< ৰোমীয়া 14 >

1 যি জন বিশ্বাসত দূৰ্বল, তেওঁক বিচাৰ নকৰি আপোনালোকে গ্ৰহণ কৰক; কিন্তু বিভিন্ন মত, বিবাদ, বা সোধ-বিচাৰ কৰিবৰ অৰ্থে নহয়।
बहसहरूको बारेमा न्याय नगरीकनै विश्‍वासमा कमजोर हुनेलाई ग्रहण गर ।
2 কোনো এজনৰ সকলো বস্তু খাবলৈ বিশ্বাস আছে; কিন্তু আনহাতে যি জন দূৰ্বল, তেওঁ কেৱল শাক-পাচলিহে খায়।
एक जनासँग कुनै पनि थोक खाने विश्‍वास हुन्छ, अर्को जो कमजोर छ, त्यसले सागसब्जी मात्र खान्छ ।
3 যি জন লোকে সকলো খায়, তেওঁ নোখোৱা জনক হেয়জ্ঞান নকৰক আৰু যি জনে নাখায়, তেওঁ খোৱা জনৰ বিচাৰ নকৰক; কিয়নো ঈশ্বৰে তেওঁক গ্ৰহণ কৰিলে।
सबै थोक खानेले सबै थोक नखानेलाई घृणा नगरोस् । अनि सबै थोक नखानेले सबै थोक खानेको न्याय नगरोस् । किनकि उसलाई परमेश्‍वरले ग्रहण गर्नुभएको छ ।
4 অাপুনি লোকৰ দাসৰ যে বিচাৰ কৰিছে, অাপুনি নো কোন? তেওঁ নিজ প্ৰভুৰ আগত হয় থিৰে থাকে নাইবা পৰে; কিন্তু তেওঁক থিৰ কৰা যাব; কিয়নো প্ৰভুৱে তেওঁক থিৰ কৰিব পাৰে।
अरूको नोकरको न्याय गर्ने तिमी को हौ? यो त्यसको मालिकको सामु नै खडा हुन्छ वा पतन हुन्छ । तर त्यसलाई खडा गराइनेछ, किनकि प्रभु त्यसलाई खडा गराउन सक्षम हुनुहुन्छ ।
5 কোনো এজনে যদি এটা দিনক আন দিনতকৈ অধিক মান্য কৰে; আনহাতে কোনোৱে সকলো দিনকে সমানে মান্য কৰে, কিন্তু প্ৰতিজনে নিজ নিজ মন বিশ্ৱাসত দৃঢ় কৰি ৰাখক।
एक जनाले कुनै दिनलाई अर्कोभन्दा मूल्यको मान्छ । अर्कोले हरेक दिनलाई समान रूपमा लिन्छ । हेरक आ-आफ्नै मनमा विश्‍वस्त होस् ।
6 যি জনে বিশেষ দিন মানে, তেওঁ প্ৰভুৰ উদ্দেশ্যে সেইদিন মানক; যি জনে খায়, তেওঁ প্ৰভুৰ উদ্দেশ্যে খাওক; কিয়নো তেওঁ ঈশ্বৰৰ ধন্যবাদ কৰে৷ যি জনে নাখায়, তেৱোঁ প্ৰভুৰ উদ্দেশ্যে নাখাওঁক; আৰু ঈশ্বৰৰ ধন্যবাদ কৰক।
जसले कुनै दिन पालन गर्छ, त्यसले प्रभुकै निम्ति पालन गर्छ, र जसले खान्छ, त्यसले प्रभुकै निम्ति खान्छ, किनकि त्यसले परमप्रभुलाई धन्यवाद दिन्छ । जसले खाँदैन, त्यसले प्रभुकै निम्ति खानबाट आफूलाई रोक्‍छ ।
7 কিয়নো আমাৰ কোনেও নিজৰ কাৰণে জীয়াই নাথাকো আৰু কোনেও নিজৰ কাৰণে নমৰো।
किनकि हामी कोही पनि आफ्नै लागि जिउँदैनौँ र कोही पनि आफ्नै निम्ति मर्दैनौँ ।
8 কিয়নো যদি আমি জীয়াই থাকো, তেনেহলে প্ৰভুৰ উদ্দেশ্যে জীওঁ; আৰু যদি মৰোঁ, তেনেহলে প্ৰভুৰ উদ্দেশ্যেই মৰোঁ; এই কাৰণে যদিও জীওঁ বা মৰোঁ, আমি প্ৰভুৰেই হৈ আছোঁ।
किनकि यदि हामी जिउँछौँ भने, प्रभुकै निम्ति जिउँछौँ र यदि हामी मर्छौं भने, हामी प्रभुकै निम्ति मर्छौं । त्यसैले, हामी चाहे जिऔँ वा मरौँ, हामी प्रभुकै हौँ ।
9 কিয়নো মৃত্যু হোৱা সকলৰ আৰু জীৱিত সকলৰ প্ৰভু হ’বলৈ, খ্ৰীষ্ট মৰিল আৰু জীয়াই উঠিল।
यही उद्देश्यको निम्ति ख्रीष्‍ट मर्नुभयो र फेरि जीवित हुनुभयो, ताकि उहाँ मरेका र जीवितहरू दुवैका प्रभु हुन सक्‍नुभएको होस् ।
10 ১০ কিন্তু আপুনি কিয় নিজৰ ভায়েৰাৰ সোধ-বিচাৰ কৰিছে? আপোনাৰ ভায়েৰাক নো কিয় হেয়জ্ঞান কৰিছে? কিয়নো আমি সকলোৱে ঈশ্বৰৰ বিচাৰৰ আসনৰ আগত থিয় হ’ম।
तर तिमीहरू किन आफ्नो भाइको न्याय गर्छौ? अनि तिमी किन आफ्नो भाइलाई तुच्छ ठान्छौ? किनकि हामी सबै परमेश्‍वरको न्याय आसनको सामु खडा हुनेछौँ ।
11 ১১ কাৰণ এনেকৈ লিখা আছে, প্ৰভুৱে কৈছে, “মোৰ জীৱনৰে শপত, প্ৰভুৱে যে কৈছে, সকলোৱে মোৰ আগত আঁঠু ল’ব, আৰু প্ৰত্যেক জিভাই ঈশ্বৰৰ গৌৰৱ কৰিব।”
किनकि यस्तो लेखिएको छ, परमप्रभु भन्‍नुहुन्छ, “जस्तो म जीवित छु, मेरो निम्ति हरेक घुँडा टेक्‍नेछ र हरेक जिब्रोले परमप्रभुको प्रशंसा गर्नेछ ।”
12 ১২ এনেদৰে আমি প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাব দিব লাগিব।
यसैले, हामी हरेकले परमेश्‍वर स्वयम्‌लाई लेखा दिनुपर्नेछ ।
13 ১৩ এই কাৰণে আমি কেতিয়াও পৰস্পৰৰ সোধ-বিচাৰ নকৰিম; কিন্তু ইয়াৰ পৰিৱর্তে আপোনালোকে এই বিচাৰ কৰক, কোনেও যেন নিজ ভাইৰ আগত বিপত্তিজনক বস্তু বা ফান্দ পাতি নাৰাখে।
यसकारण, एक-अर्काको न्याय नगरौँ, तर बरु, यो अठोट गरौँ, कि हामी कसैले आफ्‍नो भाइको निम्ति ठेस लाग्‍ने थोक वा पासो राख्‍नेछैनौँ ।
14 ১৪ স্বভাৱতে কোনো বস্তু যে অশুচি নহয়, ইয়াক মই জানো আৰু প্ৰভু যীচুত দৃঢ় বিশ্বাস কৰোঁ; কিন্তু যি জনে যি বস্তু অশুচি বুলি জ্ঞান কৰে, তেওঁলৈ সেই বস্তু অশুচি হয়।
म यो जान्दछु र म प्रभु येशूमा विश्‍वास गर्दछु, कि कुनै पनि थोक आफैँ अशुद्ध हुँदैन । जसले कुनै थोकलाई अशुद्ध भनी ठान्छ, त्यसको निम्ति मात्र यो अशुद्ध हुनेछ ।
15 ১৫ কিয়নো আপোনাৰ খোৱা বস্তুৰ দ্বাৰাই যদি আপোনাৰ ভাই দুঃখিত হয়, তেনেহলে আপুনি প্ৰেম আচৰণ কৰা নহ’ল। যি জনৰ কাৰণে খ্ৰীষ্ট মৰিল, সেই জনক আপোনাৰ খোৱা বস্তুৰ দ্বাৰাই বিনষ্ট নকৰিব।
यदि खानाले गर्दा तिम्रो भाइलाई चोट पुग्छ भने, तिमी प्रेममा चलिरहेका छैनौ । जसको निम्ति ख्रीष्‍ट मर्नुभयो त्यसलाई तिम्रो खानाले नष्‍ट नपार ।
16 ১৬ এতেকে আপোনালোকৰ ভাল কর্মবোৰ আন লোকৰ ঠাট্টা নিন্দাৰ কাৰণ হবলৈ নিদিব;
यसैले, तिम्रा असल कार्यहरूले तिनीहरूलाई गिल्ला गर्ने नतुल्याओस् ।
17 ১৭ কিয়নো ভোজন বা পান কৰাই ঈশ্বৰৰ ৰাজ্য নহয়; কিন্তু ধাৰ্মিকতা, শান্তি আৰু পবিত্ৰ আত্মাৰ আনন্দ, এইবোৰহে ঈশ্বৰৰ ৰাজ্যৰ সাৰ।
किनकि परमेश्‍वरको राज्य खाने र पिउनेबारे होइन, तर पवित्र आत्मामा धार्मिकता, शान्ति र आनन्दबारे हो ।
18 ১৮ কাৰণ এই বিষয়ত যি জনে খ্ৰীষ্টৰ সেৱাকৰ্ম কৰে, তেওঁ ঈশ্বৰৰ গ্ৰহণকাৰী আৰু ব্যক্তি সকলৰ আগতো পৰীক্ষাসিদ্ধ।
किनकि यसरी ख्रीष्‍टको सेवा गर्ने व्यक्‍ति परमेश्‍वरको निम्ति ग्रहणयोग्य र मानिसहरूद्वारा समर्थन गरिएको हुन्छ ।
19 ১৯ এতেকে শান্তিজনক আৰু পৰস্পৰৰ উন্নতি সাধক যি যি আছে, সেইবোৰহে অনুসৰণ কৰোঁ আহক।
यसैले, शान्तिका कुराहरूका र एक-अर्कालाई निर्माण गर्ने कुराहरूका पाछि लागौँ ।
20 ২০ খোৱা বস্তুৰ কাৰণে ঈশ্বৰৰ কৰ্ম বিনষ্ট নকৰিব। সকলো বস্তু শুচি; তথাপি যি মানুহে যি ভোজন কৰিলে তেওঁলৈ বিঘিনি জন্মে, সেইটোৱেই তেওঁলৈ মন্দ।
खानाको कारणले परमेश्‍वरको कामलाई नष्‍ट नगर । वास्तवमा सबै थोक शुद्ध छन्, तर जसले खान्छ र त्यसलाई ठेस खान लगाउँछ, त्यसको निम्ति यो दुष्‍टता हो ।
21 ২১ মঙহ খোৱা বা দ্ৰাক্ষাৰস পান কৰা বা আন যি কাৰ্যৰ দ্বাৰাই আপোনাৰ ভায়েৰাই দোষী হয়, সেইবোৰ নকৰাই উচিত।
मासु नखानु, मद्यपान नगर्नु, र आफ्नो भाइलाई चोट पुर्‍याउने कुनै पनि कुरा नगर्नु असल हो ।
22 ২২ আপোনাৰ যি নির্দিষ্ট বিশ্বাসবোৰ আছে, সেইবোৰ আপোনাৰ আৰু ঈশ্বৰৰ মাজত ৰাখক। যি জনে যি বিষয়ক যোগ্য জ্ঞান কৰে, সেই বিষয়ত নিজৰ বিচাৰ নকৰা জন ধন্য।
तिमीसँग यी विशेष विश्‍वासहरू छन्, तिनीहरूलाई आफू र परमेश्‍वरको बिचमा नै राख । आफैँ मञ्‍जुर भएको कुरामा आफैँलाई दोषी नतुल्याउने मानिस धन्यको हो ।
23 ২৩ কিন্তু সংশয় কৰা জনে যদি খায়, তেনেহলে তেওঁক দোষী কৰা হ’ল; কিয়নো সেয়ে বিশ্বাসমূলক নহয়; আৰু যি যি বিশ্বাসমূলক নহয়, সেই সকলোৱেই পাপ।
जसले शङ्का गरेर खान्छ, यो विश्‍वासबाट नभएको हुनाले त्यो दोषी ठहरिन्छ । अनि जे विश्‍वासबाट आएको होइन, त्यो पाप हो ।

< ৰোমীয়া 14 >