< প্ৰকাশিত বাক্য 2 >

1 ইফিচত থকা মণ্ডলীৰ দূতলৈ তুমি এই কথা লিখাঃ “এই সকলো কথা সেই জনৰ, যি জনে নিজৰ সোঁ হাতত সাতোটা তৰা ধাৰণ কৰে; আৰু যি জনে সাতোটা সোণৰ দীপাধাৰৰ মাজত অহা-যোৱা কৰে, তেওঁ এই কথা কয়,
«Գրէ՛ Եփեսոսի եկեղեցիին հրեշտակին.- “Սա՛ կ՚ըսէ ա՛ն՝ որ իր աջ ձեռքին մէջ կը բռնէ եօթը աստղերը, եւ կը շրջի եօթը ոսկիէ աշտանակներուն միջեւ.
2 তোমাৰ কৰ্ম, পৰিশ্ৰম আৰু ধৈৰ্য মই জানো, যে, তুমি দুষ্ট সকলক সহিব নোৱাৰা; যি সকলে নিজকে পাঁচনি বোলে, কিন্তু পাঁচনি নহয়, তেওঁলোকক পৰীক্ষা কৰি অসত্য পালা৷
"Գիտե՛մ քու գործերդ, աշխատանքդ ու համբերութիւնդ, եւ թէ չես կրնար հանդուրժել չարերուն: Փորձեցիր անոնք՝ որ կը հաւաստեն թէ իրենք առաքեալ են, բայց չեն, եւ գտար թէ ստախօս են:
3 তোমাৰ ধৈর্যশীলতাৰ স্থায়িত্ব মই জানো, তুমি মোৰ নামৰ কাৰণে গৈ আছা আৰু ক্লান্ত হোৱা নাই।
Համբերութիւն ունեցար, տառապանք կրեցիր իմ անունիս համար՝՝ ու չթուլցար:
4 কিন্তু তোমাৰ বিৰুদ্ধে মোৰ কথা আছে, তুমি তোমাৰ প্ৰথম প্ৰেম এৰিলা।
Սակայն սա՛ ունիմ քեզի դէմ, որ թողուցիր առաջին սէրդ:
5 এতেকে তুমি ক’ৰ পৰা পৰিলা, তাক সোঁৱৰণ কৰা। মন-পালটন কৰা আৰু প্রথমে কৰা কার্যকে তুমি কৰা। যদি মন-পালটন নকৰা, তেনেহলে মই তোমাৰ ওচৰলৈ আহিম আৰু তোমাৰ দীপাধাৰা নিজ ঠাইৰ পৰা স্থানচ্যুত কৰিম।
Ուրեմն յիշէ՛ թէ ուրկէ՛ ինկար, ապաշխարէ՛, եւ ըրէ՛ առաջին գործերդ. այլապէս՝ շուտո՛վ պիտի գամ քեզի, ու աշտանակդ պիտի շարժեմ իր տեղէն՝ եթէ չապաշխարես:
6 কিন্তু এটা গুণ তোমাৰ আছে নীকলাইতীয়া সকলে যি কর্ম কৰে, সেইবোৰক তুমি ঘৃণা কৰা; ময়ো সেইবোৰ ঘৃণা কৰোঁ।
Բայց սա՛ ունիս.- կ՚ատես Նիկողայոսեաններուն գործերը, որ ես ալ կ՚ատեմ"”:
7 যদি তোমাৰ কাণ আছে, তেনেহলে মণ্ডলীবোৰলৈ আত্মা কি কৈছে সেয়া শুনা। যি জনে জয় কৰে, তেওঁক মই ঈশ্বৰৰ পৰমদেশত থকা জীৱন-বৃক্ষৰ ফল ভোজন কৰিবলৈ দিম।”
Ա՛ն որ ականջ ունի, թող լսէ թէ Հոգին ի՛նչ կ՚ըսէ եկեղեցիներուն: Ո՛վ որ յաղթէ՝ անոր ուտել պիտի տամ կեանքի ծառէն, որ Աստուծոյ դրախտին մէջ է»:
8 আৰু স্মুৰ্ণাত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ যি জন প্রথম আৰু শেষ; যি জন মৰিল আৰু পুনৰুত্থিত হ’ল, তেৱেঁ এইবোৰ কথা কলে,
«Գրէ՛ նաեւ Զմիւռնիայի եկեղեցիին հրեշտակին.- “Սա՛ կ՚ըսէ Առաջինը եւ Վերջինը, որ մեռաւ ու կ՚ապրի՛.
9 “মই জানো তোমাৰ ক্লেশভোগ আৰু দৰিদ্রতা (কিন্তু তুমি ধনী) আৰু এই নিন্দা, যিবোৰে কয়, তেওঁলোক ইহুদী (কিন্তু নহয়, তেওঁলোক চয়তানৰ স্থান)।
"Գիտե՛մ քու գործերդ, տառապանքդ եւ աղքատութիւնդ, (բայց հարուստ ես, ) ու հայհոյութիւնը անոնց՝ որ կ՚ըսեն թէ իրենք Հրեայ են, բայց չեն, հապա՝ Սատանայի ժողով:
10 ১০ তোমাৰ আসন্ন দুখভোগলৈ ভয় নকৰিবা।চোৱা! তোমালোকৰ পৰীক্ষাৰ অৰ্থে, চয়তানে তোমালোকৰ কোনো কোনোক বন্দীশালত পেলাবলৈ উদ্যত আছে, তাতে দহ দিনলৈ তোমালোকৰ ক্লেশ হ’ব৷ তুমি মৃত্যু পৰ্য্যন্ত বিশ্বাসী হৈ থাকা; তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম।
Բնաւ մի՛ վախնար այն չարչարանքներէն՝ որ պիտի կրես. ահա՛ Չարախօսը բանտը պիտի նետէ ձեզմէ ոմանք՝ որպէսզի փորձուիք, եւ տասը օր տառապանք պիտի ունենաք: Մինչեւ մահ հաւատարիմ եղիր, ու պիտի տամ քեզի կեանքի պսակը"”:
11 ১১ যদি তোমাৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কি কৈছে শুনা। যি জনে জয় কৰে, তেওঁৰ দ্বিতীয় মৃত্যুৰ দ্বাৰা হানি নহব”।
Ա՛ն որ ականջ ունի, թող լսէ թէ Հոգին ի՛նչ կ՚ըսէ եկեղեցիներուն: Ո՛վ որ յաղթէ՝ պիտի չվնասուի երկրորդ մահէն»:
12 ১২ পৰ্গামত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জনৰ দুধৰীয়া চোকা তৰোৱাল আছে, তেওঁ এই কথা কয়,
«Գրէ՛ նաեւ Պերգամոնի եկեղեցիին հրեշտակին.- “Սա՛ կ՚ըսէ ա՛ն՝ որ ունի սրած երկսայրի թուրը.
13 ১৩ মই জানো তুমি ক’ত নিবাস কৰিছা; য’ত চয়তানৰ সিংহাসন আছে, তুমি তাতে নিবাস কৰিছা৷ তথাপি তুমি মোৰ নাম নিবিড় ভাবে ধাৰণ কৰিলা আৰু তোমাৰ বিশ্বাসত মোক অস্বীকাৰ নকৰিলা। তাত তেতিয়া চয়তানে নিবাস কৰিছিল৷ যিদিনা মোৰ সাক্ষী আন্তিপাক বধ কৰা হৈছিল, সেইদিনা মোৰ বিশ্বাসযোগ্য আছিলা।
"Գիտե՛մ քու գործերդ, եւ թէ ո՛ւր կը բնակիս, հո՛ն՝ ուր Սատանայի գահն է. բայց ամուր կը բռնես իմ անունս ու չուրացար իմ հաւատքս, նոյնիսկ այն օրերը՝ երբ Անթիպաս, իմ հաւատարիմ վկաս, սպաննուեցաւ ձեր մէջ՝ ուր Սատանան կը բնակի:
14 ১৪ কিন্তু তোমাৰ বিৰুদ্ধে মোৰ কিছুমান কথা আছে - তুমি কিছুমান লোকক ৰাখিছা, যি সকলে নিবিড় ভাবে বিলিয়মৰ শিক্ষা ধৰি আছে; যি জনে ইস্ৰায়েলৰ সন্তান সকলৰ আগত বিঘিনি পেলাবলৈ বালাকক শিক্ষা দিছিল। সেইদৰে তেওঁলোকে মূর্তিৰ সন্মুখত বলিদান কৰা প্রসাদ খাইছিল আৰু ব্যভিচাৰ কৰিছিল।
Սակայն քեզի դէմ ունիմ քիչ բան մը, քանի որ հոդ ունիս Բաղաամի ուսուցումը պահողներ. ան Բաղակի սորվեցուց գայթակղութիւն դնել Իսրայէլի որդիներուն առջեւ, որպէսզի անոնք ուտեն կուռքերու զոհուածներ ու պոռնկին:
15 ১৫ একেদৰে তুমিও কিছুমান লোকক ৰাখিছা, যি সকলে নীকলাইতীয়া সকলৰ শিক্ষাক নিবিড় ভাবে ধৰি ৰাখিছে।
Այսպէս՝ դուն ալ ունիս Նիկողայոսեաններուն ուսուցումը պահողներ, որ ես կ՚ատեմ:
16 ১৬ এতেকে মন-পালটন কৰা, যদি নকৰা; মই তোমাৰ ওচৰত আহিবলৈ পলম নকৰিম আৰু তোমালোকৰ বিৰুদ্ধে মই মুখৰ পৰা ওলোৱা তৰোৱালেৰে যুদ্ধ কৰিম।
(Ուստի) ապաշխարէ՛. այլապէս՝ շուտո՛վ պիտի գամ քեզի, եւ պիտի պատերազմիմ անոնց դէմ բերանիս թուրով"”:
17 ১৭ যদি তোমাৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কি কৈছে শুনা। যি জনে জয় কৰে, তেওঁক মই গুপুত মান্না দিম; আৰু এটি বগা শিলো তেওঁক দিম; সেই শিলৰ ওপৰত এটি নতুন নামলিখা আছে, গ্ৰহণ কৰা জনৰ বিনে আন কোনেও সেই নাম নাজানে”।
Ա՛ն որ ականջ ունի, թող լսէ թէ Հոգին ի՛նչ կ՚ըսէ եկեղեցիներուն: Ո՛վ որ յաղթէ՝ անոր ուտել պիտի տամ պահուած մանանայէն. նաեւ պիտի տամ անոր ճերմակ խիճ մը, եւ այդ խիճին վրայ գրուած նոր անուն մը՝ որ ո՛չ մէկը գիտէ, բայց միայն զայն ստացողը»:
18 ১৮ আৰু থুয়াতীৰাত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জনৰ চকু অগ্নিশিখাৰ নিচিনা আৰু চৰণ ঘঁহি চক্‌চকীয়া কৰা পিতলৰ নিচিনা, সেই জনা ঈশ্বৰৰ পুত্ৰই এই কথা কয়,
«Գրէ՛ նաեւ Թիւատիրի եկեղեցիին հրեշտակին.- “Սա՛ կ՚ըսէ Աստուծոյ Որդին, որ ունի կրակի բոցի պէս աչքեր, եւ իր ոտքերը նման են ոսկեպղինձի.
19 ১৯ তুমি কৰা কর্ম - তোমাৰ প্রেম, বিশ্বাস, সেৱা আৰু তোমাৰ সহিষ্ণু ধৈর্যশীলতা মই জানো; সাম্প্রতিক তোমাৰ যি পৰিচৰ্যা, সেয়াও প্রথম কর্মতকৈ অধিক।
"Գիտե՛մ քու գործերդ, սէրդ, սպասարկութիւնդ, հաւատքդ ու համբերութիւնդ. եւ թէ քու վերջին գործերդ աւելի շատ են՝ քան առաջինները:
20 ২০ তথাপি তোমাৰ বিৰুদ্ধে মোৰ কথা আছে - যি জনীয়ে নিজকে ভাববাদিনী বুলি কয়, সেই ঈজেবল মহিলাক তুমি সহন কৰি আছা। সেই মহিলাই মোৰ দাস সকলক ব্যভিচাৰ কৰিবলৈ শিকালে আৰু মূর্তিলৈ বলিদান কৰা প্রসাদ খাবলৈ দি ভুল পথে পৰিচালনা কৰিলে।
Սակայն քեզի դէմ ունիմ բան մը՝՝, որովհետեւ կը թոյլատրես Յեզաբէլի, - ինքզինք մարգարէուհի կոչող այդ կնոջ, - որ մոլորեցնէ իմ ծառաներս եւ սորվեցնէ անոնց պոռնկիլ ու կուռքերու զոհուածներ ուտել:
21 ২১ মন-পালটন কৰিবলৈ মই তেওঁক সময় দিলোঁ, কিন্তু তেওঁ নিজ ব্যভিচাৰৰ পৰা মন পালটাবলৈ ইচ্ছা নকৰে।
Ես ժամանակ տուի անոր՝ ապաշխարելու իր պոռնկութենէն, բայց չապաշխարեց:
22 ২২ চোৱা, মই তেওঁক ৰোগশয্যাত পেলাম; আৰু যি সকলে তেওঁৰে সৈতে ব্যভিচাৰ কৰে, তেওঁলোকক মহা-ক্লেশত পেলাম; যদিহে তেওঁলোকে সেই মহিলাই কৰা কর্মৰ পৰা মন-পালটন নকৰে।
Ահա՛ ես մահիճ պիտի նետեմ զայն, իսկ անոր հետ շնութիւն ընողները՝ մեծ տառապանքի մէջ, եթէ չապաշխարեն իրենց գործերէն:
23 ২৩ মৃত্যুৰ দ্বাৰাই মই তেওঁৰ সন্তান সকলক আঘাত কৰিম; তাতে মই যে মন আৰু হৃদয়ৰ অনুসন্ধানকাৰী, সেই বিষয়ে সকলো মণ্ডলীয়ে জানিব; আৰু তোমালোকৰ প্ৰত্যেক জনকো নিজ নিজ কৰ্মৰ দৰে প্ৰতিফল দিম।
Պիտի մեռցնեմ անոր զաւակները, եւ բոլոր եկեղեցիները պիտի գիտնան թէ ես ա՛ն եմ՝ որ կը զննեմ խիղճերն ու սիրտերը. պիտի հատուցանեմ ձեզմէ իւրաքանչիւրին՝ ձեր գործերուն համեմատ:
24 ২৪ কিন্তু থুয়াতীৰাত অৱশিষ্ট থকা তোমালোকৰ যি সকলে এই শিক্ষা গ্ৰহণ কৰা নাই আৰু কিছুমানে কোৱা চয়তানৰ গভীৰ বিষয়বোৰক তোমালোকৰ যি সকলে নাজানা, তেওঁলোকক মই কওঁ- তোমালোকৰ ওপৰত মই আন কোনো ভাৰ নিদিওঁ,
Բայց կ՚ըսեմ ձեզի, Թիւատիրի մէջ եղող միւս բոլորին՝ որ չունին այս ուսուցումը եւ չգիտցան Սատանային խորհուրդները (ինչպէս կ՚ըսեն).- ուրիշ ծանրութիւն պիտի չդնեմ ձեր վրայ,
25 ২৫ কিন্তু তোমালোকৰ যি আছে, মই নাহোঁমানে, তাক ধৰি ৰাখা।
հապա ամո՛ւր բռնեցէք ինչ որ ունիք՝ մինչեւ որ գամ:
26 ২৬ যি জনে জয় কৰি শেষলৈকে মোৰ কৰ্মবোৰ পালন কৰে, মই যেনেকৈ পিতৃৰ পৰা পালোঁ, সেইদৰে তেওঁক জাতিবোৰৰ ওপৰত অধিকাৰ দিম;
Եւ ո՛վ որ յաղթէ ու պահէ իմ գործերս մինչեւ վախճանը, անոր իշխանութիւն պիտի տամ անոր ազգերուն վրայ,
27 ২৭ তাতে কুমাৰৰ পাত্ৰ যেনেকৈ ডোখৰ ডোখৰ হয়, তেনেকৈ তেওঁ লোহাৰ দণ্ডেৰে তেওঁলোকক ভাঙি টুকুৰা-টুকুৰ কৰিব৷
(եւ պիտի հովուէ զանոնք երկաթէ գաւազանով. անոնք պիտի փշրուին բրուտի անօթներու պէս.)
28 ২৮ আৰু মই যি দৰে পিতৃৰ পৰা গ্ৰহণ কৰিলোঁ, সেইদৰে মই তেওঁক প্ৰভাতীয় তৰাদিম।
ինչպէս ես ալ ստացայ իմ Հօրմէս, ու պիտի տամ անոր առտուան աստղը"”:
29 ২৯ মণ্ডলীবোৰলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে, তেওঁ তাক শুনক”।
Ա՛ն որ ականջ ունի, թող լսէ թէ Հոգին ի՛նչ կ՚ըսէ եկեղեցիներուն»:

< প্ৰকাশিত বাক্য 2 >