< প্ৰকাশিত বাক্য 3 >

1 চাৰ্দ্দি থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জনে ঈশ্বৰৰ সাত আত্মা আৰু সাতোটা তৰা ধাৰণ কৰি আছে, তেওঁ এই কথা কয়, তুমি কৰা কৰ্ম মই জানো, তুমি যে জীয়াই আছা, তাত এটা খ্যাতি আছে; কিন্তু তুমি মৃত।
“E para o anjo da assembléia em Sardis escreva: “Aquele que tem os sete Espíritos de Deus e as sete estrelas diz estas coisas”: “Sei que seus trabalhos, que você tem a reputação de estar vivo, mas que está morto”.
2 জাগ্ৰত হোৱা আৰু যি আছে বলৱান কৰা, কিন্তু তুমি চতুর্দিশে মৰা; কাৰণ মোৰ ঈশ্বৰৰ দৃষ্টিত তোমাৰ কোনো কার্য মই পূর্ণ সমাপ্ত নাপালোঁ।
Acorde e fortaleça as coisas que restam, que você estava prestes a jogar fora, pois não encontrei nenhuma obra sua aperfeiçoada diante de meu Deus”.
3 এতেকে তুমি কি গ্ৰহণ কৰিলা আৰু শুনিলা, সেইবোৰ সোঁৱৰণ কৰা, পালন কৰা আৰু মন পালটোৱা। কাৰণ তুমি যদি জাগ্ৰত নোহোৱা, তেনেহলে মই চোৰৰ নিচিনাকৈ আহিম, আৰু কোন সময়ত মই তোমাৰ বিৰুদ্ধে আহিম, সেই বিষয়ে তুমি নাজানিবা।
Lembre-se, portanto, de como você recebeu e ouviu. Guardai-a e arrependei-vos. Se, portanto, você não vai assistir, eu virei como um ladrão e você não saberá a que hora eu virei sobre você.
4 কিন্তু যি সকলে নিজৰ কাপোৰ মলিন নকৰিলে, এনে কিছুমান লোকৰ নাম চাৰ্দ্দিত আছে। তেওঁলোকে মোৰ সৈতে অহা-যোৱা কৰিব, তেওঁৰ কাপোৰ বগা আৰু তেওঁলোক মোৰ যোগ্য।
No entanto, você tem alguns nomes em Sardis que não contaminaram suas vestes. Eles caminharão comigo vestidos de branco, pois são dignos.
5 যি জনে জয় কৰে তেৱোঁ সেইদৰে বগা বস্ত্ৰেৰে বিভূষিত হ’ব; আৰু মই জীৱন পুস্তকৰ পৰা তেওঁৰ নাম মোহাৰি নুগুচাম; মোৰ পিতৃৰ সন্মুখত আৰু দূত সকলৰ সন্মুখত মই তেওঁৰ নাম স্বীকাৰ কৰিম।
Aquele que vencer será vestido de branco, e eu de modo algum riscarei seu nome do livro da vida, e confessarei seu nome diante de meu Pai, e diante de seus anjos.
6 যদি তোমাৰ কাণ আছে, মণ্ডলী সমূহলৈ আত্মাই কোৱা কথা শুনা”।
Aquele que tem ouvidos, que ouça o que o Espírito diz às assembléias.
7 ফিলাদেলফিয়াত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জন পবিত্ৰ আৰু সত্য, তেওঁ এই কথা কয় যি জনে দায়ুদৰ চাবি ধাৰণ কৰি আছে, যি জনে মেলিলে কোনেও বন্ধ নকৰিব আৰু বন্ধ কৰিলে কোনেও নেমেলিব।
“Para o anjo da assembléia na Filadélfia escreva: “Quem é santo, quem é verdadeiro, quem tem a chave de David, quem abre e ninguém pode fechar, e quem fecha e ninguém abre, diz estas coisas”:
8 তোমাৰ কৰ্ম মই জানো৷ চোৱা, যি দুৱাৰ কোনেও বন্ধ কৰিব নোৱাৰে, এনে এখন মেলা দুৱাৰ তোমাৰ সন্মুখত দিলোঁ৷ মই জানো যে, তোমাৰ অলপ শক্তি থকাতো মোৰ বাক্য পালন কৰি, মোৰ নাম অস্বীকাৰ নকৰিলা।
“Conheço suas obras (eis que lhe coloquei diante de uma porta aberta, que ninguém pode fechar), que você tem um pouco de poder, e mantive minha palavra, e não neguei meu nome.
9 চোৱা! চয়তানৰ সমাজৰ যি লোক সকলে নিজকে ইহুদী বোলে, কিন্তু ইহুদী নহয়, বৰং মিছাকৈয়ে কয়; এনেকুৱা মানুহক উপস্থিত কৰাই মই তোমাৰ চৰণত প্ৰণিপাত কৰাম, তাতে মই যে তোমাক প্ৰেম কৰিলোঁ, সেই বিষয়ে তেওঁলোকে জানিব।
Eis que eu faço parte da sinagoga de Satanás, daqueles que se dizem judeus, e não o são, mas mentem, eu os farei vir e adorar diante de seus pés, e saber que eu os amei.
10 ১০ তুমি মোৰ ধৈৰ্যৰ কথা সহন কৰি পালন কৰাত, যি পৰীক্ষাৰ কাল পৃথিৱী নিবাসী সকলক পৰীক্ষা কৰিবৰ কাৰণে, গোটেই জগতৰ ওপৰলৈ আহিবলৈ উদ্যত আছে, সেই কালৰ পৰা ময়ো তোমাক ৰক্ষা কৰিম।
Como vocês mantiveram minha ordem de resistir, eu também os manterei afastados da hora de testes que está por vir no mundo inteiro, para testar aqueles que habitam sobre a terra.
11 ১১ মই বেগাই গৈ আছোঁ; তোমাৰ কিৰীটি যেন কোনেও নলয়, এই কাৰণে তোমাৰ যি আছে, সেইখিনিকে ধৰি ৰাখা।
Eu estou chegando rapidamente! Segure firmemente o que você tem, para que ninguém pegue sua coroa.
12 ১২ যি জনে জয় কৰে, তেওঁক মোৰ ঈশ্বৰৰ মন্দিৰত থকা স্তম্ভ স্বৰূপ কৰিম, তেওঁ তাৰ পৰা কেতিয়াও বাহিৰলৈ নাযাব৷ তেওঁৰ ওপৰত মোৰ ঈশ্বৰৰ নাম লিখিম আৰু মোৰ ঈশ্বৰৰ নগৰৰ (যি নতুন যিৰূচালেম, স্বৰ্গৰ মোৰ ঈশ্বৰৰ ওচৰৰ পৰা নামিব), নাম আৰু নিজৰ নতুন নাম লিখিম।
Aquele que vencer, farei dele um pilar no templo de meu Deus, e ele não sairá mais dali. Escreverei sobre ele o nome do meu Deus e o nome da cidade do meu Deus, a nova Jerusalém, que desce do céu, do meu Deus, e meu próprio novo nome.
13 ১৩ যি জনৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কোৱা কথা তেওঁ শুনক”।
Aquele que tem ouvidos, que ouça o que o Espírito diz às assembléias.
14 ১৪ আৰু লায়দিকেয়াত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জন আমেন, যি জন বিশ্বাসী আৰু সত্য সাক্ষী, যি জন ঈশ্বৰৰ সৃষ্টিৰ আদি, তেওঁ এই কথা কয়,
“Para o anjo da assembléia em Laodicéia escreva: “O Amém, a testemunha fiel e verdadeira, o início da criação de Deus, diz estas coisas”:
15 ১৫ মই তুমি কৰা কৰ্ম জানো, তুমি চেঁচা নোহোৱা, তপতো নোহোৱা। তুমি হয় চেঁচা, নহয় তপত হোৱা ভাল আছিল।
“Sei que seus trabalhos, que você não é nem frio nem quente. Desejo que você seja frio ou quente”.
16 ১৬ এইদৰে তপতো নোহোৱা, চেঁচাও নোহোৱা, কেৱল কুহুমীয়া হোৱাৰ বাবে মই নিজ মুখৰ পৰা তোমাক বঁতিয়াই পেলাবলৈ উদ্যত হৈ আছোঁ।
Então, porque você é morno, e nem quente nem frio, eu o vomitarei da minha boca”.
17 ১৭ কাৰণ তুমি কৈছা, মই ধনী, ধন সাঁচিলো, মোৰ একোৰে অভাৱ নাই; কিন্তু তুমিয়েই যে দয়া নোপোৱা, দিনহীন, দৰিদ্ৰ, অন্ধ আৰু উলঙ্গ, তাক নাজানা।
Porque dizes: 'Sou rico, e enriquecido, e não preciso de nada', e não sabes que és o miserável, miserável, pobre, cego, e nu;
18 ১৮ এতেকে মই তোমাক এই পৰামৰ্শ দিছোঁ যে, তুমি ধনী হ’বলৈ, জুইত খপা সোণ আৰু তোমাৰ উলঙ্গতাৰ লাজ প্ৰকাশিত নহ’বলৈ, বস্ত্ৰান্বিত হ’বলৈ বগা বস্ত্ৰ আৰু দৃষ্টি পাবৰ কাৰণে, চকুত সানিবলৈ চকুৰ মলম, এই সকলোকে মোৰ পৰা কিনা৷
aconselho-te a comprar de mim ouro refinado pelo fogo, para que te tornes rico; e roupas brancas, para que te vistas, e para que a vergonha de tua nudez não seja revelada; e salva os olhos para ungir os olhos, para que possas ver.
19 ১৯ যি সকলক মই প্ৰেম কৰোঁ, সেই সকলোৱে কেনেকৈ জীৱন-ধাৰণ কৰা উচিত, তাৰ বাবে মই তেওঁলোকক অনুযোগ কৰোঁ আৰু শাস্তি দিওঁ। এই কাৰণে তুমি উদ্যোগী হৈ মন পালটোৱা।
Por muitos que eu amo, eu reprovo e castigo. Seja zeloso, portanto, e arrependa-se.
20 ২০ চোৱা, মই দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকোঁ৷ কোনোৱে যদি মোৰ মাত শুনি দুৱাৰ মেলি দিয়ে, তেনেহলে মই তেওঁৰ গৃহলৈ আহিম আৰু তেওঁৰ সৈতে মই ভোজন কৰিম, আৰু তেৱোঁ মোৰে সৈতে ভোজন কৰিব।
Eis que estou à porta e bato à porta. Se alguém ouvir minha voz e abrir a porta, entrarei em sua casa e jantarei com ele, e ele comigo.
21 ২১ মই নিজে যেনেকৈ জয় কৰিমোৰ পিতৃৰ সৈতে তেওঁৰ সিংহাসনত বহিলোঁ, তেনেকৈ যি জনে জয় কৰে, তেওঁকো মোৰে সৈতে মোৰ সিংহাসনত মই বহিবলৈ দিম।
Aquele que vencer, eu lhe darei para sentar-se comigo no meu trono, assim como eu também venci e sentei-me com meu Pai em seu trono.
22 ২২ যি জনৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কোৱা কথা তেওঁ শুনক”।
Aquele que tem ouvidos, que ouça o que o Espírito diz às assembléias”.

< প্ৰকাশিত বাক্য 3 >