< তীত 3 >

1 তুমি তেখেত সকলক সোঁৱৰাবা; তেখেত সকলে যেন শাসনকৰ্তা আৰু ক্ষমতা পোৱা লোক সকলৰ বশীভুত হৈ তেওঁলোকৰ আজ্ঞা পালন কৰে, সকলো সৎকর্ম্মত যুগুত হয় থাকে, আৰু
υπομιμνησκε αυτους αρχαις εξουσιαις υποτασσεσθαι πειθαρχειν προς παν εργον αγαθον ετοιμους ειναι
2 কোনো ব্যক্তিক নিন্দা নকৰি, নির্ব্বিৰোধী আৰু ক্ষান্ত স্বভাৱী হৈ সকলো মানুহৰ প্ৰতি মৃদুভাব প্ৰকাশ কৰক৷
μηδενα βλασφημειν αμαχους ειναι επιεικεις πασαν ενδεικνυμενους πραυτητα προς παντας ανθρωπους
3 কিয়নো পূর্বে আমিও নির্ব্বোধ, আজ্ঞা নমনা, ভ্ৰান্ত, নানা বিধ অভিলাষ আৰু সুখভোগৰ সেৱাকর্ম কৰা, হিংসা আৰু ঈৰ্ষাত কাল নিওৱা, ঘৃণনীয় আৰু পৰস্পৰে ঘৃণাকাৰী আছিলোঁ।
ημεν γαρ ποτε και ημεις ανοητοι απειθεις πλανωμενοι δουλευοντες επιθυμιαις και ηδοναις ποικιλαις εν κακια και φθονω διαγοντες στυγητοι μισουντες αλληλους
4 কিন্তু যেতিয়া আমাৰ ত্ৰাণকর্তা ঈশ্বৰৰ মধুৰ স্নেহ স্বভাব আৰু মনুষ্য জাতিলৈ প্ৰেম প্ৰকাশিত হল,
οτε δε η χρηστοτης και η φιλανθρωπια επεφανη του σωτηρος ημων θεου
5 তেতিয়া আমাৰ ধাৰ্মিকতাৰ কাৰণে নহয়, কিন্তু তেওঁ নিজ দয়া অনুসাৰে নতুন জন্মৰ স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ কৰিলে৷
ουκ εξ εργων των εν δικαιοσυνη α εποιησαμεν ημεις αλλα κατα το αυτου ελεος εσωσεν ημας δια λουτρου παλιγγενεσιας και ανακαινωσεως πνευματος αγιου
6 তাৰ কাৰণে সেই আত্মা আমাৰ ত্ৰাণকর্তা যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰে আমাৰ ওপৰত বাহুল্যৰূপে বাকি দিলে,
ου εξεχεεν εφ ημας πλουσιως δια ιησου χριστου του σωτηρος ημων
7 যাতে তেওঁৰ অনুগ্ৰহত আমি ধার্মিক বুলি গণিত হৈ অনন্ত জীৱনৰ আশা অনুসাৰে উত্তৰাধিকাৰী হব পাৰোঁ৷ (aiōnios g166)
ινα δικαιωθεντες τη εκεινου χαριτι κληρονομοι γενηθωμεν κατ ελπιδα ζωης αιωνιου (aiōnios g166)
8 এই কথা বিশ্বাসযোগ্য৷ ঈশ্ৱৰত বিশ্ৱাস কৰা সকলে যাতে তেওঁলোকৰ সন্মুখত থকা সৎকর্মত লাগি থাকিবলৈ চিন্তা কৰে, তাৰ কাৰণে তোমাক এই আজ্ঞা মই দিছোঁ৷ এইবোৰ কথা সকলো লোকৰ পক্ষে উত্তম আৰু লাভজনক।
πιστος ο λογος και περι τουτων βουλομαι σε διαβεβαιουσθαι ινα φροντιζωσιν καλων εργων προιστασθαι οι πεπιστευκοτες θεω ταυτα εστιν καλα και ωφελιμα τοις ανθρωποις
9 কিন্তু মূঢ় বাদ-বিবাদ, বংশাৱলী বিবাদ আৰু বিধানৰ বিষয়ে বাগযুদ্ধ, এই সকলোৰে পৰা তুমি পৃথকে থাকিবা; কিয়নো সেইবোৰ অনুপকাৰী আৰু অনর্থক।
μωρας δε ζητησεις και γενεαλογιας και {VAR1: εριν } {VAR2: ερεις } και μαχας νομικας περιιστασο εισιν γαρ ανωφελεις και ματαιοι
10 ১০ দলভেদী মানুহক দুই এবাৰ চেতনা দিয়াৰ পাছত তেনেলোকক অগ্ৰাহ্য কৰিবা;
αιρετικον ανθρωπον μετα μιαν και δευτεραν νουθεσιαν παραιτου
11 ১১ তেনেধৰণৰ মানুহ যে বিপথগামী আৰু নিজ প্ৰমাণত দোষী হৈ পাপ কৰে, সেই বিষয়ে তুমি জানা।
ειδως οτι εξεστραπται ο τοιουτος και αμαρτανει ων αυτοκατακριτος
12 ১২ মই তোমাৰ তালৈ আর্ত্তিমা বা তুখিকক পঠালোঁ, নীকপলিত মোৰ ওচৰলৈ বেগাই আহিব বাবে তুমি যত্ন কৰিবা; কিয়নো মই সেই ঠাইতে জাৰকালি কটাবলৈ সিদ্ধান্ত ললোঁ।
οταν πεμψω αρτεμαν προς σε η τυχικον σπουδασον ελθειν προς με εις νικοπολιν εκει γαρ κεκρικα παραχειμασαι
13 ১৩ পণ্ডিত চিনাক আৰু আপল্লোক অতি যত্নেৰে পঠাবা, যাতে তেওঁলোকৰ একোৰে অভাৱ নহয়।
ζηναν τον νομικον και απολλων σπουδαιως προπεμψον ινα μηδεν αυτοις λειπη
14 ১৪ আমাৰ মানুহবোৰ যেন নিষ্ফল নহয়, তাৰ বাবে প্ৰয়োজনীয় অভাৱ পুৰণ কৰিবলৈ সৎকর্মত লাগি থাকিবৰ বাবে শিকক।
μανθανετωσαν δε και οι ημετεροι καλων εργων προιστασθαι εις τας αναγκαιας χρειας ινα μη ωσιν ακαρποι
15 ১৫ মোৰ লগত থকা সকলোৱে তোমাক মঙ্গলবাদ কৰিছে। বিশ্বাসত থাকি আমাক প্ৰেম কৰা সকলোকে মঙ্গলবাদ দিবা। তোমালোক সকলোৰে লগত অনুগ্ৰহ থাকক। আমেন৷
ασπαζονται σε οι μετ εμου παντες ασπασαι τους φιλουντας ημας εν πιστει η χαρις μετα παντων υμων

< তীত 3 >