< প্ৰকাশিত বাক্য 22 +

1 পাছত সেই দূত জনে মোক জীৱন-জলৰ সেই নদী দেখুৱালে, সেই পানী স্ফটিকৰ নিচিনা উজ্জ্বল৷ ঈশ্বৰ আৰু মেৰ-পোৱালিৰ সেই সিংহাসনৰ পৰা সেই নদী,
And he shewed me a pure river of water of life, bright as crystal, going forth out of the throne of God and of the Lamb:
2 তাৰ আলিবাটৰ মাজেৰে বৈ গৈছিল। সেই নদীৰ ইপাৰে-সিপাৰে জীৱন-বৃক্ষ আছিল; সেই বৃক্ষই বাৰ বিধ ফল উৎপন্ন কৰিছিল আৰু প্ৰতি মাহে তাত ফল ধৰে৷ সেই বৃক্ষৰ পাত জাতি সকলক সুস্থ কৰাৰ কাৰণে।
in the midst of its broad place, and of the river on this side and on that, [is] a tree of life, yielding twelve fruits, in each several month rendering its fruits, and the leaves of the tree [are] for the service of the nations;
3 তাতে কোনো শাও নহ’ব। সেই নগৰত ঈশ্বৰ আৰু সেই মেৰ-পোৱালিৰ সিংহাসন থাকিব আৰু তেওঁৰ দাস সকলে তেওঁক সেৱা কৰিব৷
and any curse there shall not be any more, and the throne of God and of the Lamb shall be in it, and His servants shall serve Him,
4 তেওঁলোকে তেওঁৰ মুখ দেখা পাব; আৰু তেওঁলোকৰ কপালত তেওঁৰ নাম লিখা থাকিব।
and they shall see His face, and His name [is] upon their foreheads,
5 তাতে ৰাতিও নহ’ব; আৰু চাকিৰ পোহৰ বা সূৰ্যৰ পোহৰ তেওঁলোকৰ প্ৰয়োজন নহব; কিয়নো প্ৰভু পৰমেশ্বৰে তেওঁলোকক দীপ্তি দিব আৰু তেওঁলোকে চিৰকাল ৰাজত্ব কৰিব। (aiōn g165)
and night shall not be there, and they have no need of a lamp and light of a sun, because the Lord God doth give them light, and they shall reign — to the ages of the ages. (aiōn g165)
6 পাছত দূত জনে মোক ক’লে, “এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য; ঈশ্ৱৰ, যি জন ভাববাদী সকলৰ আত্মাৰ প্ৰভু, তেওঁ তেওঁৰ দাস সকলক যি যি অলপতে ঘটিব লগা আছে সেই বিষয়ে দেখুৱাবলৈ নিজ দূতক পঠিয়ালে৷”
And he said to me, 'These words [are] stedfast and true, and the Lord God of the holy prophets did send His messenger to shew to His servants the things that it behoveth to come quickly:
7 “আৰু চোৱা! মই বেগাই আহি আছোঁ; যি জনে এই পুস্তকৰ ভাববাণীৰ কথাবোৰ পালন কৰে, তেওঁ ধন্য।”
Lo, I come quickly; happy [is] he who is keeping the words of the prophecy of this scroll.'
8 মই, যোহনেই এইবোৰ কথা শুনিলোঁ আৰু এই সকলো দেখিলোঁ; যেতিয়া মই এনে শুনি-দেখি সেই দূত জনক যি জনে এই সকলোকে মোক দেখুৱালে তেওঁক প্ৰণিপাত কৰিবলৈ তেওঁৰ চৰণত পৰিলো।
And I, John, am he who is seeing these things and hearing, and when I heard and beheld, I fell down to bow before the feet of the messenger who is shewing me these things;
9 তেতিয়া তেওঁ মোক ক’লে, “সাৱধান, এনে নকৰিবা! মইয়ো তোমাৰ সহদাস আৰু তোমাৰ ভাই ভাববাদী সকলৰ আৰু এই পুস্তকত লিখা বাক্য পালন কৰোঁতা সকলৰো সহদাস; ঈশ্বৰকহে প্ৰণিপাত কৰা।”
and he saith to me, 'See — not; for fellow-servant of thee am I, and of thy brethren the prophets, and of those keeping the words of this scroll; before God bow.'
10 ১০ পুনৰায় তেওঁ মোক কলে, “এই পুস্তকৰ ভাববাণী কৰা বাক্যবোৰ ছাব মাৰি বন্ধ নকৰিবা, কিয়নো কাল ওচৰ চাপিছে।
And he saith to me, 'Thou mayest not seal the words of the prophecy of this scroll, because the time is nigh;
11 ১১ যি জন অন্যায়কাৰী, তেওঁক পুনৰ অন্যায় কৰি থাকিবলৈ দিয়া; যি জন কলঙ্কী, তেওঁ পুনৰ কলঙ্ক কৰি থাকক; যি জন ধাৰ্মিক, তেওঁ পুনৰ ধৰ্ম আচৰণ কৰক; যি জন পবিত্ৰ লোক, তেওঁ পবিত্ৰ হৈ থাকক।”
he who is unrighteous — let him be unrighteous still, and he who is filthy — let him be filthy still, and he who is righteous — let him be declared righteous still, and he who is sanctified — let him be sanctified still:
12 ১২ “চোৱা! মই বেগাই আহি আছোঁ; মই দিবলগীয়া পুৰস্কাৰ মোৰ লগত আছে, যাৰ যেনে কৰ্ম, তেওঁক তেনে প্ৰতিফল দিয়া হব৷
And lo, I come quickly, and my reward [is] with me, to render to each as his work shall be;
13 ১৩ মই আলফা আৰু ওমেগা, প্ৰথম আৰু শেষ, আদি আৰু অন্ত।
I am the Alpha and the Omega — the Beginning and End — the First and the Last.
14 ১৪ যি সকল জীৱন-বৃক্ষৰ অধিকাৰী আৰু দুৱাৰেদি নগৰত সোমাবৰ কাৰণে নিজ নিজ বস্ত্ৰ ধোৱে, সেই লোক সকল ধন্য৷
'Happy are those doing His commands that the authority shall be theirs unto the tree of the life, and by the gates they may enter into the city;
15 ১৫ কিন্তু বাহিৰৰ কুকুৰবোৰ, মায়াবীবোৰ, ব্যভীচাৰিবোৰ, নৰবধীবোৰ আৰু মূৰ্তিপূজকবোৰ আৰু মিছা কথাক প্ৰেম কৰা আৰু মিছা কথাক অভ্যাস প্ৰতিজন লোক বাহিৰত থাকে।
and without [are] the dogs, and the sorcerers, and the whoremongers, and the murderers, and the idolaters, and every one who is loving and is doing a lie.
16 ১৬ মই যীচুৱে, মণ্ডলী সমূহৰ কাৰণে তোমালোকক এইবোৰ কথাৰ সাক্ষ্য দিবলৈ, মোৰ দূতক পঠালোঁ। মই দায়ুদৰ মূল আৰু বংশ, উজ্জ্বল প্ৰভাতীয় তৰা।”
'I, Jesus did send my messenger to testify to you these things concerning the assemblies; I am the root and the offspring of David, the bright and morning star!
17 ১৭ আত্মা আৰু কন্যাই কয় “আহা!” আৰু যি জনাই শুনে, তেৱোঁ কয়, “আহা৷” যি জনৰ পিয়াহ লাগে, তেওঁ আহক আৰু যি জনে ইচ্ছা কৰে, তেওঁ বিনামূল্যে জীৱন জল গ্ৰহণ কৰক।
And the Spirit and the Bride say, Come; and he who is hearing — let him say, Come; and he who is thirsting — let him come; and he who is willing — let him take the water of life freely.
18 ১৮ এই পুস্তকৰ ভাববাণীৰ বাক্য শুনা প্ৰতিজনলৈ মই এই সাক্ষ্য দি কৈছোঁ: কোনোৱে যদি এই বাক্যবোৰত কিবা যোগ কৰে, তেনেহলে এই পুস্তকত লিখা উৎপাতবোৰো ঈশ্বৰে সেই জনৰ ওপৰত যোগ কৰিব;
'For I testify to every one hearing the words of the prophecy of this scroll, if any one may add unto these, God shall add to him the plagues that have been written in this scroll,
19 ১৯ আৰু কোনোৱে যদি এই ভাববাণীৰ পুস্তকৰ বাক্যবোৰৰ পৰা কিবা গুচায়, তেনেহলে এই পুস্তকত লিখা জীৱন-বৃক্ষ আৰু পবিত্ৰ নগৰৰ পৰা ঈশ্বৰে তেওঁৰ ভাগ গুচাব।
and if any one may take away from the words of the scroll of this prophecy, God shall take away his part from the scroll of the life, and out of the holy city, and the things that have been written in this scroll;'
20 ২০ যি জনে এই কথাৰ সাক্ষ্য দিছে, তেৱেঁ কৈছে, “হয়! মই বেগাই আহি আছোঁ।” আমেন! হে প্ৰভু যীচু, আহক!
he saith — who is testifying these things — 'Yes, I come quickly!' Amen! Yes, be coming, Lord Jesus!
21 ২১ প্ৰভু যীচুৰ অনুগ্ৰহ সকলোৰে লগত থাকক; আমেন।
The grace of our Lord Jesus Christ [is] with you all. Amen.

< প্ৰকাশিত বাক্য 22 +