< জাখারিয়া 4 >

1 পাছত মোৰে সৈতে কথা হোৱা দূতজন পুনৰ উভতি আহিল, আৰু টোপনিত থকা মানুহক জগোৱাৰ দৰে মোক জগালে।
Entonces el ángel con el que yo hablaba volvió y llamó mi atención, como cuando despiertan a alguien de su sueño.
2 তেওঁ মোক ক’লে, “তুমি কি দেখিছা?” তেতিয়া মই ক’লোঁ, “মই সম্পূৰ্ণ সোণেৰে নিৰ্মান কৰা এক দীপাধাৰ দেখিছোঁ; তাৰে ওপৰত এটা পাত্ৰ আছে। তাতে সেই পাত্ৰৰ ওপৰত সাতোটা প্ৰদীপ আছে, আৰু তাৰ ওপৰত থকা প্ৰত্যেক দীপাধাৰাৰ সৈতে সাতডালকৈ শলিতা আছে;
“¿Qué ves?” me preguntó. “Veo un candelabro hecho de oro sólido con un tazón que sostiene siete lámparas sobre él, cada una con siete labios.
3 আৰু তাৰ ওচৰত দুজোপা জিতগছ আছে, এজোপা তেলধাৰৰ সোঁফাল আৰু আনজোপা তাৰ বাওঁফালে।”
También veo árboles de olivos, uno a la derecha y uno a la izquierda del tazón”.
4 পাছত মোৰে সৈতে কথা হোৱা দূতজনক আকৌ মই সুধিলোঁ, “হে মোৰ প্ৰভু এইবোৰৰ অর্থ কি?”
Entonces le pregunté al ángel con el que hablaba: “¿Qué son estos, mi señor?”
5 তেতিয়া মোৰে সৈতে কথা হৈ থকা দূতজনে উত্তৰ দি মোক ক’লে, “ইয়াকো তুমি নাজানা নে?” মই ক’লো, “হে মোৰ প্ৰভু, মই নাজানো।”
“¿No sabes lo que son?” respondió el ángel. “No, mi señor”, respondí.
6 তেতিয়া তেওঁ উত্তৰ দি মোক এই কথা ক’লে, “জৰুব্বাবিললৈ অহা যিহোৱাৰ বাক্য এই, ‘শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয়, কিন্তু মোৰ আত্মাৰ দ্বাৰাইহে,’ ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।”
Entonces me dijo: “Este es el mensaje del Señor a Zorobabel: No es con poder, ni con fuerza sino con mi espíritu, dice el Señor.
7 “হে বৃহৎ পৰ্ব্বত, তুমি কোন? জৰুব্বাবিলৰ আগত তুমি সমথল হৈ যাবা, আৰু ‘অনুগ্ৰহ, ইয়ালৈ অনুগ্ৰহ হওক!’ এই জয়ধ্বনিৰ সৈতে তেওঁ প্ৰধান শিলটো উলিয়াই আনিব।”
Aún los obstáculos grandes como montañas serán aplastados ante Zorobabel. Finalmente traerá la piedra angular con gritos de ‘¡Bendiciones sobre ella!’”
8 পাছত যিহোৱাৰ বাক্য মোলৈ আহিল আৰু ক’লে,
Entonces el Señor me dio otro mensaje.
9 “বোলে, জৰুব্বাবিলৰ হাতে এই গৃহটিৰ ভিত্তিমূল স্থাপন কৰিলে আৰু তেওঁৰ হাতে ইয়াক সমাপ্তও কৰিব; ইয়াতে তুমি জানিবা যে, বাহিনীসকলৰ যিহোৱাই মোক তোমালোকৰ ওচৰলৈ পঠালে
Zorobabel con sus propias manos estableció los cimientos de este Templo, y será completado de la misma forma. Entonces sabrás que el Señor Todopoderoso me ha enviado.
10 ১০ কিয়নো সৰু সৰু বিষয়ৰ দিন কোনে হেয়জ্ঞান কৰিব? তেতিয়া লোকসকলে আনন্দ কৰিব আৰু জৰুব্বাবিলৰ হাতত ওলোম-ৰচীডাল দেখিব। এইবোৰেই গোটেই পৃথিৱীত ইফালৰ পৰা সিফালে ভ্ৰমি ফুৰে।
¿Acaso quién se atreve a menospreciar estos tiempos de comienzos pequeños? Serán felices cuando vean la plomada en la mano de Zorobabel. “Las siete lámparas representan los ojos del Señor que ve a todo el mundo”.
11 ১১ পাছত মই তেওঁক উত্তৰ দিলোঁ আৰু আকৌ সুধিলোঁ, “দীপাধাৰৰ সোঁ আৰু বাওঁফালে থকা এই দুজোপা জিতগছ কি?”
Entonces le pregunté al ángel: “¿Que significan los dos árboles de olivo que están a los lados del candelabro?”
12 ১২ পাছত দ্বিতীয়বাৰ মই তেওঁক সুধিলো আৰু ক’লো, “যি দুডাল সোণোৱালী নলীয়ে নিজৰ নিজৰ পৰা সোণোৱালী তেল ঢালি দিয়ে, সেই নলী দুডালৰ ওচৰত থকা জিতগছৰ সেই ডালদুটা বা কি?”
Y también le pregunté: “¿Que significan las dos ramas de olvido de las cuales sale el aceite dorado a través de las boquillas doradas?”
13 ১৩ তেতিয়া তেওঁ মোক উত্তৰ দি ক’লে, “সেই কেইডাল কি, ইয়াকো তুমি নাজানা নে?” মই ক’লো, “হে মোৰ প্ৰভু, মই নাজানো।”
“¿No lo sabes?” respondió el ángel. “No, mi señor”, le respondí.
14 ১৪ তেতিয়া তেওঁ মোক ক’লে, “গোটেই পৃথিৱীৰ যিহোৱাৰ ওচৰত থিয় হৈ থকা এই দুডাল তেল যোগাওঁতা পুৰুষ।”
“Estos son los dos que han sido ungidos y que están junto al Señor de toda la tierra”, respondió.

< জাখারিয়া 4 >