< প্ৰকাশিত বাক্য 22 +

1 পাছত সেই দূত জনে মোক জীৱন-জলৰ সেই নদী দেখুৱালে, সেই পানী স্ফটিকৰ নিচিনা উজ্জ্বল৷ ঈশ্বৰ আৰু মেৰ-পোৱালিৰ সেই সিংহাসনৰ পৰা সেই নদী,
Kisha malaika akanionyesha mto wa maji ya uzima maangavu kama kioo yakitoka kwenye kiti cha enzi cha Mungu na Mwanakondoo.
2 তাৰ আলিবাটৰ মাজেৰে বৈ গৈছিল। সেই নদীৰ ইপাৰে-সিপাৰে জীৱন-বৃক্ষ আছিল; সেই বৃক্ষই বাৰ বিধ ফল উৎপন্ন কৰিছিল আৰু প্ৰতি মাহে তাত ফল ধৰে৷ সেই বৃক্ষৰ পাত জাতি সকলক সুস্থ কৰাৰ কাৰণে।
Mto huo ulitiririka kupitia katikati ya barabara kuu ya mji. Kandokando ya mto huo kulikuwa na mti wa uzima unaozaa matunda mara kumi na mbili kwa mwaka, yaani kila mwezi; na majani yake ni dawa ya kuwaponya watu wa mataifa.
3 তাতে কোনো শাও নহ’ব। সেই নগৰত ঈশ্বৰ আৰু সেই মেৰ-পোৱালিৰ সিংহাসন থাকিব আৰু তেওঁৰ দাস সকলে তেওঁক সেৱা কৰিব৷
Hapana kitu chochote kilicholaaniwa kitakachokuwa katika mji huo. Kiti cha enzi cha Mungu na cha Mwanakondoo kitakuwa katika mji huo, na watumishi wake watamwabudu.
4 তেওঁলোকে তেওঁৰ মুখ দেখা পাব; আৰু তেওঁলোকৰ কপালত তেওঁৰ নাম লিখা থাকিব।
Watauona uso wake, na jina lake litaandikwa juu ya paji za nyuso zao.
5 তাতে ৰাতিও নহ’ব; আৰু চাকিৰ পোহৰ বা সূৰ্যৰ পোহৰ তেওঁলোকৰ প্ৰয়োজন নহব; কিয়নো প্ৰভু পৰমেশ্বৰে তেওঁলোকক দীপ্তি দিব আৰু তেওঁলোকে চিৰকাল ৰাজত্ব কৰিব। (aiōn g165)
Usiku hautakuwako tena, wala hawatahitaji mwanga wa taa au wa jua, maana Bwana Mungu atawaangazia, nao watatawala milele na milele. (aiōn g165)
6 পাছত দূত জনে মোক ক’লে, “এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য; ঈশ্ৱৰ, যি জন ভাববাদী সকলৰ আত্মাৰ প্ৰভু, তেওঁ তেওঁৰ দাস সকলক যি যি অলপতে ঘটিব লগা আছে সেই বিষয়ে দেখুৱাবলৈ নিজ দূতক পঠিয়ালে৷”
Kisha malaika akaniambia, “Maneno haya ni ya kweli na ya kuaminika. Bwana Mungu ambaye huwapa manabii Roho wake, alimtuma malaika wake awaonyeshe watumishi wake mambo ambayo lazima yatukie punde.
7 “আৰু চোৱা! মই বেগাই আহি আছোঁ; যি জনে এই পুস্তকৰ ভাববাণীৰ কথাবোৰ পালন কৰে, তেওঁ ধন্য।”
“Sikiliza! Naja upesi. Heri yake anayeyazingatia maneno ya unabii yaliyo katika kitabu hiki.”
8 মই, যোহনেই এইবোৰ কথা শুনিলোঁ আৰু এই সকলো দেখিলোঁ; যেতিয়া মই এনে শুনি-দেখি সেই দূত জনক যি জনে এই সকলোকে মোক দেখুৱালে তেওঁক প্ৰণিপাত কৰিবলৈ তেওঁৰ চৰণত পৰিলো।
Mimi Yohane, niliyaona na kusikia mambo haya. Nilipokwisha sikia na kuona nikajitupa chini mbele ya miguu ya huyo malaika aliyenionyesha mambo hayo, nikataka kumwabudu.
9 তেতিয়া তেওঁ মোক ক’লে, “সাৱধান, এনে নকৰিবা! মইয়ো তোমাৰ সহদাস আৰু তোমাৰ ভাই ভাববাদী সকলৰ আৰু এই পুস্তকত লিখা বাক্য পালন কৰোঁতা সকলৰো সহদাস; ঈশ্বৰকহে প্ৰণিপাত কৰা।”
Lakini yeye akaniambia, “Acha! Mimi ni mtumishi tu kama wewe na ndugu zako manabii na wote wanaoyatii maagizo yaliyomo katika kitabu hiki. Mwabudu Mungu!”
10 ১০ পুনৰায় তেওঁ মোক কলে, “এই পুস্তকৰ ভাববাণী কৰা বাক্যবোৰ ছাব মাৰি বন্ধ নকৰিবা, কিয়নো কাল ওচৰ চাপিছে।
Tena akaniambia, “Usiyafiche kama siri maneno ya unabii yaliyomo katika kitabu hiki, maana wakati wa kutimizwa kwake umekaribia.
11 ১১ যি জন অন্যায়কাৰী, তেওঁক পুনৰ অন্যায় কৰি থাকিবলৈ দিয়া; যি জন কলঙ্কী, তেওঁ পুনৰ কলঙ্ক কৰি থাকক; যি জন ধাৰ্মিক, তেওঁ পুনৰ ধৰ্ম আচৰণ কৰক; যি জন পবিত্ৰ লোক, তেওঁ পবিত্ৰ হৈ থাকক।”
Kwa sasa anayetenda mabaya na aendelee kutenda mabaya, na aliye mchafu aendelee kuwa mchafu. Mwenye kutenda mema na azidi kutenda mema, na aliye mtakatifu na azidi kuwa mtakatifu.”
12 ১২ “চোৱা! মই বেগাই আহি আছোঁ; মই দিবলগীয়া পুৰস্কাৰ মোৰ লগত আছে, যাৰ যেনে কৰ্ম, তেওঁক তেনে প্ৰতিফল দিয়া হব৷
“Sikiliza!” Asema Yesu, “Naja upesi, pamoja na tuzo nitakalompa kila mmoja kufuatana na matendo yake.
13 ১৩ মই আলফা আৰু ওমেগা, প্ৰথম আৰু শেষ, আদি আৰু অন্ত।
Mimi ni Alfa na Omega, Mwanzo na Mwisho, wa kwanza na wa mwisho.”
14 ১৪ যি সকল জীৱন-বৃক্ষৰ অধিকাৰী আৰু দুৱাৰেদি নগৰত সোমাবৰ কাৰণে নিজ নিজ বস্ত্ৰ ধোৱে, সেই লোক সকল ধন্য৷
Heri yao wale wanaoosha mavazi yao, kwani watakuwa na haki ya kula tunda la mti wa uzima, na haki ya kuingia mjini kwa kupitia milango yake.
15 ১৫ কিন্তু বাহিৰৰ কুকুৰবোৰ, মায়াবীবোৰ, ব্যভীচাৰিবোৰ, নৰবধীবোৰ আৰু মূৰ্তিপূজকবোৰ আৰু মিছা কথাক প্ৰেম কৰা আৰু মিছা কথাক অভ্যাস প্ৰতিজন লোক বাহিৰত থাকে।
Lakini mbwa, wachawi, wazinzi, wauaji, waabudu sanamu na wote wanaopenda kusema uongo, watakaa nje ya mji.
16 ১৬ মই যীচুৱে, মণ্ডলী সমূহৰ কাৰণে তোমালোকক এইবোৰ কথাৰ সাক্ষ্য দিবলৈ, মোৰ দূতক পঠালোঁ। মই দায়ুদৰ মূল আৰু বংশ, উজ্জ্বল প্ৰভাতীয় তৰা।”
“Mimi, Yesu, nimemtuma malaika wangu awathibitishieni mambo haya katika makanisa. Mimi ni mzawa wa ukoo wa Daudi. Mimi ni nyota angavu ya asubuhi!”
17 ১৭ আত্মা আৰু কন্যাই কয় “আহা!” আৰু যি জনাই শুনে, তেৱোঁ কয়, “আহা৷” যি জনৰ পিয়াহ লাগে, তেওঁ আহক আৰু যি জনে ইচ্ছা কৰে, তেওঁ বিনামূল্যে জীৱন জল গ্ৰহণ কৰক।
Roho na Bibiarusi waseme, “Njoo!” Kila mtu asikiaye hili, na aseme, “Njoo!” Kisha, yeyote aliye na kiu na aje; anayetaka maji ya uzima na apokee bila malipo yoyote.
18 ১৮ এই পুস্তকৰ ভাববাণীৰ বাক্য শুনা প্ৰতিজনলৈ মই এই সাক্ষ্য দি কৈছোঁ: কোনোৱে যদি এই বাক্যবোৰত কিবা যোগ কৰে, তেনেহলে এই পুস্তকত লিখা উৎপাতবোৰো ঈশ্বৰে সেই জনৰ ওপৰত যোগ কৰিব;
Mimi Yohane nawapa onyo wote wanaosikia maneno ya unabii yaliyomo katika kitabu hiki: mtu yeyote akiongeza chochote katika mambo haya, Mungu atamwongezea mabaa yaliyoandikwa katika kitabu hiki.
19 ১৯ আৰু কোনোৱে যদি এই ভাববাণীৰ পুস্তকৰ বাক্যবোৰৰ পৰা কিবা গুচায়, তেনেহলে এই পুস্তকত লিখা জীৱন-বৃক্ষ আৰু পবিত্ৰ নগৰৰ পৰা ঈশ্বৰে তেওঁৰ ভাগ গুচাব।
Na mtu yeyote akipunguza chochote katika maneno ya unabii yaliyomo katika kitabu hiki, Mungu atamnyang'anya sehemu yake katika ule mti wa uzima, na sehemu yake katika mji mtakatifu, ambavyo vimeelezwa katika kitabu hiki.
20 ২০ যি জনে এই কথাৰ সাক্ষ্য দিছে, তেৱেঁ কৈছে, “হয়! মই বেগাই আহি আছোঁ।” আমেন! হে প্ৰভু যীচু, আহক!
Naye anayetoa ushahidi wake juu ya mambo haya asema: “Naam! Naja upesi.” Amina. Na iwe hivyo! Njoo Bwana Yesu!
21 ২১ প্ৰভু যীচুৰ অনুগ্ৰহ সকলোৰে লগত থাকক; আমেন।
Nawatakieni nyote neema ya Bwana Yesu. Amen.

< প্ৰকাশিত বাক্য 22 +