< প্ৰকাশিত বাক্য 20 >

1 তেতিয়া মই এজন দূতক স্বৰ্গৰ পৰা নামি অহা দেখিলোঁ, তেওঁৰ হাতত সেই অগাধ ঠাইৰ চাবি আৰু এডাল বৰ শিকলি আছিল। (Abyssos g12)
Յետոյ տեսայ հրեշտակ մը՝ որ կ՚իջնէր երկինքէն. իր ձեռքին մէջ ունէր անդունդի բանալին եւ մեծ շղթայ մը: (Abyssos g12)
2 তেওঁ সেই ড্ৰেগন, সেই পুৰণি সৰ্প; যি দিয়াবল আৰু চয়তান, তাক ধৰি, এহেজাৰ বছৰলৈ বান্ধি ৰাখিলে৷ দূত জনে সেই অগাধ ঠাইত তাক পেলাই দি, সেই ঠাইৰ মুখ বন্ধ কৰিলে, আৰু তাৰ ওপৰত চাব মাৰি দিলে৷
Ան բռնեց վիշապը, այն նախկին օձը՝ որ Չարախօսն ու Սատանան է, եւ կապեց զայն հազար տարի:
3 তাক এনেদৰে অগাধ ঠাইত পেলাই দিয়াৰ কাৰণ এয়ে যে, সি যেন জাতিবোৰক, যেতিয়ালৈ সেই এহেজাৰ বছৰ পুৰ নহয়, তেতিয়ালৈকে ভুলাব নোৱাৰে৷ তাৰ পাছত অলপ কালৰ বাবে সি মুক্ত হ’ব লাগিব। (Abyssos g12)
Անդունդը նետեց զայն, գոցեց ու կնիք դրաւ անոր վրայ, որպէսզի ա՛լ չմոլորեցնէ ազգերը՝ մինչեւ որ աւարտի հազար տարին: Անկէ ետք՝ ան պէտք է արձակուի կարճ ժամանակուան մը համար: (Abyssos g12)
4 পাছত মই কেইখন মান সিংহাসন দেখিলোঁ৷ সেইবোৰৰ ওপৰত যি লোক সকল বহি আছিল, তেওঁলোকক সোধ-বিচাৰৰ ভাৰ দিয়া হ’ল; আৰু মই সেই লোক সকলৰ জীৱাত্মা দেখিলোঁ; যি সকলক যীচুৰ সাক্ষ্যৰ কাৰণে আৰু ঈশ্বৰৰ বাক্যৰ কাৰণে মুৰ ছেদন কৰা হৈছিল আৰু যি সকলে সেই পশু বা তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰা নাছিল আৰু নিজৰ কপালত আৰু হাতত তাৰ ছাব লোৱা নাছিল, তেওঁলোকে জীৱিত হ’ল আৰু এহেজাৰ বছৰ খ্ৰীষ্টৰ সৈতে ৰাজত্ব কৰিলে।
Տեսայ նաեւ գահեր, որոնց վրայ բազմեցան, եւ անո՛նց տրուեցաւ դատավարութիւնը: Տեսայ նաեւ Յիսուսի վկայութեան համար ու Աստուծոյ խօսքին համար գլխատուածներուն անձերը: Անոնք չերկրպագեցին գազանին, ո՛չ ալ անոր պատկերին. չընդունեցին անոր դրոշմը իրենց ճակատին կամ իրենց ձեռքին վրայ: Ուստի ապրեցան ու հազար տարի թագաւորեցին Քրիստոսի հետ:
5 মৃত সকলৰ অৱশিষ্ট লোক সেই হাজাৰ বছৰ পুৰ নহোৱালৈকে জীৱিত নহ’ল। এয়ে প্ৰথম পুনৰুত্থান।
Միւս մեռելները չվերապրեցան մինչեւ որ աւարտեցաւ հազար տարին: Ա՛յս է առաջին յարութիւնը:
6 যি জনে এই প্ৰথম উত্থানৰ ভাগী হয়, তেওঁ ধন্য আৰু পবিত্ৰ লোক৷ তেওঁলোকৰ ওপৰত দ্বিতীয় মৃত্যুৰ কোনো ক্ষমতা নাই; তেওঁলোক ঈশ্বৰৰ আৰু খ্ৰীষ্টৰ পুৰোহিত হৈ তেৱেঁ সৈতে এহেজাৰ বছৰ ৰাজত্ব কৰিব।
Երանելի՜ եւ սո՜ւրբ են անոնք՝ որ բաժին ունին՝՝ առաջին յարութեան մէջ: Երկրորդ մահը իշխանութիւն չունի ասոնց վրայ. հապա անոնք պիտի ըլլան Աստուծոյ ու Քրիստոսի քահանաները, եւ հազար տարի պիտի թագաւորեն անոր հետ:
7 যেতিয়া সেই হাজাৰ বছৰ পুৰ হব, চয়তান নিজ বন্দীশালৰ পৰা মুক্ত হব আৰু,
Երբ հազար տարին աւարտի, Սատանան պիտի արձակուի իր բանտէն, դուրս պիտի ելլէ ու մոլորեցնէ երկրին չորս անկիւնները եղող ազգերը, Գոգը եւ Մագոգը, որպէսզի հաւաքէ զանոնք պատերազմելու. անոնց թիւը ծովու աւազին չափ է:
8 তেতিয়া সি ওলাই আহি, পৃথিৱীৰ চাৰি চুকত থকা গোগ আৰু মাগোগ জাতি সকলক ভুলাই, সৈন্যৰ দল যোগাৰ কৰি, ৰণলৈ গোট খুৱাব। তেওঁলোকৰ সংখ্যা সাগৰৰ বালিৰ সমান হব৷
Անոնք բարձրացան երկրի լայնութեան վրայ, ու շրջապատեցին սուրբերուն բանակավայրը եւ սիրելի քաղաքը:
9 সিহঁতে পৃথিৱীৰ বিস্তাৰেদি গৈ, পবিত্ৰ লোক সকলৰ ছাউনি আৰু প্ৰিয় নগৰ বেৰি ধৰিলে; কিন্তু স্বৰ্গৰ পৰা জুই পৰি, সিহঁতক গ্ৰাস কৰিলে।
Սակայն երկինքէն՝ Աստուծմէ կրակ իջաւ ու լափեց զանոնք:
10 ১০ আৰু সিহঁতক ভুলুৱা চয়তানক, গন্ধক আৰু জুইৰ সৰোবৰত পেলোৱা হ’ল যত সেই পশু আৰু ভাঁৰি-কোৱা ভাববাদীও আছে; আৰু সিহঁতে চিৰকাললৈকে দিনে-ৰাতিয়ে যাতনা ভোগ কৰিব। (aiōn g165, Limnē Pyr g3041 g4442)
Իսկ Չարախօսը՝ որ մոլորեցուց զանոնք, նետուեցաւ կրակի եւ ծծումբի լիճին մէջ: Հո՛ն էին գազանն ու սուտ մարգարէն, եւ պիտի տանջուին ցերեկ ու գիշեր՝ դարէ դար՝՝: (aiōn g165, Limnē Pyr g3041 g4442)
11 ১১ তাৰ পাছত মই এখন ডাঙৰ বগা সিংহাসন, আৰু তাৰ ওপৰত বহি থকা জনক দেখিলোঁ; তেওঁৰ উপস্থিতিত পৃথিৱী আৰু আকাশমণ্ডল পলাই গ’ল কিন্তু সেইবোৰৰ কাৰণে যাবলৈ ঠাই পুনৰ পোৱা নগ’ল।
Յետոյ տեսայ մեծ, ճերմակ գահ մը, եւ անոր վրայ բազմողը, որուն երեսէն երկիրն ու երկինքը փախան եւ տեղ չգտնուեցաւ անոնց:
12 ১২ সেই সিংহাসনৰ আগত সৰু বৰ সকলো মৃত সকলক থিয় হৈ থকা দেখিলোঁ; আৰু কেইখন মান পুস্তক মেলা হ’ল; পাছত আৰু এখন পুস্তক মেলা হ’ল- জীৱন পুস্তক৷ সেই পুস্তকবোৰত লিখা মতে মৃত সকলৰ নিজ নিজ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰা হ’ল।
Տեսայ նաեւ մեռելները, պզտիկ ու մեծ, որոնք կայնած էին Աստուծոյ առջեւ: Գիրքերը բացուեցան. բացուեցաւ նաեւ ուրիշ գիրք մը՝ որ կեանքի գիրքն է. ու մեռելները դատուեցան գիրքերուն մէջ գրուածներուն համաձայն, իրենց արարքներուն համեմատ:
13 ১৩ তেতিয়া সাগৰে নিজৰ লগত থকা মৃত সকলক শোধাই দিলে; মৃত্যু আৰু পৰলোকেও নিজৰ লগত থকা মৃত সকলক শোধাই দিলে; তাতে সেই মৃত লোক সকলক নিজ নিজ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰা হ’ল। (Hadēs g86)
Ծովը տուաւ իր մէջ եղող մեռելները, եւ մահն ու դժոխքը տուին իրենց մէջ եղող մեռելները. եւ անոնք դատուեցան, իւրաքանչիւրը՝ իր արարքներուն համեմատ: (Hadēs g86)
14 ১৪ পাছত মৃত্যু আৰু পৰলোকক সেই জুইৰ সৰোবৰত পেলোৱা হ’ল। সেয়েই অৰ্থাৎ অগ্নিৰ সৰোবৰেই দ্বিতীয় মৃত্যু; (Hadēs g86, Limnē Pyr g3041 g4442)
Մահն ու դժոխքը նետուեցան կրակի լիճին մէջ. ա՛յս է երկրորդ մահը: (Hadēs g86, Limnē Pyr g3041 g4442)
15 ১৫ আৰু জীৱন পুস্তকত যি কোনো জনৰ নাম পোৱা নগ’ল, তেওঁলোকক সেই জুইৰ সৰোবৰত পেলোৱা হ’ল। (Limnē Pyr g3041 g4442)
Ո՛վ որ կեանքի գիրքին մէջ արձանագրուած չգտնուեցաւ՝ նետուեցաւ կրակի լիճին մէջ: (Limnē Pyr g3041 g4442)

< প্ৰকাশিত বাক্য 20 >