדש השמיני בשנת שתים לדריוש היה דבר יהוה אל זכריה בן ברכיה בן עדו הנביא לאמר׃
2 “যিহোৱাই তোমালোকৰ পূৰ্বপুৰুষসকলৰ ওপৰত অতিশয় অসন্তুষ্ট হৈছিল!
קצף יהוה על אבותיכם קצף׃
3 সেই কাৰণে তুমি লোকসকলক কোৱা: ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “তোমালোকে মোলৈ ঘূৰা!” এয়ে বাহিনীসকলৰ যিহোৱাৰ বাক্য; “তেতিয়া মই তোমালোকলৈ ঘূৰিম!” এই কথা বাহিনীসকলৰ যিহোৱাই কৈছে।
ואמרת אלהם כה אמר יהוה צבאות שובו אלי נאם יהוה צבאות ואשוב אליכם אמר יהוה צבאות׃
4 তোমালোকৰ পূৰ্ব-পুৰুষসকলৰ নিচিনা তোমালোক নহ’বা; যিসকলৰ আগত আগৰ কালৰ ভাববাদীসকলে কৈছিল, “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে নিজ নিজ কু-পথৰ, আৰু নিজ নিজ কু-কাৰ্যৰ পৰা ঘূৰা!” কিন্তু তেওঁলোকে সেই কথা নুশুনিলে, বা মোলৈ কাণ নিদিলে।” এয়ে যিহোৱাৰ ঘোষণা।
אל תהיו כאבתיכם אשר קראו אליהם הנביאים הראשנים לאמר כה אמר יהוה צבאות שובו נא מדרכיכם הרעים ומעליליכם הרעים ולא שמעו ולא הקשיבו אלי נאם יהוה׃
5 “তোমালোকৰ পূৰ্বপুৰুষসকল ক’ত? আৰু ভাববাদীসকল চিৰকাললৈকে জীয়াই আছে নে?
אבותיכם איה הם והנבאים הלעולם יחיו׃
6 কিন্তু মোৰ দাস ভাববাদীসকলক মই আজ্ঞা কৰা মোৰ বাক্য আৰু নিয়মবোৰ তোমালোকৰ পূৰ্বপুৰুষসকলৰ কাণত পৰা নাছিল নে? তেতিয়া তেওঁলোকে মন পালটন কৰি ক’লে, ‘আমাৰ আচাৰ-ব্যৱহাৰ আৰু আমাৰ কাৰ্য অনুসাৰে আমালৈ কৰিবৰ কাৰণে বাহিনীসকলৰ যিহোৱাই থিৰ কৰাৰ দৰে তেওঁ আমালৈ কৰিলে’।”
אך דברי וחקי אשר צויתי את עבדי הנביאים הלוא השיגו אבתיכם וישובו ויאמרו כאשר זמם יהוה צבאות לעשות לנו כדרכינו וכמעללינו כן עשה אתנו׃
7 দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ একাদশ, অৰ্থাৎ চবাট মাহৰ চৌবিশ দিনৰ দিনা ইদ্দোৰ নাতিয়েক বেৰেখিয়াৰ পুত্ৰ জখৰিয়া ভাববাদীক যিহোৱাৰ দ্বাৰাই এই বাক্য জনোৱা হ’ল,
ביום עשרים וארבעה לעשתי עשר חדש הוא חדש שבט בשנת שתים לדריוש היה דבר יהוה אל זכריה בן ברכיהו בן עדוא הנביא לאמר׃
8 “মই ৰাতি দৰ্শনত দেখিলোঁ যে, এজন লোকে এটা ৰঙা ঘোঁৰাত উঠি সমতলত থকা মেন্দি গছবোৰৰ মাজত থিয় হৈ আছিল; আৰু তেওঁৰ পাছত ৰঙা, মুগা আৰু বগা বৰণীয়া কেইবাটাও ঘোঁৰা আছিল।
ראיתי הלילה והנה איש רכב על סוס אדם והוא עמד בין ההדסים אשר במצלה ואחריו סוסים אדמים שרקים ולבנים׃
9 তেতিয়া মই সুধিলোঁ, “হে মোৰ প্ৰভু, এইবোৰ কি বস্তু?” তেতিয়া মোৰ লগত কথা হোৱা দূতজনে মোক ক’লে, “এইবোৰ কি বস্তু সেই বিষয়ে মই তোমাক দেখুৱাম।”
ואמר מה אלה אדני ויאמר אלי המלאך הדבר בי אני אראך מה המה אלה׃
10 ১০ তেতিয়া মেন্দি গছবোৰৰ মাজত থিয় দি থকা সেই লোকজনে উত্তৰ দি ক’লে, “পৃথিৱীত চাৰিওফালে ফুৰিবলৈ যিহোৱাই পঠোৱা লোক এইসকল।”
ויען האיש העמד בין ההדסים ויאמר אלה אשר שלח יהוה להתהלך בארץ׃
11 ১১ তেতিয়া তেওঁলোকে মেন্দি গছবোৰৰ মাজত থিয় হৈ থকা যিহোৱাৰ দূতজনাক উত্তৰ দি ক’লে, “আমি পৃথিৱীৰ সকলো ফালে ফুৰিলোঁ আৰু চোৱা, গোটেই পৃথিৱী সুস্থিৰ আৰু বিশ্ৰামে আছে।”
ויענו את מלאך יהוה העמד בין ההדסים ויאמרו התהלכנו בארץ והנה כל הארץ ישבת ושקטת׃
12 ১২ তেতিয়া যিহোৱাৰ দূতজনে উত্তৰ দি ক’লে, “হে বাহিনীসকলৰ যিহোৱা, যি যিৰূচালেমৰ, আৰু যিহূদাৰ নগৰবোৰৰ অহিতে আপুনি এই সত্তৰ বছৰ ক্ৰোধ কৰিয়েই আছে, সেই যিৰূচালেম আৰু যিহূদাৰ সেই নগৰবোৰৰ ওপৰত আপুনি কিমান কাললৈ দয়া নকৰাকৈ থাকিব?”
ויען מלאך יהוה ויאמר יהוה צבאות עד מתי אתה לא תרחם את ירושלם ואת ערי יהודה אשר זעמתה זה שבעים שנה׃
13 ১৩ তেতিয়া যিহোৱাই মোৰে সৈতে কথা হোৱা দূতজনক উত্তম বাক্য, এনে কি, শান্ত্বনাদায়ক বাক্যেৰে উত্তৰ দিলে।
ויען יהוה את המלאך הדבר בי דברים טובים דברים נחמים׃
14 ১৪ তেতিয়া মোৰ লগত কথা হোৱা দূতজনে মোক ক’লে, “তুমি ঘোষণা কৰি কোৱা, ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “মই যিৰূচালেম আৰু চিয়োনৰ অৰ্থে মহা অন্তৰ্জ্বালাৰে জ্বলিছোঁ।
ויאמר אלי המלאך הדבר בי קרא לאמר כה אמר יהוה צבאות קנאתי לירושלם ולציון קנאה גדולה׃
15 ১৫ আৰু নিশ্চিন্তে থকা জাতি সমূহৰ ওপৰত মই অতিশয় অসন্তুষ্ট হৈছোঁ; কিয়নো মই কেৱল অলপ অসন্তুষ্ট হোৱাত, তেওঁলোক অমঙ্গলৰ অৰ্থে সাহায্য কৰোঁতা হ’ল।”
וקצף גדול אני קצף על הגוים השאננים אשר אני קצפתי מעט והמה עזרו לרעה׃
16 ১৬ এই হেতুকে যিহোৱাই এই কথা কৈছে: “মই নানা দয়াৰে সৈতে যিৰূচালেমলৈ ঘূৰিলোঁ; তাত মোৰ গৃহ সজা হ’ব।” বাহিনীসকলৰ যিহোৱাৰ এই বচন- “আৰু যিৰূচালেমৰ ওপৰত এডাল পৰিমাণ-জৰী বিস্তাৰ কৰা হ’ব!”
לכן כה אמר יהוה שבתי לירושלם ברחמים ביתי יבנה בה נאם יהוה צבאות וקוה ינטה על ירושלם׃
17 ১৭ তুমি আকৌ ঘোষণা কৰি কোৱা, ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘মোৰ নগৰবোৰ পুনৰায় মঙ্গলেৰে উপচি পৰিব, যিহোৱাই চিয়োনক পুনৰায় শান্ত্বনা কৰিব আৰু যিৰূচালেমক আকৌ মনোনীত কৰিব।”
עוד קרא לאמר כה אמר יהוה צבאות עוד תפוצינה ערי מטוב ונחם יהוה עוד את ציון ובחר עוד בירושלם׃
18 ১৮ পাছত চকু তুলি চাই মই চাৰিটা শিং দেখিলোঁ।
ואשא את עיני וארא והנה ארבע קרנות׃
19 ১৯ তেতিয়া মোৰ লগত কথা হোৱা দূতজনক মই সুধিলোঁ, “এইবোৰ কি?” তেতিয়া তেওঁ মোক উত্তৰ দি ক’লে, “যিহূদা, ইস্ৰায়েল আৰু যিৰূচালেমক ছিন্ন-ভিন্ন কৰা শিং এইবোৰ।”
ואמר אל המלאך הדבר בי מה אלה ויאמר אלי אלה הקרנות אשר זרו את יהודה את ישראל וירושלם׃
20 ২০ তাৰ পাছত যিহোৱাই মোক চাৰিজন শিল্পকাৰ দেখুৱালে।
ויראני יהוה ארבעה חרשים׃
21 ২১ তেতিয়া মই সুধিলোঁ, “এওঁলোকে কি কৰিবলৈ আহিছে?” তেওঁ উত্তৰ দি ক’লে, “যি কোনো মানুহকে নিজৰ মূৰ দাঙিব নোৱাৰাকৈ যিহূদাক ছিন্ন-ভিন্ন কৰা শিং এইবোৰ; কিন্তু যি জাতিবোৰে যিহূদা দেশ ছিন্ন-ভিন্ন কৰিবলৈ নিজ নিজ শিং তুলিছিল, সেই জাতিবোৰক ত্ৰাসিত কৰিবলৈ আৰু তেওঁলোকৰ শিংবোৰ ভাঙি পেলাবলৈ, এওঁলোক আহিছে।
ואמר מה אלה באים לעשות ויאמר לאמר אלה הקרנות אשר זרו את יהודה כפי איש לא נשא ראשו ויבאו אלה להחריד אתם לידות את קרנות הגוים הנשאים קרן אל ארץ יהודה לזרותה׃

< জাখারিয়া 1 >