< প্ৰকাশিত বাক্য 7 >

1 তাৰ পাছত পৃথিৱী বা সাগৰ বা কোনো গছৰ ওপৰত বতাহ যেন নবলায়, এই কাৰণে পৃথিৱীৰ চাৰি বায়ু ধৰি, পৃথিৱীৰ চাৰি চুকত থিয় হৈ থকা চাৰি জন স্বৰ্গৰ দূত দেখিলোঁ।
Ասկէ ետք տեսայ չորս հրեշտակներ, որ կայնած էին երկրի չորս անկիւնները ու բռնած էին երկրի չորս հովերը, որպէսզի հով չփչէ՝ ո՛չ երկրի վրայ, ո՛չ ծովու վրայ, ո՛չ ալ ծառի մը վրայ:
2 পাছত আৰু এজন দূতক, জীৱনময় ঈশ্বৰৰ ছাব লৈ, পূব দিশৰ পৰা উঠি অহা দেখিলোঁ৷ তেওঁ বৰ মাতেৰে ৰিঙিয়াই, পৃথিৱী আৰু সাগৰক অনিষ্ট কৰিবলৈ ক্ষমতা পোৱা সেই চাৰি জন দূতক ক’লে,
Տեսայ նաեւ ուրիշ հրեշտակ մը, որ բարձրացաւ արեւելքէն եւ ունէր ապրող Աստուծոյ կնիքը: Ան բարձրաձայն աղաղակեց այն չորս հրեշտակներուն, որոնց իշխանութիւն տրուած էր վնասելու երկրին ու ծովուն.
3 “আমি নিজ ঈশ্বৰৰ দাস সকলৰ কপালত ছাব নামাৰোঁ মানে, তোমালোকে পৃথিৱী বা সাগৰ বা গছ-গছনিবোৰক অনিষ্ট নকৰিবা৷”
«Մի՛ վնասէք՝ ո՛չ երկրին, ո՛չ ծովուն, ո՛չ ալ ծառերուն, մինչեւ որ կնքենք մեր Աստուծոյն ծառաներուն ճակատը»:
4 পাছত সেই ছাব মৰা সকলৰ সংখ্যা শুনিলো: ইস্ৰায়েলৰ সকলো ফৈদৰ মুঠে এক লাখ চৌৱাল্লিশ হাজাৰ ছাব মৰা হ’ল:
Լսեցի կնքուածներուն թիւը.- հարիւր քառասունչորս հազար կնքուած՝ Իսրայէլի որդիներուն բոլոր տոհմերէն.
5 ‘যিহূদা ফৈদৰ ছাব মৰা বাৰ হাজাৰ, ৰুবেনৰ ফৈদৰ মৰা বাৰ হাজাৰ, গাদৰ ফৈদৰ বাৰ হাজাৰ,
Յուդայի տոհմէն՝ տասներկու հազար կնքուած, Ռուբէնի տոհմէն՝ տասներկու հազար կնքուած, Գադի տոհմէն՝ տասներկու հազար կնքուած,
6 আচেৰ ফৈদৰ বাৰ হাজাৰ, নপ্তালী ফৈদৰ বাৰ হাজাৰ, মনচি ফৈদৰ বাৰ হাজাৰ,
Ասերի տոհմէն՝ տասներկու հազար կնքուած, Նեփթաղիմի տոհմէն՝ տասներկու հազար կնքուած, Մանասէի տոհմէն՝ տասներկու հազար կնքուած,
7 চিমিয়োন ফৈদৰ বাৰ হাজাৰ, লেবী ফৈদৰ বাৰ হাজাৰ, ইচাখৰ ফৈদৰ বাৰ হাজাৰ,
Շմաւոնի տոհմէն՝ տասներկու հազար կնքուած, Ղեւիի տոհմէն՝ տասներկու հազար կնքուած, Իսաքարի տոհմէն՝ տասներկու հազար կնքուած,
8 জবূলূন ফৈদৰ বাৰ হাজাৰ, যোচেফ ফৈদৰ বাৰ হাজাৰ, বিন্যামীন ফৈদৰ ছাব মৰা বাৰ হাজাৰ’।
Զաբուղոնի տոհմէն՝ տասներկու հազար կնքուած, Յովսէփի տոհմէն՝ տասներկու հազար կնքուած, Բենիամինի տոհմէն՝ տասներկու հազար կնքուած:
9 এইবোৰৰ পাছত মই চাই দেখিলোঁ যে, কোনেও গণিব নোৱোৰা এক বৰ লোক সকল, য’ত সকলো জাতি, ফৈদ, লোক আৰু ভাষাৰ, বগা বস্ত্ৰ পিন্ধি আৰু হাতত খেজুৰ পাত লৈ সেই সিংহাসন আৰু মেৰ-পোৱালি জনৰ আগত থিয় হৈ আছিল;
Ասկէ ետք տեսայ, եւ ահա՛ մեծ բազմութիւն մը կար, որ ո՛չ մէկը կրնար համրել, բոլոր ազգերէն, տոհմերէն, ժողովուրդներէն ու լեզուներէն: Անոնք կայնած էին գահին առջեւ եւ Գառնուկին առջեւ՝ հագած ճերմակ պարեգօտներ ու արմաւենիներ բռնած իրենց ձեռքերուն մէջ,
10 ১০ আৰু তেওঁলোকে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “পৰিত্রাণ সিংহাসনত বহি থকা আমাৰ ঈশ্বৰৰ আৰু মেৰ-পোৱালিৰ।”
եւ բարձրաձայն կ՚աղաղակէին. «Փրկութիւնը մեր Աստուծոյնն է՝ որ կը բազմի գահին վրայ, նաեւ՝ Գառնուկինը»:
11 ১১ আৰু সকলো স্বৰ্গৰ দূতে সেই সিংহাসনৰ পৰিচাৰক সকলৰ আৰু চাৰি জীৱিত প্ৰাণীৰ চাৰিওফালে থিয় হৈ আছিল; আৰু তেতিয়া তেওঁলোকে সিংহাসনৰ আগত সমর্পণ কৰি মাটিত মুৰ দোৱাই, ঈশ্বৰক আৰাধনা কৰিলে,
Բոլոր հրեշտակները, որ կայնած էին գահին, երէցներուն ու չորս էակներուն շուրջը, ինկան իրենց երեսին վրայ՝ գահին առջեւ, եւ երկրպագեցին Աստուծոյ՝
12 ১২ আৰু ক’লে, “আমেন! প্ৰশংসা, মহিমা, জ্ঞান, ধন্যবাদ, সমাদৰ, পৰাক্ৰম আৰু শক্তি চিৰকাল আমাৰ ঈশ্বৰৰ প্ৰতি হওক! আমেন৷” (aiōn g165)
ըսելով. «Ամէ՛ն. օրհնաբանութի՜ւն, փա՜ռք, իմաստութի՜ւն, շնորհակալութի՜ւն, պատի՜ւ, զօրութի՜ւն ու կարողութի՜ւն մեր Աստուծոյն՝ դարէ դար՝՝: Ամէն»: (aiōn g165)
13 ১৩ তেতিয়া সেই পৰিচাৰক সকলৰ এজনে মোক সুধিলে, “বগা বস্ত্ৰ পিন্ধা এওঁলোক কোন আৰু ক’ৰ পৰা আহিল?”
Երէցներէն մէկը ըսաւ ինծի. «Ո՞վ են ասոնք՝ որ հագած են ճերմակ պարեգօտներ, եւ ուրկէ՞ եկած են»:
14 ১৪ তেতিয়া মই তেওঁক ক’লো, “হে মোৰ প্ৰভু, আপুনি জানে”। তেতিয়া তেওঁ মোক ক’লে, “এওঁলোক সেই মহা-ক্লেশৰ পৰা অহা লোক; এওঁলোকে মেৰ-পোৱালিৰ তেজেৰে নিজ বস্ত্ৰ ধুই বগা কৰিলে।
Ես ալ ըսի անոր. «Տէ՛ր, դո՛ւն գիտես»: Ան ալ ըսաւ ինծի. «Ասոնք մեծ տառապանքէն եկողներն են, որ լուացին իրենց պարեգօտները ու ճերմկցուցին զանոնք Գառնուկին արիւնով:
15 ১৫ এই কাৰণে, এওঁলোকে ঈশ্বৰৰ সিংহাসনৰ আগত আছে, আৰু দিনে-ৰাতিয়ে তেওঁৰ মন্দিৰত তেওঁৰ আৰাধনা কৰে৷ আৰু সিংহাসনত বহা জনাই এওঁলোকৰ ওপৰত নিজ তম্বু তৰিব।
Ուստի Աստուծոյ գահին առջեւ են, եւ կը պաշտեն զինք ցերեկ ու գիշեր՝ իր տաճարին մէջ. եւ գահին վրայ բազմողը պիտի բնակի անոնց մէջ:
16 ১৬ এওঁলোকৰ আৰু কেতিয়াও ভোক-পিয়াহ নালাগিব; এওঁলোকৰ গাত ৰ’দ বা কোনো পোৰা তাপ নপৰিব৷
Այլեւս ո՛չ պիտի անօթենան, ո՛չ պիտի ծարաւնան, ո՛չ ալ արեւը կամ որեւէ տօթ պիտի իյնայ անոնց վրայ.
17 ১৭ কিয়নো সিংহাসনৰ মাজত থকা মেৰ-পোৱালি জনে এওঁলোকক চৰাব, আৰু জীৱনময় জলৰ ভুমুকৰ ওচৰলৈ নিব, আৰু ঈশ্বৰে এওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব।”
որովհետեւ Գառնուկը՝ որ գահին մէջտեղն է՝ պիտի հովուէ զանոնք, պիտի առաջնորդէ զանոնք դէպի կենարար ջուրերու աղբիւրները, եւ Աստուած բոլոր արցունքները պիտի սրբէ անոնց աչքերէն»:

< প্ৰকাশিত বাক্য 7 >