< প্ৰকাশিত বাক্য 19 >

1 এইবোৰ ঘটনা ঘটাৰ পাছত, মই স্বৰ্গত থকা বৃহৎ এদল মানুহৰ মহাধ্বনি শুনিলোঁ, বোলে, “হাল্লিলুয়া৷ পৰিত্রাণ, মহিমা আৰু পৰাক্ৰম আমাৰ ঈশ্বৰৰ৷
Baada ya makowe gaa nayowine lilobe kati mlelo nkolo wa kipenga kikolo cha bandu kunani yatibaya, “Haleluya. Wokovu, utukufu ni ngupu ni vya Nnongo witu.
2 তেওঁৰ সকলো সোধ-বিচাৰ, সত্য আৰু ন্যায়; তেওঁ সেই মহা-বেশ্যাৰ বিচাৰ কৰিলে সেই বেশ্যাই নিজৰ বেশ্যা-কৰ্মৰ দ্বাৰা পৃথিৱী ভ্ৰষ্ট কৰিছিল৷ যি ৰক্তপাত তাইয়ে বোৱাইছিল, তেওঁ নিজৰ সেই দাস সকলৰ ৰক্তপাতৰ প্ৰতিশোধ ল’লে, ৷”
Hukumu yake ni kweli ni ya haki, kwa kuwa ati hukumu malaya nkolo ywa alibiye kilambo kwa umalaya wake. Apangite kisasi kwa damu ya bapangakazi bake, ambayo atikuipengana ywembe mwene.”
3 আৰু তেওঁলোকে পুণৰাই ক’লে, “হাল্লিলুয়া! আৰু তাইৰ ধোঁৱা চিৰকাল তাইৰ পৰা উঠি থাকিব।” (aiōn g165)
Kwa mara yana ibele atibaya, “Haleluya! lioi boka kwake milele ni milele.” (aiōn g165)
4 পাছত সেই চৌবিশ জন পৰিচাৰক আৰু চাৰি জীৱিত প্ৰাণীয়ে সিংহাসনত বহি থকা ঈশ্ৱৰক দণ্ডৱতে আৰাধনা কৰিলে৷ তেওঁলোকে কলে, “আমেন৷ হাল্লিলুয়া!”
Balo apendo ishirini ni ncheche ni iumbe hai ncheche batikumwinamia ni kumwabudu Nnongo ywatama pakitewo cha enzi, babile bakibaya, Amina. Haleluya!”
5 তেতিয়া সিংহাসনৰ পৰা আৰু এটা মাত ওলাল, বোলে, “হে ঈশ্বৰৰ দাস সকল, হে তেওঁৰ ভয়কাৰী সকল, তোমালোক সৰু বৰ সকলোৱে আমাৰ ঈশ্বৰৰ স্তুতি কৰা৷”
Ndipo lilobe labokite pa'iteo ya enzi, yatibaya, mumlumbe Nnongo witu, enyi bapanga kazi yake yoti, mwenga mnaomcha ywembe, boti mwamubile ntopo umuhimu ni bene ngupu.”
6 পাছত বৃহৎ এদল মানুহৰ মাতৰ নিচিনা, নিনাদিত কৰা পানীৰ মাতৰ নিচিনা আৰু ঘোৰ মেঘ-গৰ্জ্জনৰ মাতৰ দৰে এই বাণী শুনিলোঁ, “হাল্লিলুয়া! কিয়নো যি জন প্ৰভু আৰু পৰমেশ্বৰ, আমাৰ সকলোৰে শাসনকর্তা জনে, ৰাজত্ব গ্ৰহণ কৰিছে।
Boka po nayowine lilobe kati lilobe likundi likolo lya bandu, kati lilobe lya kungulumo lya mache yanambone, ni kati ngulumo lya radi, yaitibaya, “Haleluya! Ngwana ni Nnongo witu, mtawala kunani ya boti utawala.
7 আহা, আমি অতি আনন্দেৰে উল্লাসিত হৈ তেওঁৰ মহিমা স্বীকাৰ কৰোঁহক; কিয়নো সেই মেৰ-পোৱালিৰ বিবাহ উপস্থিত হ’ল; আৰু তেওঁৰ ভাৰ্যাই নিজকে যুগুত কৰিলে।”
Ni tushangilie ni pulai ni kumpa utukufu kwa sababu harusi ni sherehe ya mwana ngondolo atiicha, ni bibi harusi abile.
8 আৰু পিন্ধিবৰ কাৰণে তাইক সন্মতিৰ সৈতে, শণ সুতাৰ উজ্জল আৰু শুদ্ধ মিহি কাপোৰ দিয়া হ’ল; (কিয়নো সেই মিহি বস্ত্ৰ পবিত্ৰ লোকৰ ধাৰ্মিকতা স্বৰূপ।)
Atikumrusu kum'walisha kitani safi ni yaing'ara ng'ara(kitani safi ni makowe ya haki ya baamini).
9 পাছত দূত জনে মোক ক’লে, “তুমি এই কথা লিখা: মেৰ-পোৱালিৰ বিবাহৰ ভোজলৈ যি সকল নিমন্ত্ৰিত হৈছে তেওঁলোক ধন্য।” তেওঁ মোক পুনৰ ক’লে, “এইবোৰ ঈশ্বৰৰ সত্য বাক্য।”
Malaika atibaya na nee, “kuwaandika haga; Batibarikiwa babakokwile kwenye sherehe ya harusi ya mwana ngondolo.”Nyonyonyo atikunibakia, “haga nga makowe ga kweli ga Nnongo.”
10 ১০ তেতিয়া তেওঁক প্ৰণিপাত কৰিবলৈ মই তেওঁৰ চৰণত পৰিলো। কিন্তু তেওঁ মোক ক’লে, “সাৱধান, এনে নকৰিবা! মই তোমাৰ সহদাস আৰু যীচুৰ সাক্ষ্য ধাৰণ কৰা তোমাৰ ভাই সকলৰো সহদাস; ঈশ্বৰকহে প্ৰণিপাত কৰা, কিয়নো যীচুৰ সাক্ষ্যই ভাববাণীৰ আত্মা।”
Natikumwinamia nnonge ya magolo gake nakumwabudu, lakini atikunibakia, “Kana ubaye nyaa! nenga ni mtumishi nnyino ni nnunango mwene kamwa ushuhuda wa Yesu ni Roho wqa unabii.”
11 ১১ তেতিয়া মই স্বৰ্গৰ দ্ৱাৰ মুকলি কৰা দেখিলোঁ; আৰু মই চাওতে তাত এটা বগা ঘোঁৰা দেখিলোঁ; তাৰ ওপৰত উঠা জনক বিশ্বাসী আৰু সত্য বোলে; তেওঁ ধাৰ্মিকতাৰে সোধ-বিচাৰ আৰু যুদ্ধ কৰে।
Boka po namweni maunde yatiumukwa, ni natirola kwabile ni farasi muu! ni yolo ywabile ywamwobokie atikemelwa mwaminifu ni kweli. Hukumu kwa haki ni panga vita.
12 ১২ তেওঁৰ চকু অগ্নিশিখা আৰু তেওঁৰ মুৰত অনেক কিৰীটি আছে৷ তেওঁৰ এটা নাম লিখা আছে কিন্তু সেই নাম তেওঁৰ বাহিৰে আন কোনেও নাজানে।
Minyo gake ni kati mwali wa mwoto, ni kunani ya mutwee wake ana litaji ganambone. Ana lina liliandikilwe kunani yake latitanganikwe kwaa ni mundu yoyoti isipokuwa ywembe mwene.
13 ১৩ তেওঁ পিন্ধা বস্ত্ৰ তেজত দুব মৰা; তেওঁৰ নাম হ’ল- ঈশ্বৰৰ বাক্য৷
Atiwala mavazi labandukiye katika damu, ni lina lyake atikemelwa neno lya Nnongo.
14 ১৪ স্বৰ্গীয় সৈন্য সকলে শণ সুতাৰ বগা আৰু শুদ্ধ মিহি কাপোৰ পিন্ধি, বগা ঘোঁৰাবোৰৰ ওপৰত উঠি তেওঁৰ পাছে পাছে গ’ল।
Majeshi ya kumaunde yabile gati kumkengama kunano ya farasi beupe, batiwalikwa kitani kinanoga.
15 ১৫ তেওঁ জাতি সকলক আঘাত কৰিবলৈ তেওঁৰ মুখৰ পৰা এখন চোকা তৰোৱাল ওলায় আৰু তেওঁ লোহাৰ দণ্ডেৰে তেওঁলোকক শাসন কৰিব; আৰু সৰ্বশক্তিমান ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধৰূপ দ্ৰাক্ষাৰসৰ পেৰাশাল তেৱেঁই গচকে।
Munkano lwake mwapitike lipanga likale ambao kuyaangamiza mataifa, ni ywembe atikubatawala kwa fimbo ya kioma, ni ywembe ulebata yombo ya wembe kwa nyongo kati ya Nnongo, hubatawala kunani ya boti.
16 ১৬ তেওঁৰ বস্ত্ৰত আৰু কৰঙণত, এই নাম লিখা আছে, “ৰজাৰো ৰজা আৰু প্ৰভুৰো প্ৰভু৷”
Ni ywembe atiandikwa kunani ya vazi lyake ni katika kibunge chake lina lyake, MFALME WA AFALME NI NGWANA WA ANGWANA.
17 ১৭ পাছত মই সুৰ্য্যত থিয় হোৱা এজন দূত দেখিলোঁ; তেওঁৰ মুৰৰ ওপৰত আকাশত উড়ি ফুৰা সকলো পক্ষীক বৰ মাতেৰে ৰিঙিয়াই ক’লে, “আহা, তোমালোকে ঈশ্ৱৰৰ ভোজনৰ বাবে একলগ হোৱা৷
Namweni malaika atiyema katika liumu. Atikabakema kwa lilobe likolo iyuni boti babagoroka kunani, “Muiche, chamkachanyike pamope kwenye chakulya kikolo cha Nnongo.
18 ১৮ তোমালোকে ৰজা সকলৰ মঙহ, সেনাপতি সকলৰ মঙহ, শক্তিমন্ত সকলৰ মঙহ, ঘোঁৰা আৰু তাত উঠি থকাবোৰৰ মঙহ, দুয়ো স্বাধীন আৰু দাস, সৰু আৰু বৰ সকলোৰে মঙহ আহি খোৱা।”
Muiche mlye nyama ya afalme, nyama ya majemedali, nyama ya bandu bakolo, nyama ya farasi ni bapanda farasi, ni nyama ya bandu boti, bababiole huru ni batumwa, bababile ntopo umuhimu ni bene ngupu.”
19 ১৯ পাছত সেই পশু আৰু পৃথিৱীৰ ৰজা সকল আৰু তেওঁলোকৰ সৈন্যবোৰকো গোট খোৱা দেখিলোঁ। তেওঁলোকে সেই ঘোঁৰাত উঠা জনৰ লগত তেওঁৰ সৈন্যৰ সৈতে যুদ্ধ কৰিবলৈ ওলাই আহিছিল৷
Natikum'bona mnyama ni Afalme wa kilambo pamope ni majeshi gabe. Babile batikuipanga kwa ajili ya panga vita ni yumo yaomwike farasi ni jeshi lyake.
20 ২০ তেতিয়া পশু আৰু তাৰে সৈতে যি ভাঁৰি-কোৱা ভাববাদীয়ে তাৰ আগত আচৰিত চিন দেখুৱাইছিল, যাৰ দ্ৱাৰাই সেই পশুৰ ছাব মাৰি লোৱা সকলক আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰাবোৰক ভুলাইছিল, সেই দুয়োকো বন্দী কৰা হ’ল আৰু গন্ধকেৰে জ্বলি থকা জুইৰ সৰোবৰত, জীয়াই জীয়াই দুয়োকো পেলোৱা হ’ল। (Limnē Pyr g3041 g4442)
Mnyama abiboyokelwa ni nabii wake waubocho bocho yazipangite ishara katika uwepo wake. Kwa ishara yeno atikubakongo balo batikuipokiya atama ya mnyama ni babaisujudile kinyao yake. Boti babele batitailikwa bangali akoto katika libwawa lya mwoto liyakalo kwa kiberiti. (Limnē Pyr g3041 g4442)
21 ২১ আৰু অৱশিষ্ট সকলক সেই ঘোঁৰাত উঠা জনৰ মুখৰ পৰা ওলোৱা তৰোৱালৰ দ্বাৰাই বধ কৰা হ’ল; আৰু সকলো চৰাইবোৰ সিহঁতৰ মঙহেৰে তৃপ্ত হ’ল।
Balo baigalile batibulyagilwa kwa lipanga waubokile munkano mwa yumo ywabokite kunani ya farasi. Iyuni boti balile mizoga ya yega yabe.

< প্ৰকাশিত বাক্য 19 >