< জাখারিয়া 11 >

1 হে লিবানোন, অগ্নিয়ে তোমাৰ এৰচ গছবোৰ গ্ৰাস কৰিবৰ কাৰণে তোমাৰ দুৱাৰবোৰ মুকলি কৰা!
Otwórz swe wrota, Libanie, niech ogień strawi twoje cedry.
2 হে দেৱদাৰু, বিলাপ কৰা, কিয়নো এৰচ বৃক্ষ পতিত হ’ল, কাৰণ যি উত্তম আছিল সেইবোৰ নষ্ট হ’ল! হে বাচানৰ অলোন গছবোৰ, বিলাপ কৰা কিয়নো দুৰ্গম কাঠনি ভাঙি পৰিছে।
Zawódź, jodło, bo upadł cedr, bo wielcy są spustoszeni. Zawódźcie, dęby Baszanu, bo niedostępny las został wycięty.
3 মেৰ-ছাগ ৰখীয়াবোৰৰ মাতে চিঞৰিছে, কিয়নো তেওঁলোকৰ গৌৰৱ ধ্বংস-প্রাপ্ত হ’ল! যুৱা সিংহবোৰ গৰ্জি উঠিছে, কিয়নো যৰ্দ্দনৰ গৌৰৱ উচ্ছন্ন হ’ল।
[Słychać] głos narzekania pasterzy, bo ich wspaniałość została zburzona; [słychać] głos ryku lwiąt, bo pycha Jordanu jest zburzona.
4 এই হেতুকে মোৰ ঈশ্বৰ যিহোৱাই এই কথা ক’লে, “বধ কৰিবলগীয়া মেৰ-ছাগৰ জাকক তুমি চৰোৱা;
Tak mówi PAN, mój Bóg: Paś owce przeznaczone na rzeź;
5 (সেইবোৰৰ কিনোতাবোৰে সেইবোৰক বধ কৰে আৰু নিজক দোষী বুলি নাভাবে; আৰু সেইবোৰক বেচোঁতা প্ৰতিজনে কয়, ‘যিহোৱা ধন্য হওঁক! কিয়নো মই ধনী হ’লো’, কাৰণ সেইবোৰৰ নিজ ৰখীয়াসকলে সেইবোৰক মৰম নকৰে।)
Które kupcy zabijają, a nie czują się winni, a sprzedający je mówią: Błogosławiony PAN, że się wzbogaciłem. A ich pasterze nie mają dla nich litości.
6 কিয়নো দেশ-নিবাসীসকলক মই দয়া নকৰিম।” এয়ে যিহোৱাৰ ঘোষণা। “কিন্তু চোৱা! মই লোকসকলৰ প্ৰতিজনক নিজ মেৰ-ৰখীয়াৰ আৰু নিজ ৰজাৰ হাতত শোধাই দিম; তেওঁলোকে দেশ চূৰ্ণ কৰিব, কিন্তু মই তেওঁলোকৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ নকৰিম।”
Dlatego już nie będę miał litości dla mieszkańców tej ziemi, mówi PAN. Oto wydam tych ludzi, każdego z nich, w ręce jego bliźniego i w ręce jego króla. I zniszczą ziemię, a nikogo nie wyrwę z ich rąk.
7 তেতিয়া বেচোঁতাসকলৰ বধ কৰিবলগীয়া সেই মেৰ-ছাগ জাকবোৰৰ ৰখীয়া মই হ’লো, আৰু মই নিজৰ কাৰণে দুডাল লাখুটি ললোঁ; এডালৰ নাম “দয়া” আৰু আনডালৰ নাম “একতা” ৰাখিলোঁ। এইদৰে মই মেৰ-ছাগৰ জাকটো চৰাবলৈ ধৰিলোঁ।
Będę więc pasł owce przeznaczone na rzeź, was, [mówię], biedne owce! Wziąłem sobie dwie laski, jedną nazwałem Piękno, a drugą nazwałem Więzy, i pasłem te [owce].
8 মই এক মাহৰ ভিতৰতে সেই তিনিজন মেৰ-ছাগ ৰখীয়াক বিনষ্ট কৰিলোঁ; কিয়নো মই তেওঁলোকৰ প্রতি অধৈৰ্য হ’লো - কিয়নো তেওঁলোকৰ প্ৰাণেও মোক ঘিণ কৰিলে।
Zgładziłem trzech pasterzy w jednym miesiącu; i moja dusza czuła niechęć do nich, a ich dusza też brzydziła się mną.
9 তেতিয়া মই ক’লো, “মই তোমালোকক আৰু নচৰাওঁ। যিবোৰ মৰি আছে - সেইবোৰক বিনষ্ট হ’বলৈ দিয়া। আৰু যিবোৰ অৱশিষ্ট থাকিব, সেইবোৰক ইজনে সিজনৰ মাংস খাওঁক।”
Wtedy powiedziałem: Nie będę was pasł. Co umiera, niech umrze, a co ma być zgładzone, niech będzie zgładzone, a ci, [co] pozostaną, niech każdy pożera ciało drugiego.
10 ১০ সেই কাৰণে মই সকলো জাতিৰ লগত স্থাপন কৰা নিয়মটি ভাঙিবলৈ মোৰ সেই “দয়া” নামৰ লাখুটিডাল দুডোখৰ কৰিলোঁ।
Wziąłem więc swoją laskę, Piękno, i złamałem ją, aby zerwać swoje przymierze, które zawarłem z całym ludem.
11 ১১ সেইদিনা সেই নিয়মটি ভঙা হ’ল আৰু মোক সেইদৰে কৰা দেখি বেচোঁতাসকলে জানিলে যে, এয়ে যিহোৱাৰ বাক্য!
I zostało zerwane w tym dniu, a biedni spośród trzody, którzy przyglądali się mnie, poznali, że [to] słowo PANA.
12 ১২ মই তেওঁলোকক কলোঁ, “যদি তোমালোকে ভাল দেখা, তেন্তে মোক মোৰ বেচ দিয়া; যদি ভাল নেদেখা তেন্তে নালাগে।” তেতিয়া তেওঁলোকে মোৰ বেচৰ অৰ্থে ত্ৰিশ চেকল ৰূপ জুখি মোক দিলে।
Potem powiedziałem do nich: Jeśli to jest dobre w waszych oczach, dajcie mi moją zapłatę, a jeśli nie, zaniechajcie [jej]. Odważyli więc moją zapłatę: trzydzieści srebrników.
13 ১৩ তেতিয়া যিহোৱাই মোক ক’লে, “সেই ৰূপ ধন-ভঁৰালত জমা দিয়া, তেওঁলোকৰ বিবেচনাত এয়ে উচিত মূল্য!” তেতিয়া মই সেই ত্ৰিশ চেকল ৰূপ লৈ যিহোৱাৰ গৃহত কুমাৰৰ আগত জমা দিলোঁ।
Potem PAN powiedział do mnie: Rzuć je przed garncarza. Wspaniała to zapłata, na jaką mnie tak drogo oszacowali! Wziąłem więc trzydzieści srebrników i rzuciłem je przed garncarza w domu PANA.
14 ১৪ পাছত যিহূদা আৰু ইস্ৰায়েলৰ মাজত ভ্ৰাত্বৰ বন্ধন ভাঙিবলৈ মোৰ “একতা” নামৰ আনডাল লাখুটি দুডোখৰ কৰিলোঁ।
Potem złamałem swoją drugą laskę, Więzy, aby zerwać braterstwo między Judą a Izraelem.
15 ১৫ তেতিয়া যিহোৱাই মোক পুনৰায় ক’লে, “তুমি আকৌ নিজৰ বাবে এজন অজ্ঞান মেৰ-ছাগ ৰখীয়াৰ সঁজুলি লোৱা,
I PAN powiedział do mnie: Weź sobie jeszcze narzędzie głupiego pasterza.
16 ১৬ কিয়নো চোৱা! মই দেশত এজন মেৰ-ছাগৰ ৰখীয়া উৎপন্ন কৰিম! তেওঁ নষ্ট হ’বলগীয়া ছাগলীবোৰৰ বুজ বিচাৰ নল’ব। ছিন্ন-ভিন্ন হোৱা ছাগলীবোৰক নিবিচাৰিব বা ভগ্ন হোৱাটোক সুস্থ নকৰিব। আনকি সুস্থকো প্ৰতিপালন নকৰিব, কিন্তু হৃষ্টপুষ্টবোৰে মাংস খাব পাব আৰু সেইবোৰৰ খুৰাও ডোখৰ ডোখৰকৈ ছিঙিব।
Oto bowiem wzbudzę pasterza w tej ziemi, [który] nie będzie troszczył się o zaginione, nie będzie szukał jagniątek, nie będzie leczyć okaleczonych i tego, co stoi, nie będzie karmił. Ale będzie jeść mięso tucznych, a ich kopyta oberwie.
17 ১৭ হায়, জাক এৰি যোৱা অযোগ্য মেৰ-ৰখীয়া! তেওঁৰ সোঁ চকু আৰু সোঁ হাতৰ বিৰুদ্ধে তৰোৱাল লৈ আহা! তেওঁৰ সোঁ হাত নিষ্কৰ্মা হৈ যাব আৰু তেওঁৰ সোঁ চকু অন্ধ হ’ব।
Biada pasterzowi nieużytecznemu, który opuszcza trzodę! Niech spadnie miecz na jego ramię i na jego prawe oko. Jego ramię całkiem uschnie, a jego prawe oko całkiem oślepnie.

< জাখারিয়া 11 >