< প্ৰকাশিত বাক্য 8 >

1 পাছত তেওঁ সপ্তম ছাব মেলোতে, স্বৰ্গত প্ৰায় আধা ঘণ্টামান নিস্তদ্ধতাৰে পৰিপূৰ্ণ হ’ল।
και οτε ηνοιξεν την σφραγιδα την εβδομην εγενετο σιγη εν τω ουρανω ως ημιωριον
2 আৰু ঈশ্বৰৰ আগত থিয় হৈ থকা যি সাত জন স্বৰ্গৰ দূতক দেখিলোঁ; তেওঁলোকক সাতোটা তূৰী দিয়া হ’ল।
και ειδον τους επτα αγγελους οι ενωπιον του θεου εστηκασιν και εδοθησαν αυτοις επτα σαλπιγγες
3 পাছত সোণৰ ধূপবাতি লোৱা আন এজন দূত আহি বেদিৰ ওচৰত উপস্থিত হ’ল; আৰু সিংহাসনৰ আগত থকা সোণৰ বেদিৰ ওপৰত পবিত্ৰ লোক সকলে প্ৰাৰ্থনাত জ্বলাবলৈ, তেওঁক ভালেমান ধূপ দিয়া হ’ল।
και αλλος αγγελος ηλθεν και εσταθη επι το θυσιαστηριον εχων λιβανωτον χρυσουν και εδοθη αυτω θυμιαματα πολλα ινα δωση ταις προσευχαις των αγιων παντων επι το θυσιαστηριον το χρυσουν το ενωπιον του θρονου
4 তাতে পবিত্ৰ লোক সকলৰ প্ৰাৰ্থনাৰে সৈতে দূতৰ হাতৰ পৰা ধূপৰ ধুঁৱা ঈশ্বৰৰ সন্মুখলৈ উঠিল।
και ανεβη ο καπνος των θυμιαματων ταις προσευχαις των αγιων εκ χειρος του αγγελου ενωπιον του θεου
5 পাছে দূতে ধূপবাতি লৈ, তাত বেদিৰ পৰা জুই ভৰাই ললে৷ তেতিয়া তেওঁ এইবোৰ পৃথিৱীলৈ পেলাই দিলে, তাতে মেঘ-গৰ্জ্জন, গাজনি, বিজুলী আৰু ভুমিকম্প হ’ল।
και ειληφεν ο αγγελος το λιβανωτον και εγεμισεν αυτο εκ του πυρος του θυσιαστηριου και εβαλεν εις την γην και εγενοντο φωναι και βρονται και αστραπαι και σεισμος
6 পাছত সাতোটা তুৰী লোৱা এই সাত জন স্বৰ্গৰ দূতে তূৰী বজাবলৈ নিজক যুগুত কৰিলে।
και οι επτα αγγελοι {VAR2: οι } εχοντες τας επτα σαλπιγγας ητοιμασαν εαυτους ινα σαλπισωσιν
7 পাছত প্ৰথম জন স্বৰ্গৰ দূতে বজাওঁতে, তেজ মিহলি কৰা শিল আৰু জুই উপস্থিত হ’ল৷ সেইবোৰক পৃথিৱীলৈ পেলোৱা হ’ল; তাতে পৃথিৱীৰ তিনি ভাগৰ এভাগ পোৰা হ’ল, গছৰো তিনি ভাগৰ এভাগ পোৰা হ’ল আৰু সকলো কেচা তৃণো পোৰা হ’ল।
και ο πρωτος αγγελος εσαλπισεν και εγενετο χαλαζα και πυρ μεμιγμενα αιματι και εβληθη εις την γην και το τριτον των δενδρων κατεκαη και πας χορτος χλωρος κατεκαη
8 পাছত দ্বিতীয় দূতে বজাওঁতে অগ্নিৰে জ্বলি থকা মহা-পৰ্ব্বতৰ নিচিনা কিবা এটা সাগৰত পেলোৱা হ’ল৷ তাতে সাগৰৰ তিনি ভাগৰ এভাগ তেজ হ’ল
και ο δευτερος αγγελος εσαλπισεν και ως ορος μεγα πυρι καιομενον εβληθη εις την θαλασσαν και εγενετο το τριτον της θαλασσης αιμα
9 আৰু সাগৰত থকা সৃষ্ট বস্তুৰ ভিতৰৰ জীৱ-জন্তু তিনি ভাগৰ এভাগ মৰিল, জাহাজবোৰৰো তিনি ভাগৰ এভাগ নষ্ট হ’ল।
και απεθανεν το τριτον των κτισματων των εν τη θαλασση τα εχοντα ψυχας και το τριτον των πλοιων διεφθαρη
10 ১০ পাছত তৃতীয় দূতে বজাওঁতে, আৰিয়াৰ নিচিনা জ্বলি থকা এটা বৰ তৰা আকাশৰ পৰা খহি, নদীৰ তিনি ভাগৰ এভাগত আৰু জলৰ ভুমুকবোৰত পৰিল।
και ο τριτος αγγελος εσαλπισεν και επεσεν εκ του ουρανου αστηρ μεγας καιομενος ως λαμπας και επεσεν επι το τριτον των ποταμων και επι τας πηγας υδατων
11 ১১ সেই তৰাৰ নাম নাগদানা৷ তাতে জলৰ তিনি ভাগৰ এভাগ নাগদানা হ’ল আৰু পানী তিতা হোৱাত সেই পানীৰ কাৰণে অনেক মানুহ মৰিল।
και το ονομα του αστερος λεγεται αψινθος και γινεται το τριτον {VAR2: των υδατων } εις αψινθον και πολλοι ανθρωπων απεθανον εκ των υδατων οτι επικρανθησαν
12 ১২ পাছত চতুৰ্থ দূতে বজাওঁতে, সুৰ্য্যৰ তিনি ভাগৰ এভাগ, চন্দ্ৰৰ তিনি ভাগৰ এভাগ আৰু তৰাবোৰৰো তিনি ভাগৰ এভাগ যেন আন্ধাৰ হ’ল; আৰু দিনৰ তিনি ভাগৰ এভাগ পোহৰ নাইকিয়া হয় আৰু ৰাতিৰো সেইৰূপ হয়, এই কাৰণে সেইবোৰৰ প্ৰত্যেকৰ তিনি ভাগৰ এভাগ আঘাত প্ৰাপ্ত হ’ল।
και ο τεταρτος αγγελος εσαλπισεν και επληγη το τριτον του ηλιου και το τριτον της σεληνης και το τριτον των αστερων ινα σκοτισθη το τριτον αυτων και η ημερα μη φαινη το τριτον αυτης και η νυξ ομοιως
13 ১৩ পাছত মই চাওতে চাওতে, এটা ঈগল পক্ষীয়ে আকাশৰ মাজত উৰি উৰি বৰ মাতেৰে এই কথা কোৱা শুনিলোঁ, “যি তিনি জন দূতে তূৰী বজাবলৈ উদ্যত আছে, তেওঁলোকৰ সেই অৱশিষ্ট তূৰী-ধ্বনীত পৃথিৱীত বাস কৰা লোক সকলৰ সন্তাপ, সন্তাপ, সন্তাপ হ’ব”।
και ειδον και ηκουσα ενος αγγελου πετωμενου εν μεσουρανηματι λεγοντος φωνη μεγαλη ουαι ουαι ουαι τοις κατοικουσιν επι της γης εκ των λοιπων φωνων της σαλπιγγος των τριων αγγελων των μελλοντων σαλπιζειν

< প্ৰকাশিত বাক্য 8 >