< ৰোমীয়া 13 >

1 প্ৰত্যেক ব্যক্তিয়ে শাসনকৰ্তা সকলৰ বশীভূত হওক; কিয়নো ঈশ্বৰৰ পৰা নাহিলে, কোনোৱে কতৃত্ব নাপায়; আৰু যি যি আছে, সেইবোৰ ঈশ্বৰৰ দ্বাৰাই নিৰূপিত।
Let every soul be subject to the powers that are over them: for there is no such power but from God: the powers that are over men, are appointed by God.
2 এতেকে যি জনে সেই ক্ষমতাৰ প্ৰতিৰোধ কৰে, তেওঁ ঈশ্বৰৰ আজ্ঞাৰ প্ৰতিৰোধ কৰে; আৰু যি সকলে প্ৰতিৰোধ কৰে, তেওঁলোকে নিজেই নিজলৈ দণ্ডাজ্ঞা মাতি আনে।
So that he who resisteth the power, resisteth the ordinance of God: and they that resist shall receive condemnation.
3 কিয়নো শাসনকৰ্তা সকল ভাল কৰ্মলৈ নহয় কিন্তু কুকৰ্মলৈহে ভয়ৰ কাৰণ হয়। আপুনি ক্ষমতালৈ নিৰ্ভয়ে থাকিব খোজা নে? তেনেহলে ভাল কৰ্ম কৰক, তেতিয়াহে প্ৰশংসা পাব;
For rulers are not a terror to good works, but to the evil. Wouldest thou then not be afraid of the civil power? do what is good, and thou shalt have praise from it:
4 কিয়নো আপোনাৰ ভালৰ কাৰণে, তেওঁ ঈশ্বৰৰ পৰিচাৰক হৈছে। কিন্তু আপুনি যদি কুকৰ্ম কৰে, তেনেহলে ভয় কৰিব; কিয়নো তেওঁ তৰোৱাল বৃথা ধৰিছে, এনে নহয়; কাৰণ তেওঁ ঈশ্বৰৰ পৰিচাৰক, দুৰাচাৰী লোকলৈ ক্ৰোধৰ অৰ্থে তেওঁ প্ৰতিফল দিওঁতা।
for he is the minister of God to thee for good. But if thou dost evil, be afraid; for he beareth not the sword in vain: for he is also the minister of God, as an avenger to execute his wrath upon the malefactor.
5 এই কাৰণে বশীভূত হওক, অকল ক্ৰোধৰ ভয়ত নহয়; বিবেকৰ কাৰণেও ঈশ্বৰৰ বশীভূত হ’ব লাগে।
Wherefore it is necessary to submit, not only on account of punishment, but also of conscience.
6 আৰু এই কাৰণে আপোনালোকে দিবলগীয়া কৰ আদায় দিয়ক; কিয়নো তেওঁলোক ঈশ্বৰৰ সেৱক হৈ, সেই কৰ্মতেই লাগি থাকে।
For you pay them tribute also for this reason; because they are God's ministers, continually attending hereunto.
7 যাৰ যি পাবলগীয়া, তেওঁ তাক দিয়ক; কৰ দিবলগীয়াক কৰ দিয়ক; মাচুল দিবলগীয়াক মাচুল দিয়ক; ভয় কৰিব লগা জনক ভয় কৰক; সন্মান কৰিবলগীয়া জনক সন্মান কৰক।
Render therefore to all what is their due: tribute to whom tribute is due, custom to whom custom, reverence to whom reverence, honor to whom honor.
8 পৰস্পৰে প্ৰেম কৰাৰ বাহিৰে, আন কোনো কথাত আপোনালোক কাৰো ধৰুৱা নহ’ব; কিয়নো যি জনে আন লোকক প্ৰেম কৰে, তেওঁ বিধানকো সিদ্ধ কৰিলে।
Owe no one any thing, but to love one another; for he that loveth others hath fulfilled the law:
9 কিয়নো “ব্যভিচাৰ নকৰিবা, নৰ-বধ নকৰিবা, চুৰ নকৰিবা, লোভ নকৰিবা” আদি কৰি আন কোনো আজ্ঞাও যদি আছে, তেনেহলে এই কথাতে এইবোৰো পোৱা যায়- “তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা৷”
for this command, Thou shalt not commit adultery, Thou shalt not kill, Thou shalt not steal, Thou shalt not bear false witness, Thou shalt not covet, and every other social precept, is summed up in this, namely, "Thou shalt love thy neighbour as thyself."
10 ১০ প্ৰেমে চুবুৰীয়াৰ অনিষ্ট সাধন নকৰে; এই কাৰণে প্ৰেমেৰে বিধান পালন কৰা হয়।
Love worketh no evil to our neighbour: therefore love is the fulfilling of the law.
11 ১১ এই কাৰণে আপোনালোকে এই কাল জানে যে, এতিয়াই টোপনিৰ পৰা সাৰ পাবৰ সময় হ’ল; কিয়নো প্ৰথমে যেতিয়া আমি বিশ্বাস কৰিলোঁ, তেতিয়াতকৈ এতিয়া পৰিত্রাণ আমাৰ ওচৰ হ’ল।
And this let us observe, knowing the time, that now it is high time to awake out of sleep; for now is our salvation nearer than when we first believed.
12 ১২ ৰাতিৰ অধিক ভাগ গ’ল, দিন ওচৰ চাপিল; এই কাৰণে আহক, আন্ধাৰৰ কৰ্ম এৰি থৈ পোহৰৰ সাজ পিন্ধোহঁক।
The night is far spent, the day is at hand: let us therefore cast off the works of darkness, and let us put on the armour of light.
13 ১৩ ৰঙ্গৰস, মত্ততা, লম্পট আচৰণ, কামাভিলাষ, বিবাদ আৰু ঈৰ্ষা, এইবোৰ ত্যাগ কৰি, দিনৰ উপযুক্ত শিষ্টাচৰণ কৰোঁহক।
Let us behave decently as being in the day; not in rioting and drunkenness, not in lewdness and lasciviousness, not in strife and envying.
14 ১৪ কিন্তু আপোনালোকে প্ৰভু যীচু খ্ৰীষ্টৰ সেই নৈতিক চৰিত্ৰ স্বীকাৰ কৰক আৰু অভিলাষ পূৰ্ণ কৰিবৰ বাবে নিজ নিজ মাংসৰ অৰ্থে একো আয়োজন নকৰিব।
But put on the Lord Jesus, and make not provision for the flesh to gratify its irregular desires.

< ৰোমীয়া 13 >