< প্ৰকাশিত বাক্য 9 >

1 তেতিয়া পঞ্চম দূতে তেওঁৰ তূৰী বজালে৷ আকাশৰ পৰা পৃথিৱীলৈ পৰা এটা তৰা দেখিবলৈ পালোঁ৷ অগাধ ঠাইৰ কুণ্ডৰ চাবি তেওঁক দিয়া হ’ল। (Abyssos g12)
O quinto anjo soou, e eu vi uma estrela do céu que havia caído na terra. A chave do poço do abismo foi dada a ele. (Abyssos g12)
2 তাতে তেওঁ সেই অগাধ ঠাইৰ কুণ্ড মেলোতে, কুণ্ডৰ পৰা বৰ অগ্নিকুণ্ডৰ ধুঁৱাৰ নিচিনাকৈ ধুঁৱা উঠিল; তাতে সেই কুণ্ডৰ ধুঁৱাৰে সূৰ্য্য আৰু আকাশ অন্ধকাৰময় হ’ল। (Abyssos g12)
Ele abriu o poço do abismo, e a fumaça saiu do poço, como a fumaça de uma fornalha em chamas. O sol e o ar escureceram por causa da fumaça do poço. (Abyssos g12)
3 সেই ধুঁৱাৰ পৰা কচুৱা ফৰিংবোৰ পৃথিৱীত ওলাল; আৰু সেইবোৰক, পৃথিৱীৰ কেঁকোৰা-বিছাৰ ক্ষমতাৰ নিচিনা ক্ষমতা দিয়া হ’ল।
Então, da fumaça saíram gafanhotos da terra, e foi-lhes dado poder, pois os escorpiões da terra têm poder.
4 আৰু পৃথিৱীৰ কোনো তৃণ, বা কোনো কেচা শাক বা কোনো গছ অনিষ্ট নকৰি, যি সকলৰ কপালত ঈশ্বৰৰ ছাব নাই, অকল তেনে লোক সকলক অনিষ্ট কৰিবলৈ সেইবোৰক কোৱা হ’ল।
Foi-lhes dito que não deveriam ferir a erva da terra, nem qualquer coisa verde, nem qualquer árvore, mas apenas aquelas pessoas que não têm o selo de Deus na testa.
5 সেই লোক সকলক বধ কৰিবলৈ তেওঁলোকক অনুমতি দিয়া হোৱা নাই, কিন্তু লোক সকলক পাঁচ মাহলৈকে যাতনা দিবৰ বাবে, সেইবোৰক ক্ষমতা দিয়া হ’ল। কেঁকোৰা-বিছাই মানুহক বিন্ধাত যেনে যাতনা, সেইবোৰে দিয়া যাতনাও তেনে।
Foi-lhes dado poder, não para matá-los, mas para atormentá-los durante cinco meses. O tormento deles era como o tormento de um escorpião quando ele atinge uma pessoa.
6 সেই কালত লোক সকলে মৃত্যুক বিচাৰিব, কিন্তু কোনোমতে তাক নাপাব; তেওঁলোকে মৰিবলৈ আকাংক্ষা কৰিব, কিন্তু মৃত্যু তেওঁলোকৰ পৰা পলাব।
Naqueles dias, as pessoas buscarão a morte e não a encontrarão de forma alguma. Elas desejarão morrer, e a morte fugirá delas.
7 সেই ফৰিংবোৰৰ আকৃতি, যুদ্ধৰ অৰ্থে সুসজ্জিত কৰা ঘোঁৰাৰ নিচিনা৷ তেওঁলোকৰ মুৰত সোণৰ কিৰীটি থকা যেন দেখা যায় আৰু সিহঁতৰ মুখ মানুহৰ মুখৰ নিচিনা।
As formas dos gafanhotos eram como cavalos preparados para a guerra. Sobre suas cabeças havia algo como coroas douradas, e seus rostos eram como rostos de pessoas.
8 মহিলাৰ চুলিৰ নিচিনা সিহঁতৰ চুলি আছিল; সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা।
Eles tinham cabelos como cabelos de mulheres, e seus dentes eram como os de leões.
9 লোহাৰ বুকুবৰিৰ নিচিনা সিহঁতৰ বুকুবৰি আছিল; সিহঁতৰ ডেউকাৰ শব্দ, ৰণলৈ ল’ৰি যোৱা ঘোঁৰা লগোৱা ৰথৰ শব্দৰ নিচিনা।
Eles tinham couraças como couraças de ferro. O som de suas asas era como o som de muitas carruagens e cavalos correndo para a guerra.
10 ১০ কেঁকোৰা-বিছাৰ নিচিনা সিহঁতৰ নেজ হুলেৰে সৈতে আছিল; আৰু পাঁচ মাহলৈকে মানুহক অনিষ্ট কৰিবলৈ সিহঁতৰ ক্ষমতা সিহঁতৰ নেজত আছিল।
Eles tinham caudas como as de escorpiões, com picadas. Em suas caudas têm o poder de prejudicar os homens durante cinco meses.
11 ১১ অগাধ ঠাইৰ দূত সিহঁতৰ ওপৰত ৰজা আছিল৷ তাৰ নাম ইব্ৰী ভাষাত আবদ্দোন আৰু গ্ৰীক ভাষাত আপল্লুয়োন। (Abyssos g12)
Eles têm sobre eles como rei o anjo do abismo. Seu nome em hebraico é “Abaddon”, mas em grego, ele tem o nome de “Apollyon”. (Abyssos g12)
12 ১২ এই প্ৰথম সন্তাপ গ’ল; চোৱা! ইয়াৰ পাছত এতিয়াও দুটা দুৰ্যোগ আহি আছে৷
O primeiro infortúnio já passou. Eis que ainda há dois infortúnios que vêm depois disso.
13 ১৩ পাছত ষষ্ঠ দূতে তেওঁৰ তুৰী বজাওঁতে, ঈশ্বৰৰ আগত থকা সোণৰ বেদিৰ শিং কেইটাৰ পৰা এটা মাত শুনিলোঁ।
O sexto anjo soou. Ouvi uma voz dos chifres do altar dourado que está diante de Deus,
14 ১৪ তাৰ পৰা কোনোবাই তূৰী লোৱা সেই ষষ্ঠ দূতক ক’লে, “ফৰাৎ মহা-নদীৰ ওপৰত যি চাৰি দূত বন্ধ আছে, তেওঁলোকক মেলি দিয়া”।
dizendo ao sexto anjo que tinha a trombeta: “Libertem os quatro anjos que estão presos no grande rio Eufrates”!
15 ১৫ তেতিয়া লোক সকলৰ তিনি ভাগৰ এভাগক বধ কৰিবলৈ, যি চাৰি দূতক সেই ঘণ্টা, দিন, মাহ আৰু বছৰৰ কাৰণে যুগুত কৰা হৈছিল, তেওঁলোকক মেলি দিয়া হ’ল।
Os quatro anjos foram libertados que tinham sido preparados para aquela hora e dia e mês e ano, para que pudessem matar um terço da humanidade.
16 ১৬ আৰু ঘোঁৰাত উঠা সৈন্যৰ সংখ্যা দুই হাজাৰ লাখ আছিল৷ তেওঁলোকৰ সংখ্যা মই শুনিলোঁ;
O número dos exércitos dos cavaleiros era de duzentos milhões. Eu ouvi o número deles.
17 ১৭ আৰু দৰ্শনত মই সেই ঘোঁৰাবোৰ আৰু তাত উঠি থকা সকল, যি সকলে চলাইছিল, এইৰূপে দৰ্শন পালোঁ: তেওঁলোকৰ বুকুবৰি অগ্নিময়, নীলবৰ্ণ আৰু গন্ধকময়৷ আৰু ঘোঁৰাবোৰৰ মুৰ, সিংহৰ মুৰৰ নিচিনা; সেইবোৰৰ মুখৰ পৰা জুই, ধুঁৱা আৰু গন্ধক ওলায়।
Assim eu vi os cavalos na visão e aqueles que se sentaram sobre eles, tendo couraças de vermelho ardente, azul jacinto e amarelo enxofre; e as cabeças dos cavalos se pareciam com as cabeças dos leões. De suas bocas saem fogo, fumaça e enxofre.
18 ১৮ সেইবোৰৰ মুখৰ পৰা ওলোৱা জুই, ধুঁৱা আৰু গন্ধক, এই তিনি উৎপাতৰ দ্বাৰাই মানুহৰ তিনি ভাগৰ এভাগ বধ কৰা হ’ল।
Por estas três pragas, um terço da humanidade foi morto: pelo fogo, pela fumaça e pelo enxofre, que saíam de suas bocas.
19 ১৯ কিয়নো সেই ঘোঁৰাবোৰৰ ক্ষমতা, সিহঁতৰ মুখত আৰু নেজত আছে; কাৰণ সিহঁতৰ নেজ সাপৰ নিচিনা আৰু মুৰ থকা; তাৰে সিহঁতে আঘাত কৰি যাতনা দিয়ে।
Pois o poder dos cavalos está em suas bocas e em suas caudas. Pois suas caudas são como serpentes, e têm cabeças; e com elas prejudicam.
20 ২০ এই উৎপাতবোৰৰ দ্বাৰাই যি অৱশিষ্ট লোক সকলক বধ কৰা নহ’ল, তেওঁলোকে দেখিব, শুনিব, আৰু ফুৰিব নোৱাৰা এনে সোণ, ৰূপ, পিতল, শিল আৰু কাঠেৰে সজা মূৰ্তি আৰু দেৱতাবোৰৰ পূজা কৰিবলৈ নেৰিবৰ অভিপ্ৰায়েৰে নিজ নিজ হাতে কৰা কৰ্মৰ পৰা মন-পালটন নকৰিলে।
O resto da humanidade, que não foram mortos com estas pragas, não se arrependeu das obras de suas mãos, que não adorariam demônios, e os ídolos do ouro, da prata, do latão, da pedra, e da madeira, que não podem ver, ouvir, ou caminhar.
21 ২১ তেওঁলোকে নৰ-বধ, মায়া কৰ্ম, ব্যভিচাৰ, চুৰ, সেইবোৰৰ পৰাও মন-পালটন নকৰিলে।
Eles não se arrependeram de seus assassinatos, suas feitiçarias, sua imoralidade sexual, ou seus roubos.

< প্ৰকাশিত বাক্য 9 >