< জাখারিয়া 12 >

1 ইস্ৰায়েলৰ বিষয়ে যিহোৱাৰ বক্তব্য - এয়ে যিহোৱাৰ ঘোষণা, যি জন আকাশ মণ্ডল বিস্তাৰ কৰোঁতা, পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰোঁতা আৰু মনুষ্যৰ অন্তৰত আত্মা গঠন কৰোঁতা:
Parole du Seigneur concernant Israël; ainsi parle le Seigneur qui a tendu le ciel, fondé la terre et formé l'esprit de l'homme en lui
2 চোৱা! মই যিৰূচালেমক চাৰিওফালে থকা আটাই জাতিবোৰক ঢলংপলং হোৱা পান-পাত্ৰস্বৰূপ কৰিম আৰু যিৰূচালেমক অৱৰোধ কৰা সময়ত এয়ে যিহূদাৰ বিৰুদ্ধেও ঘটিব।
Voilà que devant tout le peuple d'alentour Je ferai Jérusalem comme le linteau tremblant d'une porte; et en Judée même on assiégera Jérusalem.
3 সেই দিনা মই যিৰূচালেমক সকলো জাতিৰ পক্ষে তুলিবলৈ কষ্টকৰ শিলস্বৰূপ কৰিম; আৰু যিসকলে তাক তুলিব, তেওঁলোকে নিজকে বৰকৈ আঘাত কৰিব আৰু পৃথিৱীৰ আটাই জাতিয়ে তাইৰ অহিতে গোট খাব।
Et voici ce qui arrivera: en ce jour Je ferai de Jérusalem une pierre que fouleront aux pieds tous les Gentils. Quiconque marchera sur elle s'en raillera, et toutes les nations de la terre se réuniront contre elle.
4 সেইদিনা যিহোৱাৰ ঘোষণা এই - “মই প্ৰত্যেক ঘোঁৰাক আঘাত কৰি ভয় লগাম আৰু তাত উঠা জনক বলীয়া কৰিম; মই যিহূদা বংশলৈ মোৰ চকু মুকলি কৰিম, কিন্তু সৈন্যসকলৰ প্ৰত্যেক ঘোঁৰাক আঘাত কৰি কণা কৰিম।
En ce jour, dit le Seigneur tout-puissant, Je frapperai de stupeur le cheval, et de démence le cavalier. J'aurai les yeux ouverts sur la maison de Juda, et Je frapperai d'aveuglement les chevaux de tous les peuples.
5 তেতিয়া যিহূদাৰ প্ৰধান লোকসকলে নিজ নিজ মনতে ক’ব, ‘যিৰূচালেম নিবাসীসকল আমাৰ বল, কাৰণ বাহিনীসকলৰ যিহোৱা তেওঁলোকৰ ঈশ্বৰ’।
Et les chefs de mille hommes de Juda diront en leur cœur: Puissions-nous trouver pour nous les habitants de Jérusalem revenus au Seigneur leur Dieu tout-puissant!
6 সেই দিনা মই যিহূদাৰ পৰিচাৰকসকলক খৰিৰ মাজত থকা জুই ধৰা পাত্ৰৰদৰে আৰু ডাঙৰিবোৰৰ মাজত জ্বলাই থোৱা আৰিয়াৰ দৰে কৰিম; তেওঁলোকে সোঁ আৰু বাওঁ ফালে চাৰিওকাষে আটাই জাতিক গ্ৰাস কৰিব আৰু নিজ ঠাই যিৰূচালেমতেই পুনৰায় বাস কৰিব।
En ce jour Je rendrai les chefs de mille hommes de Juda comme un tison enflammé dans un bûcher, comme une lampe allumée dans la paille; ils dévoreront, à droite et à gauche, tous les peuples d'alentour, et Jérusalem d'elle-même repeuplera encore Jérusalem.
7 দায়ূদৰ বংশ আৰু যিৰূচালেম-নিবাসীসকল যিহূদাতকৈ বৰ বুলি বিবেচিত নহ’বৰ কাৰণে, যিহোৱাই যিহূদাৰ তম্বুবোৰ প্ৰথমে ৰক্ষা কৰিব।
Et le Seigneur sauvera les habitants de Juda, comme dans les premiers jours; de telle sorte que l'orgueil de la maison de David et des hommes de Jérusalem ne s'élève point contre Juda.
8 সেইদিনা যিহোৱা যিৰূচালেম-নিবাসীসকলৰ ঢালস্বৰূপ হ’ব আৰু তেওঁলোকৰ মাজৰ দুৰ্ব্বল লোক সেইদিনা দায়ূদৰ সদৃশ হ’ব আৰু দায়ূদৰ বংশ ঈশ্বৰৰ সদৃশ, তেওঁলোকৰ আগে আগে যোৱা যিহোৱাৰ দূতৰেই সদৃশ হ’ব।
Et voici ce qui arrivera: en ce jour le Seigneur protégera les habitants de Jérusalem; et le faible chez eux sera, en ce jour-là, comme David, et la maison de David, comme la maison de Dieu, comme l'ange du Seigneur devant eux.
9 আৰু সেইদিনা যিৰূচালেমৰ বিৰুদ্ধে অহা আটাই জাতিক মই নষ্ট কৰিবলৈ থিৰ কৰিম।”
Et voici ce qui arrivera: en ce jour Je rechercherai pour les anéantir toutes les nations qui auront marché contre Jérusalem.
10 ১০ আৰু দায়ূদ-বংশৰ আৰু যিৰূচালেম নিবাসীসকলৰ ওপৰত মই অনুগ্ৰহ আৰু মিনতিৰ কাৰণে আত্মা বাকি দিম; তেতিয়া তেওঁলোকে মোক যি দৰে বিন্ধিছিল, সেই বিষয়ে তেওঁলোকে চাব। একেটি পুত্ৰৰ কাৰণে বিলাপ কৰা নিচিনাকৈ তেওঁলোকে তেওঁৰ কাৰণে বিলাপ কৰিব আৰু প্ৰথমে জন্মা পুত্ৰৰ বিয়োগত মানুহে বেজাৰ পোৱাৰ দৰে তেওঁলোকে তেওঁৰ কাৰণে মনত বেজাৰ পাব।
Et Je répandrai sur la maison de David et sur Jérusalem un esprit de grâce et de miséricorde; et ils tourneront les yeux vers Moi, parce qu'ils M'auront insulté; et ils se lamenteront sur le peuple, comme sur un enfant bien-aimé; et ils seront pénétrés de douleur, comme sur un fils premier-né.
11 ১১ মগিদ্দোন সমথলৰ হদদ-ৰিম্মোণত কৰা বিলাপৰ নিচিনাকৈ যিৰূচালেমত সেই দিনা মহা বিলাপ হ’ব।
En ce jour les gémissements redoubleront en Jérusalem: tel dans la campagne gémit, sous la hache du bûcheron, un bois de grenadiers.
12 ১২ দেশৰ প্ৰত্যেক গোষ্ঠীয়ে বেলেগে বেলেগে বিলাপ কৰিব; দায়ূদ-বংশৰ গোষ্ঠীয়ে বেলেগে আৰু তেওঁলোকৰ পত্নীসকল বেলেগে; নাথন বংশৰ গোষ্ঠীয়ে বেলেগে আৰু তেওঁলোকৰ পত্নীসকল বেলেগে বিলাপ কৰিব।
Et la terre gémira famille par famille; la famille de la maison de David, et ses femmes à part; la famille de la maison de Nathan, et ses femmes à part;
13 ১৩ লেবী-বংশৰ গোষ্ঠীয়ে বেলেগকৈ আৰু তেওঁলোকৰ পত্নীসকল বেলেগে; চিমিয়ীৰ গোষ্ঠীয়ে বেলেগে আৰু তেওঁলোকৰ পত্নীসকল বেলেগে;
la famille de la maison de Lévi, et ses femmes à part; la famille de Siméon, et ses femmes à part.
14 ১৪ প্রত্যেক অৱশিষ্ট গোষ্ঠীৰ মাজত এক এক গোষ্ঠীয়ে বেলেগে আৰু তেওঁলোকৰ পত্নীসকলে বেলেগে বেলেগে বিলাপ কৰিব।
Et toutes les autres tribus, et leurs femmes à part.

< জাখারিয়া 12 >