< জাখারিয়া 6 >

1 তেতিয়া পুনৰায় মই মোৰ চকু তুলি চাই দেখিলোঁ, দুই পৰ্ব্বতৰ মাজৰ পৰা চাৰিখন ৰথ ওলাই আহিল। সেই পৰ্ব্বত পিতলৰ পৰ্ব্বত।
Potom opět pozdvihna očí svých, viděl jsem, a aj, čtyři vozové vycházeli z prostředku dvou hor, hory pak ty byly hory ocelivé.
2 প্ৰথম ৰথত ৰঙা ঘোঁৰা, দ্বিতীয়খনত ক’লা ঘোঁৰা,
V prvním voze byli koni ryzí, a v druhém voze byli koni vraní,
3 তৃতীয়খনত বগা ঘোঁৰা আৰু চতুৰ্থ খনত বলী ফুটুকা ঘোঁৰা।
V voze pak třetím koni bílí, a v voze čtvrtém koni strakatí a hnědí.
4 তেতিয়া মোৰে সৈতে কথা হোৱা দূতজনক মই প্রশ্ন কৰি ক’লো, “হে মোৰ প্ৰভু, এইবোৰ কি?”
Tedy odpovídaje, řekl jsem andělu, kterýž mluvil se mnou: Co tyto věci, pane můj?
5 দূত-জনে উত্তৰ দি মোক ক’লে, “এইবোৰ হ’ল গোটেই পৃথিৱীৰ প্ৰভুৰ আগত থিয় হৈ থকাৰ পৰা ওলাই অহা আকাশৰ চাৰি বায়ু।
I odpověděl anděl ten a řekl mi: To jsou čtyři větrové nebeští, vycházející odtud, kdež stáli před Panovníkem vší země.
6 ক’লা ঘোঁৰাৰ ৰথখন উত্তৰ দেশৰ ফাললৈ ওলাই গৈছে, বগাবোৰ পশ্চিম দেশৰ ফালে আৰু অনুজ্বল দাগ থকাবোৰ দক্ষিণ দেশলৈ গৈছে।”
Koni vraní zapřežení vycházejí do země půlnoční, a bílí vycházejí za nimi, strakatí pak vycházejí do země polední.
7 আৰু বলীবোৰে ওলাই গৈ, পৃথিৱীত ইফালে সিফালে ফুৰিবৰ বাবে অনুমতি খুজিলে, তেতিয়া দূতে ক’লে, “যোৱা পৃথিৱীত ইফালে সিফালে ফুৰাগৈ!” তেতিয়া সেইবোৰে পৃথিৱীত ইফালে সিফালে ফুৰিবলৈ ধৰিলে।
Hnědí také vyšedše, chtěli jíti, aby schodili zemi. Protož řekl: Jděte, schoďte zemi. I schodili zemi.
8 তেতিয়া তেওঁ মোক আহ্বান কৰিলে আৰু মোক মাতি ক’লে, “চোৱা, উত্তৰ দেশৰ ফালে ওলাই যোৱাবোৰে উত্তৰ দেশত মোৰ ক্ৰোধ মাৰ নিয়ালে।”
A povolav mne, mluvil ke mně, řka: Aj ti, kteříž vyšli do země půlnoční, spokojili ducha mého v zemi půlnoční.
9 সেয়ে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
I stalo se slovo Hospodinovo ke mně, řkoucí:
10 ১০ “বোলে তুমি গৈ হিল্দয়, টোবিয়া, যিদয়া - এই দেশান্তৰিত লোকসকলৰ পৰা ৰূপ আৰু সোণ লোৱাগৈ; আৰু আজিয়েই তুমি নিজে এইবোৰ লৈ যিজন বাবিলৰ পৰা আহিল, সেই চফনিয়াৰ পুত্র যোচিয়াৰ ঘৰলৈ যোৱা।
Vezmi od zajatých, od Cheldaje a od Tobiáše a od Jedaiáše, (a přijdeš ty téhož dne, a vejdeš do domu Joziáše syna Sofoniášova), kteříž jdou z Babylona,
11 ১১ তাতে সেই ঘৰত সোমাই সেই ৰূপ আৰু সোণ লৈ, তাৰে দুটা কিৰীটি সাজি যিহোচাদকৰ পুত্ৰ যিহোচূৱা প্ৰধান পুৰোহিতৰ মূৰত দিয়াগৈ।
Vezmi, pravím, stříbro a zlato, a udělej koruny, a vstav na hlavu Jozue syna Jozadakova, kněze nejvyššího.
12 ১২ আৰু তুমি তেওঁক ক’বা, ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “চোৱা, সেই পুৰুষ জনৰ নাম পোখা! তেওঁ যি ঠাইত আছে, সেই ঠাইতেই বাঢ়িব; আৰু তেওঁ তেতিয়া যিহোৱাৰ মন্দিৰ সাজিব!
A mluviti budeš k němu, řka: Takto praví Hospodin zástupů, řka: Aj muž, jehož jméno jest Výstřelek, kterýž z místa svého pučiti se bude, ten vystaví chrám Hospodinův.
13 ১৩ হয়, তেৱেঁই যিহোৱাৰ মন্দিৰ সাজিব আৰু তেওঁ গৌৰৱ মুকুটেৰে বিভূষিত কৰিব; তেওঁ নিজ সিংহাসনত বহি ৰাজত্ব কৰিব। আৰু পুৰোহিত হৈ নিজ সিংহাসনত বহিব আৰু দুয়োটাৰে মাজত শান্তিৰ মন্ত্ৰণা থাকিব।
Nebo ten má vystavěti chrám Hospodinův, a tentýž zase přinese slávu, a seděti a panovati bude na trůnu svém, a bude knězem na trůnu svém, a rada pokoje bude mezi nimi oběma.
14 ১৪ আৰু সেই দুটা কিৰীটি হেলেম, টোবিয়া, যিদয়া, আৰু চফনিয়াৰ পুত্ৰ যোচিয়াৰ উদাৰতাৰ সোঁৱৰণৰ অৰ্থে, যিহোৱাৰ মন্দিৰত ৰখা হ’ব।
Budou pak ty koruny Chelemovi, a Tobiášovi, a Jedaiášovi, a Chenovi synu Sofoniášovu na památku v chrámě Hospodinově.
15 ১৫ আৰু দূৰৈত থকা লোকসকল যেতিয়া আহি যিহোৱাৰ মন্দিৰ নিৰ্ম্মাণৰ সাহায্য কৰিব, তেতিয়া বাহিনীসকলৰ যিহোৱাই যে মোক তোমালোকৰ ওচৰলৈ পঠিয়ালে, ইয়াক তোমালোকে জানিবা; আৰু তোমালোকে যদি যত্নেৰে ঈশ্বৰ যিহোৱাৰ বাক্য পালন কৰা, তেতিয়া এয়ে সিদ্ধ হ’ব’।”
Nebo dalecí přijdou, a budou stavěti chrám Hospodinův, i zvíte, že Hospodin zástupů poslal mne k vám. A to se stane, jestliže skutečně poslouchati budete hlasu Hospodina Boha svého.

< জাখারিয়া 6 >