< ৰোমীয়া 8 >

1 এই কাৰণে এতিয়া খ্ৰীষ্ট যীচুত থকা সকলৰ কোনো দণ্ডাজ্ঞা নাই।
Ուրեմն հիմա դատապարտութիւն չկայ Քրիստոս Յիսուսով եղողներուն, որոնք մարմինին համաձայն չեն ընթանար.
2 কিয়নো খ্ৰীষ্ট যীচুত মোৰ জীৱনক আত্মাৰ বিধানত পাপ আৰু মৃত্যুৰ বিধানৰ পৰা মুক্ত কৰিলে।
քանի որ կեանքի Հոգիին Օրէնքը՝ Քրիստոս Յիսուսով ազատեց զիս մեղքի եւ մահուան օրէնքէն:
3 বিধান মাংসৰ কাৰণে দূৰ্বল হোৱাত যি কৰিব নোৱাৰিলে, সেয়েহে ঈশ্বৰে নিজৰ পুত্ৰক পাপৰ অৰ্থে উৎসৰ্গিত হ’বলৈ, পাপময় মাংসৰ সাদৃশ্যেৰে পঠিয়ালে, আৰু মাংসত পাপৰ দণ্ডাজ্ঞা দিলে৷
Արդարեւ ինչ որ Օրէնքը անկարող էր ընել, որովհետեւ մարմինը տկարացուցած էր զայն, Աստուած իրագործեց. իր Որդին ղրկեց՝ մեղանչական մարմինի նմանութեամբ եւ մեղքին պատճառով, ու դատապարտեց մեղքը այդ մարմինին մէջ,
4 তেওঁ সেইটোৱে কৰিলে, যাতে আমাৰ জীৱনত যেন বিধানৰ বিধান সিদ্ধ কৰা হয়; সেয়েহে আমি মাংসিকৰ দৰে নহয়, কিন্তু আত্মা অনুসাৰে চলোঁ আহক৷
որպէսզի Օրէնքին արդարութիւնը գործադրուի մեր մէջ՝ որ չենք ընթանար մարմինին համաձայն, այլ՝ Հոգիին:
5 কিয়নো মাংস অনুসাৰে জীয়াই থকা সকলে মাংসিক বিষয় ভাবে; কিন্তু আত্মা অনুসাৰে জীয়াই থকা সকলে আত্মিক বিষয় ভাবে।
Արդարեւ մարմինին համաձայն ապրողները՝ կը մտածեն մարմինին բաները, իսկ Հոգիին համաձայն ապրողները՝ Հոգիին բաները.
6 কাৰণ মাংসৰ ভাব হ’ল মৃত্যু; কিন্তু আত্মাৰ ভাব হৈছে জীৱন আৰু শান্তি,
նաեւ մարմնաւոր մտածումը մահ է, իսկ հոգեւոր մտածումը՝ կեանք ու խաղաղութիւն:
7 কিয়নো মাংসৰ ভাব ঈশ্বৰলৈ শত্ৰুতা; কাৰণ সেয়ে ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হ’বও নোৱাৰে৷
Արդարեւ մարմնաւոր մտածումը Աստուծոյ դէմ թշնամութիւն է, քանի Աստուծոյ Օրէնքին չի հպատակիր. մա՛նաւանդ չի կրնար ալ,
8 যি সকলে মাংসৰ বশত আছে, তেওঁলোকে ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে।
որովհետեւ մարմինին համաձայն ապրողները չեն կրնար հաճեցնել Աստուած:
9 যিয়েই নহওক, আপোনালোক মাংসৰ বশত নহয় কিন্তু আত্মাৰ বশতহে আছে, আৰু সেয়াই যদি সত্য হয়, তেনেহলে ঈশ্বৰৰ আত্মা আপোনালোকৰ অন্তৰত বাস কৰে। কিন্তু যি জনত খ্ৰীষ্টৰ আত্মা নাই, তেওঁ খ্ৰীষ্টৰ নহয়।
Բայց դուք չէք ապրիր մարմինին համաձայն, հապա՝ Հոգիին համաձայն, եթէ իսկապէս Աստուծոյ Հոգին բնակած է ձեր մէջ. իսկ եթէ մէկը Քրիստոսի Հոգին չունի, ինք անորը չէ:
10 ১০ যদি খ্ৰীষ্ট আপোনালোকৰ জীৱনত থাকে, তেনেহলে পাপৰ কাৰণে এই শৰীৰ মৰা; কিন্তু ধাৰ্মিকতাৰ বাবে আত্মাই জীৱন।
Սակայն եթէ Քրիստոս ձեր մէջ է, մարմինը մեռած է մեղքին պատճառով, իսկ Հոգին կեանք կը պարգեւէ արդարութեան պատճառով:
11 ১১ যি জনে খ্ৰীষ্ট যীচুক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁৰ আত্মা যদি আপোনালোকৰ জীৱনত থাকে, তেনেহলে খ্ৰীষ্ট যীচুক মৃত লোকৰ মাজৰ পৰা তোলা জনে আপোনালোকত নিবাস কৰা তেওঁৰ আত্মাৰ যোগেদি, আপোনালোকৰ মৰ্ত্ত্য দেহকো জীয়াব।
Ու եթէ Յիսուսը մեռելներէն յարուցանողին Հոգին բնակած է ձեր մէջ, ուրեմն ա՛ն՝ որ մեռելներէն յարուցանեց Քրիստոսը, կեանք պիտի տայ նաեւ ձեր մահկանացու մարմիններուն՝ իր Հոգիով, որ կը բնակի ձեր մէջ:
12 ১২ এতেকে হে ভাই সকল, আমি মাংসৰ বশত জীয়াই থাকিবলৈ মাংসৰ ধৰুৱা নহওঁ।
Ուրեմն, եղբայրնե՛ր, պարտական ենք, բայց ո՛չ մարմինին՝ մարմինին համաձայն ապրելու համար:
13 ১৩ কাৰণ আপোনালোকে যদি মাংসৰ বশত জীয়াই থাকে, তেনেহলে আপোনালোক যেনে হ’লেও মৰিব; কিন্তু আত্মাৰ দ্বাৰাই যদি শৰীৰৰ কৰ্মবোৰ বধ কৰা হয়, তেনেহলে আপোনালোক জীৱ।
Որովհետեւ եթէ մարմինին համաձայն ապրիք՝ պիտի մեռնիք, իսկ եթէ Հոգիով մարմինին գործերը մեռցնէք՝ պիտի ապրիք:
14 ১৪ কিয়নো যিমান লোক ঈশ্বৰৰ আত্মাৰ দ্বাৰা চালিত হয়, সেই সকলোৱে ঈশ্বৰৰ সন্তান।
Արդարեւ բոլոր անոնք որ կ՚առաջնորդուին Աստուծոյ Հոգիով, անո՛նք են Աստուծոյ որդիները.
15 ১৫ সেয়েহে আপোনালোকে ভয় কৰিবলৈ পুনৰায় দাসত্বৰ আত্মা পাইছে, এনে নহয়; কিন্তু যি আত্মাৰ দ্বাৰা আমি আব্বা, পিতৃ বুলি মাতোঁ, এনে তোলনীয়া পুত্ৰৰ আত্মা পালে।
քանի որ դուք չստացաք ստրկութեան հոգին՝ դարձեալ վախնալու համար, հապա ստացաք որդեգրութեա՛ն Հոգին, որուն միջոցով կը գոչենք՝՝. «Աբբա՛, Հա՛յր»:
16 ১৬ আমি যে ঈশ্বৰৰ সন্তান, এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাৰ সৈতে সাক্ষ্য দিয়ে।
Նոյնինքն Հոգին վկայութիւն կու տայ մեր հոգիին հետ թէ մենք Աստուծոյ զաւակներն ենք.
17 ১৭ আমি যদি সন্তান হওঁ, তেনেহলে উত্তৰাধিকাৰীও হওঁ। খ্ৰীষ্টে সৈতে মহিমান্বিত হ’বলৈ যদিহে আমি তেৱেঁ সৈতে দুখভোগ কৰোঁ, তেনেহলে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু খ্ৰীষ্টে সৈতেও উত্তৰাধিকাৰী হওঁ।
ու եթէ զաւակներ՝ ուրեմն ժառանգորդներ, Աստուծոյ ժառանգորդներ եւ Քրիստոսի ժառանգակիցներ, որպէսզի եթէ չարչարուինք իրեն հետ, նաեւ փառաւորուինք իրեն հետ:
18 ১৮ কিয়নো আমাৰ বাবে যি প্ৰতাপ প্ৰকাশিত হ’ব, তাৰে সৈতে বৰ্ত্তমান সময়ৰ দুখৰ তুলনা কৰিবলৈ মই কোনো বিষয় যোগ্য নহয় বুলি গণ্য কৰোঁ।
Արդարեւ ես այնպէս կը սեպեմ թէ այս ներկայ ժամանակին չարչարանքները՝ արժանի չեն բաղդատուելու գալիք փառքին հետ, որ պիտի յայտնուի մեր մէջ:
19 ১৯ কাৰণ ঈশ্বৰৰ সন্তান সকল প্ৰকাশিত হোৱালৈ, সৃষ্টিৰ আশাই বাট চাই আছে।
Քանի որ արարածները եռանդուն ակնկալութեամբ կը սպասեն Աստուծոյ որդիներուն յայտնութեան:
20 ২০ কাৰণ সৃষ্টি খন যে আপোন ইচ্ছাৰে অসাৰতাৰ বশীকৃত হ’ল, এনে নহয়; কিন্তু বশকৰ্ত্তাৰ কাৰণেহে হ’ল; সেয়ে এই আশাৰে হ’ল যে,
Որովհետեւ արարածները հպատակեցան ունայնութեան, (ո՛չ թէ իրենց կամքով, հապա անոր պատճառով՝ որ հպատակեցուց զիրենք, )
21 ২১ সৃষ্টিখনে নিজেও যেন ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হৈ ঈশ্বৰৰ সন্তান সকলৰ প্ৰতাপ মূলক মুক্তি পাব।
այն յոյսով՝ որ արարածները իրե՛նք ալ, ազատելով ապականութեան ստրկութենէն, հասնին Աստուծոյ զաւակներուն փառաւոր ազատութեան:
22 ২২ কিয়নো এতিয়াও গোটেই সৃষ্টিয়ে প্ৰসৱ বেদনাৰ দৰে দুখ পাই একেলগে কেঁকাই আছে, ইয়াক আমি জানো।
Քանի որ գիտենք թէ բոլոր արարածները միասին կը հառաչեն ու երկունքի ցաւ կը քաշեն մինչեւ հիմա:
23 ২৩ অকল সেয়ে নহয়, আত্মাৰ প্ৰথম ফল পোৱা যি আমি, আমিও তোলনীয়া পুত্ৰৰ বাবলৈ বাট চাই, আমাৰ শৰীৰৰ মুক্তিৰ অপেক্ষাৰে অন্তৰত কেঁকাই আছোঁ।
Եւ ո՛չ միայն անոնք, հապա մե՛նք ալ՝ որ ունինք Հոգիին երախայրիքը, նոյնիսկ մե՛նք մեր մէջ կը հառաչենք՝ սպասելով որդեգրութեան, այսինքն մեր մարմինին ազատագրութեան:
24 ২৪ কিয়নো আমি আশাৰেহে পৰিত্ৰাণ পালোঁ; কিন্তু দেখাত যি আশা, সেয়েই আশা নহয়; কাৰণ যিহক দেখা যায়, তালৈ কোনে আশা কৰে?
Որովհետեւ մենք յոյսով փրկուեցանք. բայց այն յոյսը որ կը տեսնուի՝ յոյս չէ. քանի որ ինչո՞ւ մէկը տակաւին յուսայ այն բանին՝ որ արդէն կը տեսնէ:
25 ২৫ কিন্তু আমি যিহক দেখা নাই, তালৈ যদি আশা কৰোঁ, তেনেহলে ধৈৰ্যৰেহে তালৈ বাট চাই থাকোঁ।
Իսկ եթէ կը յուսանք մեր չտեսած բանին, ա՛լ համբերութեամբ սպասենք անոր:
26 ২৬ সেই একেদৰে আত্মায়ো আমাৰ দূৰ্বলতাত উপকাৰ কৰে৷ কাৰণ, উচিত মতে কি প্ৰাৰ্থনা কৰিব লাগে, সেই বিষয়ে আমি নাজানো; কিন্তু আত্মাই নিজে আমাৰ বাবে অনিৰ্ব্বচনীয় কেঁকনিৰে নিবেদন কৰে।
Նոյնպէս Հոգին ալ կ՚օգնէ մեր տկարութիւններուն մէջ. քանի որ չենք գիտեր ի՛նչ բանի համար աղօթելու ենք՝ ինչպէս պէտք է. բայց Հոգին ի՛նք կը բարեխօսէ մեզի համար՝ անբարբառ հառաչանքներով:
27 ২৭ আত্মাৰ ভাব কি, সেই বিষয়ে অন্তৰ্য্যামী ঈশ্বৰে জানে, কাৰণ ঈশ্বৰৰ ইচ্ছা অনুসৰি, তেওঁ পবিত্ৰ লোকৰ বাবে নিবেদন কৰে।
Եւ ա՛ն՝ որ կը զննէ սիրտերը, գիտէ Հոգիին ի՛նչ մտածելը, քանի որ կը բարեխօսէ սուրբերուն համար Աստուծոյ կամքին համաձայն:
28 ২৮ আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে।
Նաեւ գիտենք թէ բոլոր բաները բարիին գործակից կ՚ըլլան անո՛նց՝ որ կը սիրեն Աստուած, անո՛նց՝ որ կանչուած են իր առաջադրութեան համաձայն:
29 ২৯ কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাই সকলৰ মাজত প্ৰথমে জন্মা হয়, এই কাৰণে ঈশ্বৰে যি সকলক আগেয়ে জানিলে, তেওঁলোকক তেওঁৰ সেই পুত্ৰৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হ’বলৈ, আগেয়ে নিৰূপণো কৰিলে;
Որովհետեւ անո՛նք՝ որ նախապէս ճանչցաւ, նաեւ նախասահմանեց՝ կերպարանակից ըլլալու իր Որդիին պատկերին, որպէսզի ան ըլլայ անդրանի՛կը բազմաթիւ եղբայրներու մէջ:
30 ৩০ আৰু যি সকলক আগেয়ে নিৰূপণ কৰিলে, তেওঁলোকক আমন্ত্ৰণো কৰিলে৷ যি সকলক আমন্ত্ৰণ কৰিলে, তেওঁলোকক ধাৰ্মিক বুলি গণিত কৰিলে; আৰু যি সকলক ধাৰ্মিক বুলি গণিত কৰিলে, তেওঁলোকক মহিমান্বিতো কৰিলে।
Եւ անոնք որ նախասահմանեց՝ նաեւ կանչեց, անոնք որ կանչեց՝ նաեւ արդարացուց, եւ անոնք որ արդարացուց՝ նաեւ փառաւորեց:
31 ৩১ তেতিয়াহলে এইবোৰ কথাত আমি কি ক’ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেনেহলে আমাৰ বিপক্ষ কোন হ’ব পাৰে?
Ուրեմն ի՞նչ ըսենք այս բաներուն մասին. եթէ Աստուած մեր կողմն է, ո՞վ հակառակ է մեզի:
32 ৩২ যি জনে নিজৰ পুত্ৰকো মৰম নকৰি, আমাৰ আটাইৰে কাৰণে তেওঁক শোধাই দিলে, সেই জনে আমাক অনুগ্ৰহ কৰি তেওঁৰ সৈতে সকলো নিদিব নে?
Ա՛ն՝ որ չխնայեց իր իսկ Որդիին, հապա մատնեց զայն մեր բոլորին համար, ի՞նչպէս անոր հետ նաեւ պիտի չպարգեւէ մեզի բոլոր բաները:
33 ৩৩ ঈশ্বৰৰ মনোনীত সকলৰ বিৰুদ্ধে কোনে অপবাদ দিব? ঈশ্বৰেহে ধাৰ্মিক বুলি গণিত কৰোঁতা।
Ո՞վ պիտի մեղադրէ Աստուծոյ ընտրածները. Աստուա՛ծ է արդարացնողը:
34 ৩৪ দণ্ডাজ্ঞা দিওঁতা নো কোন? যি জন মৰিল, এনে কি, মৃত লোকৰ মাজৰ পৰা তোলাও হ’ল, সেই জন খ্ৰীষ্ট যীচু; তেওঁ ঈশ্বৰৰ সোঁফালে থাকি, আমাৰ কাৰণে নিবেদনো কৰি আছে।
Ուրեմն ո՞վ է դատապարտողը. Քրիստոս՝ որ մեռաւ, մա՛նաւանդ յարութիւն առաւ եւ Աստուծոյ աջ կողմն է, ա՛ն կը բարեխօսէ մեզի համար:
35 ৩৫ খ্ৰীষ্টৰ প্ৰেমৰ পৰা কোনে আমাক বিচ্ছিন্ন কৰিব পাৰে? ক্লেশ বা সঙ্কট, তাড়না বা আকাল, বস্ত্ৰহীনতা বা প্ৰাণ সংশয় বা তৰোৱাল, এইবোৰে পাৰে নে?
Ուրեմն ո՞վ պիտի զատէ մեզ Քրիստոսի սէրէն. տառապա՞նքը, կամ տագնա՞պը, կամ հալածա՞նքը, կամ սո՞վը, կամ մերկութի՞ւնը, կամ վտա՞նգը, կամ սո՞ւրը:
36 ৩৬ এই বিষয়ে লিখাও আছে, “আমি তোমাৰ কাৰণে ওৰে দিনটো হত হ’ব লাগিছোঁ৷ কাটিবলৈ নিয়া মেৰৰ দৰে আমি গণিত হ’লোঁ।”
(Ինչպէս գրուած է. «Քեզի՛ համար ամբողջ օրը կը մեռցուինք. սպանդանոցի ոչխարի պէս կը սեպուինք»: )
37 ৩৭ তথাপি আমাক প্ৰেম কৰা জনৰ যোগেদি, এই সকলো কথাত আমি জয়তকৈয়ো জয়যুক্ত।
Նոյնիսկ այս բոլոր բաներուն մէջ աւելի քան յաղթող կ՚ըլլանք անո՛վ՝ որ սիրեց մեզ:
38 ৩৮ কিয়নো মোৰ এনে দৃঢ় বিশ্বাস আছে যে, তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গৰ দূত বা শাসনকৰ্তা, বৰ্ত্তমান বা ভবিষ্যত বিষয় বা পৰাক্ৰম,
Որովհետեւ ես համոզուած եմ թէ ո՛չ մահը, ո՛չ կեանքը, ո՛չ հրեշտակները, ո՛չ իշխանութիւնները, ո՛չ զօրութիւնները, ո՛չ ներկայ բաները, ո՛չ գալիք բաները,
39 ৩৯ ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱেই আমাক প্ৰভু খ্ৰীষ্ট যীচুত থকা ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে।
ո՛չ բարձրութիւնը, ո՛չ խորունկութիւնը, ո՛չ ալ ոեւէ ուրիշ արարած պիտի կարենայ զատել մեզ Աստուծոյ սէրէն, որ Քրիստոս Յիսուսով՝ մեր Տէրոջմով է:

< ৰোমীয়া 8 >