< জাখারিয়া 2 >

1 তাৰ পাছত মই চকু তুলি চাই হাতত এডাল পৰিমান-জৰী লোৱা এজন পুৰুষক দেখিলোঁ।
Mən başımı qaldırıb baxdım və əlində ölçü ipi olan bir adam gördüm.
2 তেতিয়া মই সুধিলোঁ, “আপুনি ক’লৈ যায়?” তেতিয়া তেওঁ মোক ক’লে, “যিৰূচালেমৰ দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান, তাক জুখি নিৰ্ণয় কৰিবলৈ যাওঁ।”
«Hara gedirsən?» deyib soruşdum. O mənə dedi: «Yerusəlimi ölçməyə, en və uzunluğunun nə qədər olduğunu öyrənməyə gedirəm».
3 তেতিয়া মোৰে সৈতে কথা হোৱা দূতজন আগবাঢ়ি গ’ল, আৰু আন এজন দূতে তেওঁৰ লগত সাক্ষাৎ কৰিবলৈ ওলাই আহিল।
Mənimlə danışan mələk yanımdan çıxanda başqa bir mələk onu qarşılamağa gəldi
4 আৰু দ্বিতীয় দূতজনে তেওঁক ক’লে, “তুমি বেগাই যোৱা আৰু সেই ডেকাক এই কথা কোৱা, ‘যিৰূচালেম গড় নোহোৱা গাওঁৰ নিচিনা বসতিস্থান হ’ব; যিৰূচালেমৰ মাজত থকা অধিক মানুহ আৰু পশুৰ কাৰণে।
və ona dedi: «Qaç, o cavana söylə ki, içində adamlar Və heyvanlar çox olduğu üçün Yerusəlim divarsız bir şəhər olacaq.
5 কিয়নো যিহোৱাই কৈছে, ‘ময়েই তাৰ চাৰিওফালে অগ্নিৰ গড়, আৰু তাৰ মাজত গৌৰৱস্বৰূপ হ’ম।
“Mən Özüm onun ətrafında odlu divara çevriləcəyəm, Onun içində izzət olacağam” bəyan edir Rəbb».
6 যিহোৱাই কৈছে, হে লোকসকল, হে লোকসকল! তোমালোক উত্তৰ দেশৰ পৰা পলাই যোৱা; কিয়নো যিহোৱাই কৈছে, ‘আকাশৰ চাৰি বায়ুৱে কৰা নিচিনাকৈ মই তোমালোকক ছিন্ন-ভিন্ন কৰিলোঁ!’
«Haydı, haydı! Şimal ölkəsindən qaçın» deyir Rəbb, «Çünki sizi göydə dörd tərəfə əsən Külək kimi dağıtmışdım» deyir Rəbb.
7 ‘বাবিল জীয়াৰীয়ে সৈতে প্ৰবাস কৰা হে চিয়োন, ৰক্ষাৰ অৰ্থে পলোৱা’।”
«Haydı! Ey Sion, sən ki Babil şəhərində yaşayırsan, qaçıb qurtar!»
8 কিয়নো বাহিনীসকলৰ যিহোৱাই মোক সন্মানিত কৰিলে, আৰু তোমালোকক লুণ্ঠণ কৰা জাতিবোৰৰ ওচৰলৈ তেওঁ মোক পঠিয়ালে; কাৰণ যিজনে তোমালোকক স্পৰ্শ কৰে, সেইজনে তেওঁৰ চকুৰ মণি স্পৰ্শ কৰে।
Çünki Ordular Rəbbi deyir ki, İzzəti üçün sizi qarət etmiş millətlərin yanına Məni göndərdi. Sizə toxunan Onun göz bəbəyinə toxunmuş olur.
9 কিয়নো চোৱা, মই যেতিয়া সিহঁতৰ ওপৰত মোৰ হাত জোকাৰিম; তেতিয়া সিহঁত সেই লোকসকলৰ বন্দীকাম কৰা লোকৰ লুটদ্ৰব্য হ’ব।” আৰু বাহিনীসকলৰ যিহোৱাই যে মোক পঠিয়ালে, তেতিয়া তোমালোকে জানিবা।
Mən o millətlərə qarşı əlimi qaldıracağam, Əsarətlərində olanlar onları qarət edəcək. Onda biləcəksiniz ki, Məni Ordular Rəbbi göndərmişdir.
10 ১০ “হে চিয়োন জীয়াৰী, গীত গাই আনন্দ কৰা;” কিয়নো, যিহোৱাই কৈছে, চোৱা, “মই আহিছোঁ, আৰু মই তোমালোকৰ মাজত বাস কৰিম!”
«Şadlıq edib sevin, ey Sion qızı! Çünki aranızda yaşamağa gəlirəm» bəyan edir Rəbb.
11 ১১ তেতিয়া সেই দিনা অনেক জাতিয়ে যিহোৱাৰ লগ ল’ব। তেওঁ ক’ব, “তোমালোক মোৰ প্ৰজা হ’বা; আৰু মই তোমাৰ মাজত বাস কৰিম।” তেতিয়া বাহিনীসকলৰ যিহোৱাই যে মোক তোমাৰ ওচৰলৈ পঠালে, ইয়াকে তুমি জানিবা।
«O gün çoxlu millətlər Rəbbə bağlanacaq, Mənim xalqım olacaq. O zaman aranızda yaşayacağam. Siz biləcəksiniz ki, Məni yanınıza Ordular Rəbbi göndərib.
12 ১২ আৰু যিহোৱাই পবিত্ৰ দেশত নিজ অংশস্বৰূপে যিহূদা অধিকাৰ কৰিব আৰু পুনৰায় যিৰূচালেমক মনোনীত কৰিব।
Rəbb müqəddəs torpaqda Yəhudanı Öz payı olaraq mülk alacaq, Yenə Yerusəlimi seçəcək.
13 ১৩ হে সমূদায় লোক, যিহোৱাৰ আগত মনে মনে থাকা; কিয়নো তেওঁ স্বৰ্গৰ পৰা জাগি উঠিছে!
Ey bütün bəşər, Rəbbin önündə susun! Çünki O Öz müqəddəs məskənindən qalxıb gəlir!»

< জাখারিয়া 2 >